In the preceding post it is said that Guru Harideva made elaborate arrangement for recitation and
explanation of Bhagavata in his Satra
Institution to educate common house
holders . The main aim of this arrangement was to introduce social and
religious reforms. He encouraged common people to come to his Satra Institution
and participate in those educational programs.
In this connection it can be mentioned that prior to establishment of Satra and making
this type of arrangement by Guru Harideva there were temples dedicated
to Lord Vishnu and other Gods and Goddesses in Assam. People visited those temples occasionally.
They used to come there with offerings in hand. Those offerings were handed over to the priests. The priests were supposed to offer those
offerings to the deity of the temple and pray on behalf of the devotee. For
that they charged “Dakshina” or payment in lieu of their service. Common people had to wait
outside the main part of the temple with folded hand till their offerings and
prayer were conveyed to the deity by the priest. Then they had to
go back home with remains of their offerings and flowers etc termed as “Prasada
and Nirmalya” handed over to them by the priest. In those temples religious discussions were
held among limited number of intelligent and qualified people. There was no
scope for common ignorant people to participate in those discussions and clear
their queries and doubts. There was no
way out for common people to know anything except whatever was told to them by
the priests and believe them. But after
establishment of Satra Institution by Guru Harideva the said system of
religious practice was totally changed . In the new system introduced by Guru Harideva common
people irrespective of their cast, gender , social status etc. were allowed to come
inside the Satra and participate in the recitation, explanation and discussions
of Bhagavata conducted by competent scholars and devotees . Besides other religious activities all were allowed to
sit along with the religious heads or Guru of the Satra Institution, scholars,
and other devotees and ask question to clarify their doubts on religious,
social and other matters. In this
way Guru Harideva made the spiritual practice easier and meaningful for
common house holders through his Satra Institution . ( to be
