Monday, 29 May 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-178 হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৭৮)

 

In the Vedic Scriptures it is said  that just  prior to the commencement of  creation Lord Brahma was  created and the Vedas were conveyed to him by the God Almighty. The knowledge thus conveyed by the God Almighty to Lord Brahma through the Vedas is said to be the original source of all kinds of knowledge. According to  the scriptures  knowledge  not mentioned in the Vedas does not exists in the creation of God. It is also stated there that the spiritual knowledge or the science of knowing God Almighty is the most superior knowledge among all kinds of knowledge revealed to Lord Brahma by the God Almighty. Justifying this point it is stated that God is all inclusive, that is, everything already created and to be created in the creation in future are included in the God Almighty . To make this point clear to common ignorant people like us  Bhagavata says that varieties  of ornaments are made from gold . The size, shape and design of the ornaments differ but the  gold is one and same for all ornaments. That is,  all varieties of ornaments are included in gold or we can say that no golden ornament can remain outside gold . So , if Gold is known then its various size , shape etc in the  name and form of different ornaments can be automatically known . Similarly, nothing in the creation remains outside God. So, knowing God means gaining knowledge of everything of the created world. Now, all  people cannot understand such higher philosophical knowledge at the initial stage . Hence it becomes necessary to bring the  higher philosophical  knowledge to them  in gradual steps of  primary , secondary and higher level of instructions   as like as the education imparted in the prevailing  education system of the present time .  So, it can be said that, though the teachings of  different Gurus differ due to difference in the necessities of  different classes of people, all Gurus  transfer the knowledge originated from the God Almighty through the Vedas to elevate them  to the highest level of  knowledge in step by step manner  .Analyzing the things as above Guru Harideva advises his disciples and followers to show equal respect to  Gurus or teachers of  all branches of knowledge. ( to be continued )

বৈদিক শাস্ত্ৰত কোৱা হৈছে যে সৃষ্টিৰ পূৰ্বাৱস্থাত পৰমেশ্বৰে প্ৰথমতে ব্ৰহ্মাক সৃষ্টি কৰি বেদ প্ৰদান কৰিছিল। বেদৰ মাধ্যমত পৰমেশ্বৰে ব্ৰহ্মাক যি জ্ঞান প্ৰদান কৰিছিল তাৰ পৰাই সৃষ্টিত সকলো প্ৰকাৰৰ জ্ঞানৰ প্ৰবাহ আৰম্ভ হৈছে। গতিকে  যি জ্ঞানৰ বিষয়ে বেদত উল্লেখ নাই তেনে একো জ্ঞানৰ অস্তিত্ব পৰমেশ্বৰৰ সৃষ্টিতো নাই । শাস্ত্ৰত ইয়াকো কোৱা হৈছে যে পৰমেশ্বৰে ব্ৰহ্মাক প্ৰদান কৰা সকলো প্ৰকাৰৰ জ্ঞানৰ ভিতৰত পাৰমাৰ্থিক জ্ঞান বা পৰমেশ্বৰক জানিব পৰা বিজ্ঞান সৰ্বোত্তম । এই কথাৰ যুক্তি দি কোৱা হৈছে যে সৃষ্টিৰ সমস্তই পৰমেশ্বৰত অন্তৰ্ভুক্ত হৈ আছে ।অৰ্থা জগতত এতিয়ালৈকে যি সৃষ্টি হৈছে আৰু ভৱিষ্যতে যি সৃষ্টি হব সেই সকলোখিনি পৰমেশ্বৰত অন্তৰ্ভুক্ত । এই কথা আমাৰ দৰে সাধাৰণ জ্ঞান-বুদ্ধি সম্পন্ন লোকক বুজাই দিয়াৰ অৰ্থে ভাগৱতে কৈছে যে সোণৰ পৰা বিভিন্ন প্ৰকাৰৰ অলংকাৰ তৈয়াৰ কৰা হয় । প্ৰতিবিধ অলংকাৰৰ আকাৰ ,আকৃতি আৰু কাৰুকাৰ্য বেলেগ বেলেগ হলেও সোণ এক । অৰ্থা সোণৰ দ্বাৰা নিৰ্মিত সকলো প্ৰকাৰৰ অলংকাৰ সোণত অন্তৰ্ভুক্ত হৈ থাকে অথবা কব পাৰি যে সোণৰ দ্বাৰা প্ৰস্তুত কৰা একো অলংকাৰ সোণৰ পৰা নিলগত বা বাহিৰত পৃথক ভাৱে নাথাকে   সেয়েহে সোণক জানিলেই ভিন্ন ভিন্ন নাম আৰু ৰূপৰ দ্বাৰা পৰিচিত সকলো প্ৰকাৰৰ স্বৰ্ণালংকাৰক জনা হয়। একেদৰে সৃষ্টিৰ একোৱে পৰমেশ্বৰৰ বাহিৰত পৃথকভাৱে নাথাকে কাৰণে পৰমেশ্বৰক জানিলে  সৃষ্ট জগতৰ সমস্তৰে জ্ঞান লাভ হয় ।কিন্তু সকলো মানুহে পাৰমাৰ্থিক শিক্ষাৰ আৰম্ভণি স্তৰত এন উচ্চ পৰ্যায়ৰ দাৰ্শনিক তত্ব বুজি পোৱা সম্ভৱ নহয় ।তেনে লোকক দাৰ্শনিক চিন্তামূলক পাৰমাৰ্থিক তত্ব জ্ঞান বুজাৰ বাবে উপযোগী কৰি তোলাৰ বাবে বৰ্ত্তমান কালত প্ৰচলিত শিক্ষা ব্যৱস্থাৰ দৰে পৰ্যায়ক্ৰমে প্ৰাথমিক ,মাধ্যমিক আৰু উচ্চ পৰ্যায়ৰ পাৰমাৰ্থিক শিক্ষা দিয়াৰ প্ৰয়োজন হয় । সেয়েহে শিষ্যৰ প্ৰয়োজনীয়তাৰ পাৰ্থক্য অনুসৰি ভিন্ন ভিন্ন গুৰুৱে প্ৰদান কৰা শিক্ষা পৃথক পৃথক যেন লাগিলেও সকলো গুৰুৱে মূলতঃ বেদৰ মাধ্যমত পৰমেশ্বৰে প্ৰদান কৰা জ্ঞানকে নিজৰ নিজৰ শিষ্যলৈ প্ৰবাহিত কৰি তেওঁলোকক পৰম তত্বজ্ঞান বুজি পোৱাৰ বাবে উপযুক্ত কৰি তোলাৰ প্ৰচেষ্টা কৰে। কথাবিলাক ওপৰোক্ত দৃষ্টিৰে বিচাৰ কৰি হৰিদেৱ গুৰুজনাই সকলো শিক্ষক বা গুৰুৰ প্ৰতি সমান শ্ৰদ্ধা-ভক্তি নিবেদন কৰাৰ বাবে নিজৰ শিষ্য-প্ৰশিষ্য আৰু অনুগামীসকলক উপদেশ দিছে ।(আগলৈ)   

