Wednesday, 27 September 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-192 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৯২)

 

It is already mentioned that Guru Harideva granted honourable position to women in his Satra Institution. In this regard we collected some preliminary information regarding position of women in the Vedic and Epic periods in the preceding posts. Compared to that the position of women was lowered during the later periods of Dharma Sastras and Puranas. In the Dharma Sastras so many restrictions were imposed upon women. Through those restrictions freedom of women was curtailed and they were brought under control of men under all conditions of life. Sons were given more privileges than the daughters in family. Daughters were deprived of formal education. Women were prevented from studying the Vedas. As a result of imposition of so many restrictions upon half of the population some problems started creeping in the social field. Pre-puberty marriage, prohibition on re-marriage of widows, introduction of  “Sati” and “purdah” systems ,  practice of polygamy , forbidding women to enter temple, to offer sacrifices , to practice penance and to undertake pilgrimages etc.  were some of them. However, in spite of those the Dharma Sastras declare that a society where there is no honor for women  gradually deteriorates from all sides and finally gets destroyed. Now regarding the  Puranas it can be said that the stories narrated in the Puranas contain many objectionable remarks against the women. Those were necessary to make the educative parts of the Puranas clear to common people . But without going to the depth of those descriptions general people used to accept simple meaning of them. Moreover , in later periods the original versions of the Puranas were copied and translated to different languages at different times and places by different scholars. While doing so the scholars introduced their own comments and views regarding women characters in the Puranas. General people were unable to understand those developments. So, they took the simple meaning of the things written in the part of the vast Puranas made available to them and used to form their own ideas regarding women as a whole. As a result of those developments the position of women were lowered further in the Puranic period. ( to be continued)

