Monday, 13 March 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-167 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৬৭)

 

In the Vedic Scriptures it is said that the king of the country is responsible for the activities  of his subjects. The king has to suffer for their wrong and sinful actions . A husband is supposed to be purified for the sins committed by his wedded wife. In the same manner the sins committed by the disciples will have to be borne by the spiritual master. Considering this fact a Guru is suggested to be careful  in  selecting his disciple. As per scriptural injunction an unqualified person should never be accepted as disciple by a Guru. In Bhagavata and other Vedic Scriptures the appropriate qualities for disciple have been elaborately discussed . Based on those scriptural descriptions Guru Harideva also listed the deserving qualities of a disciple.  According to that a disciple should be free from proudness, laziness , enviousness, lust , anger , arrogance and other similar negative qualities . Surrendered to the Guru with mind , body and words , respectful to wife , son , other relatives of the Guru  and other elders and respectable persons in the society , good family background , ability to control senses, truthfulness , youthfulness , compassionateness etc are said to be some of the positive qualities   which make one eligible to be a disciple .  Now, naturally  people from general householder class cannot  have all eligibilities mentioned above. So, most of the common people cannot be directly accepted as disciple immediately on their approach. For that reason the scriptures suggest to keep a person in the hermitage of the Guru for one to four years depending upon his family background and understanding capacity. During that period the Guru has to  train them to make them eligible to be a disciple. But this arrangement cannot be practicable for large number of aspirants .  No Guru can keep thousands of people in his hermitage and arrange training for them. Also, it is not possible for a common householder  to stay in Guru’s hermitage for years together leaving aside his familial duties and responsibilities. Guru Harideva  practically  applied his vast knowledge and experiences and solved this problem by establishment of Satra Institutions. ( to be continued )

বৈদিক শাস্ত্ৰত কোৱা হৈছে যে প্ৰজাই কৰা কামৰ দায়-দায়িত্ব দেশৰ ৰজাৰ ওপৰত পৰে। প্ৰজাৰ ভুল কামৰ বাবে ৰজাই শাস্তি পাব লাগে ।বিবাহিতা স্ত্ৰীয়ে কৰা পাপ কামৰ বাবে পতিয়ে প্ৰায়শ্চিত্ত কৰিব লগীয়া হয়। একেদৰে শিষ্যই কৰা পাপ কৰ্মৰ বাবে  গুৰুৱে পাপৰ ভাৰ  বহন কৰিব লাগে । এই কথা বিবেচনা কৰি শাস্ত্ৰত  উপদেশ দি কোৱা হৈছে শিষ্য নিৰ্বাচনৰ বেলিকা গুৰু অতিশয় সতৰ্ক হোৱা উচিতশাস্ত্ৰত নিৰ্দেশ দিয়া হৈছে যে অনুপযুক্ত লোকক গুৰুৱে কেতিয়াও শিষ্য হিচাপে গ্ৰহণ কৰিব নালাগে । ভাগৱতকে ধৰি অন্যান্য বৈদিক শাস্ত্ৰত উপযুক্ত শিষ্যৰ যোগ্যতা সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰা হৈছে ।শাস্ত্ৰত উল্লেখ থকা সেই বৰ্ণনাসমূহৰ আধাৰত হৰিদেৱ গুৰুজনাইও উপযুক্ত শিষ্যৰ লক্ষণবিলাক উল্লেখ কৰিছে । সেই অনুসৰি শিষ্য গৰ্ব ,আলস্য , অহংকাৰ ,হিংসা-ঈৰ্ষা, লোভ,ক্ৰোধ , অভিমান আৰু আন সকলো ঋণাত্মক ভাৱৰ পৰা মুক্ত থাকিব লাগে ।কায়মনোবাক্যে গুৰু চৰণত আত্মসমৰ্পণ, গুৰুপত্নী ,গুৰুপুত্ৰ , গুৰুৰ অন্যান্য আত্মীয়স্বজন আৰু সমাজৰ বয়োজেষ্ঠ তথা সন্মানীয় ব্যক্তিৰ প্ৰতি সম্ভ্ৰমপূৰ্ণ আচৰণ , সুস্থ পাৰিবাৰিক পৰিবেশত জন্ম আৰু প্ৰতিপালন  , ইন্দ্ৰিয় নিয়ন্ত্ৰণৰ সক্ষমতা , সত্যবাদিতা , উৎসাহী স্বভাৱ  , কষ্টসহিষ্ণুতা আদি সৎ-গুণৰ অধিকাৰী ব্যক্তি শিষ্য হোৱাৰ বাবে যোগ্য। এতিয়া কথা হৈছে সাংসাৰিক জীৱনত সদাব্যস্ত হৈ থকা ব্যক্তি ওপৰোক্ত সকলো বদ্-গুণৰ পৰা মুক্ত আৰু সদ্গুণ যুক্ত হব বুলি আশা কৰিব নোৱাৰি।সেইফালৰ পৰা চালে বেছিভাগ সাধৰণ সংসাৰী লোককে  আবেদন পোৱাৰ  লগে লগে  শিষ্য হিচাপে গ্ৰহণ কৰা গুৰুৰ পক্ষে সম্ভৱ নহয়।সেই কাৰণে শিষ্যত্ব বিচৰা ব্যক্তিৰ  পাৰিবাৰিক সংস্কাৰ আৰু বুজাৰ ক্ষমতা অনুসৰি  এবছৰৰ পৰা চাৰিবছৰ বা ততোধিক কাল গুৰুৰ আশ্ৰমত ৰাখি  প্ৰশিক্ষণৰ জৰিয়তে সকলো ইচ্ছুক ব্যক্তিকে শিষ্য হোৱাৰ বাবে উপযুক্ত কৰি তোলাৰ পৰামৰ্শ শাস্ত্ৰত দিয়া হৈছে । কিন্তু অধিক সংখ্যক লোকৰ ক্ষেত্ৰত এনে ব্যৱস্থা ব্যৱহাৰিক ভাৱে প্ৰয়োগ কৰা সম্ভৱ নহয় । কোনো গুৰুৱে  হেজাৰ হেজাৰ লোকক নিজৰ আশ্ৰমতে ৰাখি  প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব নোৱাৰে । তদুপৰি  সংসাৰী লোকে নিজৰ পাৰিবাৰিক তথা সামাজিক দায়-দায়িত্ব বাদ দি বছৰ বছৰ ধৰি গুৰুৰ আশ্ৰমত থকাও সম্ভৱ নহয়হৰিদেৱ গুৰুজনাই নিজৰ বিশাল জ্ঞান আৰু অভিজ্ঞতাৰ আধাৰত এই সমস্যা সমাধান কৰাৰ অৰ্থে সত্ৰানুষ্ঠান স্থাপন কৰিছিল। (আগলৈ)

No comments:

Post a Comment