So long a wicked person remains in contact with noble and
wise person, he becomes bound to control himself. Under such situation he
cannot perform activities which express his wickedness. In our day to day life we witness such
happenings. For example, a student remains calm and cool and maintains
discipline in front of his teacher while in the school. But the same student behaves in his own manner outside
the school and after school hours. In Bhagavata this type of dual behavior
shown by one single person is explained through the characteristics of king
Kamsa. It is said that after hearing the words of Goddess Mahamaya subsequent to birth of Lord Krishna, he met Devaki and Vasudeva. He
exhibited familial affection for his sister Devaki and brother-in-law Vasudeva.
He released them from bondage and begged apology for the intolerable atrocities
imposed upon them from his side. From such description it becomes clear that
the mind of Kamsa was purified after seeing and hearing Goddess Mahamaya , the incarnated
divinity in the role of the sister of Lord Krishna and coming in contact with
Devaki and Vasudeva , the mundane parents of the God Almighty . But
this purity of mind of King Kamsa did not last for long time. After meeting
Devaki and Vasudeva he met his ministers of demonical disposition and his mind
changed from divine to demonic nature within no time . Then he decided to kill
all new born babies within his kingdom. All these things have been elaborately
described in Bhagavata. Based on such knowledge propagated by Bhagavata Guru
Harideva suggests that a disciple
should frequently visit his Guru and interact with him at regular intervals . This is because a disciple after completion
of his spiritual education and training at Guru’s place has to return to his householder’s life . Under such
condition he may come under influence of the material life and forget the
lessons pertaining to higher aim of life taught by his Guru. To avoid such
problem lifelong regular interaction with Guru is essential. ( to be
continued )
সৎ আৰু মহৎ লোকৰ সান্নিধ্যত থকা কালত দুষ্ট
বুদ্ধিৰ লোকে সাময়িকভাৱে হ’লেও
নিজৰ দুষ্ট প্ৰবৃত্তি নিয়ন্ত্ৰণ কৰিবলৈ
বাধ্য হয় । তেনে অৱস্থাত দুষ্ট লোকে নিজৰ দুষ্ট প্ৰবৃত্তি প্ৰকাশ কৰি অসৎ কৰ্ম কৰিব নোৱাৰে ।আমাৰ দৈনন্দিন
জীৱনত আমি এনে কথাৰ সত্যতাৰ প্ৰমাণ পাওঁ। উদাহৰণ স্বৰূপে এজন দুষ্ট ছাত্ৰ বিদ্যালয়ত থকা
কালত শিক্ষক সকলৰ সন্মুখত বিনয়ী ,
শান্ত আৰু
নিৰ্জু হৈ থাকে । কিন্তু বিদ্যালয়ৰ কাম সমাপ্ত হোৱাৰ পিছত বা বিদ্যালয়ৰ বাহিৰত সেই একেজন ছাত্ৰই নিজৰ প্ৰবৃত্তি অনুসৰি আচৰণ কৰে। একে জন মানুহে কৰা এনে ধৰণৰ পৰস্পৰ বিৰোধী দ্বৈত
আচৰণৰ কথা ভাগৱতত মহাৰাজ কংসৰ চৰিত্ৰৰ মাধ্যমত জনসাধাৰণক্ বুজোৱাৰ চেষ্টা কৰা হৈছে
। ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ পিছৰ পৰ্যায়ত মহামায়া দেৱী দূৰ্গাৰ বচন শুনাৰ পিছত মহাৰাজ
কংসই দৈৱকী আৰু বসুদেৱক দেখা কৰিছিল । তেওঁ
কাৰাগাৰৰ ভিতৰলৈ গৈ ভগ্নী দৈৱকীৰ
প্ৰতি ভগ্নী সুলভ প্ৰেম প্ৰদৰ্শন কৰিছিল আৰু ভগ্নীপতি বসুদেৱক বিনয় পূৰ্বক আদৰ
সম্ভাষণ জনাইছিল । তেওঁলোকক বন্ধনৰ পৰা মুক্ত কৰি দিছিল আৰু তেওঁলোকৰ ওপৰত কৰা অমানুষিক অত্যাচাৰৰ বাবে
অনুতপ্ত হৈ ক্ষমা প্ৰাৰ্থনা কৰিছিল । ইয়াৰ পৰা স্পষ্টভাৱে বুজিব পাৰি যে ভগৱান কৃষ্ণৰ ভগ্নী হিচাপে অৱতাৰ গ্ৰহণ কৰা দেৱী
যোগমায়া আৰু স্বয়ং পৰমেশ্বৰৰ জাগতিক পিতৃ-মাতৃ বসুদেৱ-দৈৱকীৰ সান্নিধ্যলৈ অহাৰ লগে
কংসৰ দৰে নিষ্ঠুৰ আসুৰিক প্ৰবৃত্তিৰ লোকৰো মন পৱিত্ৰ হৈছিল । কিন্তু কংসৰ মনৰ এই পবিত্ৰ স্থিতি বৰ বেছি সময়লৈ চলি থকা নাছিল । বসুদেৱ দৈৱকীক
সাক্ষাৎ কৰাৰ পিছতে তেওঁ ৰাজসভালৈ গৈছিল আৰু তাতে আসুৰিক প্ৰবৃত্তিৰ মন্ত্ৰী আৰু
ৰাজবিষয়া সকলৰ সৈতে আলোচনাত মিলিত হৈছিল ।
তাৰ পিছতে সাময়িকভাৱে দৈৱিক ভাৱাপন্ন হৈ উঠা কংসৰ মন পুনৰাই আসুৰিক
ভাৱাপন্ন হৈ উঠিছিল আৰু তেওঁ নিজ ৰাজ্যৰ সকলো নৱজাতক শিশুক মাৰি পলোৱাৰ সিদ্ধান্ত
লৈছিল । ভাগৱতত এইবোৰ কথা
বহলাই কোৱা হৈছে আৰু এই জ্ঞানৰ আধাৰত
উপদেশ দি হৰিদেৱ গুৰুজনাই কৈছে যে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে শিষ্যই গুৰুৰ ওচৰলৈ
যাব লাগে আৰু গুৰুক সন্মান প্ৰদৰ্শন কৰি উপদেশ গ্ৰহণ কৰিব লাগে। ইয়াৰ কাৰণ হৈছে গুৰুৰ পৰা শৰণ আৰু পাৰমাৰ্থিক
সাধনাৰ শিক্ষা গ্ৰহণ কৰাৰ অন্তত শিষ্য সাংসাৰিক জীৱনলৈ ঘুৰি যায়। সাংসাৰিক জীৱনত বিৰুদ্ধ
ভাৱাপন্ন লোকৰ সান্নিধ্যলৈ আহি নিজৰ জীৱনৰ উচ্চ আদৰ্শ আৰু পাৰমাৰ্থিক লক্ষ্যৰ পৰা
বিচ্যুত হৈ পৰাৰ সম্ভাৱনা থাকে ।
তেনে সম্ভৱনাৰ পৰা মুক্ত থকাৰ বাবে শিষ্যই আজীৱন গুৰুৰ সৈতে সঘন যোগাযোগ ৰাখি চলা উচিত।
(আগলৈ )
No comments:
Post a Comment