হৰিদেৱ গুৰুজনাই সত্ৰানুষ্ঠানত নাৰীক দিয়া অধিকাৰৰ বিষয়ে কৰা আলোচনা প্ৰসঙ্গত ইতিমধ্যে বৈদিক আৰু মহাকাব্যৰ যুগৰ সমাজত নাৰীৰ স্থান সম্পৰ্কে কিছু সাধাৰণ আভাস লোৱা হৈছে ।ইয়াৰ তুলনাত পৰবৰ্ত্তী কালত অৰ্থা ধৰ্মশাস্ত্ৰ আৰু পুৰাণৰ যুগত সমাজত নাৰীৰ স্থান ক্ৰমান্বয়ে নিম্নগামী হৈছিল । ধৰ্মশাস্ত্ৰ সমূহত নাৰীৰ চাল চলনত অনেক প্ৰকাৰৰ বাধা আৰোপ কৰা হৈছিল ।নাৰীৰ স্বাধীনতা বহু পৰিমাণে খৰ্ব কৰা হৈছিল আৰু জীৱনৰ সকলো অৱস্থাতে নাৰী পুৰুষৰ অধীন বুলি ঘোষণা কৰা হৈছিল। গৃহস্থ ঘৰত কন্যা সন্তানতকৈ পুত্ৰ সন্তানক অধিক গুৰুত্ব দিয়া হৈছিল্। কন্যা সন্তানক আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাত বাধা আৰোপ কৰা হৈছিল ।মহিলাক বেদ অধ্যয়নৰ পৰা বিৰত থকাৰ আদেশ দিয়া হৈছিল।এনেদৰে সমাজৰ আধা সংখ্যক ব্যক্তিৰ ওপৰত অনেক বাধা নিষেধ আৰোপ কৰাৰ ফলত সমাজত বহু প্ৰকাৰৰ কু-প্ৰথাৰ প্ৰৱেশ ঘটিছিল ।এইবিলাকৰ ভিতৰত কম বয়সীয়া কন্যাৰ বিবাহ, বিধবা বিবাহ নিষিদ্ধকৰণ, সতীদাহ আৰু পৰ্দ্দা প্ৰথাৰ প্ৰচলন, মঠ-মন্দিৰ আৰু ধৰ্মীয় স্থানত  মহিলাৰ প্ৰৱেশ নিষিদ্ধকৰণ, মহিলাই যাগ-যজ্ঞ,পূজা-পাতল ,তপ-জপ আদি কৰাত বাধা আৰোপ ইত্যাদি প্ৰধান। অৱশ্যে মহিলাৰ বিপক্ষে ইমানবোৰ বাধা-নিষেধ আৰোপ কৰাৰ পিছতো ধৰ্মশাস্ত্ৰত কোৱা হৈছে যে যি সমাজত মহিলাক যথোপযুক্ত সন্মান প্ৰদৰ্শন কৰা নহয় সেই সমাজৰ অধঃপতন হয় আৰু তেনে সমাজ ব্যৱস্থা ক্ৰমান্বয়ে ধ্বংসৰ গৰাহত পৰে। এতিয়া পুৰাণৰ যুগ প্ৰসঙ্গত কোৱা যায় যে পুৰাণ সমূহত বৰ্ণিত অনেক কাহিনীত নাৰী সম্পৰ্কত অনেক কটূক্তি আছে ।পুৰাণৰ শিক্ষা মূলক অংশ বৰ্ণনা কৰাৰ ক্ষেত্ৰত বিষয় বস্তু পৰিষ্কাৰ কৰাৰ বাবে এনে কৰাটো প্ৰয়োজনীয় আছিল ।কিন্তু সাধাৰণ মানুহৰ বাবে প্ৰসঙ্গ-সংগতি ৰাখি এনেবোৰ জটিল কথা বুজা সম্ভৱ নহয় কাৰণে তেওঁলোকে কথাবিলাকৰ সৰল অৰ্থহে গ্ৰহণ কৰিছিল। তদুপৰি পৰবৰ্ত্তী কালত বিভিন্ন পণ্ডিতে মূল পুৰাণ সমূহৰ নকল প্ৰস্তুত কৰিছিল বিভিন্ন স্থানৰ বিভিন্ন পণ্ডিতে মূল সংস্কৃত ভাষাৰ পৰা পুৰাণ বিলাক বিভিন্ন স্থানীয় ভাষালৈ অনুবাদ কৰিছিল সেই কাম কৰাৰ সময়ত বহু পণ্ডিতে নাৰী চৰিত্ৰ সম্পৰ্কে বহুতো নিজস্ব কথা যোগ দি পৰিস্থিতি অধিক বিভ্ৰান্ত কৰি তুলিছিল সাধাৰণ লোকে এইবিলাক কথা বুজি পোৱা সম্ভৱ নহয়সেই কাৰণে তেওঁলোকে সুবিশাল পুৰাণ শাস্ত্ৰৰ যি অংশ নিজৰ হাতত পৰিছিল তাত লিখা কথাকে সঁচা বুলি ধৰি নাৰী সম্পৰ্কত নিজস্ব ধাৰণা কৰি লৈছিল।তাৰ ফলত পুৰাণৰ যুগত সমাজত মহিলাৰ স্থান অনেক নিম্নগামী হৈছিল।(আগলৈ)

Tuesday, 19 September 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-191 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৯১)

 

Guru Harideva granted equal rights to both men and women in all affairs of his Satra Institution . That was not an easy job under the prevailed situation of  the mediaeval society.  In this context we  made some preliminary discussions regarding the honorable position of women in Vedic period in the preceding posts. In Vedic time women  had ample rights in the social and the religious fields. But they had limited rights in economic and political spheres. They were never treated as inferior or subordinate to men. The position of women  got gradually deteriorated during the post Vedic periods . It is said that with   passage of time general people became unable to understand the language and contents of the Vedas directly. Then the sages of different times tried to bring Vedic knowledge to their capacity of understanding through the epics, dharmasastras and Puranas. Citing as above Bhagavata further says that   due to great variety of desires and natures among human beings, different people explored different meaning in the contents of the Epics , Dharma sastras and Puranas in accordance with their own way of doing things and personal preferences .  Due to the same reason too many Vedic rituals along with varieties of Mantras came into practice during post Vedic period. Different types of rewards were assured for performance of different rituals. Those practices were handed down to people of later generations through tradition, custom and Guru-disciple succession. In this process also there were additions and alterations to suit the changed needs of people of later generations. Along with those changes in the religious and social fields the status of women also gradually lowered. However as per opinion of the scholars women enjoyed honorable position at home during Epic period of Ramayana and Mahabharata. In both the epics women were declared as roots of Dharma, Artha or prosperity and Kama or enjoyment . There are references of courage, strong will power and magnanimity of many women characters like Kaikeyee, Sita ,Sabitri, Kunti, Droupadi and many others in the epics. However,in Ramayana wife’s devotion to her husband was emphasized and thus the supremacy of the husband over the wife was established. Moreover, practice of monogamy was imposed upon the wife but  the husband was free to have several wives. This indicates deteriorated status of women in the Epic period in comparison to the Vedic period.( to be continued )

