Guru Harideva says that the householders are dutybound to do certain daily and occasional activities. He also says that performance of the said activities can become part of spiritual practice for a house holder. For this purpose some special technique is suggested in the Bhagavata, Bhagavadgita and other Vedic scriptures. There it is said that all personal , familial and social activities performed by a householder as their duties can be converted to the service of God. For that purpose some change in our mental look out towards those activities is required. Generally we the human beings perform activities through our body, mind and speech. Also all living entities become bound to do some activities in accordance with the nature of their bodies . Same is the case with human being . Human beings also become bound to do some activities in accordance with the nature of human bodies. Now , the Vedic scriptures say that nothing in the creation of God remains outside God and separated from God . So all activities, smallest or greatest , which are instituted in the creation are activities of God and the resultant outputs of those activities belong to God . That is, God is the doer of all activities instituted in the creation. Also, God alone is the enjoyer of the fruits of those activities. It is the law of creation or will of God due to which all living and non living entities in the creation become bound to participate in accordance with their pre- prescribed role in the great sacrificial activities instituted in the creation of God. We can try to understand this point as follows . There are so many constituent parts or limbs in our body . All limbs perform different activities under control of the consciousness of the body. Though the functions performed by different limbs are different , all of them work for the benefit of the body as a whole . Similarly, the whole creation is one body. Every individual entity in the creation are different limbs of that body . Every individual entity works differently under control of God and for the benefit of the creation as a whole. Thus it can be seen that people become bound to do their works in accordance with the law of creation or will of God and the results of those activities are credited to the creation of God. Due to ignorance of this fact people feel themselves as doer of certain works and enjoyer of the result of the same . In order to convert the works performed by dutybound householders to the service of God it is essential to analyze the things as above. ( to be continued)
