Guru Harideva
granted equal rights to both men and women in all affairs of his Satra
Institution . That was not an easy job under the prevailed situation of the mediaeval society. In this context we made some preliminary
discussions regarding the honorable position of women in Vedic period in the
preceding posts. In Vedic time women had
ample rights in the social and the religious fields. But they had limited
rights in economic and political spheres. They were never treated as inferior
or subordinate to men. The position of women
got gradually deteriorated during the post Vedic periods . It
is said that with passage of time general people became unable
to understand the language and contents of the
Vedas directly. Then the sages of different times tried to bring Vedic
knowledge to their capacity of understanding through the epics, dharmasastras
and Puranas. Citing as above Bhagavata further says that due to great variety of desires and natures
among human beings, different people explored different meaning in the contents
of the Epics , Dharma sastras and Puranas in accordance with their own way of
doing things and personal preferences . Due
to the same reason too many Vedic rituals along with varieties of Mantras came
into practice during post Vedic period. Different types of rewards were
assured for performance of different rituals. Those practices were handed down
to people of later generations through tradition, custom and Guru-disciple
succession. In this process also there were additions and alterations to suit
the changed needs of people of later generations. Along with those changes in
the religious and social fields the status of women also gradually lowered.
However as per opinion of the scholars women enjoyed honorable position at
home during Epic period of Ramayana and Mahabharata. In both the epics women
were declared as roots of Dharma, Artha or prosperity and Kama or enjoyment .
There are references of courage, strong will power
and magnanimity of many
women characters like Kaikeyee, Sita ,Sabitri, Kunti, Droupadi and many others in
the epics. However,in Ramayana wife’s devotion to her husband was emphasized
and thus the supremacy of the husband over the wife was established. Moreover,
practice of monogamy was imposed upon the wife but the husband was free to have several wives.
This indicates deteriorated status of women in the Epic period in comparison to
the Vedic period.( to be continued )
