Monday, 3 August 2020

Understanding Guru Harideva’s Approach Towards Unity-123 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১২৩)

Due to their ignorance, people remain unaware about the natural laws of God called “Dharma” and go on violating those laws. In Bhagavadgita it is told that whenever there is gross violation of natural laws of God or dharma, God incarnates himself or he sends proper representatives according to nature of the situation.  The purposes behind this are re-establishment of the laws or dharma, protection of the followers of his laws and destruction of the root causes behind violation of the laws. It is told in Bhagavata that sages like Narada, Kapila, Sukadeva and so many great and perfect persons wander the surface of the earth as representatives of God for this purpose. Actually the sages acquire attributes of Godhood by their actions. They are endowed with the power of God. So they are able to do their duties as above. The history has many examples of such men and women. Some of them were considered equal to God on earth by the people of that time and are still being worshiped. The scriptures clearly tell that he who renders selfless service without expectation of anything in return is the divinity on  Earth. One, who dedicates his life for the welfare of all, is said to be the God incarnation on  Earth. Guru Harideva acquired all these qualities through rigorous spiritual practice or sadhana. He acted as representative of God on Earth and performed duties for establishment of dharma or laws of God like sage Narada, Kapila etc. as mentioned above. He selflessly dedicated his whole life for this purpose. Scriptures tell that a sage or Mahapurusha or spiritual superhuman being possesses super natural powers. Guru Harideva also possessed such powers of Yoga. Like all other sages he also utilized those powers on very rare occasions for the benefit of common people. As a result of yoga practice he lived up to 140 years of age. He started his mission at his age of 27 years. During this prolonged period from 27 to 140 years of his life, he came into contact with king and kingly persons, scholars of higher knowledge with different religious faiths and from various places, people of higher positions in the society and also general ignorant and downtrodden people of the society in huge numbers. All those people considered him as divinity on Earth and respected him like God incarnate. During this long period of time, nobody opposed him in any matter and he had no enmity with anybody at anywhere and on any point. Thus the incident that took place at Narayanpur was the turning point of the life of Guru Harideva and also it was the only incident of clash with others in his whole life.(to be continued)