Monday, 22 May 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-177 হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৭৭)

 

Guru Harideva says that the soul inside our body and the God Almighty is one and the same. Similar is the unity between Guru and God Almighty.  A disciple should sincerely try to understand this fact. We know that  scientific discoveries are made by sincere and hard working research activities of the scientists. Discovery means finding out something which exists already  but  the same is not known to us , that is , the human society . There are so many things in this world. Everything of them is not known to us. When somebody discovers their existence and let us know then only we can know them or we can gain knowledge about them. This is true in case of all varieties of knowledge concerning all material subjects , objects and happenings . But there is vast  difference between  material knowledge mentioned above and spiritual knowledge.  It is said that for revelation of spiritual knowledge or the science of knowing God the most eligible divinity or incarnations of God called Lord Brahma was created first by the God Almighty  prior to commencement of  the creation. Then  the supreme scientific spiritual knowledge was initially revealed to him . Then the supreme science was received by human beings through the process of succession from Guru to disciples. For example,  the supreme spiritual science narrated in Bhagavata was revealed by God Almighty to Lord Brahma . Lord Brahma narrated it to sage Narada . Narada narrated it to sage Vyasadeva. Vyasadeva revealed this knowledge to Sukadeva. Finally Sukadeva  revealed that knowledge to General public and the flow of that knowledge is still being continued through Guru disciple tradition.  If we think from this point of view, then we can say that the original and  ultimate   Guru of this world is only one for all time. The logic behind this statement is that the Guru comes in order of successions originated from God Almighty. For example , God Almighty was Guru of Lord Brahma and what was taught by God Almighty to Lord Brahma is still  being taught by the Gurus of today . Similarly,  God Almighty in the name and form of Lord Krishna was Guru of Arjuna and what was taught by Lord Krishna to Arjuna thousands of year ago is still being taught by the Gurus of present time  and the same  tradition will continue in future  .  ( to be continued )

