Saturday, 25 February 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-165 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৬৫

 

In most of the Vedic Scriptures there are instructions for spiritual masters or Guru to reveal secrets pertaining to the absolute truth or God Almighty to competent disciples only. In view of those instructions all disciples cannot be considered as competent enough to know the underlying secrets behind the scriptural descriptions of the absolute truth or God Almighty. Explaining this point with  analogy  Bhagavata says that in autumn season water sometimes flows and sometimes does not flow downwards from mountain top depending upon the stock of water on  its higher region . Similarly, great spiritual master may or may not speak out the secrets of scriptural knowledge depending upon the eligibility of his disciple to receive the same . This point has also been explained in the scriptures including Bhagavata through different stories etc. There it is said  that Ravana , Hiranyakhsh , Kamasha etc  were very much powerful and  intelligent personalities. They became able to acquire the secrets contained in of the Vedas and Vedic Scriptures. But  they were not competent  to know  those secrets. Because of that  they misused the tremendous power of Vedic knowledge and caused  harm to the whole creation . These things are elaborately described in the Vedas and Vedic Scriptures. Being a great scholar of the Vedas and Vedic Scriptures, Guru Harideva was well aware of those Scriptural injunctions . At the same time spiritual upliftment of common ignorant people was the prime aim of his religious mission. Most his disciples  were common householders. Family life is said to be the field of performance of fruitive activities  and enjoyment of their outcomes. So naturally those householders  cannot be considered as competent persons  to know the inherent secret behind the scriptural descriptions pertaining to the Ultimate Truth .  Considering  the things from all  angles  Guru Harideva says that  to  be eligible  for higher spiritual attainment a disciple should keep him in close touch with his  Guru and learn lessons from him. For this purpose the disciple should stay in the hermitage of his Guru for one to four years or more depending upon his level of intelligence , understanding capacity,  family background etc.   ( to be continued )    

প্ৰায় সকলো বৈদিক শাস্ত্ৰতে পাৰমাৰ্থিক শিক্ষক বা গুৰুক নিৰ্দেশ দি কোৱা হৈছে যে কেৱল মাত্ৰ যোগ্য ব্যক্তিকহে গুঢ় পাৰমাৰ্থিক তত্বজ্ঞান দিয়া উচিত । ইয়াৰ পৰা এই কথা স্পষ্ট হয় যে মানৱ সমাজৰ সকলো ব্যক্তি শাস্ত্ৰসমূহত বৰ্ণিত পৰম সত্যৰ তত্বজ্ঞান বা শাস্ত্ৰবাণীৰ অন্তৰ্নিহিত ৰহস্যৰ বিষয়ে জনাৰ বাবে উপযুক্ত নহয় । উপমাৰ সহায়ত এই কথা ব্যাখ্যা কৰি ভাগৱতত কোৱা হৈছে যে  শৰত কালত পৰ্বতৰ ওপৰত জমা থকা পৰিমাণৰ ওপৰত ভিত্তি কৰি  পানী ওপৰৰ পৰা তললৈ নামি আহিবও পাৰে অথবা নাহিবও পাৰেএকেদৰে যোগ্যতা-অযোগ্যতাৰ ফালে চাই পৰম তত্বজ্ঞানী গুৰুৱে শিষ্যক শাস্ত্ৰৰ ৰহস্যপূৰ্ণ তত্বজ্ঞান দিবও  পাৰে অথবা নিদিবও  পাৰে । একেখিনি কথা ভাগৱত আৰু অন্যান্য বৈদিক শাস্ত্ৰত বিভিন্ন কাহিনীৰ জৰিয়তে অন্য ধৰণে ব্যাখ্যা কৰা হৈছে । কোৱা হৈছে যে ৰাৱণ , হিৰণ্যকশিপু , কংস আদি ব্যক্তিসকল  অত্যন্ত বুদ্ধিমান আছিল । তেওঁলোকে বেদ আৰু বৈদিক শাস্ত্ৰৰ অন্তৰ্নিহিত ৰহস্য ভেদ কৰি তত্বজ্ঞান লাভ কৰাত সক্ষম হৈছিল । কিন্তু সেই ৰহস্যপূৰ্ণ তত্বজ্ঞান লাভ কৰাৰ যোগ্যতা  সেই সকলৰ নাছিল । তাৰ ফলত তেওঁলোকে সেই জ্ঞানৰ শক্তি অপপ্ৰয়োগ কৰি সমস্ত জগতৰ প্ৰচুৰ অপকাৰ সাধন কৰিছিল  বেদ আৰু বৈদিক শাস্ত্ৰত এই বিলাক কথা বিস্তাৰিতভাৱে বৰ্ণনা কৰা হৈছে । বেদ আৰু বৈদিক শাস্ত্ৰৰ তত্বজ্ঞ পুৰুষ হৰিদেৱ গুৰুজনাই  শাস্ত্ৰৰ ওপৰোক্ত নিৰ্দেশসমূহৰ বিষয়ে ভালদৰে জানিছিল । আনহাতে  সংসাৰত আৱদ্ধ  সাধাৰণ অজ্ঞানী লোকক পাৰমাৰ্থিক পথত আগবঢ়াই নিয়াটোৱে আছিল গুৰুজনাৰ ধৰ্মপ্ৰচাৰ কাৰ্যৰ প্ৰধান লক্ষ্য ।সংসাৰ হৈছে কামনা-বাসনা মূলক কৰ্মৰ সাধনা আৰু বৈষয়িক ভোগ-বাসনা পূৰণৰ ক্ষেত্ৰ। সেয়েহে স্বাভাৱিকতে ওপৰোক্ত শাস্ত্ৰীয় নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত  কোনো গুৰুৱে সংসাৰ ধৰ্ম পালনত ব্যস্ত থকা লোকক গুঢ় ৰহস্যপূৰ্ণ শাস্ত্ৰজ্ঞান লাভ কৰাৰ বাবে যোগ্য পাত্ৰ বুলি গণ্য কৰিব  নোৱাৰে।এই সকলো কথা বিচাৰ বিবেচনা কৰি হৰিদেৱ গুৰুজনাই কৈছে যে  নিজকে শাস্ত্ৰৰ গুঢ় তত্বজ্ঞান লাভ কৰাৰ বাবে উপযুক্ত কৰি গঢ়ি তোলাৰ বাবে ইচ্ছুক শিষ্যই  গুৰুৰ নিকট সান্নিধ্যত অৰ্থা গুৰুৰ আশ্ৰমত থাকি শিক্ষা গ্ৰহণ কৰাৰ প্ৰয়োজনশিষ্যৰ বুদ্ধিবৃত্তি , জন্মগত সংস্কাৰ দিৰ ওপৰত ভিত্তি কৰি গুৰুৰ সৈতে আশ্ৰমত থাকি শিক্ষা গ্ৰহণ কৰা কালৰ পৰিমাণ এবছৰৰ পৰা চাৰি বছৰ বা ততোধিক হব পাৰে বুলিও গুৰুজনাই কৈছে(আগলৈ )   