 জ্ঞানৰ অভাৱ থকা কাৰণে মানুহে ধৰ্ম অৰ্থা ঈশ্বৰৰ জগত পৰিচালনাৰ স্বাভাৱিক নিয়ম পৰম্পৰা সমুহ নাজানে আৰু সেই সমুহ উলঙ্ঘন কৰে ভগৱদ্গীতাত কোৱা হৈছে যে যেতিয়াই এই নিয়ম পৰম্পৰা ভঙ্গৰ ঘটনাই নিৰ্দিষ্ট সীমা অতিক্ৰম কৰে তেতিয়াই ভগৱানে নিজে অৱতাৰ গ্ৰহণ কৰে বা পৰিস্থিতিৰ প্ৰয়োজন অনুসৰি উপযুক্ত কোনো ব্যক্তিক নিজৰ প্ৰতিনিধি হিচাপে  প্ৰেৰণ কৰে অৱতাৰ আৰু তেওঁৰ প্ৰতিনিধি সকলৰ কাম হৈছে ধৰ্মৰ পুনঃপ্ৰতিষ্ঠা কৰা , যিসকলে ভগৱানৰ আইন বা ধৰ্ম মানি চলে তেওঁলোকক সুৰক্ষা দিয়া আৰু আইন ভঙ্গৰ অন্তৰালত থকা কাৰণ সমুহ নিৰ্মূল কৰা ভাগৱতত কোৱা হৈছে যে নাৰদ, কপিল, শুকদেৱ আদিকে ধৰি অসংখ্য ঋষি মুনি তথা মহান পূণ্যাত্মা সকলে ভগৱানৰ প্ৰতিনিধি হিচাপে এই কাম কৰাৰ বাবে সমস্ত পৃথিৱীত ঘুৰি ফুৰে প্ৰকৃতাৰ্থত এই ঋষি মুনি সকলে নিজৰ কৰ্মৰ দ্বাৰা ঐশ্বৰিক গুণ মাহাত্ম্যৰ অধিকাৰী হয় তেওঁলোক ঐশ্বৰিক শক্তিৰ দ্বাৰা শক্তিমন্ত হোৱা হেতুকে মানুহৰ মনৰ অজ্ঞানৰূপী অশুভ শক্তিৰ বিনাশ সাধন কৰি মানুহক ধৰ্মৰ পথত পৰিচালনা কৰাত সফল হয় শাস্ত্ৰ আৰু ইতিহাসত এনে বহু সংখ্যক পুৰুষ মহিলাৰ উদাহৰণ আছে বিভিন্ন কালৰ এনে কিছুমান ব্যক্তিক মানুহে ঈশ্বৰ জ্ঞান কৰিছিল আৰু এতিয়াও ঈশ্বৰৰ ৰূপত পুজা কৰে সেয়েহে শাস্ত্ৰত স্পষ্টভাৱে কোৱা হৈছে যে যি ব্যক্তিয়ে নিজৰ বাবে কোনো লাভালাভ আশা নকৰাকৈ সম্পূৰ্ণ নিস্বাৰ্থ ভাৱে কৰ্ত্তব্য কৰে তেওঁ প্ৰকৃতাৰ্থত সমাজত বিচৰণ কৰি থকা ঐশ্বৰিক পুৰুষ যিজনে সকলোৰে মঙ্গলৰ অৰ্থে নিজৰ জীৱন উছৰ্গা কৰে তেওঁ জগতত বিচৰণ কৰি থকা ঈশ্বৰৰ প্ৰতিভূ কঠোৰ পাৰমাৰ্থিক সাধনাৰ ফলত হৰিদেৱ গুৰুজনা এই সমস্ত গুণ-মাহাত্ম্যৰ অধিকাৰী হৈছিল তেওঁ ওপৰত উল্লেখ কৰি অহা নাৰদ, কপিলাদি ঋষি মুনি সকলৰ দৰে ভগৱানৰ প্ৰতিনিধিৰ ৰূপত ভগৱানৰ আইন বা ধৰ্মৰ পুনঃপ্ৰতিষ্ঠাৰ বাবে কাম কৰিছিল, তাৰ বাবে নিস্বাৰ্থ আত্মত্যাগ কৰিছিল শাস্ত্ৰত কোৱা হৈছে যে এই সকল ঐশ্বৰিক পুৰুষ বা মহাপুৰুষৰ পাৰমাৰ্থিক অতি মানবীয় শক্তি থাকে হৰিদেৱ গুৰুজনাও অতি মানৱীয় যোগশক্তিৰ অধিকাৰী পুৰুষ আছিল বৈদিক ঋষি মুনিসকলৰ দৰে তেওঁ লোক কল্যাণৰ অৰ্থে  কাচি কদাচি এনে যোগশক্তি প্ৰদৰ্শন কৰাৰ উদাহৰণো  আছে যোগ অভ্যাসৰ বলত  তেওঁ ১৪০ বছৰ বয়সলৈকে জীৱন ধাৰণ কৰিছিল ২৭ বছৰ বয়সত তেওঁ লোক কল্যাণ মুলক কামত ব্ৰতী হৈছিল  ২৭ বছৰৰ পৰা ১৪০ বছৰ বয়সলৈকে এই সুদীৰ্ঘ কালত গুৰুজনাই ৰজা, ৰাজপুৰুষ, বিভিন্ন স্থানৰ বিভিন্ন ধৰ্ম মতৰ সমৰ্থক পণ্ডিত , সমাজৰ নেতৃস্থানীয় লোক তথা অগণন সংখ্যক অজ্ঞ নিপীড়িত জনতাৰ সংস্পৰ্শলৈ আহিছিল সকলো শ্ৰেণীৰ লোকেই  তেওঁক ঐশ্বৰিক গুণ-মাহাত্ম্য সম্পন্ন অৱতাৰী পুৰুষ বুলি মানি শ্ৰদ্ধা ভক্তি কৰিছিল সুদীৰ্ঘ কালৰ ভিতৰত কোনো এজন লোকেও তেওঁৰ বিৰোধিতা কৰা নাছিল বা তেওঁৰ প্ৰতি শত্ৰু ভাৱাপন্ন হোৱা নাছিল সেয়েহে পাৰি যে কিশোৰ বয়সত নাৰয়ণপুৰত ঘটি যোৱা ঘটনাই হৰিদেৱ গুৰুজনাৰ জীৱনৰ গতিধাৰা সম্পূৰ্ণ সলনি কৰি দিছিল আৰু উক্ত ঘটনা  তেওঁৰ  সুদীৰ্ঘ জীৱন কালত আন লোকৰ সৈতে হোৱা বিৰোধৰ একমাত্ৰ উদাহৰণ (আগলৈ)


