In Bhagavata it is told that mind is the cause of birth, rebirth and the happiness and miseries that we face in our life. In some of the preceding posts we have tried to have some preliminary ideas regarding the peculiar characteristics of our mind. In this context the Bhagavata further tells that if one realizes the fact that everything available in the creation belong to God and nothing of the world can be possessed by us then our mind can never lead us to any kind of dis-satisfaction and resultant sorrow. We can try to understand this point as follows. If we see the sky, mountain, sun, star etc. we easily understand that those things are creation of God and cannot come under our possession. So, these things cannot create disturbances in our mind. Rather our mind freely enjoy the beauty and majesty of them and becomes happy. On the other hand there are so many things like land, building, money, gold, silver etc. that can be possessed by us. If one desires to possess such a thing and gets it he becomes happy. If someone desires to possess something but cannot get them then he becomes unhappy. Contrary to those thoughts if the mind realizes the fact that those objects of desires are also creation of God as like as sky, sea, mountain etc. and hence cannot be possessed by anybody in true sense, then no object of this world can make people unhappy under any circumstance. Moreover, with such set up of mind people can enjoy everything available in the creation of God and can become happy without possessing anything of them personally. But in actual practice things are not as easy as described here. This is because, it is a very difficult task to train the mind to accept everything of the world as creation of God. It is also very difficult to remove the desires of mind to possess the things of its choice. In this regard Guru Haideva suggests that coming to Sharana of God or surrendering to Lord Krishna is the solution to this problem. Once people surrender to Lord Krishna he can gradually understand the fact that everything of this world belongs to Lord Krishna. People can enjoy bliss of the things but cannot become the owner of them. (to be continued)
Wednesday, 5 January 2022
Religious Teachings of the “Satra” Institution of Guru Harideva -88 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-৮৮)
ভাগৱতত কোৱা হৈছে যে মন আমাৰ
জন্ম, পুনৰ্জন্ম আৰু জীৱনত ভোগ কৰা
সুখ, দুখ ইত্যদিৰ কাৰণ ।ইয়াৰ আগৰ কেইটামান লিখনিত মনৰ
বিশেষ আৰু আচৰিত ধৰণৰ চৰিত্ৰ সম্পৰ্কে কিছু সাধাৰণ আভাস লোৱাৰ চেষ্টা কৰা হৈছে । এই প্ৰসঙ্গত ভাগৱতে কৈছে যে মনে যদি এই সত্য অনুভৱ কৰিব পাৰে যে জগতত যি যি
আছে সেই সমস্তৰে গৰাকী ভগৱান কৃষ্ণ
আৰু ইয়াৰ একোৰে মালিকী স্বত্ব অন্য কোনেও লাভ কৰা
সম্ভৱ নহয় তেন্তে মনৰ ভাৱনাই আমাক কোনো প্ৰকাৰৰ অসন্তোষ আৰু তাৰ ফলত উৎপন্ন হ’ব পৰা দুখৰ মাজলৈ লৈ যাব নোৱাৰে । কথাখিনি
আমি এনেদৰে বুজাৰ চেষ্টা কৰিব পাৰো। আমি যদি আকাশ , সমুদ্ৰ ,পৰ্বত , সূৰ্য , তৰা
আদিৰ পিনে চাওঁ তেন্তে সহজতে বুজিব পাৰো যে
ইবিলাক ঈশ্বৰৰ সৃষ্টি আৰু ইবিলাক আমাৰ নিজৰ ব্যক্তিগত অধিকাৰলৈ আনিব পৰা বস্তু
নহয় । গতিকে ইবিলাকে আমাৰ মনত কোনো ধৰণৰ অশান্তি সৃষ্টি কৰিব নোৱাৰে । বৰঞ্চ আমি ইবিলাক মুক্ত মনেৰে দৰ্শন কৰি ইয়াৰ সৌন্দৰ্য আৰু বিশলতা উপভোগ কৰো আৰু মনত অতিশয় আনন্দ লাভ কৰো ।আনহাতে জগতত মাটি ,ঘৰ , টকা ,সোণ ,ৰূপ ইত্যাদিকে ধৰি অন্য অনেক বস্তু আছে যিবিলাক নিজৰ
ব্যক্তিগত সম্পত্তি হিচাপে অধিকাৰ কৰিব পাৰি বুলি মনে ভাৱে। সেই ভাৱ অনুসৰি যি মানুহে এইবিলাকৰ অধিকাৰ
পাব বিচাৰে আৰু পায় তেওঁলোকৰ মনত সন্তুষ্টি আৰু আনন্দৰ উদয় হয় । যি মানুহে ইবিলাক পাব বিচাৰিও নাপায় তেওঁলোকৰ মনত অশান্তি আৰু দুখ উৎপন্ন হয়। ওপৰোক্ত ধৰণৰ চিন্তাৰ বিপৰীতে গৈ যদি কোনো ব্যক্তিৰ মনে ভাৱিব পাৰে যে তেওঁ অধিকাৰ কৰিব বিচৰা বস্তুসমুহো আকাশ, সাগৰ , গ্ৰহ্-নক্ষত্ৰ আদিৰ দৰে ভগৱানে
সৃষ্টি কৰা বস্তু আৰু ব্যক্তিগত পৰ্যায়ত কোনো লোকে ইবিলাক নিজৰ কৰি লোৱা সম্ভৱ নহয়
তেন্তে জগতৰ একো বস্তুৱে কোনো পৰিস্থিতিতে তেনে ব্যক্তিৰ মনত অশান্তি অথবা দুখ উৎপন্ন কৰিব নোৱাৰে। বৰঞ্চ
মনত এনে ভাৱনাৰ জন্ম দিব পাৰিলে মানুহে সৃষ্টিৰ অন্তৰ্গত কোনো বস্তুৰ মালিকী স্বত্ব লাভ নকৰাকৈয়ে ঈশ্বৰৰ
মালিকানাধীন জগতৰ সমস্ত বস্তুৰ পৰাই আনন্দ লাভ কৰিব পাৰে।
কিন্তু প্ৰকৃততে কথাবিলাক যিমান সহজে কোৱা হৈছে ব্যৱহাৰিকভাৱে কৰা তেনে সহজ নহয়। ইয়াৰ কাৰণ হৈছে জগতৰ ক্ষুদ্ৰ-বৃহৎ প্ৰত্যেকটো বস্তু একেজন ভগৱানৰে
সৃষ্টি আৰু তেৱেঁ প্ৰত্যেক বস্তুৰ প্ৰকৃত গৰাকী
বুলি মনক বুজোৱা অত্যন্ত কঠিন কাম
। মানুহৰ মনৰ পৰা বস্তুৰ
প্ৰতি থকা কামনা-বাসনা
দূৰ কৰাও অত্যন্ত কঠিন ।এই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই
কৈছে যে ভগৱান কৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰাই এই সমস্যা সমাধানৰ উপায় । শৰণ গ্ৰহণ কৰাৰ পিছত মানুহে ক্ৰমান্বয়ে এই সত্য বুজিব পাৰে যে জগতৰ প্ৰত্যেক
বস্তুৰ মালিক ভগৱান কৃষ্ণ । মানুহে জগতৰ বস্তুৰ পৰা আনন্দ
আহৰণ কৰাৰ অধিকাৰ আছে কিন্তু একো বস্তুৰে মালিক হোৱাৰ অধিকাৰ কাৰো নাই। (আগলৈ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment