Wednesday, 27 September 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-192 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৯২)

 

It is already mentioned that Guru Harideva granted honourable position to women in his Satra Institution. In this regard we collected some preliminary information regarding position of women in the Vedic and Epic periods in the preceding posts. Compared to that the position of women was lowered during the later periods of Dharma Sastras and Puranas. In the Dharma Sastras so many restrictions were imposed upon women. Through those restrictions freedom of women was curtailed and they were brought under control of men under all conditions of life. Sons were given more privileges than the daughters in family. Daughters were deprived of formal education. Women were prevented from studying the Vedas. As a result of imposition of so many restrictions upon half of the population some problems started creeping in the social field. Pre-puberty marriage, prohibition on re-marriage of widows, introduction of  “Sati” and “purdah” systems ,  practice of polygamy , forbidding women to enter temple, to offer sacrifices , to practice penance and to undertake pilgrimages etc.  were some of them. However, in spite of those the Dharma Sastras declare that a society where there is no honor for women  gradually deteriorates from all sides and finally gets destroyed. Now regarding the  Puranas it can be said that the stories narrated in the Puranas contain many objectionable remarks against the women. Those were necessary to make the educative parts of the Puranas clear to common people . But without going to the depth of those descriptions general people used to accept simple meaning of them. Moreover , in later periods the original versions of the Puranas were copied and translated to different languages at different times and places by different scholars. While doing so the scholars introduced their own comments and views regarding women characters in the Puranas. General people were unable to understand those developments. So, they took the simple meaning of the things written in the part of the vast Puranas made available to them and used to form their own ideas regarding women as a whole. As a result of those developments the position of women were lowered further in the Puranic period. ( to be continued)

হৰিদেৱ গুৰুজনাই সত্ৰানুষ্ঠানত নাৰীক দিয়া অধিকাৰৰ বিষয়ে কৰা আলোচনা প্ৰসঙ্গত ইতিমধ্যে বৈদিক আৰু মহাকাব্যৰ যুগৰ সমাজত নাৰীৰ স্থান সম্পৰ্কে কিছু সাধাৰণ আভাস লোৱা হৈছে ।ইয়াৰ তুলনাত পৰবৰ্ত্তী কালত অৰ্থা ধৰ্মশাস্ত্ৰ আৰু পুৰাণৰ যুগত সমাজত নাৰীৰ স্থান ক্ৰমান্বয়ে নিম্নগামী হৈছিল । ধৰ্মশাস্ত্ৰ সমূহত নাৰীৰ চাল চলনত অনেক প্ৰকাৰৰ বাধা আৰোপ কৰা হৈছিল ।নাৰীৰ স্বাধীনতা বহু পৰিমাণে খৰ্ব কৰা হৈছিল আৰু জীৱনৰ সকলো অৱস্থাতে নাৰী পুৰুষৰ অধীন বুলি ঘোষণা কৰা হৈছিল। গৃহস্থ ঘৰত কন্যা সন্তানতকৈ পুত্ৰ সন্তানক অধিক গুৰুত্ব দিয়া হৈছিল্। কন্যা সন্তানক আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাত বাধা আৰোপ কৰা হৈছিল ।মহিলাক বেদ অধ্যয়নৰ পৰা বিৰত থকাৰ আদেশ দিয়া হৈছিল।এনেদৰে সমাজৰ আধা সংখ্যক ব্যক্তিৰ ওপৰত অনেক বাধা নিষেধ আৰোপ কৰাৰ ফলত সমাজত বহু প্ৰকাৰৰ কু-প্ৰথাৰ প্ৰৱেশ ঘটিছিল ।এইবিলাকৰ ভিতৰত কম বয়সীয়া কন্যাৰ বিবাহ, বিধবা বিবাহ নিষিদ্ধকৰণ, সতীদাহ আৰু পৰ্দ্দা প্ৰথাৰ প্ৰচলন, মঠ-মন্দিৰ আৰু ধৰ্মীয় স্থানত  মহিলাৰ প্ৰৱেশ নিষিদ্ধকৰণ, মহিলাই যাগ-যজ্ঞ,পূজা-পাতল ,তপ-জপ আদি কৰাত বাধা আৰোপ ইত্যাদি প্ৰধান। অৱশ্যে মহিলাৰ বিপক্ষে ইমানবোৰ বাধা-নিষেধ আৰোপ কৰাৰ পিছতো ধৰ্মশাস্ত্ৰত কোৱা হৈছে যে যি সমাজত মহিলাক যথোপযুক্ত সন্মান প্ৰদৰ্শন কৰা নহয় সেই সমাজৰ অধঃপতন হয় আৰু তেনে সমাজ ব্যৱস্থা ক্ৰমান্বয়ে ধ্বংসৰ গৰাহত পৰে। এতিয়া পুৰাণৰ যুগ প্ৰসঙ্গত কোৱা যায় যে পুৰাণ সমূহত বৰ্ণিত অনেক কাহিনীত নাৰী সম্পৰ্কত অনেক কটূক্তি আছে ।পুৰাণৰ শিক্ষা মূলক অংশ বৰ্ণনা কৰাৰ ক্ষেত্ৰত বিষয় বস্তু পৰিষ্কাৰ কৰাৰ বাবে এনে কৰাটো প্ৰয়োজনীয় আছিল ।কিন্তু সাধাৰণ মানুহৰ বাবে প্ৰসঙ্গ-সংগতি ৰাখি এনেবোৰ জটিল কথা বুজা সম্ভৱ নহয় কাৰণে তেওঁলোকে কথাবিলাকৰ সৰল অৰ্থহে গ্ৰহণ কৰিছিল। তদুপৰি পৰবৰ্ত্তী কালত বিভিন্ন পণ্ডিতে মূল পুৰাণ সমূহৰ নকল প্ৰস্তুত কৰিছিল বিভিন্ন স্থানৰ বিভিন্ন পণ্ডিতে মূল সংস্কৃত ভাষাৰ পৰা পুৰাণ বিলাক বিভিন্ন স্থানীয় ভাষালৈ অনুবাদ কৰিছিল সেই কাম কৰাৰ সময়ত বহু পণ্ডিতে নাৰী চৰিত্ৰ সম্পৰ্কে বহুতো নিজস্ব কথা যোগ দি পৰিস্থিতি অধিক বিভ্ৰান্ত কৰি তুলিছিল সাধাৰণ লোকে এইবিলাক কথা বুজি পোৱা সম্ভৱ নহয়সেই কাৰণে তেওঁলোকে সুবিশাল পুৰাণ শাস্ত্ৰৰ যি অংশ নিজৰ হাতত পৰিছিল তাত লিখা কথাকে সঁচা বুলি ধৰি নাৰী সম্পৰ্কত নিজস্ব ধাৰণা কৰি লৈছিল।তাৰ ফলত পুৰাণৰ যুগত সমাজত মহিলাৰ স্থান অনেক নিম্নগামী হৈছিল।(আগলৈ)

No comments:

Post a Comment