হৰিদেৱ গুৰুজনাই সত্ৰৰ ধৰ্মীয় কাৰ্যসূচী সমূহত পুৰুষ আৰু মহিলাক সম অধিকাৰ প্ৰদান কৰিছিল। মধ্যযুগীয় সমাজত প্ৰচলিত নীতি নিয়মৰ বিপৰীতে  গৈ এনে কাম কৰাটো বৰ সহজ নাছিল । এই বিষয়ৰ আলোচনা প্ৰসঙ্গত আগৰ লিখনিত  উল্লেখ কৰা হৈছে যে  বৈদিক কালৰ সমাজত মহিলাৰ স্থান অতি উচ্চ আছিল। ধৰ্মীয় , শৈক্ষিক , সামাজিক , সাংস্কৃতিক ইত্যাদি দিশত পুৰুষ আৰু মহিলাৰ  সম অধিকাৰ আছিল। কিন্তু  অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশত মহিলাৰ অধিকাৰ সীমাৱদ্ধ আছিল। মুঠতে পুৰুষতকৈ মহিলাৰ স্থান কোনো বিষয়তে হীন নাছিল ।পৰবৰ্ত্তী কালত এই অধিকাৰ  ক্ৰমান্বয়ে সংকুচিত হৈ আহিছিল । কোৱা হৈছে যে সময় অতিবাহিত হোৱাৰ সমান্তৰালভাৱে সাধাৰণ মানুহে বেদৰ ভাৱ আৰু ভাষা নুবুজা হৈছিল । ফলত বেদৰ জ্ঞান আৰু নিৰ্দেশ সমূহ বেদৰ পৰা আয়ত্ব কৰাত অসুবিধা হৈছিল ।  এই অসুবিধা দূৰ  কৰাৰ বাবে বিভিন্ন কালৰ বেদজ্ঞ ঋষি সকলে মহাকাব্য , ধৰ্মশাস্ত্ৰ , পুৰাণ আদি শাস্ত্ৰ প্ৰণয়ন কৰি বেদজ্ঞান সাধাৰণ মানুহক বুজাই দিয়াৰ প্ৰয়াস কৰিছিল । এই সম্পৰ্কত ভাগৱতত কোৱা  হৈছে যে  আশা-আকাংক্ষা আৰু স্বভাৱ -চৰিত্ৰ অসংখ্য প্ৰকাৰৰ হোৱা হেতুকে মানুহে নিজৰ , বুদ্ধিবৃত্তি , ৰুচি আৰু সুবিধা অনুসৰি মহাকাব্য , ধৰ্মশাস্ত্ৰ ,পুৰাণ আদিত বৰ্ণনা কৰা কথাৰ  ভিন্ন ভিন্ন অৰ্থ উদ্ভাৱন  কৰিছিল। সেই কাৰণে বৈদিক কালৰ পৰৱৰ্ত্তী অৱস্থাত অনেক প্ৰকাৰৰ মন্ত্ৰৰ সৈতে বিভিন্ন প্ৰকাৰৰ  বৈদিক উপাসনা পদ্ধতি আৰু সামাজিক নীতি নিয়ম আদিৰ প্ৰচলন হৈছিল  এই বিলাক অনুসৰণ কৰা ব্যক্তিৰ বাবে বিভিন্ন প্ৰকাৰৰ সুফল বা সুখ-সুবিধা  লাভৰ নিশ্চয়তা দিয়া হৈছিল । নীতি-নিয়ম , উত্তৰাধিকাৰ, গুৰু-শিষ্য পৰম্পৰা ইত্যাদিৰ জৰিয়তে এই বিলাক চিন্তা-চৰ্চা এক পুৰুষৰ পৰা পৰৱৰ্ত্তী পুৰুষলৈ চলাৰ ব্যৱস্থা কৰা হৈছিল । এই প্ৰক্ৰিয়াতো যুগৰ পৰিবৰ্ত্তনৰ সৈতে খাপ খুৱাবৰ বাবে অনেক কথাৰ যোগ বিয়োগ কৰা হৈছিল । সামাজিক আৰু ধৰ্মীয় ক্ষেত্ৰত এনে পৰিবৰ্ত্তনসমূহ চলাৰ সমান্তৰাল ভাৱে সমাজত মহিলাৰ স্থান ক্ৰমান্বয়ে নিম্ন স্তৰলৈ আহি আছিল । অৱশ্যে বিভিন্ন পণ্ডিত ব্যক্তিৰ মতে মহাকাব্য যুগ অৰ্থা  ৰামায়ণ আৰু মহাভাৰতৰ যুগত পৰিয়ালৰ ভিতৰত মহিলাৰ স্থান উন্নত আছিল । দুয়োখন মহাকাব্যতে মহিলা ধৰ্ম , অৰ্থ আৰু কাম- এই ত্ৰিবৰ্গ প্ৰাপ্তিৰ মূল বুলি কোৱা হৈছে । মহাকাব্যত কৈকেয়ী , সীতা ,সাবিত্ৰী , কুন্তী ,দ্ৰৌপদী আৰু অন্য অনেক মহিলাৰ সাহস , মানসিক দৃঢ়তা আৰু মহানুভৱতাৰ কথা সুন্দৰ ভাৱে উপস্থাপন কৰা হৈছে । অৱশ্যে ৰামায়ণত নাৰীৰ পতি-ভক্তিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি পত্নীতকৈ পতিৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদন কৰা হৈছে । তদুপৰি মহিলাৰ বাবে একাধিক পতি ৰখা নিষেধ কৰি পুৰুষক যিমান ইচ্ছা সিমান সংখ্যক পত্নী ৰখাৰ অনুমতি প্ৰদান কৰা হৈছে। ইয়াৰ পৰাই  বৈদিক যুগৰ তুলনাত মহাকাব্যৰ যুগত মহিলাৰ স্থান নিম্নগামী হৈছিল বুলি বুজিব পাৰি । (আগলৈ)