Monday, 20 February 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-164 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৬৪)

 

In the Bhagavata and other Vedic scriptures it is said that fire is one. There is no varieties like size, shape , colour etc of fire. But we see varieties in fire due to various size , shape, quality etc of fire wood and other inflammable material burnt by the fire . Similarly, God Almighty or soul is one and there is no second to him. Soul has no name ,form , tributes etc. God Almighty, as soul pervades all things in the creation. There are innumerable verities of things or bodies in the creation. Each body has its own characteristics and nature different from  others.  One God expresses himself through all those bodies. We see expression of God in those bodies in the form of their activities. Since each body has its own nature and characteristic different from others the activities performed by each body also differ .  So,  as like as appearance of various size ,shape ,colour etc of fire through various different inflammable materials,  only one God appears to be many due to varieties in expression  through various things or  bodies. In  Bhagavata these topics are elaborately explained through various stories, analogies etc.  Based on such observation of Bhagavata  Guru Harideva says that  each and everything in the creation is expression of  one  God Almighty . It is also said that a  disciple should try to understand those inner meaning of the religious scriptures very clearly. It is the duty of a disciple to try to see God in everything and everywhere in the creation of God. As part of that practice a disciple should be well wisher of all living entities and should not do anything which may harm any living entity in the creation of God. The disciple should be interested in conducting welfare activities for the benefit of  others . According to Guru Harideva one who is not envious to anything in the creation of God , who is  kind and friendly  to all living entities comes under the category of ideal disciple. ( to be continued )

