Thursday, 22 December 2022

Religious Teachings of the “Satra” Institution of Guru Harideva-158 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৫৮)

 

Guru Harideva was a scholar of the Vedas, Vedic Philosophy, Bhagavata and all other Vedic scriptures. But he was aware of the fact that all people in this world are not educated as like as he himself. Due to various reasons all people are not equal in every respect. We know that during climbing of one ladder by a group  some people remain on the lower steps and some remain on a higher steps in  que in accordance with time and scope of each people. But ultimate aim of every people is to reach the top most stair of the ladder and they reach it sooner or later. Similarly all people reach their own destination sooner or later  according to their own scope and effort. But if proper guidance is provided people can reach the destination earlier. The duty of a spiritual master is to provide that guidance in accordance with the knowledge and instruction  contained in the Vedic Scriptures. Moreover, the knowledge and suggestion shared by the Vedic Sages through the scriptures are meant for the benefit of the whole mankind. So, all people have equal right over those irrespective of their own level of knowledge, understanding and social position. But common people are not aware of this fact. We can try to understand this point as follows. There may be huge property in the name of a person. But unless he knows the fact, he cannot proceed to take possession of his own property. Also, to recover the properties it becomes essential for him to learn the correct procedure of doing that. Similarly, unless a common human being does not know that he has equal right over the huge treasure of knowledge kept preserved for them by the ancient Vedic Sages, he cannot proceed to attain the same . The duty of a spiritual master or Guru is to bring these facts to the notice of common ignorant people and guide them for attainment of the same. Considering these facts Guru Harideva used to keep serious disciples in his hermit at Maneri for their training. The length of the training period was from one to four years depending upon the general merit and capacity of his disciples. After completion this training only they were sent to different place of Kamrupa for educating common people in accordance with  his religious philosophy . ( to be continued)   

হৰিদেৱ গুৰুজনা বেদ , বৈদিক দৰ্শন , ভাগৱত আৰু অন্যান্য বৈদিক শাস্ত্ৰৰ বিদগ্ধ পণ্ডিত আছিল । কিন্তু তেওঁ এই কথাও ভালদৰে জানিছিল যে জগতৰ সকলো মানুহ তেওঁ দৰে শিক্ষিত নহয় । বিভিন্ন কাৰণবশতঃ জগতৰ সকলো মানুহ সকলো দিশতে একে সমান হব নোৱাৰে । আমি বহুজনে যেতিয়া একেডাল  জখলা  বগাবলৈ যাওঁ তেতিয়া প্ৰত্যেকজন মানুহৰ নিজস্ব সময় আৰু সুবিধামতে কোনোজন  জখলাৰ ওপৰৰ খোপত আৰু কোনোজন  তলৰ খোপত শাৰী পাতো । কিন্তু জখলাৰ একেবাৰে ওপৰৰ খোপত উঠা প্ৰত্যেকৰে লক্ষ্য আৰু প্ৰত্যেকে  কিছু অগা-পিছাকৈ জখলাৰ একেবাৰে ওপৰৰ খোপ ঢুকি পায় । একেদৰে প্ৰত্যেক মানুহে নিজ চেষ্টা অনুসৰি সোনকালে বা পলমকৈ নিজৰ লক্ষ্যস্থানত উপস্থিত হয় । কিন্তু উপযুক্ত  সহায় সহযোগ পালে মানুহে সোনকালে নিজৰ লক্ষ্যস্থানত উপনীত হব পাৰে । গুৰুৰ কৰ্ত্তব্য হৈছে  বৈদিক শাস্ত্ৰৰ নীতি-নিৰ্দেশনা অনুসৰি মানুহক  তেনে সহায়-সহযোগিতা কৰা । তদুপৰি প্ৰাচীন কালৰ ঋষি-মুনি সকলে শাস্ত্ৰৰ মাধ্যমত   জ্ঞান আৰু উপদেশ সমগ্ৰ সমাজৰ উপকাৰৰ  অৰ্থে দি গৈছে । সেইবোৰৰ ওপৰত জ্ঞানী-অজ্ঞানী নিৰ্বিশেষে মানৱ সমাজৰ সকলো শ্ৰেণীৰ সকলো লোকৰ  সমান অধিকাৰ আছে ।  কিন্তু সকলো মানুহে সেই কথা নাজানে । কথাখিনি বুজাৰ বাবে আমি এনেদৰে চিন্তা কৰি চাব পাৰো  । কোনো এজন ব্যক্তিৰ নামত বৃহৎ পৰিমাণৰ সা-সম্পত্তি থাকিব পাৰে । কিন্তু সংশ্লিষ্ট ব্যক্তিজনে যদি সেই কথা গম নাপায় আৰু  কেনেকৈ উদ্ধাৰ কৰিব লাগে  তাক নাজানে তেন্তে তেওঁ সেই সম্পত্তি নিজৰ অধিকাৰলৈ আনিব নোৱাৰে । একেদৰে বৈদিক শাস্ত্ৰসমুহত ঋষি-মুনিসকলে মানৱ জাতিৰ বাবে অমূল্য জ্ঞানভাণ্ডাৰ সাঁচি ৰাখিছে বুলি নাজানিলে মানুহে সেই জ্ঞান আহৰণ কৰা সম্ভৱ নহয় গুৰুৰ কৰ্ত্তব্য হৈছে অজ্ঞানী মানুহক সেই জ্ঞান ভাণ্ডাৰৰ সন্ধান দিয়াৰ লগতে তাক কিদৰে আহৰণ কৰিব পাৰি তাৰ শিক্ষা দিয়া। কথাবিলাক এনেদৰে বিচাৰ কৰি হৰিদেৱ গুৰুজনাই তেওঁ মানেৰী আশ্ৰমত নিৰ্বাচিত শিষ্যক ৰাখি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিল । প্ৰশিক্ষণকালৰ দৈৰ্ঘ্য শিষ্যৰ শিক্ষা-দীক্ষা আৰু বুদ্ধিবৃত্তিৰ স্তৰ অনুসৰি একৰ পৰা চাৰিবছৰ পৰ্যন্ত নিৰ্ধাৰণ কৰা হৈছিল প্ৰশিক্ষণৰ অন্তত সেইকল প্ৰশিক্ষিত শিষ্যক পুৰণি কামৰূপৰ বিভিন্ন স্থানলৈ পঠিয়াই জনসাধাৰণক ওপৰোক্ত ধৰণৰ ধৰ্মীয় আৰু সামজিক মূল্যবোধৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছিল। (আগলৈ)

No comments:

Post a Comment