Thursday, 27 October 2022

Religious Teachings of the “Satra” Institution of Guru Harideva-145 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৪৫)

 

Guru Harideva says that the soul inside us is also the soul of all other bodies manifested in the creation. That is, there is only one soul or Atma in the creation . To make people understand this fact the soul inside of an individual body is called soul and the same soul present in the entire creation is called Super Soul or Paramatma or Parameshwara . Or simply it can is said that   the Soul and  the Super Soul is one and  same . That is, the God present in us as controller of our individual body and the God present in the creation as controller of each and everything of the entire creation is one and same. Also, it is said that God is present outside the created bodies in the creation and also beyond the creation. Explaining it  Bhagavata says that the great elements namely earth, water, air, fire and ether are available in the all kinds of bodies like sun, moon, stars, sea, mountain, all other living and non-living entities . At the same time those basic elements are available as free elements without being constituent  part of the bodies . In a similar way God or Super Soul  enters into all kinds of bodies mentioned  above and remains outside the bodies covering the entire space of the creation . That is , no  vacant space can exist in the creation without presence of God in it . Further explaining this fact the scriptures tell that if an empty pot is kept immersed in a pond of water  then there will be water at both inside and outside of the pot . In a similar way God is available at both inside and outside of us. Or we can say that we exist in the creation as an  immersed pot  in an unimaginably vast ocean fully pervaded  by God . According to Guru Harideva this all pervading  entity  which controls each  and everything in the creation both from inside and outside without being involved  with  anything of them is named as Lord Krishna  in the Bhagavata.  The Bhagavata also elaborately explains the above facts through various different stories to make the points legible for common people. Analyzing the things as above Guru Harideva suggests that  a spiritual master or Guru who can fully and correctly explain  those theories  contained in the Bhagavata to his disciples is considered as a competent Guru   . (to be continued )

হৰিদেৱ গুৰুজনাই কৈছে যে আমাৰ শৰীৰৰত যি আত্মা বিৰাজমান সেই একে আত্মা জগতৰ অন্য সমস্ত শৰীৰৰতো বিদ্যমান। অৰ্থাৎ সমগ্ৰ জগতত থকা ক্ষুদ্ৰ‌-বৃহৎ, স্থাৱৰ-জঙ্গম  অসংখ্য প্ৰকাৰৰ অসংখ্য সংখ্যক শৰীৰত এক আত্মা বিদ্যমান । সাধাৰণ মানুহৰ বুজাৰ সুবিধাৰ্থে এটা শৰীৰত বিৰাজমান  আত্মাক  আত্মা বুলি কোৱা হয় আৰু জগতৰ প্ৰত্যেক  শৰীৰত বিৰাজমান  এক আত্মাক  পৰমাত্মা বা পৰমেশ্বৰ বুলি কোৱা হয় । অথবা সৰলভাৱে ইয়াকে কোৱা যায় যে  আত্মা আৰু পৰমাত্মা এক আৰু একক । যি আত্মা বা ঈশ্বৰে শৰীৰৰ ভিতৰত থাকি আমাৰ এই ক্ষুদ্ৰ শৰীৰ নিয়ন্ত্ৰণ কৰি আছে সেই একে আত্মা বা একে জন ঈশ্বৰে সৃষ্টিৰ অন্তৰ্গত সমস্ত শৰীৰৰ অভ্যন্তৰত থাকি সকলোকে নিয়ন্ত্ৰণ কৰি আছে। ইয়াৰ উপৰিও জগতত সৃষ্ট শৰীৰ সমুহৰ বাহিৰত আৰু সৃষ্টিৰ উৰ্দ্ধতো সেই এক আত্মা বা একেজন ঈশ্বৰ বিৰাজমান। ভাগৱতত এই কথা বুজাই দি  কোৱা হৈছে যে   অকাশ , বায়ু , অগ্নি ,জল আৰু পৃথ্বী – এই পঞ্চমহাভূত  জগতৰ চন্দ্ৰ-সূৰ্য , গ্ৰহ-নক্ষত্ৰ , পৰ্বত-সমুদ্ৰ তথা জগতৰ  সমস্ত প্ৰাণী আৰু জড় শৰীৰত থকাৰ উপৰিও শৰীৰ সমুহৰ বাহিৰত মুক্ত অৱস্থাতো থাকে। একেদৰে পৰমেশ্বৰ বা পৰমাত্মা জগতৰ ক্ষুদ্ৰ-বৃহৎ প্ৰতিটো শৰীৰত প্ৰৱেশ কৰাৰ উপৰিও জগতৰ সৰ্বত্ৰ আৰু জগতৰ উৰ্দ্ধত কোনো শৰীৰৰ সৈতে সংযুক্ত নোহোৱাকৈও থাকে ।ইয়াৰ অৰ্থ হৈছে সৃষ্টিৰ ভিতৰত আৰু সৃষ্টিৰ বাহিৰত এনে কোনো খালী স্থান নাই যত ঈশ্বৰ নাই  । কথাখিনি অন্য প্ৰকাৰে ব্যাখ্যা কৰি শাস্ত্ৰত কোৱা হৈছে যে যদি এটা খালী পাত্ৰ পানীৰে ভৰা পুখুৰীত ডুবাই ৰখা হয় তেন্তে পাত্ৰটোৰ ভিতৰখন পানীৰে ভৰাৰ উপৰিও বাহিৰখনো পানীয়ে আৱৰি ৰাখে। একেদৰে ঈশ্বৰ আমাৰ শৰীৰৰ ভিতৰ আৰু বাহিৰ উভয়কে আৱৰি আছে। যিদৰে মহাসমুদ্ৰত পানী সকলো স্থানতে অবিছিন্নভাৱে থাকে সেই একেদৰে সৰ্বব্যাপ্ত ঈশ্বৰ  সৃষ্টিৰ সৰ্বত্ৰতে অবিচ্ছিন্ন ভাৱে  বিৰাজমান ।  সৃষ্টিত আমাৰ দৰে জীৱৰ  স্থিতি মহা সমুদ্ৰৰ পানীত ডুবাই ৰখা পাত্ৰৰ নিচিনা অৰ্থাৎ  ঈশ্বৰ আমাৰ শৰীৰৰ  বাহিৰ-ভিতৰ উভয়তে পৰিব্যাপ্ত হৈ আছে ।হৰিদেৱ গুৰুজনাই কৈছে যে  জগতৰ সমস্ততে প্ৰবেশ কৰি আৰু একে সময়তে ইবিলাকৰ  বাহিৰতো থাকি  বাহিৰ আৰু ভিতৰ উভয় ফালৰ পৰা সমস্তকে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰি থকাৰ উপৰিও ইবিলাকৰ পৰা মুক্ত অৱস্থাত বিৰাজমান  ওপৰোক্ত সৰ্বব্যাপ্ত আৰু নিৰ্লিপ্ত তত্বকে ভাগৱতত ভগৱান শ্ৰীকৃষ্ণ নামেৰে অভিহিত কৰা হৈছে । ভাগৱতত বিভিন্ন কাহিনীৰ মাধ্যমত এই জটিল তত্ব জনসাধাৰণে বুজিব পৰাকৈ ব্যাখ্যা কৰা হৈছে । কথা বিলাক ওপৰোক্ত ধৰণে বিচাৰ বিশ্লেষণ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে ভাগৱতত বৰ্ণনা কৰা ওপৰোক্ত তত্বসমুহ  শিষ্যক যথাযথভাৱে বুজাই দিব পৰা ব্যক্তি পাৰমাৰ্থিক গুৰু হোৱাৰ  যোগ্য । ( আগলৈ)    

