Guru Harideva says that there are so many ways through which
one can keep himself attached with the devotional
thoughts and activities related to God . According to Vedic Scriptures any type
of activity performed by any person with the lone intension of satisfaction of
God is treated as worship of God. In the preceding post some examples of those
activities have been mentioned. So, we can say that one can perform spiritual practice in any way as per his
own choice and convenience and attain spiritual perfection. Guru Harideva explains
this point with an analogy. Without going to the depth of inner meaning of that analogy we
can try to understand its simple meaning as follows. When it rains, water from
sky falls at any place on earth . This rain water after falling on
earth flows in the downward direction from all places and ultimately reaches
the sea. Similarly different people worship God in various
different ways in accordance with their
capacity of understanding and convenience. Such worship of all of them ultimately
reaches God. Again, in Bhagavata it is said that worship of God never goes in
vain. Any kind of worship of God certainly brings desired result according to the
amount and quality of faith and devotion of the worshiper. Now, a common
ignorant householder cannot go through those lessons depicted in the scriptures
and understand the meaning of them by his own effort . It is not possible for a
common householder to choose out the way of worship or spiritual practice
suitable for himself. For that purpose help of a spiritual master or Guru becomes necessary.
To make the things easier for the spiritual master and his student Guru
Harideva elaborately explains the essential qualifications , duties and
responsibilities of both of them in his writings . According to him a spiritual
aspirants should humbly and respectfully approach a spiritual master . He
should render service to the spiritual master with great devotion and without
any hesitation. He should not consider his spiritual master as an ordinary
human being. He should never be envious to his spiritual master . Then it
becomes the duty of a spiritual master to accept such a qualified and serious spiritual aspirant as his disciple
and guide him in the path of self realization or realization of the absolute reality . (to