হৰিদেৱ গুৰুজনাই কৈছে যে আমাৰ শৰীৰত থকা আত্মা আৰু পৰমেশ্বৰ এক । গুৰু আৰু পৰমেশ্বৰৰ মাজৰ একত্বও এনে প্ৰকাৰৰ । এই তত্ব স্পষ্টভাৱে হৃদয়ঙ্গম কৰাৰ বাবে একান্ত প্ৰচেষ্টা কৰাটো শিষ্যৰ কৰ্ত্তব্য ।আমি জানো যে বিজ্ঞানী সকলে কৰা গভীৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ ফলত বৈজ্ঞানিক আৱিষ্কাৰ  সম্ভৱ হৈ উঠে । আৱিষ্কাৰ কৰাৰ অৰ্থ হৈছে পূৰ্বৰে পৰা থকা কিন্তু আছে বুলি আমি অৰ্থাৎ মানৱ সমাজে নজনা বস্তু বা তত্ব বিচাৰি উলিওৱা। জগতত অসংখ্য সংখ্যক বস্তু আছে । ইয়াৰে সকলোখিনিৰ কথা আমি নাজানো। যেতিয়া অন্য কোনো ব্যক্তিয়ে আমি নজনা কোনো বস্তু  বিচাৰি উলিওৱাৰ পিছত আমাক জানিবলৈ দিয়ে তেতিয়াহে আমি সেই বস্তুৰ বিষয়ে জানিব পাৰো । ইহ জগতৰ সমস্ত বিষয়-বস্তু আৰু ঘটনা পৰিঘটনাৰ জ্ঞান বা জাগতিক জ্ঞান আহৰণৰ ক্ষেত্ৰত এই কথা সত্য । শাস্ত্ৰত কোৱা হৈছে যে  জাগতিক জ্ঞান আহৰণ আৰু পাৰমাৰ্থিক জ্ঞান লাভৰ প্ৰক্ৰিয়াৰ মাজত বৃহৎ পাৰ্থক্য আছে। কোৱা হৈছে যে পৰমেশ্বৰে প্ৰথমে পাৰমাৰ্থিক জ্ঞান বা পৰমেশ্বৰক জনাৰ বাবে উপযোগী বিজ্ঞান বুজি পোৱাৰ বাবে উপযুক্ত পাত্ৰ হিচাপে নিজৰ  ঐশ্বৰিক শক্তিৰ অৱতাৰ ৰূপী দেৱতা ব্ৰহ্মাৰ সৃষ্টি কৰিছিল । তাৰ পিছত ব্ৰহ্মাৰ  ওচৰত  সেই পৰম তত্বজ্ঞান  ব্যক্ত কৰিছিল । তাৰ পিছত গুৰু-শিষ্য পৰম্পৰা ক্ৰমে এই জ্ঞান মানুহে পাইছে আৰু বৰ্ত্তমান কাললৈকে একে পৰম্পৰা অনুসৰি  এই জ্ঞান প্ৰৱাহ চলি আছে । উদাহৰণ স্বৰূপে ভাগৱতত কোৱা হৈছে যে এই শাস্ত্ৰত বৰ্ণনা কৰা পাৰমাৰ্থিক পৰম তত্বজ্ঞান পৰমেশ্বৰে ব্ৰহ্মাৰ আগত ব্যক্ত কৰিছিল । গুৰু ব্ৰহ্মাৰ পৰা তেওঁৰ শিষ্য  নাৰদ আৰু গুৰু  নাৰদৰ পৰা তেওঁৰ শিষ্য ব্যাসদেৱে এই জ্ঞান পাইছিল  ব্যাসদেৱৰ পৰা শুকদেৱে এই জ্ঞান আহৰণ কৰি জন সমাজত প্ৰচাৰ কৰিছিল আৰু গুৰু শিষ্য পৰম্পৰাক্ৰমে বৰ্ত্তমান কাললৈকে এই জ্ঞানৰ প্ৰবাহ জন সমাজত চলি আছে । এই দৃষ্টিভঙ্গীৰে বিচাৰ কৰি চালে দেখা যায় যে সৰ্বকালৰ বাবে জগতত গুৰু মাত্ৰ এজন । এই কথাৰ যুক্তি হৈছে জগত সৃষ্টিৰ পাতনিৰ পৰা  বৰ্ত্তমানলৈকে একেজন পৰমেশ্বৰে দিয়া পাৰমাৰ্থিক জ্ঞান গুৰু-শিষ্য পৰম্পৰা অনুসৰি চলি আছে । উদাহৰণ স্বৰূপে স্বয়ং পৰমেশ্বৰ  হৈছে  ব্ৰহ্মাৰ গুৰু।  ব্ৰহ্মাক পৰমেশ্বৰে যি জ্ঞান প্ৰদান কৰিছিল বৰ্ত্তমানৰ গুৰুসকলেও সেই একে জ্ঞান নিজৰ শিষ্যক প্ৰদান কৰে । ভগৱান কৃষ্ণৰ ৰূপত আবিৰ্ভুত হৈ পৰমেশ্বৰে অৰ্জুনক যি পাৰমাৰ্থিক তত্বজ্ঞান প্ৰদান কৰিছিল হেজাৰ হেজাৰ পিছতো সেই একে জ্ঞানকে বৰ্ত্তমানৰ গুৰুসকলে নিজৰ শিষ্যক প্ৰদান কৰে আৰু ভৱিষ্যতলৈও একেদৰে চলি থাকিব (আগলৈ)