Friday, 21 October 2022

Religious Teachings of the “Satra” Institution of Guru Harideva-144 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৪৪)

 

Guru Harideva says that Lord Krishna is both Prakriti and Purusha. That is,  the material part of the creation and the sole controller of that material part is Lord Krishna. Lord Krishna is the only true existence. Nothing except Lord Krishna exists in the creation and beyond that. Then how we see so many things in the creation? Answering this question Guru Harideva  tells  that all other things exist till Lord Krishna exists in them. Hence their existence is dependent upon existence of Lord krisna  and such  existence cannot be considered as real or true. Now there are huge number of scriptures. In different scriptures the glories of different Gods and Goddesses are described. Various processes of worship are described in those scriptures and people worship Gods and Goddesses in accordance with those instructions . If God is only one why the scriptures differ like this? Answering this question Guru Harideva says that in the Vedas ,Puranas , Mahabharat, Ramayana and all other scriptures only one God is described and He is Lord Krishna.  Names of God-Goddess and the process of worship appear to be different in different scriptures. But only Lord Krishna is worshipped by all people identifying him with different names, forms and through various process of worship. As explanation it is told that  there is existence of nothing else except Lord Krishna in the creation . So, in whatever way one worships God,  he has to worship Lord Krishna only . In the human society characteristics of each people differs. Different people have different setup of mind, intelligence, taste, field of interest and so on. Because of that all people cannot be attracted towards a single name and form of God. So, Lord Krishna expresses himself in innumerable various names and forms of Gods and Goddesses to attract every body towards him. Though different people worship  different Gods and Goddesses in accordance with their own interest and capacities,  Lord Krishna is the sole acceptor of all those worship. Analyzing the things as above Guru Harideva suggests that a spiritual master should politely and repeatedly explain these facts to his disciples for long time and try to convince them that Lord Krishna is the root of all those Gods and Goddesses and their existence is dependent upon the existence of Lord Krishna  in them as like as all other things available in the creation. (to be continued)

