Wednesday, 28 October 2020

Understanding Guru Harideva’s Approach Towards Unity-166(একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১৬৬)

 

After some days of travel from Nabadwipa, Guru Harideva and his team arrived at Dantapur, presently Bahari village in the Barpeta District of Assam. Here he established his first Satra institution. He planed to utilize this institution as a center for spreading his missionary works of restructuring the spiritual, cultural, economical and social life of the common people on the basis of the knowledge and instructions contained in the Bhagavata. In our posts published from 2.11.19 to 16.1.20, we discussed the past history of Danatapur from 7th century CE onwards; the condition of this place at the time of arrival of Guru Harideva; problems faced by him during the establishment of his Satra here along with all other subsequent developments in details. Guru Harideva established his first Satra at Bahari in 1453 CE and stayed there for three years. There he faced some problems and these things we discussed earlier in the posts referred above. Then to overcome those problems, Guru Harideva established a hermitage some 6-7 kms away from his first Satra at Bahari in 1457 CE and started residing there like a sage of the Vedic time. Initially people used to call this hermitage as “Guru Ashrama”. Gradully people started showing respect to this place of his residence like a place of pilgrimage and to express  the respectable position of Guru Harideva in their minds, people used to call his hermitage as “Maneri”, that is, a place which deserves “Maan” or respect. This hermitage was situated near the meeting point of river Brahmaputra and one of its tributaries named Kaladi. This naturally beautiful place was further decorated with special types of flower plants and trees, temples of the deity of Lakshminaryana, prayer hall, stage for cultural performance, educational center with hostels for students and teachers, residential quarters for devotees, staff quarter, guest house and all other necessary infrastructure. Guru Harideva resided in this hermitage from 1457 CE to till the end of his life in 1566 CE and all activities of his life were conducted from this place. (to be continued)

নবদ্বীপৰ পৰা যাত্ৰা কৰাৰ কিছুদিন পিছত হৰিদেৱ গুৰুজনা আৰু তেওঁৰ সঙ্গীসকল দন্তপুৰ অৰ্থা বৰ্ত্তমানৰ বৰপেটা জিলাৰ বহৰি গাৱঁত উপস্থিত হৈছিল ভাগৱত শাস্ত্ৰৰ জ্ঞান আৰু আদৰ্শৰ আধাৰত জনসাধাৰণৰ পাৰমাৰ্থিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু সামাজিক জীৱনক নতুন ৰূপত গঢ় দিয়াৰ কাৰ্যসূচী চলোৱাৰ কেন্দ্ৰস্থান হিচাপে তেওঁ ইয়াত প্ৰথমখন সত্ৰ স্থাপন কৰিছিল ২.১১.১৯ তাৰিখৰ পৰা ১৬.১.২০ তাৰিখলৈকে প্ৰকাশ কৰা আমাৰ লিখনিসমুহত সপ্তম শতিকাৰ পৰা আৰম্ভ কৰি দন্তপুৰত চলি অহা পৰিবেশ পৰিস্থিতি , হৰিদেৱ গুৰুজনা উপস্থিত হোৱা সময়ত সেই ঠাইৰ অৱস্থা, সত্ৰ স্থাপন কৰাৰ সময়ত হোৱা সমস্যা আৰু তাৰ পৰবৰ্ত্তী কালৰ পৰিস্থিতি আৰু অন্যান্য অনেক বিষয়ৰ কথা বিতংভাৱে কোৱা হৈছে ১৪৫৩ খৃষ্টাব্দত বহৰিত সত্ৰখন স্থাপন কৰাৰ পিছত গুৰুজনা তাত  তিনি বছৰ কাল আছিল এই ঠাইত তেওঁ নানা অসুবিধাৰ সন্মুখীন হৈছিল আৰু এইবিলাক কথাও ওপৰত উল্লেখ কৰা লিখনিসমুহত বহলভাৱে কোৱা হৈছে এই অসুবিধাসমুহ দূৰ কৰাৰ বাবে তেওঁ ১৪৫৬ খৃঃত প্ৰথম সত্ৰ বহৰিৰ পৰা ৬-৭ কিঃমিঃ মান দূৰত এখন  আশ্ৰম প্ৰতিষ্ঠা কৰি  সেই আশ্ৰমত  বৈদিক কালৰ ঋষিমুনিৰ দৰে থাকিবলৈ আৰম্ভ কৰিছিল প্ৰথম অৱস্থাত মানুহে এই ঠাইখনক “গুৰু দেৱাশ্ৰম” বুলি কৈছিল পিছলৈ হৰিদেৱ গুৰুজনা বাস কৰা এই আশ্ৰমখনক মানুহে পবিত্ৰ তীৰ্থস্থানৰ দৰে মান্যতা দিয়া আৰম্ভ কৰিছিল আৰু গুৰুজনাৰ প্ৰতি মান্যতা প্ৰদৰ্শন কৰাৰ বাবে তেওঁৰ আশ্ৰমখনক মানেৰি অৰ্থাৎ মান্যতাসম্পন্ন স্থান বুলি কোৱা আৰম্ভ কৰিছিল আশ্ৰম খন ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ সূঁতি কালাদি নদীৰ সঙ্গম স্থানৰ একেবাৰে ওচৰত অৱস্থিত আছিল প্ৰাকৃতিক ভাৱে অতি মনোৰম স্থানত অৱস্থিত আশ্ৰম খন বিভিন্ন প্ৰকাৰ শোভাযুক্ত ফুল, বিশেষ প্ৰকাৰৰ গছ-গছনি , গুৰুজনাৰ পৰিয়ালৰ কূলদেৱতা লক্ষ্মীনাৰায়ণৰ মন্দিৰ, উপাসনা গৃহ, সাংস্কৃতিক ৰঙ্গমঞ্চ, ছাত্ৰ-শিক্ষকৰ বাসস্থানৰ সৈতে শিক্ষাকেন্দ্ৰ, ভক্তৰ বাসগৃহ, সেৱকৰ বাসগৃহ, অতিথিশালা আৰু অন্যান্য সমস্ত প্ৰয়োজনীয় আন্তঃগাঁথনিৰে সুন্দৰ আৰু গাম্ভীৰ্য্যপূৰ্ণ ৰূপত সজাই পৰাই তোলা হৈছিল ১৪৫৬ খৃষ্টাব্দৰ পৰা ১৫৬ খৃঃৰ মহাপ্ৰ্য়াণৰ সময়লৈকে হৰিদেৱ গুৰুজনা এই আশ্ৰমখনতে আছিল আৰু তেওঁৰ জীৱনৰ সমস্ত কাৰ্যাৱলী ইয়াৰ পৰা পৰিচালিত হৈছিল ।(আগলৈ)