Saturday, 1 August 2020

Understanding Guru Harideva’s Approach Towards Unity-122 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১২২)

There are directions from the Vedas for two kinds of activities. Some activities are meant for people attached to material enjoyments.  Some activities are meant for those who are detached from material world. Accordingly two types of people with separate mental dispositions are also there. Both kinds of activities in a single person are contradictory. Bhagavata explains this with some example for our understanding. The demigods can travel through space. Human beings can travel on the surface of earth.  Both the activities in a human being are contradictory. But a human being can attain the status of a demigod through his actions. Once he attains that position, he can naturally move in the space. The activities of spiritual nature are suitable for people who are materially detached and a man fully attached with the worldly life can never be interested there. But once the mind is detached from worldly affairs, the same person automatically becomes interested in the activities suitable for materially detached people. So, before pertaining spiritual advice to a person, the duty of a spiritual master or Guru is to divert his mind from the state of attachment to the state of detachment. The scriptures tell so many ways for this purpose in various ways. It is the duty of a Guru is to select the appropriate way suitable for each of his disciples and guides him accordingly. If the disciple is intelligent enough to accept the instruction of his Guru with devotional faith and strictly follows them, then he can detach himself from material world and proceed further in the path of spirituality. This is the normal method of imparting spiritual education to people. But when a Mahapurusha or spiritual superhuman being with his enormous spiritual power, arrives as a spiritual teacher or Guru of human society this situation is completely changed. The power of attraction of a great spiritual personality is of such higher intensity that people in mass scale become spontaneously  interested to hear and obey him. In Bhagavadgita it is told that when flood waves inundate all places, people need not lift water from a well for his use. Likewise when a Mahapurusha appears in a human society, a high wave of spirituality touches the heart of everybody and people in mass scale become automatically interested to follow spiritual path.  The same things happened when Guru Harideva started his mission after coming back to Assam endowed with the qualities of a  Mahapurusha. In the coming post we will discuss these things. (to be continued)