হৰিদেৱ গুৰুজনাই কৈছে ভগৱান কৃষ্ণ প্ৰকৃতিও আৰু পুৰুষো ।  অৰ্থা সৃষ্টিৰ পদাৰ্থ ভাগ ভগৱান কৃষ্ণ আৰু সেই পদাৰ্থ ভাগৰ  একমাত্ৰ নিয়ন্ত্ৰণকাৰীও  ভগৱান কৃষ্ণ । কেৱল ভগৱান কৃষ্ণৰ অস্তিত্বহে সত্য। ভগৱান কৃষ্ণত বাদে সৃষ্টিৰ ভিতৰত বা বাহিৰত অন্য একোৱে নাই ।তেন্তে আমি সৃষ্টিত অসংখ্য  প্ৰকাৰৰ বস্তু কেনেকৈ দেখা পাওঁ ? এই প্ৰশ্নৰ উত্তৰ দি গুৰুজনাই কৈছে যে  সৃষ্টিৰ প্ৰতিটো  বস্তু তেতিয়ালৈকেহে থাকে যেতিয়ালৈকে কৃষ্ণ সেই বস্তুৰ অভ্যন্তৰত থাকে । গতিকে সকলো বস্তুৰে অস্তিত্ব ভগৱান কৃষ্ণৰ ওপৰত নিৰ্ভৰশীল ক্ষণস্থায়ী অস্তিত্ব আৰু সেই কাৰণে জগতৰ কোনো বস্তুৰ অস্তিত্ব বাস্তৱ বা সত্য বুলি ধৰা নহয়। এতিয়া কথা হৈছে  শাস্ত্ৰৰ সংখ্যা অনেক । প্ৰতিখন শাস্ত্ৰতে বিভিন্ন নাম-ৰূপধাৰী অনেক দেৱী- দেৱতাৰ অপাৰ মহিমা বৰ্ণনা কৰা আছে । বিভিন্ন দেৱতাক পূজা-সেৱা কৰাৰ বাবে বিভিন্ন প্ৰকাৰৰ বিধি-নিৰ্দেশো শাস্ত্ৰবোৰত দিয়া আছে।  মানুহে সেই বিধি নিৰ্দেশ অনুসৰি বিভিন্ন দেৱ-দেৱীৰ পূজা-উপাসনাও কৰি আহিছে।  যদি ভগৱান কৃষ্ণ একমাত্ৰ ঈশ্বৰ  তেন্তে মানুহে উপাসনা কৰা মহাশক্তি আৰু মহিমা সম্পন্ন দেৱী-দেৱতাবিলাক কি? এই প্ৰশ্নৰ উত্তৰ দি হৰিদেৱ গুৰুজনাই কৈছে যে  বেদ ,পুৰাণ , মহাভাৰত , ৰামায়ণ ইত্যাদিকে ধৰি সমস্ত শাস্ত্ৰত একমাত্ৰ ভগৱান কৃষ্ণৰ কথাকে বৰ্ণনা কৰা হৈছে । শাস্ত্ৰভেদে  দেৱতাৰ নাম-ৰূপ,  উপাসনা পদ্ধতি ইত্যাদি পৃথক পৃথক যেন লাগে যদিও  সকলো মানুহে বেলেগ বেলেগ নাম- ৰূপধাৰী একেজন কৃষ্ণক পৃথক পৃথক পদ্ধতিৰে উপাসনা কৰে । এই কথা  ব্যাখ্যা কৰি কোৱা হৈছে যে যিহেতু কৃষ্ণত বাদে জগতত বা জগতৰ বাহিৰত অন্য কোনো দ্বিতীয় তত্ববস্তু নাই সেয়েহে যিয়ে যি নিয়মেৰে যাকে উপসনা নকৰক কিয় সেই সকলো উপাসনা কেৱল ভগৱান কৃষ্ণৰ উদ্দেশ্যেহে নিবেদন কৰা হয় । মানৱ সমাজত থকা প্ৰত্যেকজন ব্যক্তিৰে চাৰিত্ৰিক বৈশিষ্ট  পৃথক পৃথক । এজন ব্যক্তিৰ মন বুদ্ধিৰ স্থিতি , ৰুচি-অভিৰুচি , কাজ-কৰ্মৰ ধৰণ-কৰণ  ইত্যাদি  আন এজনৰ লগত নিমিলে  । গতিকে ভগৱান কৃষ্ণৰ এটা মাত্ৰ নাম আৰু এটা মাত্ৰ ৰূপে সমস্ত মানৱ সমাজৰ প্ৰত্যেক ব্যক্তিক আকৰ্ষণ কৰা সম্ভৱ নহয় ।  সেই কাৰণে ভগৱান কৃষ্ণই বিভিন্ন নাম- ৰূপ -মহিমা সম্পন্ন অসংখ্য সংখ্যক উপাস্য দেৱী-দেৱতাৰ ৰূপত নিজকে প্ৰকাশ কৰি মানৱ সমাজৰ সকলো স্তৰৰ সকলো লোককে  নিজৰ দিশে আকৰ্ষণ কৰি আছে । মানুহে নিজৰ  নিজৰ বিচাৰ-বুদ্ধি , ৰুচি অভিৰুচি তথা জ্ঞান-সামৰ্থ্য অনুসৰি ভিন্ন ভিন্ন দেৱী-দেৱতাৰ পূজা-উপাসনা কৰে যদিও  দেৱী-দেৱতাৰ উদ্দেশ্যে নিবেদন কৰা পূজা-উপাসনা কৃষ্ণই নিজে গ্ৰহণ কৰে । কথাবিলাক ওপৰোক্ত ধৰণে বিচাৰ-বিশ্লেষণ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে পাৰমাৰ্থিক শিক্ষাদাতা গুৰুৱে  অতি বিনম্ৰতা সহকাৰে দীৰ্ঘকাল ধৰি ওপৰোক্ত তত্বকথা সমুহৰ জ্ঞান নিজৰ শিষ্যক পুংখানুপুংখভাৱে বুজাই দি তেওঁলোকক জগতৰ একমাত্ৰ মূল তত্ববস্তু অৰ্থা ভগৱান কৃষ্ণৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা কৰিব লাগে । (আগলৈ)

