Guru Harideva
tells that no distance of any kind exists between us and God. But practically it
appears that distance is there between God and us and for that reason we feel
it impossible to see or reach God. This point can be studied as follows.Everyday,
we remain awake for some period and sleep for sometime. During sleep we dream
for sometime and remain in deep sleep for sometime. In scriptural language these
three states are called “Jagrat avastha” or waking state, “Svapnaavastha” or
dream state and “Nidraavastha” or deep sleep state. When the consciousness of
our body remains aware of everything in the surroundings then we are awake,
when the consciousness of the body remains in dream state then we dream and
when the consciousness of the body remains unaware of anything around then we
are in deep sleep .When we remain awake we knowingly perform our activities by
applying our mind, intelligence and senses. During that time we enjoy the
happiness and sorrow of life and try to control those situations with
awareness. When the consciousness of the body enters into dream state then also
we do and enjoy everything as like as things done and enjoyed during the waking
state. But during the period of dreaming our actual body remains asleep on bed
and we remain unaware about that body. The scriptures tell that our mind is the
creator of everything that we encounter in the dream world. Even our mind
creates dream body exactly similar to our actual body and enjoys the happiness and
sorrow of the dream world with that dream body. Analysing the things as above it
can be understood that some kind of distance appears to exist between dream
world and waking world. When we remain in the waking world nothing except some memories
of the dream world are retained with us or the dream world vanishes . When we remain
in the dream world nothing of the waking world remains with us or the waking world vanishes. Also, though
everybody moves between these two worlds every day no one can ascertain the
distance between them. Explaining the things as above
Guru Harideva suggests that the distance that appears to exist between God and
us is of this type. That is, the distance felt by us with God is as like as the
difference of the waking world and dream world felt by one and the same person.
(to be continued )
হৰিদেৱ গুৰুজনাই কৈছে যে ঈশ্বৰ আৰু আমাৰ মাজত প্ৰকৃতাৰ্থত কোনো দূৰত্ব নাই। কিন্তু নিজৰ অভিজ্ঞতাৰ পৰা আমি ঈশ্বৰৰ সৈতে দূৰত্ব অনুভৱ কৰো আৰু সেই কাৰণে ঈশ্বৰ লাভ অসম্ভৱ যেন অনুভৱ হয় ।এই বিষয়ে আমি তলত দিয়া ধৰণে চিন্তা কৰি চাব পাৰো । প্ৰতিদিনে আমি কিছু সময়ৰ বাবে সাৰে থাকো আৰু কিছু সময় শুই থাকো । শুই থকা কালছোৱাৰ ভিতৰত কিছু সময় সপোন দেখো আৰু কিছু সময় গভীৰ টোপনিত থাকো।শাস্ত্ৰীয় ভাষাত সাৰে থকা কালছোৱাক জাগ্ৰত অৱস্থা , সপোন দেখি থকা কালছোৱাক স্বপ্নাৱস্থা আৰু গভীৰ টোপনিত থকা কালছোৱাক নিদ্ৰাৱস্থা বুলি কোৱা হয়। যেতিয়া আমাৰ শৰীৰস্থ চৈতন্যই চতুৰ্দিশৰ সকলো বিষয়-বস্তু সম্পৰ্কে জ্ঞান আহৰণ কৰি থাকে তেতিয়া আমি সাৰে থাকো , যেতিয়া শৰীৰস্থ চৈতন্য নিদ্ৰাৱস্থালৈ যায় তেতিয়া আমি সপোন দেখো আৰু যেতিয়া শৰীৰস্থ চৈতন্য চতুৰ্দিশৰ বিষয়-বস্তু সম্পৰ্কীয় জ্ঞান আহৰণৰ পৰা সম্পূৰ্ণৰূপে বিৰত হয় তেতিয়া আমি টোপনি যাওঁ । সাৰে থকা অৱস্থাত আমি নিজৰ জ্ঞাতসাৰে মন বুদ্ধি আৰু ইন্দ্ৰিয়ৰ শক্তি প্ৰয়োগ কৰি নিজৰ কৰ্ম কৰো । নিজৰ জ্ঞাতসাৰে সংসাৰৰ সুখ দুখ ভোগ কৰো আৰু সুখ-দুখ ভোগৰ কাৰণসমুহ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰো। একেদৰে শুই থকা কালত কোনো এটা সময়ত চৈতন্য স্বপ্ন অৱস্থালৈ যায় আৰু আমি সপোন দেখো । জাগ্ৰত অৱস্থাত যিবিলাক বস্তু দেখা যায়, যিবিলাক কাম কৰা হয় আৰু যি সুখ-দুখ ভোগ কৰা হয় স্বপ্নাৱস্থাতো সেই সমুহ সম্পূৰ্ণ একে থাকে । কিন্তু সেই অৱস্থাত আমাৰ বাস্তৱিক শৰীৰ বিছনাত শুই থাকে। সপোন দেখি থকা অৱস্থাত নিজৰ বাস্তৱ শৰীৰ সম্পৰ্কত আমাৰ কোনো জ্ঞান নাথাকে। শাস্ত্ৰত কোৱা হৈছে যে আমি সপোনত দেখা সকলো বস্তু আমাৰ মনে সৃষ্টি কৰে।লগতে দিঠকৰ বাস্তৱ শৰীৰৰ একেবাৰে অনুৰূপ এটা সুক্ষ্ম স্বপ্ন শৰীৰ সৃষ্টি কৰি সেই শৰীৰৰ দ্বাৰা স্বপ্নজগতৰ বস্তুৰ মাধ্যমত সুখ-দুখ ইত্যাদি ভোগ কৰে।কথাবিলাক এনেদৰে বিশ্লেষণ কৰিলে জাগ্ৰত অৱস্থাৰ জগত আৰু স্বপ্নাৱস্থাৰ জগতৰ মাজত এক প্ৰকাৰৰ দূৰত্ব থকা যেন অনুভৱ হয়।যেতিয়া আমি সাৰে থাকো যেতিয়া সপোনৰ কিছু স্মৃতিৰ বাহিৰে স্বপ্নজগতৰ একো বস্তু আমাৰ লগত নাথাকে অৰ্থাৎ সপোনৰ জগত অন্তৰ্দ্ধান হয় । আমি যেতিয়া সপোন দেখি থাকো তেতিয়া দিঠকৰ জগতখনৰ একো বস্তু আমাৰ লগত নাথাকে অৰ্থাৎ জাগ্ৰত অৱস্থাৰ জগত অন্তৰ্দ্ধান হয়।আকৌ প্ৰতিজন ব্যক্তিয়ে প্ৰতিদিনে জাগ্ৰত অৱস্থাৰ জগত আৰু স্বপ্নাৱস্থাৰ জগতৰ মাজলৈ অহাযোৱা কৰে যদিও এই দুখন জগতৰ মাজৰ দূৰত্ব কোনেও নিৰ্ধাৰণ কৰিব নোৱাৰে। কথাবিলাক ওপৰোক্ত ধৰণে বিচাৰ বিশ্লেষণ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে ঈশ্বৰ আৰু আমাৰ মাজত যি দূৰত্ব অনুভূত হয় সেই দূৰত্ব এনে প্ৰকাৰৰ। অৰ্থাৎ ঈশ্বৰ আৰু আমাৰ মাজত যি দূৰত্ব অনুভৱ কৰা হয় সেয়া একেজন ব্যক্তিয়ে সাৰে থকা অৱস্থাত দেখা জগত আৰু সপোন দেখি থকা অৱস্থাত দেখা জগতৰ মাজত অনুভৱ কৰা পাৰ্থক্যৰ দৰে।(আগলৈ)