Wednesday, 18 January 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-159 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৫৯)

 

Guru Harideva says that taking Sharana or  shelter  in Lord Krishna is the best type of initiation or entry into the spiritual life . Lord Krishna is the root cause of each and everything manifested in the past and  present . He is also the root cause of everything to be manifested in the future. Nothing in the creation can exist without the presence of Lord Krishna as soul in it . In other words, Lord Krishna -  the soul , expresses himself in innumerous names and forms in the creation . Or we can say that there is nothing in the creation except Lord Krisna or the soul. The soul is one for all and Bhagavata contains description of this soul in the name and form of Lord Krishna. The above facts are well  established in the Bhagavata through various stories , analogies , examples and explanations .It  is also assured here that a common householder can manage his spiritual practices and attain self-realization without creating any disturbance to his normal day to day duties. Lord Krishna takes care of both material and spiritual requirements of his devotees. Even blessings of Lord Krishna are showered over people who are envious to him. In Bhagavata, those characteristics  pertaining to Lord Krishna are explained through various stories to make them simple to suit the understanding capacity of common people . Seeing Lord Krishna in everything around us in the creation in the light of Bhagavata is the prime aim of spiritual practice suggested by Guru Harideva. To serve that purpose he established Satra institutions in Assam in 15th century AD. Since then, his teachings are being propagated among the common householders through Guru-Disciple tradition. According to him in the Kali Yuga there is no wealth greater than a mind fully devoted to Lord Krishna. There is no service greater than devotional service rendered to Lord Krishna. There is no activities greater than activities performed for the satisfaction of Lord Krishna. There is no greater spiritual achievement than seeing Lord Krishna in each and everything of the created world. As a whole  it can be said that there is nothing greater than Lord Krishna in the creation .  Analyzing the things as above Guru Harideva  says that  there cannot be a spiritual master or Guru better than an ardent devotee of Lord Krishna . (to be continued)  

হৰিদেৱ গুৰুজনাই কৈছে যে পাৰমাৰ্থিক জীৱনত প্ৰৱেশ কৰাৰ সবাতোকৈ উত্তম পদক্ষেপ হৈছে ভগৱান শ্ৰীকৃষ্ণৰ শৰণ বা আশ্ৰয় গ্ৰহণ । জগতত যি আগতে প্ৰকাশিত হৈছিল , বৰ্ত্তমান প্ৰকাশিত হৈ আছে আৰু ভৱিষ্যতে প্ৰকাশিত হব সেই সমস্তৰে মূল কাৰণ ভগৱান কৃষ্ণ । ভগৱান কৃষ্ণ আত্মাৰূপে অধিস্থিত হৈ নাথাকিলে জগতৰ কোনো বস্তু থাকিব নোৱাৰে । অন্যভাৱে কবলৈ হলে আত্মা বা ভগৱান কৃষ্ণই জগতত অসংখ্য সংখ্যক নাম আৰু ৰূপত প্ৰকাশিত হয় অথবা এক আত্মা অৰ্থা ভগৱান কৃষ্ণত বাদে জগতত  অন্য একো নাই । আত্মা এক আৰু  ভাগৱতত বৰ্ণনা কৰা  কৃষ্ণ-কথা   এই এক আত্মাৰ বৰ্ণনা । ভাগৱতত বিভিন্ন কাহিনী , উপমা , উদাহৰণৰ আৰু ব্যাখ্যাৰ  জৰিয়তে ওপৰোক্ত তত্বকথা প্ৰতিষ্ঠা কৰা হৈছে । ইয়াত  কোৱা হৈছে যে সাধাৰণ গৃহস্থ ব্যক্তিয়ে নিজৰ দৈনন্দিন গৃহ কৰ্ত্তব্য পালনত বাধা সৃষ্টি নোহোৱাকৈ পাৰমাৰ্থিক সাধনা কৰিব পাৰে আৰু সেই সাধনাৰ বলত আত্মজ্ঞান বা পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰিব পাৰে । লগতে নিশ্চিতভাৱে কোৱা হৈছে যে ভগৱান কৃষ্ণই ভক্তৰ সাংসাৰিক আৰু পাৰমাৰ্থিক উভয় দিশৰ মনোবাঞ্ছা পূৰণ কৰে । আনকি কৃষ্ণৰ প্ৰতি শত্ৰুতা আচৰণ কৰা  ব্যক্তিৰ ওপৰতো  কৃষ্ণৰ মঙ্গলময় আশীৰ্বাদ বৰ্ষিত হয় । ভাগৱতত ভগৱান কৃষ্ণৰ জীৱনলীলাৰ সৈতে সম্পৰ্কিত ওপৰোক্ত মহিমামণ্ডিত কথাসমূহ বিভিন্ন কাহিনীৰ জৰিয়তে সাধাৰণ জনতাই বুজিব পৰাকৈ সহজ সৰলভাৱে ব্যাখ্যা কৰা হৈছে। উক্ত জ্ঞানৰ আধাৰত জগতৰ সমস্ততে ভগৱান কৃষ্ণৰ উপস্থিতি অনুভৱ কৰাই হৰিদেৱ গুৰুজনাৰ দ্বাৰা প্ৰচাৰিত ধৰ্মীয় দৰ্শনৰ প্ৰধান লক্ষ্য । সেই উদ্দেশ্য সাধনৰ অৰ্থে হৰিদেৱ গুৰুজনাই খৃষ্টীয় পঞ্চদশ শতিকাৰ অসমত সত্ৰানুষ্ঠান স্থাপন কৰিছিল । তেতিয়াৰে পৰা বৰ্তমানলৈকে গুৰুজনাৰ ধৰ্মীয় শিক্ষা গুৰু-শিষ্য পৰম্পৰাৰ মাধ্যমত জনসাধাৰণৰ মাজত প্ৰচাৰিত হৈ আহিছে । গুৰুজনাৰ মতে কৃষ্ণভক্তিত নিমজ্জিত মনতকৈ অধিক মূল্যৱান সম্পদ নাই । কৃষ্ণৰ সেৱাত উছৰ্গিত সেৱাতকৈ অধিক মহ কোনো সেৱা নাই । কৃষ্ণৰ সন্তুষ্টিৰ অৰ্থে কৰা কৰ্মতকৈ অধিক মহ কৰ্ম একো নাই। কৃষ্ণ বিষয়ক চিন্তা-ভাৱনাতকৈ অধিক মহ চিন্তা-ভাৱনা নাই। জগতৰ সৰ্বত্ৰতে কৃষ্ণদৰ্শন কৰাতকৈ অধিক উচ্চতৰ পাৰমাৰ্থিক প্ৰাপ্তি নাই ।মুঠতে কব পাৰি যে জগতত কৃষ্ণতকৈ মহত্তৰ অন্য একো নাই। এনে ধৰণে বিচাৰ বিশ্লেষণ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে একান্ত কৃষ্ণভক্ত গুৰুতকৈ অধিক যোগ্যতাসম্পন্ন গুৰু কোনো নাই।(আগলৈ)

No comments:

Post a Comment