Saturday, 15 October 2022

Religious Teachings of the “Satra” Institution of Guru Harideva-143 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৪৩)

 

While describing the essential qualification of a Guru or Spiritual teacher, Guru Harideva tells that Lord Krishna as the Atma or soul in the body pervades each and every constituent cell of our body. Likewise, He is the soul of each and everything available in the creation.  A Spiritual teacher or Guru should be thoroughly conversant about this fact. Also, he should be able to make his disciples convinced about this truth through his scriptural knowledge and arguments. To understand the point, we can think like this. Scriptures say that God is the material cause of our body, that is, the materials with which our body is constructed and maintained comes from God. As explanation, it is told that when a carpenter wants to make one wooden table he has to collect wood, nails etc. Then he has to collect tools like saw, hammer, chisel etc. Then finally by applying his mind, intelligence, technical skill and physical labour he constructs the table. But so far as the construction of our body is concerned, the things are not like that. God enters into each and every minutest constituent particle or cell of the body and controls them. Each of them gets the required materials from God through the food, water, air etc for their sustenance and multiplication. In this manner our whole body gradually and uniformly grows. It is told that each minutest particle or cell lives so long God remains inside it and then dies. The dead cells are replaced by newly born cell. In this way our body remains alive for certain periods. Then the above process of replacement and multiplication of the cells gradually get reduced and finally the whole process is stopped . Thus the end of our body comes and the materials collected from God for its sustenance, maintenance and growth return to their original source, that is, God. This is true in case of all bodies created by God. If the things are analysed as above it can be understood that God, that is, Lord Krishna is indissolubly linked with each and every minutest part or cell of our body. According to Guru Harideva a spiritual teacher or Guru should have the capacity to explain this truth to his disciples. (to be continued)