Monday, 15 May 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-176 হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৭৬)

 

Guru Harideva says that  people become bound to follow certain religious tradition and perform spiritual practice in accordance with their situation of birth. The same are also effected by the educational, cultural, social, geographical background etc. under which people are brought up after birth . Generally as per tradition of birth  people collect information from certain scriptures by way of study ,  hearing,  discussion etc. and accept their Ishta Guru as per instruction and guidance contained in those scriptural information. Then as per instruction and guidance of Ishta Guru they select their Ishta Devata and comes to the shelter or Sharana of that Ishta Devata. Then following certain scriptural rules and regulations they worship their own Ishta Devata with devotion. Under such situations the Ishta Guru , Ishta Devata and procedure of worship may be different for different people .For a disciple there is nothing wrong in worshiping and showing due respect to his own Ishta Devata and Ishta Guru . But he has no right to disrespect and criticize the way of worship , Ishta Guru and Ishta Devata of other people . To make the point simpler we can think like this . In the Vedic  tradition of religious practice  one should accept his  father and mother as Guru of the highest position . Now, one’s  parents may be king-queen , very rich , educated . Also  they may have higher respectable position in the society. On the other hand some of the parents may be very poor, illiterate , backward and placed in the lowest social position . In spite of such vast differences all parents are equal from the point of view of their children. Parents under all situations take care of their children in accordance with their own capacities. All parents put their best efforts to establish their children in the best position in  society. Even the parents do not hesitate to sacrifice their own life for the benefit  of their children. So, irrespective of their knowledge , richness and social positions etc all parents are supposed to be placed at the highest respectable position in the heart of their own children. Children feel pain if their parents are disrespected by other people. In case of Ishta Guru also the matter is same. In the mind of a disciple his own Istha Guru is the best Guru of the world. A disciple feels immense pain if his Ishta Guru is disrespected by others. For that reason in the Vedic Scriptures the disciples are advised  to immediately abandon the place or society where there is possibility of disrespectful criticism of their own Ishta Guru. According to Guru Harideva people who can analyze the things as above can never  be disrespectful to Ishta Guru and Ishta Devata of other people . ( to be contd.)

