If we cultivate paddy we get crops of paddy .If we cultivate
peas we get crops of peas . We can
preserve those crops for sometimes. Then by way of consumption as food or by
other ways those crops get destroyed. The output of our cultivation work in the
form of crops can be seen and enjoyed by us . Also we can witness the
destruction of those fruits of our works . On the other hand we perform various types of
sacrifices and other Vedic rituals for
attainment of happiness and comfort of this world in current
life and also in the heavenly abodes after death . Those activities are also as
like as activities performed by us for production of crops by cultivation. Those
activities also produce fruits. But we cannot see them, enjoy them and witness
their end directly as like as the crops produced by
cultivation, While performing these
types of fruitive activities we may feel that the fruits of those activities
are permanent. We may feel that the comforts of heavenly abodes are
eternal. From Bhgavata and other Vedic
scriptures we can know that the unseen fruits of those works also get destroyed
in due course of time by way of enjoyment or by other ways. Moreover, Bhagavata
tells that a father witnesses the birth of his son and a son witnesses
the death of his father . From such observations a human being should learn
that everything in this creation including his own body is temporary .They have
beginning and end. In this creation nothing is eternal . After realization of
those facts from Vedic Scriptures one
should show interest in searching eternal object. For this purpose he should
approach a spiritual master or Guru and become his disciple . To guide common
ignorant people in this direction Guru Harideva made arrangement for daily
recitation and explanation of Bhagavata in his Satra Institution . To facilitate common householders to attend
this function as par their own convenience Bhagavta was recited and explained
three times daily and all classes of common people including women were
encouraged to come to the Satra to attend this function. (to be continued )
ধানৰ খেতি কৰিলে ফল হিচাপে ধান শস্য পোৱা যায় । বুটমাহৰ খেতি কৰিলে তাৰ ফল
হিচাপে বুটমাহ পোৱা যায় ।এনেদৰে
খেতি
কৰি পোৱা শস্য
কিছুদিনৰ বাবে ভালে থাকে
। খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ ফলত বা অন্যান্য কাৰণত এই শস্য এটা সময়ত নাইকিয়া হৈ যায় । খেতি কৰাৰ ফল হিচাপে উৎপন্ন হোৱা শস্য আমি দেখা পাওঁ , উপভোগ কৰিব পাৰো আৰু ইয়াৰ ধ্বংসও প্ৰত্যক্ষ কৰিব পাৰো । আনহাতে জীৱিত কালত ইহলোকৰ সুখ-সমৃদ্ধি উপভোগ
আৰু মৃত্যুৰ পিছত দেৱলোকৰ সুখ-সমৃদ্ধি উপভোগ কৰা আশাত আমি যাগ-যজ্ঞ ,পূজা-পাতল
আদি কৰো । এই বিলাক কৰ্মও শস্য উৎপাদনৰ আশা লৈ কৰা কৃষি কৰ্মৰ
সৈতে একে । এনে কৰ্মৰ
পৰাও উপযুক্ত ফল উৎপন্ন হয় ।কিন্তু এই ফল কৃষি
কৰ্মৰ পৰা উৎপাদিত ফলৰ দৰে চকুৰে দেখা নাযায় , ইয়াক প্ৰত্যক্ষভাৱে উপভোগ কৰিব
নোৱাৰি আৰু এনে কৰ্মৰ ফল কিদৰে সমাপ্ত হয়
তাক আমি বুজিব নোৱাৰো । অপ্ৰ্ত্যক্ষ ফল উৎপাদনকাৰী যাগ-যজ্ঞাদি কৰ্ম কৰাৰ সময়ত আমি ভাৱি লওঁ যে এইবিলাক কৰ্মৰ ফল
চিৰস্থায়ী ।ইয়াৰ ফলত অৰ্জন কৰা স্বৰ্গলোকৰ সুখ-সমৃদ্ধি কোনোকালে অন্ত নহয় ।কিন্তু ভাগৱত
আদি বৈদিক শাস্ত্ৰ অধ্যয়ন কৰিলে জানিব পাৰি যে কৃষিকৰ্মৰ দ্বাৰা উৎপাদন কৰা
প্ৰত্যক্ষ ফলৰ দৰেই যাগ-যজ্ঞাদি কৰ্মৰ পৰাও অপ্ৰত্যক্ষ ফল পোৱা যায় , সেই
ফল আমি উপভোগ কৰো আৰু এটা সময়ত উপভোগ কৰি
শেষ কৰাৰ ফলত বা অন্যান্য ধৰণে এই ফল ধ্বংস হয় । তদুপৰি ভাগৱতত কোৱা হৈছে যে এজন
পিতৃয়ে তেওঁৰ পুত্ৰৰ জন্ম প্ৰত্যক্ষ কৰে আৰু এজন পুত্ৰই তেওঁৰ পিতৃৰ মৃত্যু হোৱা
দেখা পায়।এই দৃশ্য দেখাৰ পিছত মানুহে উপলব্ধি কৰা উচিত যে নিজৰ শৰীৰকে ধৰি সৃষ্টিৰ
সমস্ত বস্তু অস্থায়ী ।সকলোৰে আৰম্ভণি আৰু সমাপ্তি আছে । জগতৰ একো বস্তু চিৰস্থায়ী
নহয় । এই কথা হৃদয়ঙ্গম কৰাৰ পিছত
মানুহ চিৰস্থায়ী বস্তু লাভ কৰাৰ বাবে আগ্ৰহান্বিত হোৱা
উচিত । সেই চিৰন্তন বস্তুৰ অনুসন্ধান কাৰ্যত সহায় কৰাৰ বাবে তেওঁ এজন
পাৰমাৰ্থিক গুৰুৰ ওচৰ চাপি সেই গুৰু শিষ্যত্ব গ্ৰহণ কৰা উচিত । সাধাৰণ অজ্ঞানী
লোকক জ্ঞান দান কৰি এই
পথেৰে আগবঢ়াই নিয়াৰ উদ্দেশ্যে হৰিদেৱ গুৰুজনাই প্ৰতিদিনে নিজৰ সত্ৰত ভাগৱত পাঠ আৰু
ব্যাখ্যা কৰাৰ ব্যৱস্থা কৰিছিল। কৰ্মব্যস্ত সাধাৰণ গৃহস্থ লোকে যাতে নিজৰ সুযোগ-সুবিধা অনুসৰি এই অনুষ্ঠানত যোগদান
কৰিব পাৰে তাৰ বাবে নিতৌ তিনিবাৰকৈ সত্ৰত এই অনুষ্ঠান পতা হৈছিল আৰু সকলো শ্ৰেণীৰ
পুৰুষ-মহিলাকে এই অনুষ্ঠানত যোগদান কৰাৰ বাবে উৎসাহিত কৰা হৈছিল ।
(আগলৈ)
No comments:
Post a Comment