গুৰুৰ যোগ্যতা বিচাৰ প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই কৈছে যে ঈশ্বৰ কৃষ্ণ আত্মাৰূপে আমাৰ শৰীৰৰ প্ৰতিটো অণু-পৰমাণুতে ব্যাপ্ত হৈ  আছে । একেদৰে সৃষ্টিৰ অন্তৰ্গত সমস্তৰে আত্মা ভগৱান কৃষ্ণ । এজন পাৰমাৰ্থিক শিক্ষক বা গুৰু এই তত্ব সম্পৰ্কে নিজে ভালদৰে অৱগত হোৱা উচিত । লগতে নিজৰ শাস্ত্ৰজ্ঞান আৰু যুক্তিবিচাৰৰ আধাৰত শিষ্যৰ অন্তৰত এই তত্বজ্ঞান সঞ্চাৰ কৰাৰ ক্ষমতা গুৰুৰ থকা উচিত । কথাখিনি বুজাৰ বাবে আমি তলত দিয়া ধৰণে চিন্তা কৰি চাব পাৰো। শাস্ত্ৰত কোৱা হৈছে যে ঈশ্বৰ আমাৰ শৰীৰৰ উপাদান কাৰণ । অৰ্থা যিবিলাক বস্তু বা উপাদানৰ  দ্বাৰা আমাৰ শৰীৰ নিৰ্মাণ হৈছে সেইবিলাক মূলতঃ ঈশ্বৰৰ পৰাই আহিছে আৰু ঈশ্বৰৰ পৰাই উপাদান সংগ্ৰহ কৰি এই শৰীৰ সংৰক্ষিত হৈ চলি আছে । এই কথা ব্যাখ্যা কৰি শাস্ত্ৰত কোৱা হৈছে যে এজন মিস্ত্ৰীয়ে এখন মেজ নিৰ্মাণ কৰাৰ বাবে বাহিৰৰ পৰা কাঠ গজাল আদি সংগ্ৰহ কৰে। লগতে কৰত , হাতুৰী ,বটালি আদি হাতিয়াৰো সংগ্ৰহ কৰে । তাৰ পিছত নিজৰ মন ,বুদ্ধি , কাৰিকৰি কৌশল আৰু শাৰীৰিক শক্তি প্ৰয়োগ কৰি মেজখন নিৰ্মাণ কৰি উলিয়ায়   কিন্তু আমাৰ শৰীৰ নিৰ্মাণৰ বেলিকা কথাবিলাক তেনে নহয় । ঈশ্বৰ শৰীৰৰ প্ৰতিটো ক্ষুদ্ৰাতি-ক্ষুদ্ৰ  অণু বা কোষৰ ভিতৰত প্ৰৱেশ কৰি তাক নিয়ন্ত্ৰণ কৰে । ঈশ্বৰৰ নিয়ন্ত্ৰণ মতে প্ৰত্যেক কোষে  খাদ্য , পানীয় ,বায়ু আদিৰ মাধ্যমত  ঈশ্বৰৰ পৰাই  উপাদান সংগ্ৰহ কৰি  জীৱন ধাৰণ কৰে  আৰু নিজৰ সংখ্যা বৃদ্ধি কৰে । কোষ বৃদ্ধিৰ জৰিয়তে শৰীৰৰ প্ৰত্যেক অঙ্গ-প্ৰত্যঙ্গ সমানুপাতিক হাৰত ক্ৰমান্বয়ে বৃদ্ধি প্ৰাপ্ত হয় । কোৱা হৈছে যে এটা কোষত ঈশ্বৰ যেতিয়ালৈ অৱস্থান কৰি থাকে তেতিয়ালৈ কোষটো জীয়াই থাকে আৰু ঈশ্বৰ অন্তৰ্দ্ধান হোৱাৰ লগে লগে সেই কোষৰ মৃত্যু হয় । অন্য জীৱন্ত কোষে মৃত কোষৰ স্থান পূৰণ কৰে । এনেদৰে আমাৰ শৰীৰ কিছুকাল জীয়াই থাকে । তাৰ  পিছত কোষৰ সংখ্যা বৃদ্ধি আৰু মৃত কোষৰ স্থান পূৰণ প্ৰক্ৰিয়াৰ গতি লাহে লাহে কমি আহে আৰু এটা সময়ত এই প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বন্ধ হয় । ইয়াৰ লগে লগে শৰীৰৰ মৃত্যু হয় বা ভগৱান কৃষ্ণ সেই শৰীৰৰ পৰা অন্তৰ্দ্ধান হয় আৰু তেতিয়া শৰীৰে ঈশ্বৰৰ পৰা সংগ্ৰহ কৰা উপাদান পুনৰ মূল কাৰণ বা ঈশ্বৰত বিলীন হয়। কেৱল আমাৰ শৰীৰৰেই নহয় ঈশ্বৰে জগতত যিমান প্ৰকাৰৰ শৰীৰ সৃষ্টি কৰিছে সেই সকলো শৰীৰৰ ক্ষেত্ৰতে এই কথা সত্য । ওপৰোক্ত প্ৰকাৰে বিচাৰ কৰি চালে দেখা যায় যে ঈশ্বৰ অৰ্থাৎ ভগৱান কৃষ্ণ আমাৰ শৰীৰৰ প্ৰতিটো অণু-পৰমাণুৰ সৈতে ওতঃপ্ৰোত ভাৱে যুক্ত হৈ আছে। হৰিদেৱ গুৰুজনাৰ মতে শিষ্যক এনে  তত্বজ্ঞান বুজাই দিয়াৰ ক্ষমতা এজন পাৰমাৰ্থিক গুৰুৰ থকা উচিত । (আগলৈ)

Sunday, 9 October 2022

Religious Teachings of the “Satra” Institution of Guru Harideva-142 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৪২)

 

