In the Vedic Scriptures it is said that material assets can
be acquired by purchase and Knowledge of material subjects can be acquired by
learning. But spiritual realization cannot be attained by purchase or learning.
This is transmitted from Guru to disciple as like as virus of dieses. In
Bhagavata it is said that knowledge originates from God Almighty, knowledge spreads through Guru-disciple tradition and people
can gain knowledge by coming in contact with Guru. In Bhagavad-Gita Lord Krishna suggests that for
attainment of spiritual knowledge and realization
of the ultimate truth disciple should first approach a spiritual
master , inquire from him submissively and render service to him. As a whole, in all Vedic Scriptures it is said that the disciple is able
to receive the Guru's grace only through the sentiment of total surrender. In
order to attain the Guru's eternal blessings, protection and love the disciple
should completely surrender himself without any doubt at the Lotus feet of the
Guru. Based on such scriptural teachings
Guru Harideva says that Spiritual Master or Guru is not lesser than the God
Almighty for a disciple. Guru is equivalent to God for a disciple and hence
the residence of the Guru is
a pilgrimage place for him. Guru should
be considered as the deity of worship of that pilgrimage place. A glimpse of the Guru at
that pilgrimage place brings wonderous spiritual gain which is extremely
rewarding for a disciple. Analysing the things as above Guru Harideva suggests
that if the residence of spiritual
master is in the same village a devoted disciple should visit and serve him daily . If the
spiritual master resides at a distance of one Yoyana (7.2 kms approx.), the
disciple should visit him once in a month. If the spiritual master resides at a
distance exceeding one Yoyana then the disciple should respectfully bow down daily
in the direction of the residential place of the Guru. Otherwise, the disciple
should establish mental connection with his Guru by concentrations of his mind
and perform mental worship of the spiritual master daily. ( to be continued)
বৈদিক
শাস্ত্ৰত কোৱা হৈছে যে বৈষয়িক সম্পদ কিনি ল’ব পাৰি । বৈষয়িক
বিষয়-বস্তুৰ জ্ঞান শিকি আয়ত্ব কৰিব পাৰি । কিন্তু পাৰমাৰ্থিক অনুভূতি কিনাও নাযায়
আৰু শিকাও নাযায় । পাৰমাৰ্থিক অনুভৱ
সোচৰা ৰোগৰ বীজাণুৰ দৰে গুৰুৰ পৰা শিষ্যলৈ সঞ্চাৰিত হয়। ভাগৱতত কোৱা হৈছে
যে জ্ঞানৰ প্ৰবাহ পৰমেশ্বৰৰ পৰা আৰম্ভ হয় , গুৰু-শিষ্য
পৰম্পৰাৰ মাধ্যমত প্ৰবাহিত হৈ থাকে আৰু মানুহে গুৰুৰ সান্নিধ্যলৈ আহি জ্ঞান আহৰণ
কৰে। ভগৱদ্গীতাত গুৰুৰ পৰা জ্ঞান আহৰণ
কৰাৰ নিয়ম উল্লেখ কৰি ভগৱান কৃষ্ণই কৈছে যে পৰম সত্য কি তাক জানিবৰ বাবে প্ৰথমতে
গুৰুৰ সান্নিধ্যলৈ আহিব লাগে , নতমস্তক হৈ গুৰুক
প্ৰশ্ন কৰিব লাগে আৰু গুৰুৰ সেৱাত ব্ৰতী হ’ব লাগে । মুঠতে সকলো বৈদিক শাস্ত্ৰত কোৱা হৈছে যে গুৰুৰ চৰণত
শৰণ গ্ৰহণ কৰাটো গুৰুৰ পৰা অনুগ্ৰহ আৰু
তত্বজ্ঞান লাভ কৰাৰ একমাত্ৰ উপায় । গুৰুৰ আশীৰ্বাদ , সুৰক্ষা
আৰু স্নেহ লাভ কৰাৰ বাবে শিষ্যই সকলো সন্দেহ-সংশয়ৰ পৰা মুক্ত থাকি গুৰুৰ চৰণত সম্পূৰ্ণৰূপে
আৰু নিঃচৰ্ত্ত ভাৱে নিজকে সমৰ্পণ কৰাৰ প্ৰয়োজন ।ওপৰোক্ত ধৰণৰ শাস্ত্ৰীয় নিৰ্দেশ
সমূহৰ আধাৰত হৰিদেৱ গুৰুজনাই কৈছে যে এজন শিষ্যৰ বাবে গুৰু ভগৱানতকৈ কোনো অংশে কম
নহয় ।সেইফালৰ পৰা বিচাৰ কৰিলে শিষ্যৰ বাবে গুৰুৰ বাসস্থান পুণ্যপ্ৰদ তীৰ্থস্থান
সদৃশ | গুৰু সেই পবিত্ৰ তীৰ্থস্থানত অধিষ্ঠিত হৈ থকা উপাস্য বিগ্ৰহ
।সেইখন তীৰ্থ ক্ষেত্ৰত গুৰুক সাক্ষাৎ দৰ্শন কৰিলে শিষ্যই পাৰমাৰ্থিক ভাৱে অতিশয় লাভৱান হ’ব পাৰে । কথাবিলাক
ওপৰোক্ত ধৰণে বিচাৰ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে গুৰুৰ সৈতে একেখন গাৱঁত বাস কৰা
শিষ্যই প্ৰতিদিনে গুৰু-গৃহলৈ গৈ গুৰুক দৰ্শন কৰিব লাগে আৰু সেৱা-শুশ্ৰূষাৰ দ্বাৰা সন্তুষ্ট কৰি
পৰামৰ্শ গ্ৰহণ কৰিব লাগে ।গুৰু এক যোজন (প্ৰায় ৭.২
কিঃমিঃ) দূৰত বাস কৰিলে শিষ্যই প্ৰতি মাহে এবাৰ গুৰুগৃহলৈ যোৱা উচিত। গুৰু তাতোকৈ বেছি দূৰত বাস কৰিলে শিষ্যই প্ৰতি দিনে গুৰুৰ বাসস্থনৰ দিশে ভক্তিভৰে প্ৰণাম কৰিব লাগে । অন্যথা শিষ্যই মনৰ ভাৱনাৰ দ্বাৰা সঘনে
গুৰুৰ সৈতে মানসিক সংযোগ সাধন কৰি গুৰুৰ সান্নিধ্যলৈ আহিব লাগে আৰু প্ৰতি দিনে
গুৰুৰ প্ৰতি মানসিক সেৱা-পূজা নিবেদন কৰিব লাগে ।(আগলৈ )
No comments:
Post a Comment