Sunday, 10 September 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-193 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৯০)

 

In the preceding post we tried to understand the simple meaning of Vedic period. From various sources it comes to our notice that during Vedic period   women occupied an exalted position. They enjoyed personal freedom and rights equal with men. Within the family a girl child was given all privileges entitled to a son . Girls were allowed to enter into the Gurukulas along with boys.  They also received education as like as boys.  They were allowed to enter into “Brahmaachary” discipline through “Upanayana” ritual. Women studied the Vedas  and Vedic literature like men. After completing education up to certain level majority of women entered into married life or “Grihasthashrama” .  In “Grihasthashrama” they performed their familial, social and religious duties in accordance with instructions contained in the Vedas . Marriage was not forcibly imposed upon them and child marriage was totally prohibited. In short it can be said that in the Vedic period marriage was considered as social and religious duties for both man and woman and it was the way of uniting a couple on an equal footing . Monogamy was strictly practiced by a married couple . The couple was termed as “ Dampati” and the term meant two joint owners or two joint heads of the household. So far as the religious performances of the household are concerned women played very prominent role. Even there was prohibition in performance of certain Vedic sacrifices and rituals without presence of wife with husband. However, a small part of women did not prefer to enter into married life . They continued higher studies and performed tough spiritual practices as like as male Vedic Rishis . Among them there were woman authors  of the Vedic hymns . It is said that at least twenty women composed Rig Vedic Hymns. Lopamudra, Ghosa, Viswabra are names of some of them . Gargi and Maitreyi were the leading women philosophers of that time. These are some of the general observation made by prominent scholars regarding the status of women during the Vedic period . Being scholar of the Vedas Guru Harideva was aware of these things. So naturally he felt sorry when the poor status of women during his time, that is, mediaeval period, came to his notice and he tried to improve their position as far as possible through his Satra Institution. ( to be continued )    

