Wednesday, 4 January 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-157 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৫৭)

 

 Guru Harideva says that the soul is not separate for each body. There are innumerable verities of body in the creation. All bodies have   various different names and forms. But the presence of only one soul is expressed through all those bodies in innumerable various ways. For example, in human bodies the presence of the soul is expressed in one way, in animal bodies the presence of the same soul is expressed in some other ways and so on. Moreover, the expression of soul in one human body is different from the expression of the same in another human body. Similar is the case with all other verities of bodies.  Bhagavata says that this unique soul described as above does not have any name and form. But people use to call him by any name and see him in any form in accordance with the capacity of their mind ,intelligence and  choice. If the name and form thus chosen by a person  mean the unique soul present in all bodies in the creation, then there is no problem. By worshiping the soul by that name and form considering him as God Almighty people can attain spiritual perfection. If we go through the Vedic  Scriptures then it can be found that there are large number of spiritual practitioner who attained self-realization or spiritual perfection by worship of God Almighty or the unique soul in the name and form of Shiva, Durga, Kali , Ganapati and various other deities . But common people involved with initial stage of spiritual practice cannot possess these types of broader ideas of unity in various different types of spiritual practices. So , it is not possible for them to correctly decide  the name and form of one single deity for worship as God Almighty . Here, the necessity of a spiritual master or Guru arises to suggest his disciple  one single name and form through which  the  soul is expressed in the most perfect and legible way .  Based  on his knowledge pertaining to deep study of  the Vedas , Vedic Philosophy , Bhagavata , Bhagavdgita and other Vedic Scriptures Guru Harideva suggests that  the Soul is fully and perfectly expressed through the name and form of Lord Krisna . (to be continued )

হৰিদেৱ  গুৰুজনাই কৈছে যে প্ৰতিটো শৰীৰৰ আত্মা পৃথক পৃথক নহয়। সৃষ্টিত অসংখ্য প্ৰকাৰৰ শৰীৰ আছে । প্ৰতিটো শৰীৰৰে পৃথক পৃথক নাম আৰু ৰূপ আছে। কিন্তু সকলো শৰীৰৰ মাধ্যমত এক আত্মাই পৃথক পৃথক ভাৱে প্ৰকাশ লাভ কৰে  ।উদাহৰণ স্বৰূপে মানৱ শৰীৰৰ মাধ্যমত আত্মাৰ উপস্থিতি  এক প্ৰকাৰে প্ৰকাশিত হয় , জন্তুৰ শৰীৰৰ মাধ্যমত  সেই এক আত্মাই অন্য এক পৃথক প্ৰকাৰে প্ৰকাশিত হয় ইত্যাদি ইত্যাদি । আকৌ এটা মানৱ শৰীৰ মাধ্যমত হোৱা আত্মাৰ প্ৰকাশ আন এটা মানৱ শৰীৰৰ মাধ্যমত হোৱা প্ৰকাশতকৈ ভিন্ন । অন্যান্য প্ৰকাৰৰ শৰীৰৰ ক্ষেত্ৰতো এই কথা সত্য । ভাগৱতত কোৱা হৈছে যে আত্মাৰ কোনো নাম আৰু ৰূপ থাকিব নোৱাৰে । কিন্তু মানুহে নিজৰ নিজৰ ৰুচি অনুসৰি এক আত্মাকে যিকোনো নামেৰে মাতিব পাৰে আৰু যিকোনো  ৰূপত দৰ্শন কৰিব পাৰে মানুহে নিজৰ জ্ঞান,  বুদ্ধি আৰু  পছন্দ অনুসৰি আত্মাক দিয়া নাম  আৰু ৰূপে যদি সমগ্ৰ সৃষ্টিৰ সমস্ত শৰীৰৰ মাধ্যমত প্ৰকাশিত এক আত্মাক বুজায় তেন্তে কোনো সমস্যা নাই । এনে জ্ঞান-বুদ্ধিৰে নিৰ্বাচিত এক নাম আৰু ৰূপৰ মাধ্যমত প্ৰকাশিত এক আত্মাক পৰমেশ্বৰ হিচাপে উপাসনা কৰি মানুহে পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰিব পাৰে । বৈদিক শাস্ত্ৰ অধ্যয়ন কৰিলে আমি পাওঁ যে বিভিন্ন কালৰ বহু সংখ্যক উপাসকে এক আত্মাক শিৱ ,দুৰ্গা ,কালী গণেশ ইত্যাদি নাম আৰু ৰূপৰ মাধ্যমত উপাসনা কৰি পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰাৰ উদাহৰণ আছে । কিন্তু সাধাৰণ মানুহে পাৰমাৰ্থিক সাধনা আৰম্ভ কৰাৰ সময়তে উপাসনা পদ্ধতি সমুহৰ মাজত থকা পৰোক্ত ধৰণৰ  সামঞ্জস্য মূলক তত্বকথা বুজি পোৱা সম্ভৱ নহয় । সেই কাৰণে তেওঁলোকে নিজৰ জ্ঞান-বুদ্ধিৰ দ্বাৰা কোনো এক বিশেষ  নাম আৰু ৰূপৰ মাধ্যমত প্ৰকাশিত হোৱা এক আত্মাক একমাত্ৰ পৰমেশ্বৰ হিচাপে নিৰ্বাচন কৰি উপাসনা কৰা সম্ভৱ নহয় । এইখিনিতে শিষ্যক উপদেশ প্ৰদান কৰি কোনো এক বিশেষ নাম আৰু ৰূপৰ মাধ্যমত পূৰ্ণ ৰূপত আৰু স্পষ্টভাৱে প্ৰকাশিত হোৱা আত্মাক একমাত্ৰ উপাস্য পৰমেশ্বৰ হিচাপে নিৰ্দেশ কৰাৰ বাবে পাৰমাৰ্থিক শিক্ষক বা গুৰুৰ প্ৰয়োজন হয় ।বেদ, বৈদিক দৰ্শন , ভাগৱত ,ভগৱ্দ্গীতা আৰু অন্যান্য বৈদিক শাস্ত্ৰ গভীৰভাৱে অধ্যয়ন কৰি আহৰণ কৰা জ্ঞানৰ আধাৰত বিচাৰ বিবেচনা কৰি হৰিদেৱ গুৰুজনাই কৈছে যে  ভগৱান শ্ৰীকৃষ্ণৰ নাম আৰু ৰূপৰ মাধ্যমত ওপৰোক্ত এক আত্মা পূৰ্ণ ৰূপত প্ৰকাশিত হৈছে । ( আগলৈ )

No comments:

Post a Comment