Saturday, 1 January 2022

Religious Teachings of the “Satra” Institution of Guru Harideva -87 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-৮৭)

 

Bhagavata tells that shadow, echo, mirage etc. are not real things. These are illusory reflections of real things. But these unreal things can create feelings of fear, lust, anger and many other type of reactions in the mind of people. This is because mind of human being considers them as real objects. Once the mind understands the reality of the things it becomes free from those reactions. Citing this analogy Bhagavata tells that the things outside us are shadows of one real existence or God Almighty. Our mind wrongly considers them as real and separated from each other. We identify them with various names and forms. Because of that these things create reactions like feelings of ownership, like and dislike etc. in our mind and make us happy or unhappy. Once our mind understands the reality of them  it becomes free from happiness and sorrow generated by those things. Bhagavata cited the example of our dream state also to make the things clear. We know that our dream world is unreal. It vanishes when we wake up from sleep. But during dream state we believe the things of dream world as true. That is why we become afraid when a tiger of dream world chases us. We feel happiness when we become a rich person or king in the dream world. We feel sorry when we become a beggar in the dream world and like that. The tiger, king , beggar etc. of dream world are false but the fear, happiness and sorrow etc. generated in our mind by them are true. Thus we see that non-existent things can generate happiness and sorrow in our mind. Explaining the things in this way Bhagavata tells that lord Krishna –the God Almighty alone is the ultimate creator and controller of this world. Also, he alone is the created. No entity of this world can exist as separate from him. In this context Guru Harideva suggests   that common people like us can realize this truth when they surrender and take shelter in Lord Krishna. He further tells that after realization of this truth people need not keep themselves detached from worldly things. They can come into contact with everything and enjoy everything of this world without any fear and without any attachment pertaining to real life as like as things enjoyed in the dream world   . (to be continued)

ভাগৱতত কোৱা হৈছে যে ছায়াঁ , প্ৰতিধ্বনি , মৰিচিকা ইত্যাদি বস্তু সত্য নহয় এইবিলাক সত্য বস্তুৰ প্ৰতিফলন মাত্ৰকিন্তু এইবিলাক অসত্য বস্তুৱে আমাৰ মনত ভয়, ক্ৰোধ , লোভ ,মোহ  ইত্যাদি অনেক প্ৰকাৰৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পাৰে  ইয়াৰ কাৰণ হৈছে আমাৰ মনে এইবিলাক সত্য বুলি বিশ্বাস কৰে মনে যেতিয়া এইবিলাকৰ অন্তৰালত থকা প্ৰকৃত তথ্য জানি লৈ ইয়াক অসত্য বুলি বুজি  পায় তেতিয়াহে ইবিলাকে সৃষ্টি কৰা প্ৰতিক্ৰিয়াৰ পৰা মুক্ত হব পাৰে এই উপমা দি ভাগৱতে কৈছে যে  আমাৰ বাহিৰত যিবিলাক বস্তু আমি দেখা পাওঁ  সেইবোৰো একমাত্ৰ  সত্য বস্তু অৰ্থাৎ পৰমেশ্বৰৰ প্ৰতিবিম্ব আমাৰ মনে এইবিলাকক সত্য বস্তু বুলি ভাৱে , প্ৰত্যেক বস্তু ইটোৰ পৰা সিটো পৃথক বুলি ভাৱে আৰু প্ৰত্যেক বস্তুকে বেলেগ বেলেগ নাম আৰু ৰূপৰ সহায়ত চিনাক্ত কৰে সেই কাৰণে এই বস্তুসমুহে আমাৰ মনত মালিকানা , ভাল পোৱা ,বেয়া পোৱা ইত্যাদি অনেক ভাৱ আৰু সেই ভাৱৰ সৈতে সামঞ্জস্য থকা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি সুখ বা দুখ উৎপন্ন কৰে মনে যদি জগতৰ বস্তুসমুহৰ অন্তৰালত থকা প্ৰকৃত সত্য বুজিব পাৰে  তেন্তে এইসমুহে সৃষ্টি কৰা সুখ বা দুখৰ পৰা মুক্ত থাকিব পাৰে কথাখিনি স্পষ্ট কৰাৰ বাবে ভগৱতে আমাৰ স্বপ্নকালীন অৱস্থাৰ কথাও উল্লেখ কৰিছে আমি জানো যে  স্বপ্নজগত মিছা টোপনিৰ পৰা সাৰ পোৱাৰ লগে লগে সপোনৰ জগত অন্তৰ্ধান হয় কিন্তু সপোন দেখি থকা অৱস্থাত আমি তাক সঁচা বুলি ভাৱো সেই কাৰণে সপোনত বাঘে খেদি আহিলে আমাৰ ভয় লাগে সপোনত ধনী মানুহ বা ৰজা হোৱা দেখিলে আমাৰ মনত আনন্দ লাগে সপোনত ভিক্ষাৰী হলে মনত কষ্ট হয় ইত্যাদি সপোনৰ বাঘ ,ৰজা ,ভিক্ষাৰী আদি অসত্য কিন্তু মনে ভোগ কৰা ভয় , আনন্দ ,দুখ আদি সত্যসপোন শেষ হোৱাৰ লগে লগে ইবিলাক নোহোৱা হয় আৰু বাস্তৱ জীৱনৰ সৈতে ইয়াৰ একো সম্পৰ্ক নাই বুলি আমি বুজি পাওঁ এনেদৰে চালে দেখা যায় যে অসত্য বা অস্তিত্বহীন বস্তুৱে সাময়িকভাৱে আমাৰ মনত সুখ দুখ উৎপন্ন কৰিব পাৰে কথাবিলাক এনেদৰে বিশ্লেষণ কৰি ভাগৱতত কোৱা হৈছে যে পৰমেশ্বৰ কৃষ্ণ জগতৰ একমাত্ৰ স্ৰষ্টা  আৰু নিয়ন্ত্ৰক সমস্ত সৃষ্ট বস্তুও পৰমেশ্বৰ কৃষ্ণ জগতৰ কোনো বস্তুৱে ভগৱানৰ পৰা পৃথক হৈ থাকিব নোৱৰে এই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই কৈছে  যে  আমাৰ দৰে সাধাৰণ মানুহে ভগৱান কৃষ্ণৰ শৰণ গ্ৰহণ কৰিলে এই তত্ব পৰিষ্কাৰভাৱে বুজিব পাৰে এই সত্য উপলব্ধি কৰাৰ পিছত মানুহে বৈষয়িক জগতৰ পৰা  বিচ্ছিন্ন হৈ থকাৰ প্ৰয়োজন নাথাকে তেনে  ব্যক্তিয়ে  নিৰ্ভয়ে জগতৰ সমস্তৰে সংস্পৰ্শলৈ আহিব পাৰেযিদৰে মানুহে সপোনত ভোগ কৰা বস্তুৰ প্ৰতি দিঠকত কোনো আসক্তি অনুভৱ নকৰে সেইদৰে,  অৰ্থা জগতৰ একো  বস্তুৱে সত্য নহয় আৰু সমস্তই এক পৰম সত্য বা ভগৱান কৃষ্ণৰ প্ৰতিবিম্ব বুলি জানি তেনে  ব্যক্তিয়ে  সংসাৰৰ আনন্দ উপভোগ কৰিব পাৰে (আগলৈ)

No comments:

Post a Comment