 ইয়াৰ আগৰ লিখনিটোত বৈদিক কাল মানে কি বুজোৱা হয় তাৰ সাধাৰণ আভাস লোৱাৰ চেষ্টা কৰা হৈছে । কোৱা হৈছে যে বৈদিক কালৰ সমাজত মহিলাৰ স্থান অতি উচ্চ খাপৰ আছিল ।  মহিলাই পুৰুষৰ সমানে ব্যক্তিগত স্বাধীনতা আৰু অধিকাৰ লাভ কৰিছিল । পৰিয়ালত কন্যা সন্তানক পুত্ৰ সন্তানৰ সমান সুযোগ সুবিধা দিয়া হৈছিল । পুত্ৰৰ দৰে কন্যা সন্তানকো উপনয়ন সংস্কাৰৰ মাধ্যমত ব্ৰহ্মচৰ্য আশ্ৰমত প্ৰৱেশ কৰাৰ অনুমতি দিয়া হৈছিল । গুৰুকূলত শিক্ষা গ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰা হৈছিল। কন্যাকো বেদ অধ্যয়নৰ অধিকাৰ দিয়া হৈছিল। এটা স্তৰলৈ বিদ্যা অৰ্জন কৰাৰ পিছত সৰহ সংখ্যক মহিলাই বিয়া বাৰু কৰাই গাৰ্হস্থ্য আশ্ৰমত প্ৰৱেশ কৰিছিল । তেওঁলোকে বেদৰ দ্বাৰা নিৰ্দেশিত গৃহস্থাশ্ৰমৰgRhasthaashramarনীতি নিয়ম অনুসৰি পাৰিবাৰিক,  সামাজিক আৰু ধৰ্মীয় কৰ্ত্তব্য সমূহ পালন কৰিছিল । বিবাহ জোৰপূৰ্বক ভাৱে জাপি দিয়াৰ নিয়ম নাছিল আৰু অপ্ৰাপ্ত বয়স্ক কন্যাৰ বিবাহ নিষিদ্ধ  আছিল । মুঠতে কব পাৰি যে বৈদিক কালত বিবাহ পুৰুষ আৰু মহিলাৰ সামাজিক আৰু ধৰ্মীয় কৰ্ত্তব্য হিচাপে গণ্য কৰা হৈছিল । বিবাহৰ মাধ্যমত এজন পুৰুষ আৰু এগৰাকী মহিলাক একে সমান অধিকাৰ দি একত্ৰিত কৰা হৈছিল । লগতে এজন পুৰুষে আজীৱন মাত্ৰ এজনী মহিলাৰ  সৈতে শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰাৰ নিয়ম নিশ্চিত কৰা হৈছিল। সেই কাৰণে বিবাহৰ দ্বাৰা একত্ৰিত হোৱা পুৰুষ মহিলাক দম্পতি বুলি কোৱা হৈছিল । দম্পতি শব্দৰ দ্বাৰা গৃহস্থালীৰ দুজন যুটীয়া মালিক বা দুজন যুটীয়া মূৰব্বী থকা বুলি বুজোৱা হৈছিল। গৃহস্থী ঘৰত অনুষ্ঠিত হোৱা ধৰ্ম কাৰ্যৰ বেলিকা মহিলা অতি গুৰুত্বপূৰ্ণ স্থানত অধিষ্ঠিত আছিল । আনকি কিছুমান যাগ-যজ্ঞ , পূজা-পাতল আদি পত্নীক লগত নোলোৱাকৈ পতিয়ে অকলে কৰাত বাধা আৰোপ কৰা হৈছিল । আনহাতে সংখ্যাত তাকৰ একাংশ মহিলাই নিজৰ ইচ্ছামতে বৈবাহিক বন্ধনৰ পৰা আঁতৰত থাকি উচ্চতৰ জ্ঞান আহৰণ আৰু পুৰুষ ঋষি মুনিৰ দৰে কঠোৰ  পাৰমাৰ্থিক সাধনা কাৰ্যত ব্ৰতী হৈছিল । তেওঁলোকৰ মাজৰ পৰা অনেক বেদ মন্ত্ৰৰ ৰচয়িতা বা মন্ত্ৰদ্ৰষ্টা ঋষিৰ আবিৰ্ভাৱ হৈছিল । কোৱা হৈছে যে ঋগ্বেদৰ মন্ত্ৰদ্ৰষ্টা মহিলা ঋষিৰ সংখ্যা কমেও  ২১ গৰাকী । লোপমুদ্ৰা , ঘোষা , বাৰবাৰা আদি এই শ্ৰেণীৰ  মন্ত্ৰদ্ৰষ্টা ঋষি । গাৰ্গী , মৈত্ৰেয়ী আদি সেই কালৰ বিখ্যাত মহিলা দাৰ্শনিক । এই সমূহ হৈছে বৈদিক কালৰ  সমাজত মহিলাৰ স্থান সম্পৰ্কত বিভিন্ন পণ্ডিত ব্যক্তিয়ে উল্লেখ কৰা তথ্যৰ কিছু আভাস।বিদগ্ধ বেদজ্ঞ পণ্ডিত হৰিদেৱ  গুৰুজনাই এই বিলাক কথা ভালদৰে জানিছিল । সেই কাৰণে তেওঁৰ দিনত অৰ্থা মধ্য কালত মহিলাৰ অত্যন্ত পুতৌজনক অৱস্থা দেখি স্বাভাৱিকতে  গুৰুজনাই মনত বৰ দুখ পাইছিল আৰু সত্ৰানুষ্ঠানৰ জৰিয়তে ইয়াক যিমানদূৰ সম্ভৱ নিৰাময় কৰাৰ প্ৰচেষ্টা কৰিছিল ( আগলৈ )

