In the Bhagavata and other Vedic scriptures
it is said that fire is one. There is no varieties like size, shape , colour
etc of fire. But we see varieties in fire due to various size , shape, quality
etc of fire wood and other inflammable material burnt by the fire . Similarly, God
Almighty or soul is one and there is no second to him. Soul has no name ,form ,
tributes etc. God Almighty, as soul pervades all things in the creation. There
are innumerable verities of things or bodies in the creation. Each body has its
own characteristics and nature different from others.
One God expresses himself through all those bodies. We see expression of
God in those bodies in the form of their activities. Since each body has its
own nature and characteristic different from others the activities performed by
each body also differ . So, as like as appearance of various size ,shape
,colour etc of fire through various different inflammable materials, only one God appears to be many due to
varieties in expression through various
things or bodies. In Bhagavata these topics are elaborately
explained through various stories, analogies etc. Based on such observation of Bhagavata Guru Harideva says that each and everything in the creation is
expression of one God Almighty . It is also said that a disciple
should try to understand those inner meaning of the religious scriptures very
clearly. It is the duty of a disciple to try to see God in everything and
everywhere in the creation of God. As part of that practice a disciple should be well wisher of all living
entities and should not do anything which may harm any living entity in the
creation of God. The disciple should be
interested in conducting welfare activities for the benefit of others . According to Guru Harideva one who is not envious to anything in the
creation of God , who is kind and friendly
to all living entities comes under the
category of ideal disciple. ( to be continued )
ভাগৱত আৰু অন্যান্য বৈদিক শাস্ত্ৰত কোৱা হৈছে যে জুই এক । জুইৰ আকাৰ , আকৃতি , ৰঙ আদি কোনো প্ৰকাৰৰ ভিন্নতা নাই । কিন্তু
কাঠ আৰু অন্যান্য দাহ্য পদাৰ্থৰ আকাৰ ,আকৃতি গুণাগুণ আদিৰ ভিন্নতা হেতুকে আমি জুইৰ বেলেগ বেলেগ আকাৰ , আকৃতি ,ৰং আদি ভিন্নতা সমূহ দেখা পাওঁ ।
একেদৰে পৰমেশ্বৰ বা আত্মা এক আৰু অদ্বিতীয় । আত্মাৰ কোনো নাম , ৰূপ ,গুণাগুণ ইত্যাদি নাই । পৰমেশ্বৰ আত্মা বা চালিকা শক্তি
হিচাপে জগতৰ জড়-জীৱ সমস্ত শৰীৰতে ব্যাপ্ত
হৈ আছে ।জগতত অসংখ্য সংখ্যক আৰু অসংখ্য প্ৰকাৰৰ জীৱ শৰীৰ আছে । প্ৰত্যেক শৰীৰৰে আকাৰ আকৃতি , গুণধৰ্ম আদি পৃথক পৃথক। জগতৰ দুটা জীৱ শৰীৰ আৰু সেই দুই শৰীৰে কৰা কাম সৰ্বতো প্ৰকাৰে একে নহয় । এটাৰ সৈতে আনটোৰ কিবা নহয় কিবা পাৰ্থক্য থাকে ।উদাহৰণ স্বৰূপে দুজন মানুহ শাৰীৰিক , মানসিক ,বৌদ্ধিক আদি সমস্ত দিশত একে সমান
নহয়্। একেজন ঈশ্বৰ বা এক আত্মাই সৃষ্টিৰ সকলো শৰীৰৰ মাধ্যমত নিজকে প্ৰকাশ কৰে আৰু
শৰীৰৰ কাৰ্যকলাপৰ দ্বাৰা আমি শৰীৰত ঈশ্বৰ বা আত্মা আছে বুলি বুজিব পাৰো। এতিয়া কথা হৈছে প্ৰত্যেক জীৱ শৰীৰে পৃথক
পৃথক কাৰ্য সম্পাদন কৰে অৰ্থাৎ জুইয়ে বিভিন্ন প্ৰকাৰৰ দাহ্য পদাৰ্থ পোৰাৰ সময়ত
ভিন্ন ভিন্ন ৰূপ গ্ৰহণ কৰাৰ দৰে একেজন ঈশ্বৰ বা এক আত্মা জগতৰ ভিন্ন ভিন্ন শৰীৰৰ কাৰ্যকলাপৰ মাধ্যমত ভিন্ন ভিন্ন ৰূপত
প্ৰকাশিত হয় ।ভাগৱতত বিভিন্ন কাহিনী ,উপমা আদিৰ জৰিয়তে এইবিলাক কথা বিস্তাৰিতভাৱে বুজোৱা
হৈছে ।
ভাগৱত শাস্ত্ৰৰ এনে শিক্ষাৰ ওপৰত
ভিত্তি কৰি হৰিদেৱ গুৰুজনাই কৈছে যে জগতৰ প্ৰত্যেক জীৱ এক ঈশ্বৰৰ ভিন্ন ভিন্ন ৰূপ
।লগতে কৈছে
যে শিষ্যই শাস্ত্ৰ-কথাৰ ওপৰোক্ত অন্তৰ্নিহিত তত্বসমূহ
স্পষ্টভাৱে বুজি লোৱাৰ চেষ্টা কৰা উচিত। তাৰ পিছত জগতৰ সৰ্বজীৱ আৰু সৰ্বত্ৰতে
ঈশ্বৰ দৰ্শন কৰাৰ
চেষ্টা কৰা উচিত। এই
প্ৰচেষ্টাৰ অংশ হিচাপে শিষ্য জগতৰ সমস্ত জীৱৰ শুভাকাংক্ষী হ’ব লাগে আৰু অন্যৰ অপকাৰ হ’ব পৰা যিকোনো কাম কৰাৰ পৰা বিৰত
থাকিব লাগে । শিষ্য সৃষ্টিৰ সকলো জীৱৰ মঙ্গলৰ অৰ্থে কাম কৰাৰ বাবে আগ্ৰহী হ’ব লাগে । কাৰো প্ৰতি শত্ৰুতা আচৰণ নকৰা আৰু সকলোৰে প্ৰতি
বন্ধুসুলভ ব্যৱহাৰ কৰাটো উপযুক্ত শিষ্যৰ লক্ষণ বুলি গুৰুজনাই কৈছে ।(আগলৈ)
No comments:
Post a Comment