হৰিদেৱ গুৰুজনাই
সত্ৰৰ ধৰ্মীয় কাৰ্যসূচী সমূহত পুৰুষ আৰু মহিলাক সম অধিকাৰ প্ৰদান কৰিছিল।
মধ্যযুগীয় সমাজত প্ৰচলিত নীতি নিয়মৰ বিপৰীতে
গৈ এনে কাম কৰাটো বৰ সহজ নাছিল । এই বিষয়ৰ আলোচনা প্ৰসঙ্গত আগৰ লিখনিত উল্লেখ কৰা হৈছে যে বৈদিক কালৰ সমাজত মহিলাৰ স্থান অতি উচ্চ আছিল। ধৰ্মীয়
,
শৈক্ষিক
,
সামাজিক
,
সাংস্কৃতিক
ইত্যাদি দিশত পুৰুষ আৰু মহিলাৰ সম অধিকাৰ
আছিল। কিন্তু অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশত
মহিলাৰ অধিকাৰ সীমাৱদ্ধ আছিল। মুঠতে পুৰুষতকৈ মহিলাৰ
স্থান কোনো বিষয়তে হীন নাছিল ।পৰবৰ্ত্তী কালত এই অধিকাৰ ক্ৰমান্বয়ে সংকুচিত হৈ আহিছিল । কোৱা হৈছে যে
সময় অতিবাহিত হোৱাৰ সমান্তৰালভাৱে সাধাৰণ মানুহে বেদৰ ভাৱ আৰু ভাষা নুবুজা হৈছিল ।
ফলত বেদৰ জ্ঞান আৰু নিৰ্দেশ সমূহ বেদৰ পৰা আয়ত্ব কৰাত
অসুবিধা হৈছিল । এই অসুবিধা দূৰ কৰাৰ বাবে বিভিন্ন কালৰ বেদজ্ঞ ঋষি সকলে
মহাকাব্য ,
ধৰ্মশাস্ত্ৰ
,
পুৰাণ
আদি শাস্ত্ৰ প্ৰণয়ন কৰি বেদজ্ঞান সাধাৰণ মানুহক বুজাই দিয়াৰ প্ৰয়াস কৰিছিল । এই
সম্পৰ্কত ভাগৱতত কোৱা হৈছে যে আশা-আকাংক্ষা আৰু স্বভাৱ -চৰিত্ৰ অসংখ্য প্ৰকাৰৰ
হোৱা হেতুকে মানুহে নিজৰ , বুদ্ধিবৃত্তি , ৰুচি আৰু সুবিধা
অনুসৰি মহাকাব্য , ধৰ্মশাস্ত্ৰ ,পুৰাণ আদিত বৰ্ণনা কৰা কথাৰ ভিন্ন
ভিন্ন অৰ্থ উদ্ভাৱন কৰিছিল। সেই কাৰণে বৈদিক কালৰ পৰৱৰ্ত্তী অৱস্থাত অনেক প্ৰকাৰৰ মন্ত্ৰৰ সৈতে বিভিন্ন
প্ৰকাৰৰ বৈদিক উপাসনা পদ্ধতি আৰু সামাজিক
নীতি নিয়ম আদিৰ প্ৰচলন হৈছিল । এই বিলাক অনুসৰণ কৰা
ব্যক্তিৰ বাবে বিভিন্ন প্ৰকাৰৰ সুফল বা সুখ-সুবিধা লাভৰ নিশ্চয়তা দিয়া হৈছিল ।
নীতি-নিয়ম ,
উত্তৰাধিকাৰ, গুৰু-শিষ্য
পৰম্পৰা ইত্যাদিৰ জৰিয়তে এই বিলাক চিন্তা-চৰ্চা এক পুৰুষৰ পৰা পৰৱৰ্ত্তী পুৰুষলৈ চলাৰ
ব্যৱস্থা কৰা হৈছিল । এই প্ৰক্ৰিয়াতো যুগৰ পৰিবৰ্ত্তনৰ সৈতে খাপ খুৱাবৰ বাবে অনেক কথাৰ
যোগ বিয়োগ কৰা হৈছিল । সামাজিক আৰু ধৰ্মীয় ক্ষেত্ৰত এনে পৰিবৰ্ত্তনসমূহ চলাৰ
সমান্তৰাল ভাৱে সমাজত মহিলাৰ স্থান ক্ৰমান্বয়ে নিম্ন স্তৰলৈ আহি আছিল । অৱশ্যে
বিভিন্ন পণ্ডিত ব্যক্তিৰ মতে মহাকাব্য যুগ অৰ্থাৎ
ৰামায়ণ আৰু মহাভাৰতৰ যুগত পৰিয়ালৰ ভিতৰত মহিলাৰ স্থান উন্নত আছিল । দুয়োখন
মহাকাব্যতে মহিলা ধৰ্ম , অৰ্থ আৰু কাম- এই ত্ৰিবৰ্গ প্ৰাপ্তিৰ
মূল বুলি কোৱা হৈছে । মহাকাব্যত কৈকেয়ী , সীতা ,সাবিত্ৰী , কুন্তী ,দ্ৰৌপদী
আৰু অন্য অনেক মহিলাৰ সাহস , মানসিক দৃঢ়তা আৰু মহানুভৱতাৰ কথা
সুন্দৰ ভাৱে উপস্থাপন কৰা হৈছে । অৱশ্যে ৰামায়ণত নাৰীৰ পতি-ভক্তিৰ ওপৰত অধিক
গুৰুত্ব আৰোপ কৰি পত্নীতকৈ পতিৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদন কৰা হৈছে । তদুপৰি মহিলাৰ
বাবে একাধিক পতি ৰখা নিষেধ কৰি পুৰুষক যিমান ইচ্ছা সিমান সংখ্যক পত্নী ৰখাৰ অনুমতি
প্ৰদান কৰা হৈছে। ইয়াৰ পৰাই বৈদিক যুগৰ
তুলনাত মহাকাব্যৰ যুগত মহিলাৰ স্থান নিম্নগামী হৈছিল বুলি বুজিব পাৰি । (আগলৈ)
No comments:
Post a Comment