In most of the Vedic Scriptures there are instructions for
spiritual masters or Guru to reveal secrets pertaining to the
absolute truth or God Almighty to competent disciples only. In view of those
instructions all disciples cannot be considered as competent enough to know the
underlying secrets behind the scriptural descriptions of the absolute truth or
God Almighty. Explaining this point with analogy Bhagavata says that in autumn season water
sometimes flows and sometimes does not flow downwards from mountain top
depending upon the stock of water on its
higher region . Similarly, great spiritual master may or may not speak out the
secrets of scriptural knowledge depending upon the eligibility of his disciple to receive the
same . This point has also been explained in the scriptures including Bhagavata
through different stories etc. There it is said that Ravana , Hiranyakhsh , Kamasha etc were very much powerful and intelligent personalities. They became able to
acquire the secrets contained in of the Vedas and Vedic Scriptures. But they were not competent to know
those secrets. Because of that they
misused the tremendous power of Vedic knowledge and caused harm to the whole creation . These things are
elaborately described in the Vedas and Vedic Scriptures. Being a great scholar
of the Vedas and Vedic Scriptures, Guru Harideva was well aware of those
Scriptural injunctions . At the same time spiritual upliftment of common
ignorant people was the prime aim of his religious mission. Most his disciples were common householders. Family life is said
to be the field of performance of fruitive activities and enjoyment of their outcomes. So naturally those householders cannot be considered as competent persons to know the inherent secret behind the scriptural
descriptions pertaining to the Ultimate Truth . Considering the things from all angles Guru Harideva says that to be eligible for higher spiritual
attainment a disciple should keep him in close touch with his Guru and learn lessons from him. For this
purpose the disciple should stay in the hermitage of his Guru for one to four
years or more depending upon his level of intelligence , understanding capacity,
family background etc. ( to be
continued )
প্ৰায় সকলো বৈদিক
শাস্ত্ৰতে পাৰমাৰ্থিক শিক্ষক বা গুৰুক নিৰ্দেশ দি কোৱা হৈছে যে কেৱল মাত্ৰ যোগ্য
ব্যক্তিকহে গুঢ় পাৰমাৰ্থিক তত্বজ্ঞান দিয়া উচিত । ইয়াৰ পৰা এই কথা
স্পষ্ট হয় যে মানৱ সমাজৰ সকলো ব্যক্তি শাস্ত্ৰসমূহত বৰ্ণিত পৰম সত্যৰ তত্বজ্ঞান বা
শাস্ত্ৰবাণীৰ অন্তৰ্নিহিত ৰহস্যৰ বিষয়ে জনাৰ বাবে উপযুক্ত নহয় । উপমাৰ সহায়ত এই
কথা ব্যাখ্যা কৰি ভাগৱতত কোৱা হৈছে যে শৰত
কালত পৰ্বতৰ ওপৰত জমা থকা পৰিমাণৰ ওপৰত ভিত্তি কৰি পানী ওপৰৰ
পৰা তললৈ নামি আহিবও পাৰে অথবা নাহিবও পাৰে। একেদৰে যোগ্যতা-অযোগ্যতাৰ ফালে চাই পৰম তত্বজ্ঞানী গুৰুৱে শিষ্যক শাস্ত্ৰৰ
ৰহস্যপূৰ্ণ তত্বজ্ঞান দিবও পাৰে অথবা নিদিবও
পাৰে । একেখিনি কথা ভাগৱত আৰু অন্যান্য বৈদিক শাস্ত্ৰত বিভিন্ন
কাহিনীৰ জৰিয়তে অন্য ধৰণে ব্যাখ্যা কৰা হৈছে । কোৱা হৈছে যে ৰাৱণ , হিৰণ্যকশিপু
, কংস আদি ব্যক্তিসকল
অত্যন্ত বুদ্ধিমান আছিল । তেওঁলোকে বেদ আৰু বৈদিক শাস্ত্ৰৰ অন্তৰ্নিহিত
ৰহস্য ভেদ কৰি তত্বজ্ঞান লাভ কৰাত সক্ষম হৈছিল । কিন্তু সেই ৰহস্যপূৰ্ণ তত্বজ্ঞান
লাভ কৰাৰ যোগ্যতা সেই সকলৰ নাছিল । তাৰ
ফলত তেওঁলোকে সেই জ্ঞানৰ শক্তি অপপ্ৰয়োগ কৰি সমস্ত জগতৰ প্ৰচুৰ অপকাৰ সাধন কৰিছিল। বেদ আৰু বৈদিক শাস্ত্ৰত এই বিলাক কথা
বিস্তাৰিতভাৱে বৰ্ণনা কৰা হৈছে । বেদ আৰু বৈদিক শাস্ত্ৰৰ তত্বজ্ঞ পুৰুষ হৰিদেৱ গুৰুজনাই শাস্ত্ৰৰ ওপৰোক্ত
নিৰ্দেশসমূহৰ বিষয়ে ভালদৰে জানিছিল । আনহাতে
সংসাৰত আৱদ্ধ সাধাৰণ অজ্ঞানী লোকক
পাৰমাৰ্থিক পথত আগবঢ়াই নিয়াটোৱে আছিল গুৰুজনাৰ ধৰ্মপ্ৰচাৰ কাৰ্যৰ প্ৰধান লক্ষ্য ।সংসাৰ
হৈছে কামনা-বাসনা মূলক কৰ্মৰ সাধনা আৰু বৈষয়িক ভোগ-বাসনা পূৰণৰ ক্ষেত্ৰ। সেয়েহে স্বাভাৱিকতে ওপৰোক্ত শাস্ত্ৰীয় নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত কোনো গুৰুৱে সংসাৰ ধৰ্ম পালনত ব্যস্ত থকা লোকক গুঢ়
ৰহস্যপূৰ্ণ শাস্ত্ৰজ্ঞান লাভ কৰাৰ বাবে যোগ্য পাত্ৰ বুলি গণ্য কৰিব নোৱাৰে।এই
সকলো কথা বিচাৰ বিবেচনা কৰি হৰিদেৱ গুৰুজনাই কৈছে যে নিজকে শাস্ত্ৰৰ গুঢ় তত্বজ্ঞান লাভ কৰাৰ বাবে
উপযুক্ত কৰি গঢ়ি তোলাৰ বাবে ইচ্ছুক শিষ্যই
গুৰুৰ নিকট সান্নিধ্যত অৰ্থাৎ গুৰুৰ আশ্ৰমত থাকি শিক্ষা গ্ৰহণ
কৰাৰ প্ৰয়োজন।শিষ্যৰ বুদ্ধিবৃত্তি , জন্মগত
সংস্কাৰ আদিৰ ওপৰত ভিত্তি কৰি গুৰুৰ সৈতে আশ্ৰমত থাকি শিক্ষা
গ্ৰহণ কৰা কালৰ পৰিমাণ এবছৰৰ পৰা চাৰি বছৰ বা ততোধিক হ’ব
পাৰে বুলিও গুৰুজনাই কৈছে।(আগলৈ )
No comments:
Post a Comment