হৰিদেৱ গুৰুজনাই কৈছে যে মানুহে জন্মগত অধিকাৰ সূত্ৰে কোনো এক বিশেষ ধৰ্ম-পৰম্পৰা অনুসৰি ধৰ্মীয় আচাৰ-আচৰণ , পাৰমাৰ্থিক সাধনা ইত্যাদি কৰিবলৈ বাধ্য হয় । জন্মৰ পিছত ডাঙৰ-দীঘল হৈ থকা সময়ত ক্ৰমান্বয়ে লাভ কৰা শিক্ষা-সংস্কাৰ , সামাজিক তথা ভৌগোলিক পৰিবেশ-পৰিস্থিতি ইত্যাদিৰ প্ৰভাৱো ইয়াৰ ওপৰত পৰে। সাধাৰণতে মানুহে জন্মগত পৰম্পৰা অনুসৰি নিৰ্দিষ্ট  ধৰ্মশাস্ত্ৰ ইত্যাদি শ্ৰৱণ-অধ্যয়ন কৰি তথ্য সংগ্ৰহ কৰে তাৰ পিছত  সেই শাস্ত্ৰীয় নিৰ্দেশ অনুসৰি উপযুক্ত ইষ্ট গুৰু নিৰ্বাচন কৰে তাৰ পিছত সেই ,ইষ্ট গুৰুৰ  উপদেশমতে  নিজৰ ইষ্ট দেৱতা নিৰ্বাচন কৰি সেই ইষ্ট দেৱতাৰ শৰণ গ্ৰহণ কৰে আৰু নিৰ্দিষ্ট শাস্ত্ৰীয় নীতি নিয়ম অনুসৰি  ইষ্ট দেৱতাৰ উপসনা কৰে । এনে পৰিস্থিতিত ভিন্ন ভিন্ন  ব্যক্তিৰ উপাসনা পদ্ধতি , ইষ্ট দেৱতা , ইষ্ট গুৰু ইত্যাদি  ভিন্ন    ভিন্ন  ব পাৰে । এজন শিষ্যই নিজস্ব পদ্ধতি মতে উপসনা কৰাত অথবা নিজৰ ইষ্টগুৰু আৰু ইষ্টদেৱতাক শ্ৰদ্ধা-ভক্তি, উপসনা আদি কৰাত কোনো ভুল নাই কিন্তু নিজৰ ইষ্ট গুৰু আৰু ইষ্টদেৱতাক উচ্চতৰ স্থান দিয়াৰ মনোভাৱ লৈ অন্য ব্যক্তিৰ ইষ্ট গুৰু ,ইষ্ট দেৱতা , উপাসনা পদ্ধতি আদিক নিন্দা বা অৱমাননা কৰাৰ অধিকাৰ কোনো শিষ্যৰে নাই  কথাখিনি সহজ কৰাৰ বাবে আমি এনে ধৰণে চিন্তা কৰি চাব পাৰো । গুৰু হিচাপে পিতৃ-মাতৃৰ স্থান সবাতোকৈ ওপৰত বুলি সকলো বৈদিক ধৰ্মমত আৰু ধৰ্ম শাস্ত্ৰতে কোৱা হৈছে । এতিয়া কথা হৈছে  পিতৃ-মাতৃ ৰজা-ৰাণী অথবা ধনী-মানী-গুণী-জ্ঞানী  তথা সমাজৰ গণ্য মান্য ব্যক্তি হব পাৰে। আনহাতে পিতৃ-মাতৃ একেবাৰে নিম্ন খাপৰ ব্যক্তি হিচাপে পৰিগণিত অত্যন্ত দুখীয়া- নিছলা ,অজ্ঞানী ব্যক্তিও হব পাৰে । কিন্তু ওপৰোক্ত পাৰ্থক্য বিলাক থকা সত্বেও  নিজ  সন্তানৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰি চালে সকলো পিতৃ-মাতৃ সমান । সকলো অৱস্থাৰ অন্তৰ্গত পিতৃ-মাতৃয়ে  নিজ নিজ ক্ষমতা অনুযায়ী যথা-সৰ্বস্ব ত্যাগ কৰি সন্তান জন্ম দিয়ে ,  লালন-পালন কৰে আৰু শিক্ষা-দীক্ষা দি আদৰ্শ মানৱ হিচাপে সমাজত প্ৰতিষ্ঠিত কৰাৰ চেষ্টা কৰে । আনকি সন্তানৰ মঙ্গলৰ বাবে পিতৃ-মাতৃয়ে নিজৰ জীৱন পৰ্যন্ত আহুতি দিব পাৰে । সেই কাৰণে পিতৃ-মাতৃৰ জ্ঞান , ঐশ্বৰ্য-সম্পদ , সামাজিক পদমৰ্যাদা ইত্যাদি  উচ্চ বা নিম্ন যিয়েই নহওক কিয়  সন্তানে নিজৰ হৃদয়ত  পিতৃ-মাতৃক  সৰ্বোচ্চ স্থানত ৰাখে । পিতৃ-মাতৃক  আনে নিন্দা বা অৱমাননা কৰিলে সন্তানে বৰ মনোকষ্ট পায় ।  ইষ্টগুৰুৰ বেলিকাও কথাবিলাক একে ধৰণৰ । শিষ্যৰ মনত নিজ ইষ্ট গুৰু জগতৰ সৰ্বশ্ৰেষ্ঠ গুৰু । আনৰ মুখত নিজ ইষ্টগুৰুৰ নিন্দা শুনিলে বা আনে ইষ্ট গুৰুক অৱমাননা কৰা দেখিলে শিষ্যই মনোকষ্ট পায়  সেই কাৰণে শাস্ত্ৰত নিজ ইষ্টগুৰুৰ নিন্দা-অৱমাননা হোৱাৰ সম্ভাৱনা থকা  স্থান বা সমাজৰ পৰা আঁতৰি থাকিবলৈ শিষ্যক উপদেশ দিয়া হৈছে । হৰিদেৱ গুৰুজনাই কৈছে যে যিসকল লোকে কথাবিলাক ওপৰোক্ত ধৰণে বিচাৰ কৰি চাব পাৰে তেওঁলোকে কেতিয়াও আৰু কোনো পৰিস্থিতিতে  আনৰ ইষ্টদেৱতা আৰু ইষ্টগুৰুক নিন্দা - অৱমাননা নকৰে । (আগলৈ)

Monday, 8 May 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-175 হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৭৫)

 

