Sunday, 28 June 2020

Understanding Guru Harideva’s Approach Towards Unity-105 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১০৫)


While imparting lessons of self realization to his mother, Guru Harideva mentioned that,Lord Krishna revealed the knowledge of Veda  to Arjuna through Bhagavadgita. To make it clear, we should keep in mind that subject wise, there are three divisions of Veda.These are called Karma Kanda, Jnana Kanda and Upasana Kanda. Karma Kanda is related to the rules of performance of action. Jnana Kanda deals with teachings of Vedas and UKasana kanda deals with worship of the divine powers. Thus, Karma Kanda of Veda is the basis of Karma Yoga of the Gita. Similarly Upasana Kanda and Jnana Kanda of Veda respectively, are the foundation of Bhakti Yoga and Jnana Yoga depicted in Gita. Hence Guru Harideva told his mother that Veda is revealed to Arjuna by Krishna through the Gita. Actually, in Bhagavadgita, Lord Krishna told that if Karma and Jnana are coordinated with Bhakti or devotional service, then these are converted to yoga. That is, the Karma and Jnana mixed with Bhakti may become one’s connecting link with the God Almighty. Coordination of devotional service with karma or actions is termed as Karma Yoga or path of action. The same devotional service when coordinated with the quest for knowledge is termed as Jnana Yoga or path of knowledge. When the devotional service transcends the limits of  activities and mental exercise for knowledge, it is called Pure Bhakti Yoga or path of love and devotion. These paths may be different, but all these are means of attainment of self realization and subsequent liberation of the soul. Now, to proceed in the path of Jnana Yoga, the intellect of a person should be very pure, powerful and intense. Hence this path is not suitable for a person like Parijati. The path of Bhakti Yoga is the simplest and easiest path. But for attainment of self realization through this path one has to wait obediently with unshaken faith for the mercy of the God Almighty. This is because a true devotee is not supposed to expect anything from God including relief from his personal troubles and even liberation from worldly attachments. In the prevailed situation, Parijati wanted immediate relief from her mental agony. So , Guru Harideva simply explained about this path for her knowledge, but he did not recommend this path for practice of his mother. (to be continued)