হৰিদেৱ গুৰুজনাই কৈছে যে গৃহস্থ ধৰ্ম
পালন কৰা লোকে দৈনন্দিন কৰ্ত্তব্য কৰ্ম বা নিত্য কৰ্ম আৰু সাময়িক প্ৰয়োজন সাপেক্ষ
কৰ্ত্তব্য কৰ্ম বা নৈমিত্তিক কৰ্ম কৰাৰ
বাবে বাধ্য হয় । গুৰুজনাই লগতে কৈছে যে
গৃহস্থ লোকে উক্ত কৰ্ম সমূহৰ মাধ্যমত পাৰমাৰ্থিক সাধনা কৰা সম্ভৱ । ভাগৱত , গীতা আৰু অন্যান্য
বৈদিক শাস্ত্ৰত কোৱা হৈছে যে কৰ্ত্তব্যৰ বন্ধনত আৱদ্ধ গৃহস্থ ব্যক্তিয়ে যিবিলাক
ব্যক্তিগত ,পাৰিবাৰিক আৰু সামাজিক কাম কৰ্ত্তব্য কৰ্ম হিচাপে
কৰিবলৈ বাধ্য হয় সেই সমস্ত কৰ্মকে ঈশ্বৰ সেৱালৈ ৰূপান্তৰিত কৰিব পাৰি । ইয়াৰ
বাবে মানসিক চিন্তাধাৰাৰ কিছু পৰিবৰ্ত্তন
সাধন কৰাৰ প্ৰয়োজন হয়। আমি সাধাৰণতে শৰীৰ , মন আৰু বাক্যৰ
দ্বাৰা কাম কৰো । শৰীৰৰ প্ৰকৃতি অনুসৰি লাভ
কৰা স্বভাৱৰ বশবৰ্ত্তী হৈ ভিন্ন ভিন্ন জীৱই ভিন্ন ভিন্ন প্ৰকাৰৰ কৰ্ম
কৰিবলৈ বাধ্য হয় । একে প্ৰাকৃতিক নিয়মৰ
বশবৰ্ত্তী হৈ মানুহেও নিজ শৰীৰৰ স্বভাৱ অনুসৰি কিছুমান
কাম কৰিবলৈ বাধ্য হয় । আনহাতে
বৈদিক শাস্ত্ৰত কোৱা হৈছে যে ঈশ্বৰৰ সৃষ্টিৰ অন্তৰ্গত একো বস্তু ঈশ্বৰৰ
বাহিৰত নাথাকে বা ঈশ্বৰৰ পৰা পৃথকভাৱে নাথাকে । সেয়েহে ঈশ্বৰৰ সৃষ্টিত
ক্ষুদ্ৰাতিক্ষুদ্ৰৰ পৰা আৰম্ভ কৰি বৃহত্তৰ-বৃহত্তম পৰ্যন্ত যিমান কৰ্ম সংঘটিত হয়
সেই সমস্তই ঈশ্বৰৰ কৰ্ম আৰু সেই কৰ্মৰ ফলো ঈশ্বৰৰ প্ৰাপ্য ।অৰ্থাৎ ঈশ্বৰ জগতত অনুষ্ঠিত হোৱা সমস্ত কৰ্মৰ কৰ্ত্তা আৰু তাৰ পৰা উৎপন্ন ফলৰ ভোক্তা । সৃষ্টিৰ
নিয়ম বা ঈশ্বৰৰ ইচ্ছাৰ বশবৰ্ত্তী হৈ সৃষ্টিৰ অন্তৰ্গত জীৱ-জড় সকলোৱে নিজৰ নিজৰ ভাগৰ কৰ্ম কৰি ঈশ্বৰৰ বৃহত কৰ্ম-যজ্ঞত
যোগদান কৰিবলৈ বাধ্য হয় । মানুহো ঈশ্বৰৰ
সৃষ্টিৰ অন্তৰ্গত আৰু সেই কাৰণে মানুহে কৰা
সৰু বৰ সমস্ত কৰ্ম ঈশ্বৰৰ কৰ্মযজ্ঞৰ অংশ হিচাপে
কৰা কৰ্ম আৰু সেই কৰ্মৰ পৰা উৎপত্তি হোৱা ফলৰ গৰাকীও ঈশ্বৰ । কথাখিনি বুজাৰ বাবে আমি তলত দিয়া ধৰণে চিন্তা
কৰি চাব পাৰো । আমাৰ শৰীৰ অনেক অংশ বা
অঙ্গ-প্ৰত্যঙ্গৰ সমন্বয়ত গঠিত হৈছে । এক শৰীৰ চৈতন্য বা আত্মাৰ পৰিচালনাত সমস্ত
অঙ্গ-প্ৰত্যঙ্গৰ কাম চলে আৰু নিয়ন্ত্ৰিত হয় । প্ৰত্যেক
অঙ্গ-প্ৰত্যঙ্গৰ কাম বেলেগ বেলেগ যদিও প্ৰত্যেকে একেটা শৰীৰৰ
অৰ্থে কাম কৰে । একেদৰে সমগ্ৰ সৃষ্টি এটা শৰীৰ । সৃষ্টিৰ প্ৰত্যেক বস্তু সেই শৰীৰৰ ভিন্ন ভিন্ন অংশ বা
অঙ্গ-প্ৰত্যঙ্গ । সৃষ্টিৰ অন্তৰ্গত প্ৰত্যেক বস্তুৱে সৃষ্টিৰ নিয়ম বা ঈশ্বৰৰ নিয়ন্ত্ৰণ অনুসৰি কাম কৰে । প্ৰত্যেকৰে কাম
বেলেগ বেলেগ হলেও প্ৰত্যেকে ঈশ্বৰৰ সৃষ্টিৰ নিয়ম অনুসৰি আৰু সৃষ্টিৰ প্ৰয়োজন সাধনৰ
অৰ্থে কাম কৰে । এনেদৰে
চিন্তা কৰি চালে দেখা যায় যে সৃষ্টিৰ নিয়ম বা ঈশ্বৰৰ ইচ্ছা অনুসৰি মানুহে সৰু বৰ
প্ৰতিটো কৰ্ম কৰিবলৈ বাধ্য হয় আৰু সেই কৰ্মৰ ফলো ঈশ্বৰৰ সৃষ্টিৰ প্ৰয়োজন মতে
ব্যৱহৃত হয় । অজ্ঞানতা হেতুকে মানুহে নিজে স্বাধীনভাৱে কাম কৰি তাৰ ফল ভোগ কৰা
বুলি অনুভৱ কৰে । গৃহস্থ ব্যক্তিৰ নিত্য নৈমিত্তিক কৰ্ম ঈশ্বৰৰ সেৱা কৰ্মলৈ
ৰূপান্তৰ কৰাৰ বাবে কথাবিলাক ওপৰোক্ত প্ৰকাৰে বিচাৰ বিশ্লেষণ কৰা প্ৰয়োজন । (আগলৈ)
No comments:
Post a Comment