We, the human beings, have a body. Wife, children, relatives,
properties etc. are various types of possessions connected to our body. We
identify the body as “I” and the possessions connected to the body as “mine”.
Scriptures tell that the presence of our body,
things and people in the creation is true. But the body cannot be “I”; nothing
of this world cannot be “mine” and the relationships like wife, children,
friend, enemy etc. that we establish with other people are false. We
all know that our body does not exist forever and hence nothing connected with
the body can be considered as “mine” after disappearance of the body. In
Bhagavata and Bhagavadgita it is clearly stated that anything that does not
exist at all times, that is, in the past ,present and future is not true or all
such things are false. Moreover, when our body exists, during that time also we
have no control over our own body and the things which are supposed
to be under our own possession. For example, the body suffers from ailments,
old age problems and so many other disorders and finally destroyed. Our near
and dear relatives die in front of us and we are to witness their death as a
helpless spectator. Our money, properties, and other material possessions are
destroyed or go to the possession of other people against our will. We can
try our best to prevent those happenings but success cannot be guaranteed. The relationships we maintain with other
people are also of peculiar type. The same woman body whom one identifies as his
mother is identified as wife, daughter, aunt etc. by some other people. Again, existence of a father is dependent upon his son and daughter. If son and
daughter are not there no people can be a father. On the other hand , if father
is not there then son cannot be there. The same condition is true in case of
all other relationships that we maintain with other people. Scriptures tell
that the material world run like this and these things cannot be changed by any
kind of human effort. One’s mind should be prepared to accept this truth as it
is. In this context Guru Harideva suggests that a true devotee of Lord Krishna
can clearly understand the reality of the material world and can prepare his mind
as above. He further tells that after coming to “Sharana” of Lord Krishna people
gradually become true devotee of the Lord. (to be continued)