গীতাৰ জৰিয়তে ভগৱান কৃষ্ণই অৰ্জুনক বেদজ্ঞান প্ৰদান কৰিছিল বুলি হৰিদেৱ গুৰুজনাই উল্লেখ কৰিছে। মাতৃ পাৰিজাতিক আত্মজ্ঞানৰ পাঠ শিকোৱাৰ সময়ত গুৰুজনাই এই কথা কৈছিল।  এই প্ৰসঙ্গত আমি মন কৰা উচিত যে বিষয় বস্তুৰ ফালৰ পৰা বেদ তিনিটা ভাগত বিভক্ত ।এই বিভাগ কেইটা হৈছে কৰ্মকাণ্ড , জ্ঞানকাণ্ড আৰু উপাসনা কাণ্ড । কৰ্মকাণ্ড কৰ্মসমুহ কৰাৰ নিয়ম প্ৰণালী আৰু কৰ্মৰ ফলাফল আদিৰ সৈতে সম্পৰ্কিত। জ্ঞানকাণ্ডত বেদৰ জ্ঞান অংশক আলোচনাৰ বিষয়বস্তু কৰা হৈছে আৰু উপাসনা কাণ্ডত ঐশ্বৰিক শক্তিৰ আৰাধনা আদিৰ বিষয়ে কোৱা হৈছে। সেই হিচাপে বেদৰ কৰ্মকাণ্ডক ভিত্তি হিচাপে লৈ গীতাত কৰ্মযোগৰ জ্ঞান দিয়া হৈছে । একেদৰে বেদৰ জ্ঞানকাণ্ড আৰু উপাসনা কাণ্ড যথাক্ৰমে গীতাৰ জ্ঞানযোগ আৰু ভক্তিযোগৰ সৈতে সম্পৰ্কিত । সেই কাৰণে গুৰুজনাই গীতাৰ জৰিয়তে কৃষ্ণই অৰ্জুনক বেদজ্ঞান দিয়া বুলি কৈছে । প্ৰকৃতাৰ্থত গীতাত ভগৱান কৃষ্ণই কৈছে যে ভক্তিমূলক সেৱা কাৰ্যৰ সৈতে কৰ্ম আৰু জ্ঞানৰ সমন্বয় সাধন কৰি কৰ্ম আৰু জ্ঞানক যোগত পৰিণত কৰিব পাৰি । যোগৰ অৰ্থ হৈছে ভগৱানৰ সৈতে সংযোগ সাধন ।  ভক্তি ভাৱৰ সৈতে সমন্বয় সাধন কৰি কৰ্ম কৰাকে গীতাত কৰ্মযোগ বুলি কোৱা হৈছে । একেদৰে জ্ঞান অৰ্জন কৰাৰ বাবে যি মানসিক প্ৰচেষ্টা কৰা হয় তাৰ সৈতে ভক্তি ভাৱৰ সমন্বয় সাধন কৰাই গীতাৰ জ্ঞানযোগ। আনহাতে  কৰ্ম প্ৰচেষ্টা বা জ্ঞান লাভৰ প্ৰচেষ্টা ইত্যাদিৰ সৈতে সংযোগ নোহোৱাকৈ কেৱল মাত্ৰ ভগৱানৰ সেৱাৰ সৈতে যুক্ত শুদ্ধ ভক্তিক গীতাত ভক্তিযোগ বুলি কোৱা হৈছে। দেখাত পৃথক পৃথক হ’লেও তিনিওটা পথ বা যোগৰে একমাত্ৰ লক্ষ হৈছে আত্মজ্ঞান প্ৰাপ্তি আৰু মুক্তি লাভ । এতিয়া,  জ্ঞান যোগৰ পথেৰে আগবাঢ়িব খোজা ব্যক্তিৰ বুদ্ধি বিশুদ্ধ , প্ৰখৰ আৰু গভীৰ হ’ব লাগে । গতিকে এই পথ মাতৃ পাৰিজাতিৰ দৰে ব্যক্তিৰ বাবে উপযোগী হ’ব নোৱাৰে । ভক্তি যোগ হৈছে  আত্মজ্ঞান প্ৰাপ্তিৰ সবাতোকৈ সহজ সৰল আৰু নিশ্চিত পথ। কিন্তু এই পথেৰে আত্মজ্ঞান লাভ কৰিব বিচাৰিলে অটল বিশ্বাস আৰু ধৈৰ্য সহকাৰে ভগৱানৰ কৃপাৰ বাবে অপেক্ষা কৰাৰ প্ৰয়োজন হয়। ইয়াৰ কাৰণ শুদ্ধ ভক্তি যোগ অৱলম্বন কৰা ভক্তই ভগৱানৰ পৰা একো নিবিচাৰে। নিজৰ দুখ যন্ত্ৰণাকো ভগৱানৰ অনুগ্ৰহ বুলি ভাবি আনন্দ মনে সহ্য কৰে। মুক্তিলাভকে ধৰি অন্যান্য একো বিষয়তে তেওঁলোকৰ স্পৃহা নাথাকে । উপস্থিত পৰিস্থিতিত গুৰুজনাৰ মাতৃ পাৰিজাতিয়ে নিজৰ মানসিক যন্ত্ৰণাৰ পৰা  আশু অব্যাহতি পাবৰ বাবে পুত্ৰৰ পৰা উপদেশ বিচাৰিছিল ।গতিকে গুৰুজনাই চমুকৈ তিনিওটা পথৰ সাধাৰণ জ্ঞান দিছিল যদিও সেই পৰিস্থিতিত মাতৃক জ্ঞানযোগ বা ভক্তিযোগৰ পথ লোৱাৰ দিহা দিয়া নাছিল । (আগলৈ)

Friday, 26 June 2020

Understanding Guru Harideva’s Approach Towards Unity-104 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১০৪)


