As per ancient traditional system of education a student has to
stay in the hermitage of the Guru as like as his family member. It is said in
the scriptures that to be eligible for becoming a disciple of spiritual
master a person should have some qualities and eligibilities. To earn
those qualities and eligibilities it becomes essential for a disciple to learn and
practice some lessons . For that purpose the scriptures suggest to follow the
ancient traditional system of education mentioned above . According to this
system the Guru has to keep the students
in his hermitage for one to four years
and train them. After this training the Guru should accept the qualified and eligible students as his
disciple. Ineligible one has to continue
further training till they become eligible. If we think for a while then it can
be understood that such a system is suitable for limited number of students of
selected category only. For natural reason a Guru can keep a limited number of
trainee disciple of certain age group, gender and family background etc. in his
hermitage. Similarly limited number of people may have scope to stay with the
Guru for years together and undergo training. But the aim of Guru Harideva was
to impart spiritual education to all people of the human society irrespective
of age, gender, caste, profession, social, economic and familial background
etc. His prime aim was to reform common house holders as a whole and make them
eligible for initiation as his disciple in accordance with the scriptural
instructions. For this purpose he felt need of some special arrangements and
infrastructure to train up large number of people continuously for long time .
To fulfil that need he established his first Satra Institution in Assam in the
middle part of 15th century CE.
It was established near to the habitation of the common people of house
holder class . The institution was kept
open for all people of all ages including women. People were encouraged to
come to the nearby satra as per their own convenience and from their own
residence. They were allowed to perform spiritual practices in parallel with performance of their
day to day domestic duties . In this way
facilities for easy and simple spiritual education and practices were made
available to common householders by Guru Harideva. |(to be continued )
গুৰু আৰু শিষ্য একেলগে আশ্ৰমত থাকি শিক্ষাদান আৰু শিক্ষা আহৰণ কৰাটো ভাৰতীয় শিক্ষা ব্যৱস্থাত অতি প্ৰাচীন কালৰ পৰা প্ৰচলিত পৰম্পৰা ।পাৰমাৰ্থিক গুৰুৰ শিষ্য হোৱাৰ বাবে অনেক গুণ আৰু যোগ্যতাৰ প্ৰয়োজন । এই গুণ আৰু যোগ্যতা আহৰণ কৰাৰ বাবে উপযুক্ত শিক্ষা অনুশীলনৰ প্ৰয়োজন হয় । সেয়েহে পাৰমাৰ্থিক শিক্ষাৰ ক্ষেত্ৰতো ওপৰোক্ত প্ৰাচীন পৰম্পৰা অনুসৰণ কৰাৰ বাবে শাস্ত্ৰত পৰামৰ্শ দিয়া হৈছে । সেই অনুসৰি শিষ্য হ’ব বিচৰা ব্যক্তিক উপযুক্ত কৰি গঢ় দিয়াৰ বাবে প্ৰয়োজন অনুসৰি এবছৰৰ পৰা চাৰিবছৰ কাল আশ্ৰমত ৰাখি প্ৰশিক্ষণ দিয়াৰ বাবে পাৰমাৰ্থিক গুৰুক নিৰ্দেশ দিয়া হৈছে ।এই কালৰ ভিতৰত শাস্ত্ৰত উল্লেখ কৰা অনুসৰি প্ৰয়োজনীয় সমস্ত গুণ আৰু যোগ্যতা অৰ্জন কৰা ব্যক্তিক শিষ্য হিচাপে গ্ৰহণ কৰাৰ বাবে গুৰুক পৰামৰ্শ দিয়া হৈছে। চাৰিবছৰৰ ভিতৰত যোগ্যতা অৰ্জন কৰিব নোৱাৰা ব্যক্তিক তাতোকৈ দীৰ্ঘকাল অৰ্থাৎ সম্পূৰ্ণভাৱে যোগ্য হৈ নুঠালৈকে আশ্ৰমত ৰাখি প্ৰশিক্ষণ দিবলৈ কোৱা হৈছে ।কথাখিনি অলপ চিন্তা কৰি চালে বুজিব পাৰি যে এই ব্যৱস্থা কেইটামান নিৰ্দিষ্ট শ্ৰেণীৰ অতি কম সংখ্যক লোকৰ বাবেহে উপযোগী হ’ব পাৰে ।স্বাভাৱিকতে এজন গুৰুৱে বয়স ,লিঙ্গ , সামাজিক স্থিতি আদিৰ ভিত্তিত নিৰ্বাচন কৰি অতি সীমিত সংখ্যক লোকক নিজৰ আশ্ৰমত ৰাখি শিক্ষাদান কৰা সম্ভৱ।আনহাতে অতি সীমিত সংখ্যক লোকৰহে বছৰ বছৰ ধৰি গুৰুৰ লগত থাকি শিক্ষা গ্ৰহণ কৰাৰ সুবিধা থাকে । কিন্তু বয়স ,লিঙ্গ , জাতি , জীৱিকা , সামাজিক-পাৰিবাৰিক-আৰ্থিক আদি স্থিতি নিৰ্বিশেষে মানৱ সমাজৰ সকলো লোককে পাৰমাৰ্থিক জ্ঞান প্ৰদান কৰাটো হৰিদেৱ গুৰুজনাৰ জীৱনৰ লক্ষ্য আছিল। গৃহস্থ ধৰ্ম পালি সাংসাৰিক কাজ কৰ্মত ব্যস্ত থকা সকলো লোককে শাস্ত্ৰীয় বিধান অনুসৰি সকলো ফালৰ পৰা পাৰমাৰ্থিক গুৰুৰ শিষ্য হোৱাৰ বাবে যোগ্য কৰি গঢ়ি তোলাটো তেওঁ নিজৰ দ্বায়িত্ব আৰু কৰ্ত্তব্য হিচাপে গ্ৰহণ কৰিছিল ।সেই উদ্দেশ্যে সাধনৰ বাবে বৃহৎ সংখ্যক লোকক প্ৰশিক্ষণ দিয়াৰ সা-সুবিধাৰে পৰিপূৰ্ণ এটি অনুষ্ঠানৰ প্ৰয়োজনয়ীতা গুৰুজনাই অনুভৱ কৰিছিল। সেই প্ৰয়োজন পূৰণৰ অৰ্থেই তেওঁ খৃষ্টীয় পঞ্চদশ শতিকাৰ মজভাগত অসমত প্ৰথমখন সত্ৰানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল । এই অনুষ্ঠান গৃহস্থ লোকৰ বসতিৰে পৰিপূৰ্ণ স্থানত স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছিল ।সত্ৰ সকলো শ্ৰেণীৰ সকলো বয়সৰ পুৰুষ-মহিলাৰ বাবে মুক্ত ৰখা হৈছিল ।জনসাধাৰণক নিজৰ গৃহত থাকি গৃহকৰ্ম কৰাৰ লগতে সুযোগ সুবিধা অনুসৰি ঘৰৰ ওচৰতে থকা সত্ৰলৈ অহা-যোৱা কৰাৰ বাবে উৎসাহিত কৰা হৈছিল।এনেদৰে হৰিদেৱ গুৰুজনাই পুৰুষ মহিলা নিৰ্বিশেষে সমাজৰ সকলো শ্ৰেণীৰ সাধাৰণ গৃহস্থ লোকৰ বাবে পাৰমাৰ্থিক শিক্ষা আৰু সাধনাৰ সুযোগ-সুবিধা সহজলভ্য কৰি তুলিছিল । (আগলৈ)
No comments:
Post a Comment