আমাৰ এটা শৰীৰ আছে। আমাৰ আধিকাৰত স্ত্ৰী ,পুত্ৰ ,কন্যা , অন্যান্য সম্পৰ্কীয় লোক, ধন-সম্পত্তি
ইত্যাদি অনেক বস্তু থাকে। এই সমস্ত বস্তু আৰু ব্যক্তি শৰীৰৰ সৈতে সম্পৰ্কিত। আমি শৰীৰটোকে “মই” আৰু শৰীৰৰ সৈতে সম্পৰ্কিত বস্তুসমুহকে
“মোৰ” বুলি বিশ্বাস কৰো।শাস্ত্ৰত কোৱা হৈছে যে জগতত নিজৰ শৰীৰ , বয়-বস্তু
আৰু অন্য মানুহৰ উপস্থিতি
সত্য। কিন্তু শৰীৰ “মই” হ’ব নোৱাৰে, জগতৰ
কোনো বস্তু “মোৰ” হ’ব নোৱাৰে আৰু জগতৰ অন্য
মানুহৰ লগত আমি স্ত্ৰী, পুত্ৰ্, বন্ধু ,শত্ৰু
আদি ধৰণে যি সম্পৰ্ক স্থাপন কৰো সেই সম্পৰ্ক মিছা। আমি সকলোৱে জানো যে আমাৰ শৰীৰ চিৰস্থায়ী নহয় আৰু আমি এই কথাও সহজে
বুজিব পাৰো যে আমাৰ শৰীৰৰ সৈতে সম্পৰ্কিত সকলো বস্তু আৰু সম্বন্ধও শৰীৰ নাশ হোৱাৰ
লগে লগে শেষ হৈ যায়। ভাগৱত
আৰু ভগৱদ্গীতাত স্পষ্টভাৱে কোৱা হৈছে যি বস্তু অতীত , বৰ্ত্তমান
আৰু ভৱিষ্যত তিনিও কালতে নাথাকে সি সত্য নহয় অৰ্থাৎ মিছা ।তদুপৰি শৰীৰ ধাৰণ কৰি
থকা অৱস্থাত বা জীয়াই থকা অৱস্থাত যিবিলাক বস্তু আমাৰ বুলি ধৰি লোৱা হয় সেইসমুহৰ ওপৰতো নিজৰ নিয়ন্ত্ৰণ নাথাকে । উদাহৰণ স্বৰূপে শৰীৰত বিভিন্ন প্ৰকাৰৰ ৰোগ-ব্যাধি উৎপন্ন হয়
, বৃদ্ধাৱস্থাকে
ধৰি শৰীৰৰ অনেক প্ৰকাৰৰ বিকৃতি ঘটে আৰু অৱশেষত শৰীৰ ধ্বংস হয় । নিজৰ চকুৰ সন্মুখতে আমাৰ নিকটাত্মীয় আৰু অতি মৰম-স্নেহৰ
পাত্ৰ ব্যক্তি মৃত্যুমুখত পৰে আৰু আমি নীৰৱ দৰ্শক হৈ তাক চাই থাকিবলগীয়া হয় । আমাৰ নিজৰ ধন সম্পদ নষ্ট হৈ যায় অথবা আমাৰ ইচ্ছাৰ বিৰুদ্ধে এই
বোৰৰ অধিকাৰ আনৰ হাতলৈ গুছি যায় । এইবিলাক দুৰ্ঘটনা প্ৰতিহত কৰাৰ বাবে আমি মনে-প্ৰাণে চেষ্টাহে
কৰিব পাৰো কিন্তু সেই চেষ্টাত সফল হোৱাৰ কোনো নিশ্চয়তা নাথাকে । আনহাতে
অন্য ব্যক্তিৰ সৈতে আমি যিবিলাক সম্বন্ধ ৰাখি চলো সিও অদ্ভূত ধৰণৰ। একেটা স্ত্ৰী শৰীৰকে জাগতিক সম্বন্ধবশতঃ কোনোৱে মাতৃজ্ঞান কৰে , কোনোৱে পত্নী জ্ঞান কৰে , কোনোৱে ভগ্নী
জ্ঞান কৰে, কোনোৱে কন্যা জ্ঞান কৰে ইত্যাদি ।
আনহাতে আকৌ পিতাৰ সৈতে পুত্ৰ-কন্যাৰ সম্বন্ধ পৰস্পৰ অস্তিত্ব সাপেক্ষ,পিতাৰ অস্তিত্বৰ ওপৰত পুত্ৰ-কন্যাৰ অস্তিত্ব নিৰ্ভৰ কৰে।
পুত্ৰ-কন্যা নাথাকিলে পিতা কাৰো পিতা নহয়।পিতা নাথাকিলেও
পুত্ৰ-কন্যা নাথাকে । জাগতিক জীৱনৰ সকলো সা-সম্বন্ধৰ ক্ষেত্ৰতে এই কথা সত্য। শাস্ত্ৰত কোৱা হৈছে যে জগতখন এনেকৈয়ে চলে
আৰু কোনো মানৱীয় প্ৰচেষ্টাৰ দ্বাৰা এইবিলাক পৰিবৰ্ত্তন কৰা বা বাধা দিয়া সম্ভৱ নহয়
। এইবিলাক সত্য যথাযথ ৰূপত অৰ্থাৎ যেনেকৈ আছে তেনেদৰে গ্ৰহণ কৰাৰ বাবে মনক
সাজু কৰাত বাদে অন্য একো উপায় নাই।এই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই কৈছে যে ভগৱান কৃষ্ণৰ শুদ্ধ ভক্ত সকলৰ মনত এইবিলাক তত্ব পৰিষ্কাৰ হয়
আৰু তেওঁলোকৰ মনে জগতৰ নিয়মসমুহ যথাযথভাৱে
গ্ৰহণ কৰিব পাৰে। ভগৱান কৃষ্ণৰ শৰণ গ্ৰহণ কৰাৰ পিছত মানুহ ক্ৰমান্বয়ে শুদ্ধ ভক্তত পৰিণত হয় ।(আগলৈ)
No comments:
Post a Comment