In the preceding post we have tried to get some preliminary ideas about Ishta Davata, that is, one’s most beloved God. Now we will try to have some ideas about Ishta Guru. As like as Ishta Devata , Ishta Guru is the spiritual master on whom a disciple has highest respect and faith . In the scriptures  it is said that to suit the needs of various categories of people in accordance with their experiences of the earlier lives and capacity of mind ,intelligence , social  status , geographical condition of living and some other factors pertaining to the present life, several ways of spiritual practices are recommended in the Vedas and Vedic Scriptures. According to the scriptures  people may perform spiritual practice following any of those ways and attain spiritual perfection sooner or later. Now, there is specific Ishta Devata for each  way of Spiritual practice . Also , there is specific spiritual master or Guru for each way of spiritual practice . At the beginning of spiritual practice it is essential for a disciple to select a person competent to guide him in his endeavor and accept that person as his own Ishta Guru. Then he has to accept his Ishta Devata as suggested by his Guru and come to the shelter or Sharana of that particular Ishta Devata. In this context, Guru Harideva selected  Lord Krishna as Ishta Devata for his Disciples . According to Guru Harideva  the Ishta Guru of his disciples should be ardent devotee of Lord Krishna and  should be thoroughly conversant with full knowledge and instructions contained in Bhagavata. Moreover, a  disciple should  consider his Ishta Guru as equivalent  to his Ishta Devata. He should be equally respectful and devoted  to his Ishta Guru and Ishta Devata.  Now, what should be the  stand of such a disciple towards Ishta Gurus of the other different ways of spiritual practices which are  recommended in the Vedas and Vedic scriptures ?  Answering this question Guru Harideva says  that a spiritual practitioner should be equally respectful to  his own Ishta Guru as well as Ishta Gurus  of all  other ways of spiritual practices . He should consider his own Ishta Guru as incarnation of his own Ishta Devata. At the same time he should consider the Ista Gurus of other people as incarnation of his own Ishta Devata in other different names and forms. (to be continued)

ইয়াৰ আগৰ লিখনিটোত ইষ্ট দেৱতা অৰ্থাৎ এজন ভক্তৰ সবাতোকৈ প্ৰিয় দেৱতাৰ বিষয়ে সাধাৰণ ধাৰণা লোৱাৰ চেষ্টা কৰা হৈছে । এতিয়া ইষ্ট গুৰু সম্পৰ্কে কিছু ধাৰণা লোৱাৰ প্ৰয়াস কৰা হৈছে । ইষ্ট দেৱতাৰ নিচিনাকৈ  ইষ্ট গুৰু হৈছে সেই পাৰমাৰ্থিক শিক্ষক বা গুৰু যাক   পাৰমাৰ্থিক পথৰ শিক্ষাৰ্থীয়ে  সৰ্বাধিক  শ্ৰদ্ধা আৰু বিশ্বাস কৰে । এই প্ৰসঙ্গত আগৰ কিছুমান লিখনিত কৈ অহা হৈছে  যে মানুহৰ জন্মগত সংস্কাৰ , মন বুদ্ধিৰ ক্ষমতা, সামাজিক স্থিতি , বাসস্থানৰ ভৌগোলিক স্থিতি আৰু অন্যান্য অনেক পাৰ্থক্যৰ প্ৰতি লক্ষ্য কৰি বেদ আৰু বৈদিক শাস্ত্ৰত অনেক প্ৰকাৰৰ পাৰমাৰ্থিক সাধনাৰ উপদেশ দিয়া হৈছে । ইয়াৰে যিকোনো প্ৰকাৰৰ সাধনাৰ দ্বাৰা  অতি সোনকালে অথবা পলমকৈ হলেও মানুহে পাৰমাৰ্থিক পূৰ্ণতা বা সিদ্ধি লাভ কৰিব পাৰে । প্ৰত্যেক প্ৰকাৰৰ সাধনাৰ ক্ষেত্ৰতে নিৰ্দিষ্ট বিশেষ ইষ্ট দেৱতা আছে । একেদৰে প্ৰত্যেক প্ৰকাৰৰ সাধনাৰ শিক্ষা দিয়াৰ বাবে বিশেষ জ্ঞান সম্পন্ন পাৰমাৰ্থিক শিক্ষক বা গুৰুও আছে । এই ক্ষেত্ৰত পাৰমাৰ্থিক শিক্ষাৰ বাবে আগ্ৰহী ব্যক্তিৰ দায়িত্ব হৈছে  উপযুক্ত গুৰু বাছনি কৰি তেনে গুৰুক নিজৰ ইষ্টগুৰু ৰূপে বৰণ কৰা । তাৰ পিছত সেই ইষ্টগুৰুৰ উপদেশ মতে নিজৰ ইষ্টদেৱতা নিৰ্বাচন কৰা আৰু সেই ইষ্টদেৱতাৰ শৰণ গ্ৰহণ কৰা । এতিয়া কথা হৈছে  হৰিদেৱ গুৰুজনাই ভগৱান কৃষ্ণক নিজৰ ইষ্ট দেৱতাৰূপে গ্ৰহণ কৰাৰ বাবে শিষ্যসকলক উপদেশ দিছে । লগতে কৈছে যে ইষ্ট গুৰু একান্ত কৃষ্ণভক্ত হব লাগে আৰু  ভাগৱত শাস্ত্ৰই দিয়া জ্ঞান আৰু উপদেশ সম্পৰ্কত বিতং জ্ঞান গুৰুৰ থাকিব লাগে   শিষ্যই নিজ ইষ্টগুৰুক নিজ ইষ্টদেৱতাৰ মূৰ্ত্তিমান অৱতাৰ হিচাপে জ্ঞান কৰি শ্ৰদ্ধা-ভক্তি  আৰু সন্মান প্ৰদৰ্শন কৰিব লাগে । তেনে স্থলত বেদ আৰু  অন্যান্য বৈদিক শাস্ত্ৰত উল্লেখ থকা পাৰমাৰ্থিক সাধনাৰ ভিন্ন ভিন্ন পথৰ ভিন্ন ভিন্ন ইষ্ট গুৰুৰ প্ৰতি  সেই সকল শিষ্য়ৰ মনোভাৱ কেনে হোৱা উচিত ?  আমাৰ মনত উদয় হব পৰা এনে প্ৰশ্নৰ উত্তৰ দি হৰিদেৱ গুৰুজনাই কৈছে যে শিষ্যই সকলো মত আৰু পথৰ পাৰমাৰ্থিক সাধকৰ ইষ্টগুৰুক নিজ ইষ্ট গুৰুৰ সমানে  শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰা উচিত ।  নিজৰ ইষ্টগুৰুক নিজ ইষ্টদেৱতাৰ মূৰ্ত্তিমান ৰূপ হিচাপে গণ্য কৰা আৰু অন্য লোকৰ ইষ্টগুৰুক  নিজ ইষ্ট দেৱতাৰে ভিন্ন ভিন্ন নাম আৰু ৰূপ হিচাপে গণ্য কৰি শ্ৰদ্ধা- সন্মান প্ৰদৰ্শন কৰাটো মত আৰু পথ নিৰ্বিশেষে প্ৰতিজন শিষ্যৰ কৰ্ত্তব্য । (আগলৈ)