বেদত দুই প্ৰকাৰৰ কৰ্মৰ নিৰ্দেশ দিয়া হৈছে ইয়াৰে এক প্ৰকাৰৰ কৰ্ম প্ৰবৃত্তি মূলক কৰ্ম আৰু এই কৰ্ম সাংসাৰিক বিষয় ভোগৰ প্ৰতি আগ্ৰহী লোকৰ বাবে উপযোগী আন প্ৰকাৰৰ কৰ্ম হৈছে নিবৃত্তি মূলক কৰ্ম অৰ্থা এই সমুহ কৰ্ম সাংসাৰিক বিষয়ৰ প্ৰতি অনাগ্ৰহী লোকৰ বাবে উপযোগী দুই প্ৰকাৰৰ  কৰ্মৰ প্ৰতি আগ্ৰহ থকা লোকৰ মানসিক স্থিতিও পৃথক পৃথক একেজন মানুহে দুয়ো প্ৰকাৰৰ কৰ্ম কৰিব পাৰে বুলি আশা কৰাটো পৰস্পৰ বিৰোধী কথা কথাখিনি আমাক বুজাই দিয়াৰ বাবে ভাগৱতে এটা উপমা দিছে দেৱতাসকলে আকাশত বিচৰণ কৰিব পাৰে মানুহে পৃথিৱীত বিচৰণ কৰে এজন মানুহে পৃথিৱী আৰু আকাশ উভয়তে বিচৰণ কৰিব পাৰে বুলি আশা কৰাটো পৰস্পৰ বিৰোধী কথা কিন্তু এজন মানুহৰ বাবে  দেৱতাৰ স্তৰলৈ যোৱাৰ সুবিধা আছে তাৰ বাবে মানুহে উপযুক্ত কৰ্ম কৰাৰ প্ৰয়োজন কৰ্মৰ দ্বাৰা দেৱতাৰ স্তৰলৈ উন্নীত লে মানুহে দেৱতাৰ গুণ বৈশিষ্ট্য অৰ্জন কৰে আৰু দেৱতাৰ নিচিনাকৈ আকাশত বিচৰণ কৰিব পাৰে আকৌ নিবৃত্তিমূলক কৰ্ম কৰিলেহে পাৰমাৰ্থিক বিষয়ত আগ্ৰহ জন্মে যি লোক সাংসাৰিক বিষয় ভোগৰ প্ৰতি সম্পূৰ্ণভাৱে আসক্ত তেওঁৰ নিবৃত্তিমূলক কৰ্ম কৰাৰ মানসিকতা নাথাকে। মন প্ৰবৃত্তিমূলক স্থিতিৰ পৰা নিবৃত্তিমূলক স্থিতিলৈ আনিব পাৰিলে সেই একেজন মানুহেই স্বাভাৱিক ভাৱে নিবৃত্তিমূলক কৰ্মৰ প্ৰতি আকৰ্ষিত হয়সেই কাৰণে পাৰমাৰ্থিক জ্ঞান দিয়াৰ পূৰ্বাৱস্থাত শিক্ষক বা গুৰুৰ কৰ্ত্তব্য হৈছে মানুহৰ মন প্ৰবৃত্তিমূলক স্থিতিৰ পৰা নিবৃত্তিমূলক স্থিতিৰ পিনে নিয়াৰ চেষ্টা কৰা বৈদিক শাস্ত্ৰসমুহত ইয়াৰ বাবে বিভিন্ন উপায় বিভিন্ন ধৰণে প্ৰদৰ্শন কৰা হৈছে গুৰুৰ কাম হৈছে শাস্ত্ৰৰ পৰা নিজৰ প্ৰতিজন শিষ্যৰ বাবে উপযোগী উপদেশ নিৰ্বাচন কৰি শিষ্যক সেই পথেৰে পৰিচালনা কৰা ইয়াৰ পিছত শিষ্যই যদি গুৰুৰ উপদেশ শ্ৰদ্ধা সহকাৰে মানি সেই উপদেশ অনুসৰি কাম কৰে তেন্তে তেওঁ প্ৰবৃত্তি পথৰ পৰা নিবৃত্তিৰ পথলৈ আহিব পাৰে আৰু পাৰমাৰ্থিক পথত অগ্ৰগতি লাভ কৰাত সফল হয় পাৰমাৰ্থিক সাধনাৰ এয়ে স্বাভাৱিক নিয়ম   কিন্তু সমাজত যেতিয়া গুৰুৰ ৰূপত কোনো পাৰমাৰ্থিক অতিমানৱীয় শক্তি বা মহাপুৰুষ  আবিৰ্ভূত হয়  তেতিয়া এই স্বাভাৱিক নিয়মৰ ব্যতিক্ৰম ঘটে   মহাপুৰুষৰ প্ৰচণ্ড আকৰ্ষণ শক্তিৰ প্ৰভাৱত সমাজৰ সৰহ সংখ্যক লোক তেওঁৰ কথা শুনাৰ বাবে আৰু সেইমতে চলাৰ বাবে আগ্ৰহী হৈ উঠে ভগবদ্গীতাত কোৱা হৈছে যে পানীৰ ঢল আহিলে সকলো স্থান পানীৰে ভৰি পৰে আৰু তেতিয়া মানুহে কূঁৱাৰ পৰা পানী তুলি ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাথাকে একেদৰে মানৱ সমাজত মহাপুৰুষৰ আবিৰ্ভাৱ লে আধ্যাত্মিক ভাৱৰ ঢৌৱে সকলোৰে অন্তৰ স্পৰ্শ কৰে আৰু একেলগে বৃহৎ সংখ্যক লোক প্ৰবৃত্তি পথৰ পৰা নিবৃত্তিৰ পথলৈ আহে আৰু পাৰমাৰ্থিক উন্নতি লাভ কৰাৰ বাবে আগ্ৰহী হয় মহাপুৰুষৰ সমস্ত গুণ বৈশিষ্টৰ দ্বাৰা বিভূষিত হৈ হৰিদেৱ গুৰুজনাই ধৰ্ম প্ৰচাৰ আৰম্ভ কৰাৰ পিছত অসমতো বৃহৎ সংখ্যক মানুহৰ মন স্পৰ্শ কৰিব পৰা এনে ধৰণৰ এক আধ্যাত্মিক ভাৱৰ জোৱাৰ আহিছিল আৰু  সাৰ্বজনীন ৰূপত পাৰমাৰ্থিক চিন্তা চৰ্চা কৰাৰ পৰিবেশ সৃষ্টি হৈছিল পৰবৰ্ত্তী লিখনি সমুহত এই বিলাক কথা বিতংভাৱে কোৱা (আগলৈ)