The
teachings of Guru Harideva are mainly
based on Bhagavata. Bhagavata says that Lord Krishna is the soul of everybody
and everything of the entire creation and beyond that. Worship of lord Krishna
is the worship of that unique soul. Satisfaction of Lord Krishna means
satisfaction of everybody and everything of the entire creation. This fact has
been explained in Bhagavata as well as in the writings of Guru Harideva with some
analogies as follows. A tree means its
roots , stem , branches , leaf’s , flowers ,fruits etc. If water and
nutrients are supplied to the roots then
all other constituent parts of the tree get
nourished . Our body has constituent
parts like hand ,feet , eyes and many other gross and subtle organs . All those
organs get nourished from the food
supplied to the stomach . Similarly ,if Lord Krishna is satisfied with our
worship and devotional services then
the entire creation is satisfied . The
practical side of such knowledge has also been explained through various stories in the Vedic
Scriptures . To propagate those teachings and instructions of Bhagavata Guru
Harideva established Satra Institutions in Assam. Lord Krishna is the prime deity
of worship of the Satra Institutions established
by him . Trying to know Lord Krishna by hearing ( that is , Shravana) of the contents of
Bhagavata, discussion of the same with other like minded people ( that is
,Kirtana) , worship of the deity, bowing down before the deity or through any
other way out of the nine ways suggested by Bhagavata are the daily routine works
of the Satra Institutions. But all the nine ways mentioned as above have one
thing in common, That is, ardent devotion which is considered as the most essential part of each of
the ways suggested by Bhagavata. Guru
Harideva says that Shravan , Kirtana etc performed without having full faith and
deep respect in the contents of Bhagavata and without being fully devoted to Lord Krishna carries no meaning . Considering the things as above Guru Harideva
suggests that a person who is well aware about the teachings of Bhagavata
and lives his life in accordance with those teachings should be accepted as
Spiritual Master or Guru by a disciple. (to be continued )
হৰিদেৱ গুৰুজনাই
দিয়া শিক্ষা প্ৰধানতঃ ভাগৱত শাস্ত্ৰৰ ওপৰত আধাৰিত । ভাগৱতত কোৱা হৈছে যে ভগৱান
কৃষ্ণ জগতৰ সমস্তৰে আত্মা আৰু জগতৰ উৰ্দ্ধতো আত্মাৰূপে বিৰাজমান। ভগৱান কৃষ্ণৰ
উপাসনা এই আত্মাৰ উপাসনা । ভগৱান কৃষ্ণৰ সন্তুষ্টিয়ে জগতৰ জীৱ-জড়
সমস্তৰে সন্তুষ্টি । ভাগৱত শাস্ত্ৰ আৰু হৰিদেৱ গুৰুজনাৰ লিখনি উভয়তে এই
কথাখিনি তলত দিয়া ধৰণৰ উপমাৰ সহায়ত বুজাই
দিয়াৰ চেষ্টা কৰা হৈছে। এজোপা গছ
বুলিলে ইয়াৰ শিপা ,গা-গছ, ডাল , পাত , ফুল , ফল ইত্যাদি
সকলোকে বুজায় । শিপাই ঢুকি পোৱাকৈ সাৰ-পানী প্ৰয়োগ কৰিলে গছৰ সকলো
অংশৰ পুষ্টি সাধন হয়। মানুহৰ
শৰীৰত হাত , ভৰি ,চকু , কান আদি অনেক
স্থূল আৰু সূক্ষ্ম অংগ -প্ৰত্যঙ্গ থাকে । পেটত খাদ্য
পানীয় পৰিলে শৰীৰৰ সকলো অংগ-প্ৰত্যংগৰ পুষ্টি সাধন হয় । একেদৰে আমাৰ সেৱা-পূজাৰ দ্বাৰা ভগৱান কৃষ্ণক সন্তুষ্ট
কৰিব পাৰিলে জগতৰ স্থাৱৰ-জঙ্গম সমস্তৰে সন্তুষ্টি সাধন হয়। এই জ্ঞানৰ প্ৰয়োগ ব্যৱহাৰিক ভাৱে বুজাই দিয়াৰ বাবে বৈদিক
শাস্ত্ৰত অনেক কাহিনী বৰ্ণনা কৰা হৈছে। মূলতঃ ভাগৱত শাস্ত্ৰক আধাৰ গ্ৰন্থ হিচাপে লৈ এনে
প্ৰকাৰৰ শিক্ষা আৰু উপদেশ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে
হৰিদেৱ গুৰুজনাই অসমত সত্ৰানুষ্ঠান স্থাপন কৰিছিল । ভগৱান কৃষ্ণ গুৰুজনাই প্ৰতিষ্ঠা কৰা সত্ৰৰ প্ৰধান উপাস্য বিগ্ৰহ বা পৰম ইষ্ট দেৱ।
ভাগৱতত বৰ্ণনা কৰা নাম -ৰূপ -মাহাত্ম্য শ্ৰৱণ আৰু সত্ৰত সমবেত
সমভাৱাপন্ন লোকৰ সৈতে এইবিলাকৰ আলাপ-আলোচনা বা কীৰ্ত্তনৰ জৰিয়তে ভগৱান কৃষ্ণক জনা তথা পূজা-প্ৰণাম আদিকে ধৰি মুঠ ন প্ৰকাৰৰ
মাধ্যমত ভগৱান কৃষ্ণৰ
সৈতে সংযোগ স্থাপন কৰাৰ প্ৰচেষ্টা সত্ৰৰ
নিত্য কৰ্ম ।কিন্তু এই ন প্ৰকাৰৰ উপায়ৰ মাজৰ পৰা যিকোনো উপায় প্ৰয়োগৰ ক্ষেত্ৰত মনৰ
এটা গভীৰ ভাৱনা সংযুক্ত থকাটো অতীব প্ৰয়োজনীয় কথা । সেয়া হৈছে
একান্ত ভক্তিভাৱনা ।মনত ভাগৱতৰ
ওপৰত শ্ৰদ্ধা-বিশ্বাস নৰখাকৈ আৰু কৃষ্ণৰ প্ৰতি একান্ত ভক্তিভাৱ নৰখাকৈ কৰা শ্ৰৱণ, কীৰ্ত্তন
পূজা-পাঠ আদি সকলো অনুষ্ঠান অৰ্থহীন বুলি হৰিদেৱ গুৰুজনাই কৈছে । লগতে তেওঁ কৈছে যে ভাগৱত শাস্ত্ৰৰ কথাবিলাক তন্ন-তন্ন ভাৱে বুজি লৈ সেই জ্ঞান অনুসৰি নিজৰ জীৱন পৰিচালনা
কৰা ব্যক্তিক শিষ্যই গুৰু হিচাপে গ্ৰহণ কৰা উচিত ।(আগলৈ)
No comments:
Post a Comment