Monday, 1 May 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-174 হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৭৪)

 

In some of our earlier posts we discussed about Ishta Devata , that is , the name and form incarnation  of the divine power upon which a devotee has highest respect and faith  . From the descriptions contained in the Vedic Scriptures we know that different people worship different Gods and Goddesses as their Ishta Devata . In practicality  we see that Lord Vishnu is the Ishta Devata of one Group people . Similarly Lord Siva , Lord Ganesha , Goddess Durga  and some other Gods and Goddesses are Ishta devatas of different groups of people . For each group of people their own Ishta Devata is the best from all angles . In the mind of devotees there cannot be any divinity higher than their own Ishta  Devata. That is ,for each group of devotees their own Ishta Devata is omnipotent , omnipresent and omniscient. If we see from this angle then there is no difference other than name and form among the Ishta Devatas of different groups of people as mentioned  above.  Now, the religious  teachings of Guru Harideva are based on the knowledge and instructions contained in Bhagavata . So naturally, Lord Krishna is the Ishta Devata of Guru Harideva and his followers. Lord Krisna is the deity of worship in his Satra Institution . Then what is the status of the Gods and Goddesses other than Lord Krishna ? Answering this question Guru Harideva says that Lord Krishna is the only God Almighty of the entire creation and beyond that.  Gods and Goddesses other than Lord Krishna are included in Lord Krishna just like various different limbs of a single human body. So, it is not at all possible to worship  Gods and Goddesses other than Lord Krishna or separated from Lord Krishna. Due to differences in mind , intelligence and some other factors different people have different choices and so they worship Lord Krishna through  various different names and forms considering them as their Ishta Devata. Analyzing the things as above, Guru Harideva suggests  his followers to accept  Lord Krishna as their own Ishta Devata and to be respectful to the Ishta Devatas of other people.  ( to be continued)

