The spiritual
practices suggested by Guru Harideva are based on teachings and instructions
contained in the Bhagavata. In Bhagavata it is said that knowledge is earned by a human being through
Guru-Disciple tradition only. The knowledge flows from senior to junior or from
people of higher knowledge to people of lower knowledge or
from different living-nonliving entities available in nature. Occurring of different types
of natural or unnatural happenings in the surrounding world also teach people so many lessons . The
people or thing that convey knowledge is
considered as Guru and the people who receive knowledge from the conveyor is considered as disciple . This is true in
case of each kind of knowledge transferred form one source to another. Thus , it
is not essential that a human being only can become Guru of another human being. In Bhagavata this fact has been explained elaborately
through the life story of one very famous and learned sage named Dattatreya. It
is said that sage Dattatreya learnt
different useful lessons from twenty four entities prior to attainment of spiritual perfection .
He admitted that the good qualities essential for an ideal human being were learnt
by him from various kinds of behavior shown and activities performed by animals , birds
,insects ,reptiles etc. Some activities performed by human being of general
householder category also taught him lessons pertaining to spiritual world . So , he considered all of them as his Guru . In Bhagavata it is
mentioned that he made spiritual practice in accordance with the lessons taught
by those Gurus and attained spiritual perfection. Now, from the experience of
our life it can be seen that though many useful lessons can be
learnt from natural happenings, animals, birds, insects, reptiles etc. all
activities performed and all behavior shown by them are not ideal for a human
being. Similarly all types of spiritual practices suggested in various types of religious
faiths are not suitable for all spiritual practitioners. Analyzing the things as above Guru Harideva
suggests that a Guru or Spiritual Master
with sufficient knowledge and
experiences as above can only discriminate such minutes and he can suggest correct ways of spiritual
practices for the benefit of his disciples. ( to be continued)
হৰিদেৱ
গুৰুজনাই নিজৰ শিষ্য আৰু অনুগামী সকলক দিয়া পাৰমাৰ্থিক জ্ঞান আৰু নিৰ্দেশ কৰা
সাধনাৰ পথ ভাগৱত শাস্ত্ৰৰ ব্যৱহাৰিক জ্ঞান আৰু
উপদেশৰ ওপৰত আধাৰিত । ভাগৱতত কোৱা হৈছে যে মানুহে লাভ কৰা জ্ঞানৰ সৈতে গুৰু-শিষ্য পৰম্পৰা সংযুক্ত হৈ থাকে । জ্ঞানৰ
প্ৰবাহ বয়োজ্যেষ্ঠ্যৰ পৰা কনিষ্ঠ পুৰুষলৈ , অধিক জ্ঞানী পুৰুষৰ পৰা ক’ম
জ্ঞানী পুৰুষলৈ অথবা প্ৰকৃতিৰ অন্তৰ্গত বিভিন্ন জীৱ আৰু জড় বস্তুৰ পৰা মানুহৰ মনলৈ প্ৰবাহিত হয় । জগতত সংঘটিত হৈ থকা
বিভিন্ন প্ৰকাৰৰ প্ৰাকৃতিক আৰু অপ্ৰাকৃতিক ঘটনা সমূহেও মানুহৰ অনেক পাঠ শিকায় । যি
মানুহ,বস্তু বা ঘটনাই মানুহক পাঠ শিকায় তাকে গুৰু বুলি ধৰা
হয় আৰু যি মানুহে সেই পাঠ গ্ৰহণ কৰে তেওঁক শিষ্য বুলি গণ্য কৰা হয় । এটা উৎসৰ পৰা
অন্য এটা স্থানলৈ যি জ্ঞান প্ৰবাহ প্ৰবাহিত হয় সেই সকলোৰে ক্ষেত্ৰত এই কথা সত্য । গতিকে
এজন মানুহে অন্য এজন মানুহকে গুৰু হিচাপে গ্ৰহণ কৰিব লাগে বুলি কোনো কথা
বাধ্যতামূলক নহয় । ভাগৱতত মহা জ্ঞানী
বিখ্যাত ঋষি দত্তাত্ৰেয়ৰ কাহিনীৰ জৰিয়তে এই কথা বিশদভাৱে ব্যাখ্যা কৰা হৈছে । ঋষি
দত্তাত্ৰেয়ই চৌবিশজন গুৰুৰ পৰা তত্বজ্ঞান
লাভ কৰাৰ অন্তত পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰিছিল বুলি ভাগৱতত উল্লেখ কৰা হৈছে । জীৱ-জন্তু
, চৰাই-চিৰিকটি . কীট-পতঙ্গ আৰু কিছু সংখ্যক সংসাৰী মানুহৰ পৰা
পাৰমাৰ্থিক সাধনাৰ শিক্ষা লাভ কৰিছিল বুলি ঋষি গৰাকীয়ে উল্লেখ কৰিছে । লগতে সেই সকলে দেখুওৱা সাধনাৰ পথ অনুসৰি সাধনা কৰি
তেওঁ পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰিছিল বুলিও উল্লেখ কৰিছে । সেই কাৰণে
ওপৰত উল্লেখ কৰা সকলোকে তেওঁ গুৰু জ্ঞান
কৰিছিল বুলি কোৱা হৈছে । এতিয়া আমাৰ নিজৰ
জীৱনৰ অভিজ্ঞতাৰ পৰা দেখা যায় যে জগতৰ
ঘটনা-পৰিঘটনা , জীৱ-জন্তু , চৰাই-চিৰিকতি, গৃহস্থ
সংসাৰী লোক ইত্যাদিৰ পৰা শিকিব লগীয়া বা
অনুসৰণ কৰিব লগীয়া অনেক কথা থাকে । কিন্তু ইবিলাকৰ
সমগ্ৰ আচাৰ আচৰণ আৰু ইবিলাকে কৰি দেখুওৱা সকলো কাম মানুহৰ বাবে অনুকৰণীয় নহয় । একেদৰে জগতত প্ৰবৰ্ত্তিত হৈ থকা সকলো ধৰ্মৰ সমস্ত শিক্ষা
আৰু আচাৰ-আচৰণৰ মাজত অনেক শিকিব বা অনুকৰণ কৰিব লগীয়া বিষয়
আছে । কিন্তু এজন মনুহৰ বাবে সকলো ধৰ্মৰ সকলো
সাধনপথ অনুকৰণীয় হ’ব নোৱাৰে । কথাবিলাক ওপৰোক্ত ধৰণে বিচাৰ বিশ্লেষণ কৰি হৰিদেৱ
গুৰুজনাই কৈছে যে পাৰমাৰ্থিক গুৰুৰ ওপৰোক্ত প্ৰকাৰৰ সূক্ষ্ম বিচাৰ আৰু
পাৰ্থক্যবোধ থাকিলেহে তেওঁ শিষ্যক শুদ্ধ পাৰমাৰ্থিক
সাধন পথ দেখুৱাব পাৰে । (আগলৈ)
No comments:
Post a Comment