Saturday, 2 September 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-189 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৮৯)

 

Guru Harideva was great scholar of the Vedas, Vedic Philosophy and other Vedic Scriptures. In  the preceding posts some preliminary discussion regarding  painful and pathetic position of women in the mediaeval  society  has been made . In comparison to that the better position of women in the family of Guru Harideva and in his Satra Institution has also been mentioned. Now, to make this point more clear we should try to have some ideas regarding the position of women in the Vedic and post Vedic periods , Epic period and periods of Dharmasastra and Purana .By that way we will be able to know how the exalted position of women went on deteriorating gradually from Vedic age to  mediaeval age . Also, that will make us able to appreciate the great efforts initiated by Guru Harideva in the mediaeval age itself to recover the lost exalted position of the women population.  Now what Vedic age means ? The preliminary study shows that the  Indian religious and cultural tradition begins with the Vedas . Again the Vedas originate from God Almighty prior to initiation of the creation.  In the Vedic Scriptures it is said that the Vedas  were revealed to creator  Brahma by God Almighty. Then Lord Brahma created the world strictly  in  accordance with the knowledge contained in the Vedas. Afterward  those Vedas were acquired by the Vedic Rishis of different times  during their deep meditation. Then they revealed Vedas to public through   disciples ,  followers and scriptures . In this way the flow of Vedic knowledge is still flowing throughout the creation of God Almighty . It is also said that the creation, maintenance and annihilation activities pertaining to the created world are still being continued in accordance with the rules and regulations contained in the Vedas. Now, with passage of time people gradually became unable to understand the message originally contained in the Vedas. Then the Vedic scholars or Rishis of different times started conveying the message originally contained in the Vedas through Epics , Dharma Sastras and Purans . Accordingly the period during which people were able to understand the Vedas and Vedic injunctions is termed as Vedic and post Vedic Period. During that period people  used to live their life under  direct guidance of the Vedas. ( to be continued )

