A householder cannot keep himself away from performance of
the works pertaining to daily and occasional familial and social duties. Also, the
Vedic scriptures say that after doing some works it is not possible to stay
away from enjoyment of the resultant outcomes of those works. So, it can be concluded that a householder is bound to do Nitya
and Naimittika Kamya Karma or result oriented daily and occasional duties and
enjoy the outcomes of those works. Now, the problem is that during enjoyment of the resultant
outcome of one work it becomes necessary to perform some other works and thus an
unending chain of performance of works
and enjoyment of outcomes of those works is automatically generated . We can
try to understand this point as follows. Maintenance of family is the duty of a
householder. For that reason a farmer householder becomes duty bound to cultivate.
The process of cultivation itself involves a large varieties of work like
ploughing, cleaning of field , sowing seeds , watering and other maintenance
works , harvesting etc. At the end of the whole process of cultivation the
farmer collects some grains as resultant outcome of his works. After getting
this result he has to do some other works like processing of the grains to make them suitable for consumption as food,
preserving seeds for cultivation in the next year, marketing of the excess
grains and so on. Those works also generate some other types of fruits. The
farmer becomes bound to enjoy those
fruits also. Similar is the case for all other types of works required
to be performed by a dutybound householder. In this way more and more
unending chains of work
and fruits of work are generated against various types of activities performed by a householder. Under
such circumstances it becomes very difficult task for a householder to proceed
in the path of spiritual practice. In this context Guru Harideva says that the
most suitable way of spiritual practice for a dutybound householder is earnest devotion
to Lord Krishna .Through the path of devotion to Lord Krishna it is possible for a householder to perform spiritual
practice through the of Nitya and Naimittika Karma for the performance of which
he is already dutybound. In Bhagavata and Bhagavadgita the way for this type of
spiritual practice is explained and Guru Harideva suggests the same for the benefit of
common householders. (to be continued)
গৃহস্থ লোকে নিত্য- নৈমিত্তিক কাম্য কৰ্ম অৰ্থাৎ সাংসাৰিক
কৰ্ত্তব্য কৰ্ম কৰাৰ পৰা বিৰত থকা সম্ভৱ নহয়। আনহাতে বৈদিক শাস্ত্ৰত কোৱা হৈছে যে যিকোনো
কৰ্ম কৰাৰ পিছত সেই কৰ্মৰ পৰা উৎপন্ন হোৱা ফল ভোগ নকৰাকৈ থকা সম্ভৱ নহয় । গতিকে এই কথা
নিশ্চিতভাৱে কোৱা যায় যে গৃহস্থ ব্যক্তি নিত্য-নৈমিত্তিক কাম্য কৰ্ম বা কামনা অনুসৰি ফল লাভ কৰিব পৰা কৰ্ম কৰাৰ
বাবে আৰু সেই কৰ্মৰ পৰা উৎপন্ন হোৱা ফল ভোগ কৰাৰ বাবে বাধ্য হয়। এতিয়া সমস্যা হৈছে
এই যে এটা কৰ্মৰ পৰা উৎপন্ন ফল ভোগ কৰাৰ সময়ত অন্য কিছুমান নতুন কৰ্ম কৰিব লগীয়া
হয় আৰু এনেদৰে কৰ্ম আৰু কৰ্মফল ভোগৰ এক অন্তহীন শৃংখলৰ সৃষ্টি হয় । কথাখিনি বুজাৰ বাবে আমি তলত দিয়া ধৰণে চিন্তা কৰি চাব
পাৰো । নিজৰ পৰিয়ালক ভৰণ-পোষণ দিয়া গৃহস্থ ব্যক্তিৰ কৰ্ত্তব্য । এই কৰ্ত্তব্য পালন কৰাৰ বাবে এজন গৃহস্থ
কৃষক কৃষিকাৰ্য কৰিবলৈ বাধ্য হয় ।
কৃষিকৰ্ম বুলিলে হাল বোৱা , মাটি চিকুনোৱা ,বীজ ৰোৱা,
জলসিঞ্চন আৰু অন্যান্য প্ৰকাৰৰ প্ৰতিপালন কাৰ্য কৰা, শস্য ছপোৱা
আদি অনেক প্ৰকাৰৰ কাম কৰিব লগীয়া হয় । এই সকলো
কৰ্ম
সমাপ্ত কৰাৰ অন্তত কৃষি কাৰ্যৰ ফল হিচাপে কৃষকজনে কিছু পৰিমাণৰ শস্য লাভ কৰে । শস্য
পোৱাৰ পিছত কৃষক জনে সেই শস্য খাদ্যৰ
উপযোগী কৰা , পিছৰ বছৰৰ বাবে বীজ সংৰক্ষণ কৰা , ৰাহি হোৱা শস্য
বিক্ৰী কৰা ইত্যাদিকে ধৰি অন্যান্য অনেক প্ৰকাৰৰ কৰ্ম কৰিব লগীয়া হয় । এই সমস্ত
কৰ্মৰ পৰাও অনেক প্ৰকাৰৰ ফল উৎপন্ন হয় আৰু গৃহস্থ কৃষকজনে এই সমস্ত প্ৰকাৰৰ কৰ্মৰ ফল
ভোগ কৰাৰ বাবে বাধ্য হয় । গৃহস্থ ব্যক্তিয়ে সংসাৰ প্ৰতিপালন আৰু সামাজিক সম্পৰ্ক
ৰক্ষাৰ বাবে কৰা প্ৰতিবিধ কৰ্ত্তব্য কৰ্মৰ
ক্ষেত্ৰতে কথা একে । অৰ্থাৎ কৰ্ত্তব্যৰ বন্ধনত আৱদ্ধ হৈ গৃহস্থ ব্যক্তিয়ে কৰা
প্ৰতিটো কৰ্ত্তব্য কৰ্মৰ বিপৰীতে কৰ্ম আৰু কৰ্মফল ভোগৰ অনন্ত শৃংখলা সৃষ্টি হয় । এনে
পৰিস্থিতিত গৃহস্থ ব্যক্তিৰ পক্ষে পাৰমাৰ্থিক সাধনাৰ পথত অগ্ৰসৰ হোৱাটো সহজ সাধ্য কথা
নহয় । হৰিদেৱ গুৰুজনাই কৈছে যে ভগৱান কৃষ্ণৰ প্ৰতি ভক্তি নিবেদন গৃহস্থ ব্যক্তিৰ বাবে পাৰমাৰ্থিক সাধনাৰ উপযোগী
সহজ সাধ্য পথ । কোৱা হৈছে যে যিবিলাক নিত্য-নৈমিত্তিক কৰ্ম কৰাৰ বাবে গৃহস্থ
ব্যক্তি আগৰে পৰা বাধ্য হৈ থাকে সেই কৰ্ম সমূহকে ভগৱান কৃষ্ণৰ প্ৰতি ভক্তি নিবেদনৰ মাধ্যম
হিচাপে ব্যৱহাৰ কৰা সম্ভৱ । ভাগৱত আৰু
ভগৱ্দ্গীতাত এই প্ৰয়োগৰ কৌশল বৰ্ণনা কৰা হৈছে আৰু হৰিদেৱ গুজনাই সাধাৰণ গৃহস্থ
লোকৰ উপকাৰৰ অৰ্থে সেই কৌশল ব্যৱহাৰ কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰিছে। ( আগলৈ)
No comments:
Post a Comment