Guru Harideva tells that
self realization or knowing God is not like realization of facts regarding subjects and objects around us. To understand
the point we can think like this. In this world there are objects of various
different types in our surroundings. All of them are situated outside us. All of
them remain at some distance more or less. We can know the color, shape and
characteristics etc. of those things. We can
feel those things. But when a person feels that he is thinking
then his thoughts become the objects of feeling for the consciousness inside
him. The thoughts of a person do not remain outside him. Also, the thoughts of
a person do not remain outside him as separate objects. Again, the
consciousness of the body feels or knows the things in our surroundings. A body
without consciousness can not know anything. Scriptures tell that this consciousness of
the body and the embodied soul is one and the same. Now, since the things of
the world around us are situated outside us, the consciousness of our body has
to move in outward direction to know or feel them. Contrary to that, the thoughts of a person do not remain outside him as separate object. So it is not necessary
for the consciousness of a person to move in the outer direction to feel or know his
thoughts. In fact, the consciousness of a person has to
move in the inward direction to know or feel his thoughts. Thus it can be understood
that there is difference between knowing and feeling of things situated outside
the body and knowing or feeling of subtle things internal to the body. Analyzing the
things as above, Guru Harideva tells that there
is no other thing more internal to our body than the embodied soul or God inside us. The
consciousness of our body which knows the things external to us by its outward
movement and knows the things internal to us by its inward movement as described
above is the embodied soul or God inside us. Bhagavata describes him as Lord
Krishna. So, knowledge of God and knowledge of other things of the world around
us can not be kept under the same category of knowledge. (to be continued)
হৰিদেৱ গুৰুজনাই কৈছে যে আত্মজান বা ঈশ্বৰৰ অনুভূতি আৰু জগত তথা জগতৰ বিষয়-বস্তু সম্পৰ্কীয় অনুভূতি বা জ্ঞান একে পৰ্যায়ৰ নহয় । কথাখিনি বুজাৰ বাবে আমি এনে ধৰণে চিন্তা কৰি চাব পাৰো।জগতত আমাৰ চৰিওপিনে হৰেক প্ৰকাৰৰ অসংখ্য বস্তু আছে। এই সমস্তই আমাৰ বাহিৰত আৰু কম-বেছি পৰিমাণে আমাৰ পৰা দূৰত অৱস্থিত । আমি এই বস্তুসমুহৰ ৰং-ৰূপ , আকাৰ- আকৃতি আৰু গুণ ইত্যাদি বিষয়ক জ্ঞান লাভ কৰিব পাৰো| এই বস্তুসমুহৰ অনুভূতি লাভ কৰিব পাৰো। কিন্তু যেতিয়া কোনো ব্যক্তিয়ে অনুভৱ কৰে যে তেওঁ চিন্তা কৰি আছে তেতিয়া চিন্তাই তেওঁৰ চেতনাৰ দ্বাৰা অনুভৱ কৰিবলগীয়া বিষয়-বস্তু হৈ পৰে । কোনো ব্যক্তিৰ চিন্তা তেওঁৰ নিজৰ বাহিৰত অৱস্থিত নহয়। একেদৰে কোনো ব্যক্তিৰ চিন্তা-ভাৱনাক সেই ব্যক্তিজনৰ পৰা পৃথক বুলিও কোৱা নাযায় । আনহাতে শৰীৰৰ চেতনাৰ দ্বাৰাহে বস্তুক জনা বা বস্তুৰ অনুভূতি লাভ কৰা সম্ভৱ । চেতনাহীন বা আত্মাহীন অৰ্থাৎ মৃত শৰীৰৰ দ্বাৰা একো বস্তুৰ জ্ঞান বা অনুভূতি লাভ কৰিব নোৱাৰি । শাস্ত্ৰত কোৱা হৈছে যে শৰীৰৰ চেতনা আৰু শৰীৰস্থ আত্মা এক । এতিয়া কথা হৈছে যে যিহেতু আমাৰ চতুৰ্দিকে থকা জগতৰ বস্তুসমুহ শৰীৰৰ বাহিৰত অৱস্থিত সেয়েহে সেই সমুহ বস্তুক অনুভৱ কৰাৰ বাবে বা সেইবিলাকৰ জ্ঞান লাভ কৰাৰ বাবে শৰীৰৰ চৈতন্য বা শৰীৰস্থ আত্মাক শৰীৰৰ বাহিৰৰ দিশে গতি কৰাৰ প্ৰয়োজন হয় । ইয়াৰ বিপৰীতে নিজৰ চিন্তা ভাৱনা যিহেতু শৰীৰৰ পৰা পৃথকভাৱে বা শৰীৰৰ বাহিৰত নাথাকে সেয়েহে চিন্তা-ভাৱনাক অনুভৱ কৰাৰ বাবে শৰীৰৰ চেতনাই বাহিৰৰ দিশে গতি কৰাৰ প্ৰয়োজন নাথাকে।অৰ্থাৎ শৰীৰৰ চৈতন্য শৰীৰৰ অভ্যন্তৰৰ দিশে গতি কৰিলেহে নিজৰ চিন্তা-ভাৱনাক জানিব বা অনুভৱ কৰিব পাৰি । সেয়েহে শৰীৰৰ বাহিৰত অৱস্থিত বস্তুৰ জ্ঞান বা অনুভূতি আৰু ভাৱ-চিন্তাৰ দৰে শৰীৰৰ আভ্যন্তৰীণ বিষয়-বস্তুৰ বোধ বা অনুভূতিৰ মাজত পাৰ্থক্য আছে। কথাবিলাক এনে ধৰণে বিচাৰ-বিশ্লেষণ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে ঈশ্বৰ বা আত্মা শৰীৰৰ সবাতোকৈ আভ্যন্তৰীণ তত্ববস্তু। যি শৰীৰ চৈতন্যই বাহিৰৰ দিশে গতি কৰি শৰীৰৰ বাহিৰত থকা বস্তূৰ জ্ঞান বা অনুভূতি আহৰণ কৰে আৰু অভ্যন্তৰৰ দিশে গতি কৰি শৰীৰৰ আভ্যন্তৰীণ ভাৱ-চিন্তা আদি অনুভৱ কৰে বুলি ওপৰত কোৱা হৈছে সেই চৈতন্যই শৰীৰস্থ আত্মা বা তেৱেঁ ঈশ্বৰ। ভাগৱতত তেওঁকে পৰমেশ্বৰ কৃষ্ণ বুলি কোৱা হৈছে । সেয়েহে আত্মজ্ঞান বা ঈশ্বৰানুভূতি জগতৰ অন্যান্য বিষয়-বস্তুৰ জ্ঞান বা অনুভূতিৰ সৈতে একে পৰ্যায়ৰ জ্ঞান বা অনুভৱ নহয় বুলি গুৰুজনাই কৈছে। (আগলৈ)
No comments:
Post a Comment