Guru Harideva  suggests that one should   study or listen to the explanation of  Bhagavadgita and Bhagavata from competent person daily. Also ,one should perform spiritual practice and live his day to day  life in accordance with the instructions contained in those two scriptures. Before coming to this conclusion he studied the Vedas, Darshanas, Puranas and all other relevant Vedic scriptures. According to him the Bhagavadgita and the Bhagavata contain the gist of the Vedanta, that is, the knowledge part of the Vedas. In the Vedas it is told that there is only one Ultimate Truth and the learned persons explain this Ultimate Truth in various different ways. Because of that we find huge number of Vedic scripture. The contents of different Vedic scripture may appear to be different in the mind of common people. But in actuality each and every Vedic scripture explains only one thing  and that is called the Ultimate Truth  or the Soul or “Atma” .  Realization of   this Ultimate Truth or the soul or the self inside us is the ultimate aim of human life. In each Vedic scripture it is explained that except the soul or “Atma” all other things in this world or outside it do not exists forever. They appear, then exist for some time and then disappear. During the period of their existence continuous changes occur in them. So though we see them, hear them or feel them by other means, their existence cannot  be considered as true . Different names ,forms and glories are attributed to the Ultimate Truth or the soul in different Vedic scripture to make common people understand the subject . In the Bhagavata and the Bhagavdgita the Ultimate Truth is named as Lord Krishna and his divine glorious activities are described there in a comparatively simpler way. Guru Harideva tells that if one can realize the  soul inside him in the name and form of Lord Krishna from the descriptions given in these two scriptures then he can easily attain self realization which is the ultimate goal of human life. Now, there are so many things to be learnt from a competent person or Guru in order to understand the knowledge and instructions contained in the Bhagavata and the Bhagavadgita and  live a practical life in accordance with them. Explaining the things as above  Guru Harideva suggests that one’s spiritual teacher or Guru should be thoroughly conversant with the knowledge and instructions contained in the Bhagavata and Bhagavadgita. ( to be continued )  

হৰিদেৱ গুৰুজনাই উপদেশ দি কৈছে যে প্ৰত্যেক ব্যক্তিয়ে প্ৰতি দিনে ভাগৱত আৰু ভগৱদ্গীতা অধ্যয়ন কৰিব লাগে অথবা অন্য উপযুক্ত লোকে কৰা পাঠ আৰু ব্যাখ্যা শ্ৰৱণ কৰিব লাগে।লগতে কৈছে যে গীতা আৰু ভাগৱত শাস্ত্ৰই দিয়া জ্ঞান আৰু উপদেশ অনুসৰি পাৰমাৰ্থিক সাধনা কৰিব লাগে আৰু দৈনন্দিন  ব্যৱহাৰিক জীৱন যাপন কৰিব লাগে। এই সিদ্ধান্তলৈ অহাৰ আগতে গুৰুজনাই বেদ ,দৰ্শন , সমস্ত পুৰাণ আৰু অন্যান্য  বৈদিক শাস্ত্ৰসমুহ তন্ন তন্নকৈ অধ্যয়ন কৰিছিল ।তেওঁৰ মতে ভাগৱত আৰু ভগৱদ্গীতা বেদৰ জ্ঞানকাণ্ড বা বেদান্তৰ সাৰ অংশ । বেদত কোৱা হৈছে যে পৰম সত্য এক আৰু এই এক পৰম সত্যকে ঋষি-মুনিসকলে বিভিন্ন প্ৰকাৰে ব্যাখ্যা কৰিছে ।তাৰ ফলতে বিভিন্ন প্ৰকাৰৰ আৰু বহু সংখ্যক বৈদিক শাস্ত্ৰ দেখিবলৈ পোৱা যায় । সাধাৰণ মানুহৰ দৃষ্টিত প্ৰত্যেক শাস্ত্ৰৰ বিষয়-বস্তু পৃথক পৃথক যেন লাগে । কিন্তু প্ৰকৃততে প্ৰতিখন শাস্ত্ৰত একেটা বিষয় ব্যাখ্যা কৰা হৈছে আৰু সেয়া হৈছে পৰম সত্য বা আত্মা । এই পৰম সত্য বা আত্মাক উপলব্ধি কৰাই মানৱ জীৱনৰ চৰম লক্ষ্য বুলি কোৱা হৈছে ।প্ৰতিখন বৈদিক শাস্ত্ৰতে কোৱা হৈছে যে আত্মাত বাদে জগতৰ ভিতৰে বাহিৰে যিমান বস্তু আছে সেই সমস্তই নশ্বৰ ।আত্মা বা পৰম সত্যত বাদে সমস্ত বস্তু আবিৰ্ভাৱ হয়, কিছুদিন থাকে আৰু তাৰ পিছত বিলুপ্ত হয় । স্থিতিশীল  অৱস্থাতো বস্তুসমুহ অবিৰতভাৱে পৰিবৰ্ত্তিত হৈ থাকে। সেয়েহে বস্তসমুহ চাব বা অন্য প্ৰকাৰে অনুভৱ কৰিব পাৰি যদিও একো বস্তুৰে অস্তিত্ব সত্য বুলি ধৰিব নোৱাৰি। বিষয়টো সাধাৰণ মানুহৰ বোধগম্য কৰাৰ বাবে বিভিন্ন শাস্ত্ৰত পৰম সত্য বা আত্মাত ভিন্ন ভিন্ন নাম , গুণ আৰু মহিমা আৰোপ কৰা হৈছে । ভাগৱত আৰু গীতা শাস্ত্ৰত পৰম সত্য বা আত্মাৰ নাম দিয়া হৈছে শ্ৰীকৃষ্ণ আৰু ইয়াতে শ্ৰীকৃষ্ণৰ গুণ, মহিমা আৰু ঐশ্বৰিক কাৰ্যাৱলী তুলনামূলকভাৱে সহজ সৰলকৈ ব্যাখ্যা কৰা হৈছে। গুৰুজনাই কৈছে যে গীতা আৰু ভাগৱত শাস্ত্ৰৰ কথা শুদ্ধভাৱে বুজিব পাৰিলে নিজৰ ভিতৰতে থকা আত্মা বা ভগৱান কৃষ্ণক উপলব্ধি কৰিব পাৰি অৰ্থাৎ আত্মজ্ঞান লাভ কৰি মানৱ জীৱনৰ চৰম লক্ষ্যত উপনীত হব পাৰি । এতিয়া কথা হৈছে গীতা আৰু ভাগৱতত দিয়া জ্ঞান আৰু উপদেশ শুদ্ধভাৱে বুজি লৈ সেইমতে পাৰমাৰ্থিক সাধনা আৰু দৈনন্দিন জীৱন যাপন কৰাৰ বাবে উপযুক্ত শিক্ষক বা গুৰুৰ পৰা অনেক কথা শিকিব লগীয়া থাকে ।সেয়েহে হৰিদেৱ গুৰুজনাই কৈছে যে শিষ্যই ভাগৱত আৰু গীতা শাস্ত্ৰৰ পূৰ্ণ জ্ঞান থকা গুৰু নিৰ্বাচন কৰা উচিত।(আগলৈ)      