Monday, 26 October 2020

Understanding Guru Harideva’s Approach Towards Unity-165(একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১৬৫)

 

In 1453 CE Guru Harideva came back to Kamrupa (Assam) to start his mission of educating common people on the basis of the knowledge and instructions contained in the Bhagavata. During that time Kamrupa was politically divided in many small parts. Each  part was ruled by kings and rulers of different tribes of non Arean origins having vast differences in language, culture and temperament etc. So naturally there were frequent infighting among people of different tribes on different issues. We already mentioned that Guru Harideva himself  had to run away from Kamrupa as a result of such infighting between two tribes. Most of the people of Kamrupa were of non Arean origins. During that time they used to worship demigods and goddesses of various names and forms according to their own tribal faiths. They used to sacrifice animals and even human beings to satisfy their gods and goddesses. Odd practices of all forms were encouraged in the name of religion and frequent unrest among the followers of different gods and goddesses were there .People of different religious groups used to fight each other to establish the supremacy of the gods and goddesses of their own faith. Thus some chaotic situations  prevailed everywhere in Kamrupa at  that time. In such a situation Guru Harideva had to carefully choose a suitable place for the beginning of his missionary works. We already told that Guru Harideva’s father Ajanabha went to Aswaklanta shrine from Dantapur and after staying there for four years he went to Narayanpur. Here Guru Harideva was born and brought up. At his age of 16-17 years he had to run away from Narayanpur  to save his life and these thing we discussed earlier. Now, on his way from Nabadwipa to Kamarupa,  all these things came to the mind of  Guru Harideva . He  discussed everything  with Prushottama and finally decided to start his mission from Dantapur, present Bahari in Barpeta district of Assam, the place where his forefathers resided for several generations from 7th century CE up to the first quarter of 15th century CE. Then, after some days of walking from Nabadwipa Guru Harideva and his party reached this destination . (to be continued)