In continuation of our post of 24.6.20 we should mention that the cause of mental agony of Parijati was lack of self realization. Self realization means realization of one’s true identity. In its simple sense, self-realization is the realization that one is not his body but the Self. In Bhagavad Gita Lord Krishna explains that the ultimate goal of liberation, that is, freedom from the cycle of births and deaths, can only be achieved by realizing the true Self. This true Self is one’s pure Soul, which is distinct from the body. Only after Self realization one can distinguish that it is the body that is occupied with  anger , pride, deceit and greed etc and self is totally free from experiencing such worldly emotions and turmoil. So, one who realizes the self understands that he is separate from the body. He never feels duality of happiness and sorrow pertaining to the body. Now Guru Harideva started imparting the idea of self realization to his mother, Parijati based on his profound knowledge of Bhagavadgita. He told that the Vedas mention three processes for elevating one’s spiritual consciousness that can lead one towards attainment of self realization. These processes are called Karma or action, Jnana or knowledge and Bhakti or devotion. Generally people work hard to fulfill their limitless desires in terms of money, property, power, praise, respectable  position in society, welfare of own family,  relatives and friends, protection of their possessions from destruction and so on. These are called karma and right from Vedic sacrifice, worship of demigods to all types of occasional actions and day to day activities of life are included in the meaning of karma. Most of the people keep themselves engaged in that. Out of many millions of such fruit expectant workers someone may become aware of his true identity. Then he may become interested to know the reason of his present status, the reason of the transient nature of karma and its outcome, the reason of the frustration, confusion, happiness and sorrow of day to day life etc. Again  out of many thousands of such inquisitive persons, hardly one may correctly understand everything and can become a person of knowledge or Jnani. The third process called Bhakti or devotion in its pure form is independent of Karma and jnana as described above. This was the gist of introductory lesson of Bhagavadgita imparted to his mother by Guru Harideva. (to be continued )