হৰিদেৱ গুৰুজনা বেদজ্ঞ , দৰ্শনজ্ঞ পণ্ডিত  আৰু সমগ্ৰ  বৈদিক শাস্ত্ৰৰ  তত্বজ্ঞান সম্পন্ন  মহাপুৰুষ। ইয়াৰ আগৰ লিখনিত মধ্য কালীন সমাজ ব্যৱস্থাত নাৰীৰ দুৰৱস্থা আৰু সেই তুলনাত  হৰিদেৱ গুৰুজনাৰ নিজ গৃহ আৰু তেওঁ স্থাপন কৰা সত্ৰত মহিলাৰ উচ্চতৰ স্থান সম্পৰ্কে কিছু কথা কৈ অহা হৈছে । এই সম্পৰ্কত শুদ্ধ ধাৰণা লবলৈ হলে আমি বৈদিক কাল,  মহাকাব্যৰ কাল , ধৰ্মশাস্ত্ৰৰ কাল আৰু পৌৰাণিক কালৰ সমাজত নাৰীৰ স্থান  সম্পৰ্কে কিছু কথা জানি লোৱা ভাল । তেতিয়াহে  বৈদিক কালৰ পৰা  মধ্য কাল পৰ্যন্ত সমাজত নাৰীৰ অতি উচ্চ মৰ্যাদা কিদৰে ক্ৰমান্বয়ে হ্ৰাস হৈ অহিছিল তাক বুজিব পাৰি । লগতে হৰিদেৱ গুৰুজনাই মধ্য কালৰ নানান বাধা বিপত্তিৰ মাজতো নাৰীৰ হৃত মৰ্যাদা ঘুৰাই অনাৰ বাবে কৰা সুমহান প্ৰয়াস সম্পৰ্কেও ধাৰণা কৰা সহজ হয় । এতিয়া কথা হৈছে বৈদিক যুগ মানে কি ? সাধাৰণ দৃষ্টিত চালে দেখা যায় যে ভাৰতৰ ধৰ্মীয়   সাংস্কৃতিক আৰু সামাজিক ইত্যাদি পৰম্পৰাসমূহ মূলতঃ বেদৰ ওপৰত আধাৰিত । আনহাতে বৈদিক শাস্ত্ৰত কোৱা হৈছে বেদ ঈশ্বৰৰ জ্ঞান ভাণ্ডাৰ । বেদ  সৃষ্টিৰ পূৰ্বৰে পৰা আছে ।কোৱা হৈছে যে  সৃষ্টিৰ পূৰ্বে ঈশ্বৰে সৃষ্টিকৰ্ত্তা ব্ৰহ্মাক বেদজ্ঞান প্ৰদান কৰিছিল । ব্ৰহ্মাই বেদৰ জ্ঞান আৰু নিৰ্দেশ যথাযথ ভাৱে প্ৰয়োগ কৰি জগত সৃষ্টি কৰিছিল । পৰবৰ্ত্তী কালত জগতৰ বিভিন্ন স্থানৰ বিভিন্ন কালৰ সাধনা সিদ্ধ ঋষি মুনি সকলে ধ্যানমগ্ন অৱস্থাত এই মূল বেদজ্ঞান আহৰণ কৰি  নিজৰ শিষ্য – প্ৰশিষ্য আৰু শাস্ত্ৰৰ জৰিয়তে জগতত প্ৰচাৰ কৰিছিল । এনেদৰে সৃষ্টিৰ পাতনিৰে পৰা এতিয়ালৈকে বেদৰ জ্ঞান প্ৰবাহ জগতত অবিৰতভাৱে প্ৰবাহিত হৈ আহিছে আৰু  জগতৰ সৃষ্টি , প্ৰতিপালন আৰু  বিনাশ কাৰ্য  বেদৰ ব্যৱস্থা আৰু নীতি নিৰ্দেশনা অনুসৰিয়ে চলি আছে । এতিয়া কথা হৈছে কাল অতিবাহিত হৈ থকাৰ সমান্তৰালভাৱে এটা সময়ত মানুহে বেদত অন্তৰ্নিহিত মূল ভাৱ আৰু ভাষা বুজি নোপোৱা হৈ আহিল। এই সমস্যা সমাধানৰ বাবে বিভিন্ন কালৰ বেদজ্ঞ ঋষি মুনি সকলে মহাকাব্য , ধৰ্মশাস্ত্ৰ, পুৰাণ ইত্যাদি বৈদিক শাস্ত্ৰ প্ৰণয়ন কৰিলে। সেইবোৰৰ মাধ্যমত বিভিন্ন কালৰ লোকে বুজি পোৱা ভাৱ আৰু ভাষাত বেদবাণী প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিলে । সেই ক্ৰম অনুসৰি চালে দেখা যায় যে এটা সময় কালৰ ভিতৰত  মানুহে মূল বেদৰ  ভাৱ আৰু ভাষা বুজি পোৱা অৱস্থাত আছিল । সেই কালছোৱাকে বৈদিক যুগ বুলি কোৱা হয় । এই কালছোৱাত মানুহে পোনপটীয়াকৈ মূল বেদৰ জ্ঞান আৰু নিৰ্দেশ  অনুসৰি জীৱন যাপন কৰিছিল ।  ( আগলৈ )