continued)
ইয়াৰ আগৰ লিখনিটোত কৈ অহা হৈছে যে হৰিদেৱ গুৰুজনাই সাধাৰণ গৃহস্থ শ্ৰেণীৰ লোকৰ শিক্ষাৰ বাবে নিজৰ সত্ৰানুষ্ঠানত নিতৌ তিনিবাৰকৈ ভাগৱত পাঠ আৰু ব্যাখ্যাৰ বিস্তাৰিত ব্যৱস্থা কৰিছিল । প্ৰধানতঃ ধৰ্মীয় আৰু সামাজিক সংস্কাৰৰ উদ্দেশ্য আগত ৰাখি এই ব্যৱস্থা কৰা হৈছিল। গুৰুজনাই সাধাৰণ গৃহস্থ লোকক নিতৌ সত্ৰলৈ আহি এই শিক্ষামূলক কাৰ্যসূচীত যোগদান কৰাৰ বাবে উৎসাহিত কৰিছিল । এই প্ৰসঙ্গত উল্লেখ কৰা উচিত যে হৰিদেৱ গুৰুজনাই সত্ৰ স্থাপন কৰাৰ আগৰে পৰাই
অসমত ভগৱান বিষ্ণুৰ মন্দিৰকে ধৰি বিভিন্ন দেৱী দেৱতাৰ বহু মঠ মন্দিৰ আছিল । মানুহ পূজাৰ নৈবদ্য আৰু অন্যান্য সা-সামগ্ৰী হাতত লৈ মাজে
সময়ে সেই মন্দিৰ সমূহলৈ গৈছিল । ভক্তৰ হৈ পূৰোহিতে পূজা-অৰ্চনা কৰাৰ নিয়ম প্ৰচলিত আছিল। তাৰ বাবদ পুৰোহিতে দা-দক্ষিণা অৰ্থাৎ পাৰিশ্ৰমিক সংগ্ৰহ কৰিছিল । জনসাধাৰণে দেৱতাক অৰ্পণ কৰিব খোজা দ্ৰব্য বা দান আদি পুৰোহিতৰ হাতত অৰ্পণ কৰি মূল মন্দিৰৰ বাহিৰত অপেক্ষা কৰাৰ নিয়ম আছিল । পুৰোহিতৰ পূজা সমাপ্ত হোৱাৰ পিছত ভক্তক ফোঁট নিৰ্মালি আৰু প্ৰসাদ আদি দিয়া হৈছিল আৰু তাকে লৈ তেওঁলোক ঘৰলৈ ফিৰি আহিছিল । মন্দিৰত অনুষ্ঠিত হোৱা ধৰ্মালোচনামূলক কাৰ্যসূচীত সীমিত সংখ্যক
শিক্ষিত আৰু বুদ্ধিমান লোকেহে অংশ গ্ৰহণ কৰিব পাৰিছিল। জনসাধাৰণৰ কাৰণে জ্ঞান চৰ্চাৰ সৈতে
সম্পৰ্ক ৰাখিব পৰাৰ কোনো ব্যৱস্থা উপলব্ধ নাছিল । কেৱল নিজৰ মনোগত প্ৰাৰ্থনা নিবেদন কৰি পূজাৰীয়ে দিয়া আশীৰ্বাদ আৰু প্ৰসাদ নিৰ্মালি লোৱাত বাদে ভক্তৰ কৰিব লগীয়া একো নাছিল । মন্দিৰৰ পূজাৰীয়ে উপাস্য দেৱতা বা বিগ্ৰহৰ যি গুণ-- মাহাত্ম্য বৰ্ণনা কৰে তাক মানি লোৱাত বাদে অন্য ধৰণৰ
কোনো চিন্তা চৰ্চা কৰা বা জ্ঞান
লাভ কৰাৰ সুবিধা জনসাধাৰণৰ বাবে উপলব্ধ নাছিল। ইয়াৰ বিপৰীতে গুৰুজনাই সত্ৰত প্ৰবৰ্ত্তন কৰা নতুন ব্যৱস্থা মতে ধৰ্মচৰ্চাৰ নামত চলা ওপৰোক্ত ব্যৱস্থা সম্পূৰ্ণৰূপে সলনি হৈছিল । সামাজিক স্থিতি আৰু জাতি- লিঙ্গ নিৰ্বিশেষে সকলো ব্যক্তিক সত্ৰত নিয়মমতে পূজা-সেৱা কৰাৰ সুবিধা দিয়াৰ ওপৰিও সত্ৰৰ সৰ্বোচ্চ পদত অধিষ্ঠিত মূল ব্যক্তি বা গুৰু, অন্যান্য পণ্ডিত আৰু ভক্তৰ সৈতে একেলগে বহি ভাগৱত শাস্ত্ৰৰ পাঠ আৰু ব্যাখ্যা শ্ৰৱণ কীৰ্ত্তন কৰাৰ সুযোগ দিয়া হৈছিল । সাধাৰণ
গৃহস্থ ব্যক্তিয়ে গুৰু আৰু অন্যান্য গুণী জ্ঞানী ব্যক্তিৰ লগত পাৰমাৰ্থিক ,সামাজিক আৰু অন্যান্য বিষয়ৰ আলোচনা বিলোচনা কৰাৰ ব্যৱস্থা প্ৰবৰ্ত্তন কৰা হৈছিল । সাধাৰণ মানুহেও নিজৰ মনৰ সন্দেহ , অবিশ্বাস আদি ব্যক্ত কৰি তাৰ সমাধান বিচৰাৰ পথ প্ৰশস্ত হৈছিল । এনেদৰে হৰিদেৱ গুৰুজনাই সমাজৰ
সকলো স্তৰৰ সাধাৰণ গৃহস্থ ব্যক্তিৰ বাবে পাৰমাৰ্থিক জ্ঞানৰ চিন্তা-চৰ্চা আৰু সাধনাৰ পথ সহজ্লভ্য আৰু অৰ্থপূৰ্ণ কৰি তুলিছিল । (আগলৈ)
No comments:
Post a Comment