আমাৰ ২৪.৬.২০ তাৰিখৰ লিখনিৰ আঁত ধৰি ইয়াকে কোৱা যায় যে আত্মজ্ঞানৰ অভাৱ থকা কাৰণে পাৰিজাতিয়ে মানসিক অস্থিৰতাত ভুগিছিল । আত্মজ্ঞান মানে নিজৰ প্ৰকৃত পৰিচয় কি তাক জনা । তাতোকৈ সহজ অৰ্থত আত্মজ্ঞান মানে শৰীৰটোক ‘মই’ বুলি ভুলকৈ ভৱাৰ পৰা বিৰত থাকি আত্মাক ‘মই’ বুলি শুদ্ধকৈ ভৱা। ভগৱদ্গীতাত ভগৱান কৃষ্ণই তাত্বিকভাৱে বিশ্লেষণ কৰি বুজাই দিছে যে একমাত্ৰ আত্মজ্ঞানৰ দ্বাৰাহে মুক্তি লাভ কৰিব পাৰি বা বাৰে বাৰে জন্ম গ্ৰহণ আৰু মৃত্যু বৰণ কৰাৰ পৰা অব্যাহতি পাব পাৰি । আত্মা হৈছে প্ৰকৃত ‘মই’ আৰু ই শৰীৰৰ পৰা পৃথক । এই সত্য উপলব্ধি কৰি আত্মজ্ঞান লাভ কৰাৰ পিছত বুজিব পাৰি যে ক্ৰোধ, গৰ্ব, চল-কপটতা, লোভ-লালসা আদিয়ে শৰীৰকহে অধিকাৰ কৰে আৰু আত্মা এই সমুহ জাগতিক আবেগ আৰু উখল-মাখলৰ পৰা সম্পূৰ্ণভাৱে মুক্ত। গতিকে যিজনে নিজকে শৰীৰ বুলি নাভাৱি আত্মা বুলি উপলব্ধি কৰে বা আত্মজ্ঞান লাভ কৰে তেওঁ শৰীৰৰ সৈতে সংযুক্ত সুখ দুখ আদি পৰস্পৰ বিপৰীত অৱস্থা বা দন্দ্ব ভাৱৰ পৰাও মুক্ত থাকে। হৰিদেৱ গুৰুজনাই মাতৃক এই আত্মজ্ঞান দিবৰ বাবে নিজৰ গভীৰ গীতাজ্ঞানৰ আধাৰত বুজনি দিয়া আৰম্ভ কৰিছিল। গুৰুজনাই মাতৃ পাৰিজাতিক কৈছিল যে পাৰমাৰ্থিক চেতনাক আত্মজ্ঞানৰ পৰ্যায়লৈকে লৈ যোৱাৰ বাবে বেদত কৰ্ম, জ্ঞান, আৰু ভক্তি –এই তিনিটা উপায় দিয়া হৈছে। সাধাৰণতে মানুহৰ অৰ্থ, সা-সম্পত্তি, ক্ষমতা, প্ৰশংসা, সামাজিক প্ৰতিপত্তি, নিজৰ পৰিয়াল তথা সা-সম্পৰ্কীয় ব্যক্তি আৰু বন্ধু বান্ধৱ আদিৰ উন্নতি আৰু এই সকল বিষয় বস্তুৰ সীমাহীন বৃদ্ধি আৰু সংৰক্ষণ ইত্যাদি অসংখ্য প্ৰকাৰৰ আকাংক্ষা থাকে আৰু সেই সমুহ পূৰণৰ অৰ্থে কঠোৰ পৰিশ্ৰমমূলক কাম কৰে। এই সমুহকে কৰ্ম বুলি কোৱা হয় । বৈদিক যাগ যজ্ঞ, দেৱদেৱীৰ পূজা পাতলৰ পৰা আৰম্ভ কৰি সাময়িক ভাৱে কৰা আৰু দৈনন্দিন জীৱন যাত্ৰাৰ বাবে কৰা সকলো ধৰণৰ কাম এই কৰ্ম শব্দৰ দ্বাৰা বুজোৱা হয়। সংসাৰৰ প্ৰায় সকলো লোকে নিজৰ ৰুচি আৰু প্ৰয়োজন অনুসৰি এই সমুহ কৰ্মত সদাব্যস্ত হৈ থাকে । কিন্তু কেতিয়াবা এনে লাখ লাখ কৰ্মব্যস্ত আৰু কৰ্মৰ জৰিয়তে অহা ফল ভোগ কৰা মানুহৰ ভিতৰৰ কোনো এজন ব্যক্তি নিজৰ প্ৰকৃত পৰিচয় জনাৰ বাবে আগ্ৰহী হয়। তেনে অৱস্থাত সেই ব্যক্তিজনে নিজৰ বৰ্ত্তমান অৱস্থাৰ কাৰণ কি, কৰ্ম আৰু তাৰ ফলসমুহ কিয় অস্থায়ী, মানুহৰ দুখ দুৰ্দশা, মনৰ অস্থিৰতা , সুখ , দুখ আদিৰ কাৰণ কি ইত্যাদি প্ৰশ্নৰ উত্তৰ বিচৰা আৰম্ভ কৰে । এনে প্ৰকাৰৰ অনুসন্ধানত ব্যস্ত হোৱা হেজাৰ হেজাৰ লোকৰ ভিতৰৰ কোনো এজনে সম্পুৰ্ণ শুদ্ধ উত্তৰ লাভ কৰি জ্ঞানী ব্যক্তিত পৰিণত হয়।আত্মজ্ঞান লাভ কৰাৰ তৃতীয় উপায় ভক্তিৰ বিশুদ্ধ ৰূপ ওপৰত কোৱা ধৰণৰ জ্ঞান আৰু কৰ্মৰ পৰা সম্পূৰ্ণ পৃথক। হৰিদেৱ গুৰুজনাই মাতৃ পাৰিজাতিক এনেদৰে গীতাৰ  জ্ঞান দিয়া আৰম্ভ কৰিছিল। (আগলৈ)