ভাগৱত শাস্ত্ৰৰ জ্ঞান আৰু উপদেশৰ আধাৰত জনসাধাৰণক উন্নতৰ জীৱনাদৰ্শৰ ব্যৱহাৰিক শিক্ষা দান কৰাৰ ব্ৰত গ্ৰহণ কৰি হৰিদেৱ গুৰুজনাই ১৪৫৩ খৃষ্টাব্দত কামৰূপলৈ উভটি আহিছিল সেই সময়ৰ কামৰূপ ৰাজনৈতিক ভাৱে অনেক সৰু সৰু ৰাজ্যত বিভক্ত হৈ আছিল পৃথক পৃথক ভাষা, সংস্কৃতি আৰু স্বভাৱসম্পন্ন ভিন্ন ভিন্ন অনাৰ্যমূলীয় জনগোষ্ঠীৰ  শাসকে কামৰূপৰ বিভিন্ন অংশত শাসনকাৰ্য চলাইছিল সেই কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভিন্ন বিষয়ক লৈ সঘনে যুদ্ধ বিগ্ৰহ হোৱাটো স্বাভাৱিক কথা আছিল এনে এখন গোষ্ঠীগত যুদ্ধৰ পৰিণতিতে হৰিদেৱ গুৰুজনা কামৰূপৰ পৰা পলাই যাবলৈ বাধ্য হৈছিল বুলি আগতে কোৱা হৈছে কামৰূপৰ প্ৰায় সমস্ত প্ৰজাও মূলতঃ অনাৰ্য  জনগোষ্ঠীৰ অন্তৰ্গত আছিল সেই সময়ত কামৰূপৰ প্ৰায় সকলো লোকে নিজ নিজ জনগোষ্ঠীয় বিশ্বাস মতে বিভিন্ন নামৰ আৰু বিভিন্ন ৰূপৰ দেৱী দেৱতাৰ পূজা অৰ্চনা কৰিছিল দেৱী দেৱতাক সন্তুষ্ট কৰিবৰ বাবে জীৱ-জন্তু আৰু আনকি মনুহকো বলি দিয়া হৈছিল ধৰ্মৰ নামত বিভিন্ন প্ৰকাৰৰ কু-প্ৰথা প্ৰচলন কৰাৰ বাবে উৎসাহ দিয়া হৈছিল আৰু তাৰ ফলত সমাজত নানা অশান্তিৰ সৃষ্টি হৈছিল বিভিন্ন ধৰ্মত বিশ্বাসী বিভিন্ন দলৰ লোকৰ মাজত সততে সংঘৰ্ষ হৈছিল এই দৰে হৰিদেৱ গুৰুজনা কামৰূপলৈ উভটি অহাৰ সময়ত কামৰূপৰ সকলো ফালে এক সংঘৰ্ষময় আৰু বিশৃংখল পৰিবেশ বিৰাজ কৰিছিল এনে অৱস্থাত কামৰূপৰ কোন স্থানৰ পৰা নিজৰ সেৱামূলক কাৰ্যসূচীৰ পাতনি মেলা উচিত তাক নিৰ্ধাৰণ কৰা গুৰুজনৰ বাবে অলপ টান কাম আছিল আগতে কৈ অহা হৈছে যে হৰিদেৱ গুৰুজনাৰ পিতৃ অজনাভ কামৰূপৰ অন্তৰ্গত দন্তপুৰৰ পৰা অশ্বক্লান্ত দেৱালয়লৈ গৈ তাত চাৰিবছৰ থকাৰ পিছত নাৰায়ণপুৰলৈ গৈছিল তাতে হৰিদেৱ গুৰুজনাৰ জন্ম হৈছিল আৰু সোতৰ বছৰমান বয়সলৈকে আছিল নাৰায়ণপুৰৰ পৰা তেওঁ নিজৰ জীৱন ৰক্ষা কৰাৰ বাবে পলাই যাব লগা হৈছিল এতিয়া নবদ্বীপৰ পৰা কামৰূপলৈ অহাৰ পথত এই বিলাক কথা গুৰুজনাই  মনে মনে চিন্তা কৰিছিল অৱশেষত ককায়েক পুৰুষত্তমৰ সৈতে সকলো কথা আলোচনা কৰি তেওঁৰ পূৰ্ববপুৰুষ সকলে খৃষ্টীয় সপ্তম শতিকাৰ পৰা পঞ্চদশ শতিকাৰ প্ৰথম ভাগ পৰ্যন্ত সুদীৰ্ঘ কাল বসবাস কৰি যোৱা দন্তপুৰৰ (বৰ্ত্তমান বৰপেটা জিলাৰ বহৰি গাওঁ) পৰা নিজৰ জনকল্যাণমূলক কাৰ্যসূচী আৰম্ভ কৰা উচিত বুলি সিদ্ধান্ত লৈছিল সেইমতে নবদ্বীপৰ পৰা কিছুদিন খোজ কঢ়াৰ পিছত হৰিদেৱ গুৰুজনা আৰু তেওঁৰ দল   কামৰূপৰ দন্তপুৰত উপস্থিত হৈছিল (আগলৈ)