“I”
means my body – at all times of the
day and night we feel like that. Verbally we use to say
that this is my body. But in actuality if we think for a while then we deeply
feel that this body is not mine, instead the body itself is me . In other words
we always feel that the body and the soul are one and same. According to
scriptures this feeling comes due to very intimate association of the body and
the soul. This fact has been explained in the scriptures with an analogy as
follows. When an iron rod is kept in touch with fire it becomes hot. In this case each component cell of the iron rod acquires
heat from fire and as a result the rod becomes hot . When the rod is isolated from fire then each
cell of the rod loses heat and the rod is cooled down again. In a similar way
when the soul remains associated with the body each component cell of the body
is activated and the body performs its normal function. As soon as the soul is
detached from the body the whole body stops functioning or the body dies. That
is, if the soul is there then only the body exists, otherwise the body can not
exist. In other words the existence of body is dependent upon the presence of soul
in the body and the soul can exists without being associated with a body . In Bhagavata this fact has been explained with an analogy .
There it is said that air , water , earth, fire and ether are the constituent materials of all bodies
present in the creation. But this five basic elements remain outside the created bodies without being associated
with them also . In a similar way the soul remains associated with the bodies
and without being associated with the bodies. In the writings of Guru Harideva it is said that the soul for the entire bodies in the creation is only
one. Bhagavata names this unique soul as Lord
Krishna. Also , through various stories related with life and activities performed
by Lord Krishna, Bhagavata simplifies the above critical contents of the
Vedas and Upanishadas to bring them to the level of the understanding capacity of common people . The aim of
the satra institutions established by Guru Harideva is to practically teach
people to realize these facts through the narrations contained in the Bhagavata . He says that a person who is thoroughly conversant with
the above knowledge and its practical application should be selected as
spiritual master or Guru by a disciple . ( to be continued )
“মই”
মানে মোৰ এই শৰীৰ – দিন ৰাতিৰ সমস্ত সময় আমি এই কথা অনুভৱ কৰো । মুখেৰে এইটো মোৰ
শৰীৰ বুলি কোৱা হয় । কিন্তু অলপ চিন্তা কৰি চালেই আমি গভীৰ ভাৱে অনুভৱ কৰিব পাৰো
যে প্ৰকৃততে শৰীৰটো মোৰ নহয় , শৰীৰটোহে
মই । অন্যভাৱে ক’ব পাৰি যে শৰীৰ আৰু আত্মা একে বুলি
আমি সদায় অনুভৱ কৰি থাকো । শাস্ত্ৰত কোৱা হৈছে যে শৰীৰৰ সৈতে আত্মা ওতঃপ্ৰোত ভাৱে
জড়িত হৈ থকা বাবে আমাৰ এনে অনুভৱ হয় । কথাখিনি তলৰ উপমাৰ দ্বাৰা বুজোৱাৰ চেষ্টা
কৰা হৈছে । লোৰ মাৰি এডাল জুইৰ সৈতে সংযুক্ত কৰি ৰাখিলে
ইয়াৰ প্ৰতিটো অণু-পৰমাণুৱে জুইৰ পৰা তাপ
গ্ৰহণ কৰে । তাৰ ফলত মাৰিডাল গৰম হয় ।
মাৰিডাল জুইৰ সংযোগৰ পৰা বিচ্ছিন্ন কৰিলে ইয়াৰ প্ৰতিটো অণু-পৰমাণুৱে তাপ এৰি দিয়ে
আৰু মাৰিডাল পুনৰ ঠাণ্ডা হয় । একেদৰে শৰীৰৰ সৈতে আত্মাৰ সংযোগ সাধন হ’লে
শৰীৰৰ প্ৰতিটো কোষ কাৰ্যক্ষম হয় আৰু শৰীৰে নিজৰ কাম কৰে । আত্মাৰ সৈতে সংযোগ বিচ্ছিন হোৱাৰ লগে লগে শৰীৰ অকামিলা হয় বা
শৰীৰ মৰে । অৰ্থাৎ আত্মা
থকিলে শৰীৰ থাকে আৰু আত্মা অবিহনে শৰীৰৰ অস্তিত্ব নাথাকে ।
অন্যভাৱে ক’ব পাৰি যে শৰীৰৰ অস্তিত্ব আত্মাৰ উপস্থিতিৰ ওপৰত নিৰ্ভৰশীল কিন্তু
আত্মা কোনো শৰীৰৰ সৈতে সংযুক্ত নোহোৱাকৈও থাকে । এই কথা বুজোৱাৰ বাবে ভগৱতে তলৰ উপমা প্ৰয়োগ কৰিছে । ইয়াত কোৱা হৈছে যে অগ্নি ,বায়ু
, জল ,পৃথ্বী আৰু আকাশ – এই পঞ্চ মহাভূত
জগতত সৃষ্টি হোৱা সমস্ত শৰীৰৰ উপাদান । কিন্তু এই পাঁচ উপাদান কোনো শৰীৰৰ সৈতে
সংযুক্ত নোহোৱাকৈ মুক্ত অৱস্থাতো থাকে ।
একেদৰে আত্মা শৰীৰৰ সৈতে সংযুক্ত হৈও থাকে আৰু শৰীৰৰ সৈতে সংযুক্ত নোহোৱাকৈও থাকে । ভাগৱতত কোৱা হৈছে যে সৃষ্টিৰ সমস্ত শৰীৰৰে আত্মা এক । হৰিদেৱ গুৰুজনাই তেওঁৰ লিখনিত কৈছে যে এই এক আত্মাকে ভাগৱতত ভগৱান শ্ৰীকৃষ্ণ বুলি কোৱা হৈছে । লগতে ভাগৱতত অসংখ্য কাহিনী-উপকাহিনীৰ সহায়ত ভগৱান
শ্ৰীকৃষ্ণৰ জীৱন আৰু কৰ্মৰাজি তুলি ধৰি বেদ-উপনিষদৰ
অন্তৰ্গত গভীৰ আত্মতত্ব জ্ঞান সৰ্বসাধাৰণে
বুজিব পৰাকৈ সহজ সৰলভাৱে ব্যাখ্যা কৰা হৈছে । ভাগৱতত
বৰ্ণিত কাহিনী সমুহৰ আধাৰত আত্মতত্ব জ্ঞান আহৰণৰ পথ জনসাধাৰণক ব্যৱহাৰিক
ৰূপত বুজাই দিয়াই হৰিদেৱ গুৰুজনাৰ দ্বাৰা স্থাপিত সত্ৰৰ মুখ্য উদ্দেশ্য ।গুৰুজনাই
কৈছে যে ওপৰোক্ত বিষয়-বস্তু সম্পৰ্কত বিশদ জ্ঞান আৰু ব্যৱহাৰিক অভিজ্ঞতা সম্পন্ন
ব্যক্তিক শিষ্যই গুৰু হিচাপে গ্ৰহণ কৰা উচিত ।(আগলৈ)