Monday, 3 October 2022

Religious Teachings of the “Satra” Institution of Guru Harideva-141 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৪১)

 

In our practical life we see that after prolonged research and experiment the great scholars discover some new theory on certain subject . A student of that subject at the lower stage of his study cannot directly understand the theory discovered by the great scholar . There is another class of scholar who write text books to explain the theory discovered by the great scholars. In the text book the original theory is explained in a simpler way. After that also the student cannot clearly understand the theory . So,  help from  a competent teacher is needed to make the subject already explained in the text book more clear to the student. The teacher mixes the contents of the text book with his own knowledge and practical experiences to make the subject clear to the student. He also answers all questions put to him by the student and removes all doubts of the student. After that only the student becomes able to gain full knowledge of the subject concerned. The things are similar in case of spiritual knowledge and practice also. It is said that the Vedas were revealed by the God Almighty to the sages of higher spiritual discipline. The Vedas are the source of all kinds of knowledge . Common people can not understand the Vedas . So some of the sages wrote huge volumes of scriptures to make the Vedas clear to the common people . Now,  common ignorant people can not read complete volumes of Vedic scripture . Also , it is not possible for a common man to select the  scriptures suitable for him for acquiring proper and complete spiritual knowledge and perform spiritual practice in accordance with that knowledge .  Here the necessity of a spiritual teacher  arises . Guru Harideva, as the most competent spiritual master , selected the Bhagavata  for his disciples. According to him  the Bhagavata is the best Vedic Scripture for the common ignorant people of the current age of Kali and all should perform spiritual practice in accordance with the knowledge and instructions contained in the Bhagavata. He suggests his disciples and followers to approach a Guru who understand the underlying meaning of the verses contained in the Bhagavata and surrender to such a Guru  for further instructions  in the field of spiritual practice. (to be continued)