আগৰ কেইটামান লিখনিত ইষ্ট দেৱতাৰ বিষয়ে  কিছু কথা কোৱা হৈছে । ইষ্ট দেৱতা হৈছে ঐশ্বৰিক শক্তিৰ সেই বিশেষ নাম আৰু মূৰ্ত্তিমান ৰূপ যাক ভক্তই  সবাতোকৈ অধিক শ্ৰদ্ধা আৰু বিশ্বাস কৰে  ।শাস্ত্ৰৰ বৰ্ণনাৰ পৰা আমি জানিব পাৰো যে ভিন্ন ভিন্ন লোকে ভিন্ন ভিন্ন দেৱী দেৱতাক ইষ্ট দেৱতা ৰূপে গ্ৰহণ কৰি উপাসনা কৰে । ব্যৱহাৰিক ভাৱে আমি দেখা পাওঁ যে ভগৱান বিষ্ণু একাংশ লোকৰ ইষ্ট দেৱতা । একেদৰে ভগৱান শিৱ , গণেশ , দেৱী দূৰ্গা আৰু অন্যন্য দেৱী দেৱতা ভিন্ন ভিন্ন লোকসমষ্টিৰ ইষ্ট দেৱতা । প্ৰত্যেক লোক সমষ্টিৰ মনত তেওঁলোকৰ নিজৰ ইষ্ট দেৱতা সকলো দিশৰ পৰা সৰ্বোত্তম । ভক্তৰ মনত নিজৰ ইষ্ট দেৱতা অন্য সকলো  দেৱী দেৱতাতকৈ শ্ৰেষ্ঠ । অৰ্থা প্ৰত্যেক দেৱতাৰ উপাসকৰ মনত নিজৰ ইষ্ট দেৱতা  সৰ্বজ্ঞ , সৰ্বশক্তিমান আৰু সৰ্বব্যাপ্ত । এইফালৰ পৰা বিচাৰ কৰিলে দেখা যায় যে ওপৰত উল্লেখ কৰা  ভিন্ন ভিন্ন লোকৰ ভিন্ন ভিন্ন ইষ্ট দেৱতাৰ মাজত কেৱল মাত্ৰ নাম আৰু ৰূপৰ পাৰ্থক্য আছে। তাত বাদে অন্য কোনো প্ৰভেদ নাই । এতিয়া কথা হৈছে হৰিদেৱ গুৰুজনাই ভাগৱত শাস্ত্ৰৰ জ্ঞান আৰু নিৰ্দেশৰ আধাৰত পাৰমাৰ্থিক শিক্ষা প্ৰদান কৰিছে । গতিকে স্বাভাৱিকতে ভগৱান কৃষ্ণ গুৰুজনা আৰু তেওঁৰ অনুগামী সকলৰ ইষ্ট দেৱতা   গুৰুজনাৰ দ্বাৰা প্ৰতিষ্ঠিত সত্ৰানুষ্ঠানৰ একমাত্ৰ উপাস্য বিগ্ৰহো ভগৱান কৃষ্ণ । তেন্তে কৃষ্ণ ভিন্ন অন্য দেৱী-দেৱতাৰ স্থান কি ? এই প্ৰশ্নৰ উত্তৰত হৰিদেৱ গুৰুজনাই কৈছে যে সৃষ্টিৰ  ভিতৰত আৰু সৃষ্টিৰ উৰ্দ্ধত ভগৱান কৃষ্ণ এক আৰু অদ্বিতীয় পৰমেশ্বৰ । যিদৰে আমাৰ শৰীৰৰ ভিন্ন ভিন্ন অঙ্গ-প্ৰত্যঙ্গ একেটা মানৱ শৰীৰৰ  অন্তৰ্ভুক্ত সেইদৰে ভিন্ন ভিন্ন দেৱী-দেৱতা এক কৃষ্ণৰ অন্তৰ্ভুক্ত । সেই কাৰণে কৃষ্ণ ভিন্ন অন্য দেৱী-দেৱতাৰ পৃথক অস্তিত্ব নাই বা কৃষ্ণৰ পৰা পৃথক অন্য কোনো দেৱী-দেৱতাৰ  উপাসনা কৰা সম্ভৱ নহয় ।  মন , বুদ্ধি আৰু অন্যান্য ক্ষেত্ৰত পাৰ্থক্য থকা হেতুকে  ভিন্ন ভিন্ন মানুহৰ বিচাৰ আৰু অভিৰুচি পৃথক পৃথক ।  সেই পাৰ্থক্যৰ কাৰণে ভিন্ন ভিন্ন লোকে এক কৃষ্ণকে ভিন্ন ভিন্ন নাম আৰু ৰূপ দি নিজৰ ইষ্টদেৱতা হিচাপে গ্ৰহণ কৰে । কথাবিলাক ওপৰোক্ত ধৰণে বিচাৰ কৰি ভগৱান কৃষ্ণক নিজৰ ইষ্ট দেৱতা হিচাপে গ্ৰহণ কৰিবলৈ আৰু অন্য লোকৰ ইষ্ট দেৱতাৰ প্ৰতি যথোচিত সন্মান প্ৰদৰ্শন কৰিবলৈ হৰিদেৱ গুৰুজনাই উপদেশ দিছে । (আগলৈ)