be continued)
হৰিদেৱ গুৰুজনাই কৈছে যে মানুহে ঈশ্বৰ ভাৱনা আৰু ঈশ্বৰৰ
সৈতে সম্পৰ্কিত কৰ্মত নিজক সংযুক্ত কৰি ৰখাৰ বাবে উপায় অনেক । বৈদিক শাস্ত্ৰত কোৱা
হৈছে যে কেৱল মাত্ৰ ঈশ্বৰৰ সন্তুষ্টিৰ উদ্দেশ্য আগত ৰাখি যিকোনো ব্যক্তিয়ে কৰা যিকোনো কামকে ঈশ্বৰৰ
উপাসনা বুলি ধৰা হয় । ইয়াৰ আগৰ লিখনিত মানুহে ঈশ্বৰৰ সন্তুষ্টিৰ অৰ্থে কৰা এনে
কিছুমান কৰ্মৰ বিষয়ে উল্লেখ কৰা হৈছে ।গতিকে এই কথা ক’ব পাৰি যে মানুহে নিজৰ জ্ঞান , ৰুচি আৰু সা-সুবিধা অনুসৰি যিকোনো উপায়ে পাৰমাৰ্থিক
চিন্তা--চৰ্চা আৰু সাধনা কৰি পাৰমাৰ্থিক পৰিপূৰ্ণতা লাভ কৰিব পাৰে । হৰিদেৱ গুৰুজনাই এটি উপমাৰ সহায়ত এই কথা
বুজোৱাৰ প্ৰয়াস কৰিছে । অৰ্থৰ গভীৰতাৰ মাজলৈ নোযোৱাকৈ
আমি সেই উপমাৰ সৰল ভাৱাৰ্থ এনেদৰে বুজাৰ চেষ্টা কৰি পাৰো । বৰষুণ আহিলে পানী আকাশৰ পৰা পৃথিৱীৰ যিকোনো
স্থানতে পৰে । সকলো স্থানত পৰা বৰষুণৰ পানী
নিম্ন দিশে গতি কৰে আৰু অৱশেষত সমুদ্ৰত পৰে । মানুহে
নিজৰ নিজৰ ৰুচি- অভিৰুচি , বোধ-বুদ্ধিৰ ক্ষমতা আৰু পৰিবেশ
পৰিস্থিতি অনুসৰি অনেক প্ৰকাৰৰ ভিন্ন ভিন্ন নীতি নিয়ম মানি ঈশ্বৰৰ পূজা-সেৱা কৰে ।
কিন্তু বৰষুণৰ পানী সকলো স্থানৰ পৰা সাগৰলৈ যোৱাৰ দৰে সকলো লোকৰে পূজা-সেৱা একেজন ঈশ্বৰৰ চৰণত অৰ্পিত
হয় । আনহাতে ভাগৱততো কোৱা হৈছে যে কোনো প্ৰকাৰৰ ঈশ্বৰ আৰাধনা
কেতিয়াও ব্যৰ্থ নহয় । শ্ৰদ্ধা-ভক্তিৰ মান আৰু গভীৰতা অনুপাতে প্ৰত্যেকজন উপাসকে
ঈশ্বৰ আৰাধনাৰ ফল লাভ কৰে । এতিয়া কথা হৈছে গৃহস্থী কৰ্ত্তব্যত সদাব্যস্ত হৈ থকা
সাধাৰণ অজ্ঞানী ব্যক্তিয়ে নিজৰ প্ৰচেষ্টাৰে শাস্ত্ৰ অধ্যয়ন কৰি শাস্ত্ৰত বৰ্ণনা
কৰা জ্ঞান আৰু উপদেশ সমূহৰ অৰ্থ বুজি
নাপায় । সেয়েহে তেওঁলোকে নিজৰ বাবে উপযোগী
ঈশ্বৰ উপাসনাৰ পথ নিজে নিৰ্দ্ধাৰণ কৰি সেইমতে পৰমাৰ্থিক সাধনা কৰা সম্ভৱ নহয় । সেই কামৰ বাবে পাৰমাৰ্থিক
উপদেষ্টা বা গুৰুৰ প্ৰয়োজন হয় ।
পাৰমাৰ্থিক শিক্ষক আৰু শিক্ষাৰ্থীৰ বাবে এই কাম সহজতৰ কৰাৰ উদেশ্যে হৰিদেৱ
গুৰুজনাই উভয়ৰে যোগ্যতা , কৰ্ত্তব্য আৰু দায়িত্ব সম্পৰ্কে
বিস্তাৰিত ভাৱে লিখি থৈ গৈছে । তেওঁৰ মতে পাৰমাৰ্থিক উৎকৰ্ষ লাভ কৰাৰ বাবে আগ্ৰহী
ব্যক্তিয়ে সন্মান আৰু বিনম্ৰতা সহকাৰে পৰমাৰ্থিক গুৰুৰ ওচৰলৈ গৈ তেওঁৰ কৃপা প্ৰাৰ্থনা কৰিব লাগে । কোনো প্ৰকাৰৰ
বিৰক্তি বোধ নকৰাকৈ পৰম শ্ৰদ্ধা আৰু
ভক্তি সহকাৰে গুৰুৰ সেৱাকৰ্মত ব্ৰতী হ’ব লাগে । কেতিয়াও গুৰুক সাধাৰণ মনুষ্য বুলি ভাৱিব নালাগে । গুৰু প্ৰতি কেতিয়াও কোনো প্ৰকাৰৰ বিদ্বেষ ভাৱ পোষণ কৰিব
নালাগে। এনেবোৰ যোগ্যতাৰ মাপকাঠিত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক শিষ্য হিচাপে গ্ৰহণ কৰা আৰু ক্ৰমান্বয়ে পাৰমাৰ্থিক উন্নতিৰ পথত আগবঢ়াই নিয়াটো
গুৰুৰ কৰ্ত্তব্য বুলি কোৱা হৈছে। ( আগলৈ)
No comments:
Post a Comment