ব্যৱহাৰিক জীৱনত আমি দেখা পাওঁ যে কোনো জ্ঞানী পণ্ডিত ব্যক্তিয়ে দীৰ্ঘকালীন অনুসন্ধান আৰু পৰীক্ষা-নিৰীক্ষা কৰি কোনো এটা বিষয়ৰ নতুন তত্ব আবিষ্কাৰ কৰে । বিষয়টোৰ ওপৰত অধ্যয়ন কৰা ছাত্ৰ এজনে প্ৰথম অৱস্থাত গৱেষকে আৱিষ্কাৰ কৰা তত্ব বুজি নাপায়। অন্য এচাম বিজ্ঞ্-অভিজ্ঞ পণ্ডিতে মূল গৱেষকৰ তত্ব অধ্যয়ন কৰি সেই তত্ব ব্যাখ্যাৰ দ্বাৰা  বিষয়টো সহজবোধ্য কৰি পাঠ্য পুস্তক প্ৰণয়ন কৰে ।পাঠ্যপুস্তত লিখা কথা মূল গৱেষকৰ তত্বকথাতকৈ অনেক সহজ-সৰল হয়। কিন্তু  পাঠ্যপুস্তক পঢ়িও ছাত্ৰজনে মূল তত্বকথা স্পষ্টভাৱে বুজি নাপায় সেয়েহে ছাত্ৰজনক স্পষ্ট ৰূপত তত্বজ্ঞান বুজাই দিয়াৰ বাবে এজন উপযুক্ত শিক্ষকৰ প্ৰয়োজন হয়। শিক্ষকজনে পাঠ্যপুথিলিখা কথাৰ সৈতে নিজৰ ব্যৱহাৰিক জ্ঞান আৰু অভিজ্ঞতাৰ সংমিশ্ৰণ কৰি ছাত্ৰক বুজায় ইয়াৰ  লগতে ছাত্ৰৰ মনত উদয় হোৱা প্ৰশ্নৰ উত্তৰ দি সকলো সন্দেহ সংশয় দূৰ কৰে তাৰ পিছতহে ছাত্ৰজনে বিষয়-বস্তুৰ পূৰ্ণ জ্ঞান লাভ কৰিব পাৰে ।পাৰমাৰ্থিক বিষয়ৰ জ্ঞান অৰ্জন আৰু সাধনাৰ ক্ষেত্ৰতো কথাবিলাক প্ৰায় একে ।কোৱা হৈছে যে উচ্চ স্তৰৰ পাৰমাৰ্থিক জ্ঞান আৰু সাধনা সম্পন্ন ঋষি-মুনিসকলৰ অন্তৰত পৰমেশ্বৰে বেদ প্ৰকট কৰিছিল । বেদ সমস্ত প্ৰকাৰ জ্ঞানৰ মূল ভাণ্ডাৰ ।সাধাৰণ মানুহে বেদ বুজি পোৱা সম্ভৱ নহয় । জনসাধাৰণৰ মনত বেদজ্ঞান স্পষ্ট কৰাৰ উদ্দেশ্যে এচাম ঋষি-মুনিয়ে শাস্ত্ৰ প্ৰণয়ণ কৰি বিভিন্ন প্ৰকাৰে বেদ ব্যাখ্যা কৰাৰ ফলত  বৈদিক শাস্ত্ৰৰ সুবিশাল ভাণ্ডাৰ সৃষ্টি হৈছে।কোনো ব্যক্তিৰ পক্ষে সমগ্ৰ বৈদিক শাস্ত্ৰ পঢ়ি বেদজ্ঞান লাভ কৰা সম্ভৱ নহয়।আনহাতে বৈদিক শাস্ত্ৰৰ বিশাল ভাণ্ডাৰৰ পৰা নিজৰ বাবে উপযোগী শাস্ত্ৰ নিৰ্বাচন কৰা আৰু সেই শাস্ত্ৰৰ জ্ঞান আৰু উপদেশমতে পাৰমৰ্থিক সাধনা কৰা কৌশল আয়ত্ব কৰা  সাধাৰণ অজ্ঞানী লোকৰ পক্ষে সম্ভৱ নহয়। এইখিনিতে পাৰমাৰ্থিক বিষয়ৰ উপযুক্ত শিক্ষক বা গুৰুৰ প্ৰয়োজন আহি পৰে । পাৰমাৰ্থিক বিষয়ৰ পৰম তত্বজ্ঞান সম্পন্ন শিক্ষক হৰিদেৱ গুৰুজনাই নিজৰ শিষ্য-ভকতৰ বাবে ভাগৱত শাস্ত্ৰ নিৰ্বাচন কৰিছে । গুৰুজনাই কৈছে যে বৰ্ত্তমান কাল বা কলিযুগৰ সাধাৰণ অজ্ঞানী লোকৰ বাবে ভাগৱত সৰ্বোত্তম শাস্ত্ৰ ।এই যুগৰ সকলো লোকে ভাগৱত শাস্ত্ৰত দিয়া জ্ঞান আৰু উপদেশৰ আধাৰত পাৰমাৰ্থিক সাধনা কৰা উচিত ।গুৰুজনাই লগতে কৈছে যে ভাগৱত শাস্ত্ৰত সন্নিবিষ্ট শ্লোক সমুহৰ অন্তৰ্নিহিত গুঢ় অৰ্থ বুজি পোৱা ব্যক্তিহে গুৰু হোৱাৰ যোগ্য ।গুৰুজনাই নিজৰ শিষ্য আৰু অনুগামী সকলক তেনেকুৱা যোগ্য গুৰুৰ শৰণ গ্ৰহণ কৰি সেই গুৰুৰ উপদেশ অনুসৰি পাৰমাৰ্থিক সাধনা কৰাৰ উপদেশ দিছে।( আগলৈ)