From general point of view the religious
practices performed by people can be divided into two distinct parts. One is
practical and the other is philosophical . The practical part is reflected through
various types of activities performed by people . Guru Harideva quotes some examples of such activities and on the basis of those we can have some idea of the practical
part as follows . We see that one class of people perform spiritual practice
through Shravana, Kirtana
, worship of God , pilgrimage etc. One class of people resort to singing
,dancing , dramatic performances and other types of cultural activities in the name of religious practice .
Some people compose poems , stories , songs , drama and other literature to glorify God as part
of their spiritual practice . Another class of people construct temple ,
maintain them , make all types of arrangements like conduction of worship ,
cleaning , gardening etc there . Some
people provide food , water , lodging
,transportation, treatment and other comforts in the pilgrim places or temples
and serve the devotees and visitors assembled there as part of their spiritual practice . Some
people render services through cultivation of crops on lands belonging to temples
and other religious institutions and through many other productive activities to fulfill the financial needs of those institutions. According
to Guru Harideva if these activities are performed
as devotional services rendered
to God then they have spiritual
value or those works can be considered as worship of God . Otherwise, those are considered as simple materialistic activities devoid of any spiritual value . The outcomes of such materialistic woks
may make one rich , famous and respectable in the human society but from
spiritual point of view they carry no meaning.
Analyzing the things as above Guru Harideva says that a person may
appear to be busy in performance of
worship of God inside a temple . But it can not be considered as
spiritual practice if his mind is pre- occupied with materialistic thoughts during such practice . On the other hand a
person may appear to be busy in day to day duties of material life. But if his
mind is fully occupied with thoughts of devotion to God during performance of
those materialistic duties then that can be considered as devotional service to
God . ( to be continued )
সাধাৰণ দৃষ্টিৰে
লক্ষ্য কৰিলে মানুহৰ ধৰ্ম চৰ্চা দুটা
স্পষ্ট ভাগত বিভক্ত বুলি বুজিব পাৰি । তাৰে এটা ভাগ ব্যৱহাৰিক আৰু আনটো
দাৰ্শনিক।
ব্যৱহাৰিক ভাগটো মানুহে কৰা বিভিন্ন প্ৰকাৰৰ কাৰ্যকলাপৰ মাজেৰে আমাৰ দৃষ্টিলৈ আহে। হৰিদেৱ গুৰুজনাই এনে
কাৰ্যকলাপৰ কিছুমান উদাহৰণ দাঙি ধৰিছে আৰু তাৰ ভিত্তিত ধৰ্মচৰ্চাৰ ব্যৱহাৰিক দিশ সম্পৰ্কত
আমি তলত দিয়া ধৰণৰ কিছু ধাৰণা ল’ব পাৰো। আমি দেখা পাওঁ যে এক শ্ৰেণীৰ লোকে শ্ৰৱণ , কীৰ্ত্তন , পূজা-পাঠ .তীৰ্থ
ভ্ৰমণ আদিৰ মাধ্যমত ধৰ্ম চৰ্চা কৰে । এচামে
নৃত্য , গীত , নাটক ,শিল্পকলা আদি সাংস্কৃতিক কাৰ্য কলাপ
জৰিয়তে ধৰ্মচৰ্চা কৰে ।
এচাম
লোকে ধৰ্ম চৰ্চাৰ অঙ্গ হিচাপে কবিতা , গল্প , গীত ,নাটক আদি ৰচনা কৰি ঈশ্বৰৰ মহিমা প্ৰকাশ
কৰে ।ধৰ্ম চৰ্চাৰ নামত কিছুমানে মঠ-মন্দিৰ
নিৰ্মাণ কৰে, সিবিলাকৰ
ৰক্ষণাবেক্ষণ কৰে,
তাত
পূজা সেৱাৰ ব্যৱস্থা কৰে ,
গছ-গছনি
আৰু ফুল-ফল ৰোপণ কৰি সৌন্দৰ্য বৰ্দ্ধন
কৰে , তীৰ্থস্থান আৰু মন্দিৰলৈ অহা ভক্ত আৰু দৰ্শকৰ বাবে খাদ্য , পানীয় ,আশ্ৰয় , যাতায়াত , চিকিৎসা আদি সেৱা প্ৰদান কৰে । এক শ্ৰেণীৰ লোকে মঠ-মন্দিৰৰ ভুমিত কৃষিকাৰ্য আৰু অন্যান্য উদ্যোগিক উন্নয়নমূলক কাৰ্য কৰে আৰু
তাত শ্ৰম দান কৰি মন্দিৰৰ সেৱা-পূজা চলাই নিয়াৰ বাবে অৰ্থৰ যোগান ধৰে । কিছুমানে ধৰ্মচৰ্চাৰ অঙ্গ বুলি ধৰি
ধৰ্মানুষ্ঠানলৈ বয়বস্তু ,টকা-পইচা ,মাটি সম্পত্তি আদি
দান কৰে । হৰিদেৱ গুৰুজনাৰ মতে ওপৰোক্ত প্ৰকাৰৰ সমস্ত কৰ্ম যদিহে ঈশ্বৰৰ অৰ্থে নিবেদন কৰা ভক্তিমূলক কৰ্ম হিচাপে
অনুষ্ঠিত কৰা হয় তেন্তে তাক ঈশ্বৰ উপাসনা বুলি ধৰিব পাৰি । অন্যথা সেইবোৰ
কোনো পাৰমাৰ্থিক মূল্য নথকা সাধাৰণ বৈষয়িক কৰ্মৰ পৰ্যায়ত পৰে । এনে বৈষয়িক কৰ্মৰ
ফল লাভ কৰি মানুহ সমাজত ধনী ,মানী, প্ৰতিপত্তিশীল
ব্যক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰা সম্ভৱ যদিও পাৰমাৰ্থিক বিচাৰত তেনে প্ৰাপ্তিৰ
কোনো অৰ্থ নাই । কথাবিলাক ওপৰোক্ত প্ৰকাৰে
বিচাৰ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে এজন ব্যক্তি বাহিৰৰ পৰা দেখাত মন্দিৰত সোমাই ঈশ্বৰৰ পূজাত ব্যস্ত থকা যেন লাগিব পাৰে ।
কিন্তু সেই সময়ত তেওঁৰ মন যদি ঈশ্বৰ চিন্তাৰ সলনি সাংসাৰিক বিষয়-বস্তুৰ চিন্তাত
মগ্ন থাকে তেন্তে তেওঁৰ পূজাক পাৰমাৰ্থিক সাধনা হিচাপে ধৰিব নোৱাৰি । আনহাতে এজন ব্যক্তি দেখাত বৈষয়িক কমকাজত ব্যস্ত হৈ থকা যেন লাগিব পাৰে । কিন্তু সেই বৈষয়িক কাম কৰাৰ সময়ত তেওঁৰ মন যদি ঈশ্বৰ ভক্তিৰ ভাৱনাৰে পৰিপূৰ্ণ হৈ থাকে তেন্তে তেওঁ কৰা সমস্ত
কৰ্ম ঈশ্বৰৰ
প্ৰতি নিবেদন কৰা ভক্তিপূৰ্ণ সেৱা হিচাপে গণ্য
হয় ।(আগলৈ)
No comments:
Post a Comment