ভাগৱত আৰু অন্যান্য বৈদিক শাস্ত্ৰত কোৱা হৈছে যে  জুই এক । জুইৰ আকাৰ , আকৃতি , ৰঙ আদি কোনো প্ৰকাৰৰ ভিন্নতা  নাই । কিন্তু  কাঠ আৰু অন্যান্য দাহ্য পদাৰ্থৰ আকাৰ ,আকৃতি গুণাগুণ আদিৰ  ভিন্নতা হেতুকে আমি জুইৰ বেলেগ বেলেগ আকাৰ , আকৃতি ,ৰং আদি ভিন্নতা সমূহ দেখা পাওঁ । একেদৰে পৰমেশ্বৰ বা আত্মা এক আৰু অদ্বিতীয় । আত্মাৰ কোনো নাম  , ৰূপ ,গুণাগুণ ইত্যাদি নাই । পৰমেশ্বৰ আত্মা বা চালিকা শক্তি হিচাপে জগতৰ জড়-জীৱ সমস্ত শৰীৰতে  ব্যাপ্ত হৈ আছে ।জগতত অসংখ্য সংখ্যক আৰু অসংখ্য প্ৰকাৰৰ জীৱ শৰীৰ আছে । প্ৰত্যেক শৰীৰৰে আকাৰ আকৃতি , গুণধৰ্ম আদি পৃথক পৃথক জগতৰ দুটা জীৱ শৰীৰ আৰু সেই দুই শৰীৰে কৰা কাম  সৰ্বতো প্ৰকাৰে একে নহয় । এটাৰ সৈতে আনটোৰ  কিবা  নহয় কিবা পাৰ্থক্য থাকে ।উদাহৰণ স্বৰূপে দুজন মানুহ  শাৰীৰিক , মানসিক ,বৌদ্ধিক আদি সমস্ত দিশত একে সমান নহয়্। একেজন ঈশ্বৰ বা এক আত্মাই সৃষ্টিৰ সকলো শৰীৰৰ মাধ্যমত নিজকে প্ৰকাশ কৰে আৰু শৰীৰৰ কাৰ্যকলাপৰ দ্বাৰা আমি শৰীৰত ঈশ্বৰ বা আত্মা আছে বুলি বুজিব পাৰো। এতিয়া কথা হৈছে প্ৰত্যেক জীৱ শৰীৰে পৃথক পৃথক কাৰ্য সম্পাদন কৰে  ৰ্থাৎ জুইয়ে বিভিন্ন প্ৰকাৰৰ দাহ্য পদাৰ্থ পোৰাৰ সময়ত ভিন্ন ভিন্ন ৰূপ গ্ৰহণ কৰাৰ দৰে একেজন ঈশ্বৰ বা এক আত্মা জগতৰ ভিন্ন ভিন্ন শৰীৰৰ কাৰ্যকলাপৰ মাধ্যমত ভিন্ন ভিন্ন ৰূপত প্ৰকাশিত হয় ।ভাগৱতত বিভিন্ন কাহিনী ,উপমা আদিৰ জৰিয়তে এইবিলাক কথা বিস্তাৰিতভাৱে বুজোৱা হৈছে ভাগৱত শাস্ত্ৰৰ এনে শিক্ষাৰ ওপৰত ভিত্তি কৰি হৰিদেৱ গুৰুজনাই কৈছে যে জগতৰ প্ৰত্যেক জীৱ এক ঈশ্বৰৰ ভিন্ন ভিন্ন ৰূপ ।লগতে কৈছে যে  শিষ্যই শাস্ত্ৰ-কথাৰ ওপৰোক্ত অন্তৰ্নিহিত তত্বসমূহ স্পষ্টভাৱে বুজি লোৱাৰ চেষ্টা কৰা উচিত। তাৰ পিছত জগতৰ সৰ্বজীৱ আৰু সৰ্বত্ৰতে ঈশ্বৰ দৰ্শন কৰা চেষ্টা কৰা উচিত। এই প্ৰচেষ্টাৰ অংশ হিচাপে শিষ্য জগতৰ সমস্ত  জীৱৰ শুভাকাংক্ষী  ব লাগে আৰু অন্যৰ অপকাৰ হব পৰা যিকোনো কাম কৰাৰ পৰা বিৰত থাকিব লাগে । শিষ্য সৃষ্টিৰ সকলো জীৱৰ মঙ্গলৰ অৰ্থে কাম কৰাৰ বাবে আগ্ৰহী হব লাগে কাৰো প্ৰতি শত্ৰুতা আচৰণ নকৰা আৰু সকলোৰে প্ৰতি বন্ধুসুলভ ব্যৱহাৰ কৰাটো উপযুক্ত  শিষ্যৰ লক্ষণ বুলি গুৰুজনাই কৈছে ।(আগলৈ)  

Tuesday, 14 February 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-163 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৬৩)

 

In the Vedic Scriptures it is said that material assets can be acquired by purchase and Knowledge of material subjects can be acquired by learning. But spiritual realization cannot be attained by purchase or learning. This is transmitted from Guru to  disciple as like as virus of dieses. In Bhagavata it is said that knowledge originates from God Almighty, knowledge spreads  through Guru-disciple tradition and people can gain knowledge by coming in contact with Guru. In Bhagavad-Gita Lord Krishna suggests that  for attainment of  spiritual knowledge and realization of  the ultimate truth  disciple should first approach a spiritual master , inquire from him submissively and  render service to him. As a whole, in all Vedic Scriptures it is said that the disciple is able to receive the Guru's grace only through the sentiment of total surrender. In order to attain the Guru's eternal blessings, protection and love the disciple should completely surrender himself without any doubt at the Lotus feet of the Guru.  Based on such scriptural teachings Guru Harideva says that Spiritual Master or Guru is not lesser than the God Almighty for a disciple. Guru is equivalent to God for a disciple  and  hence the residence of the Guru is a pilgrimage place for him.  Guru should be considered as the deity of worship of that  pilgrimage place. A glimpse of the Guru at that pilgrimage place brings wonderous spiritual gain which is extremely rewarding for a disciple. Analysing the things as above Guru Harideva suggests that  if the residence of spiritual master is in the same village a devoted disciple should visit and serve him daily . If the spiritual master resides at a distance of one Yoyana (7.2 kms approx.), the disciple should visit him once in a month. If the spiritual master resides at a distance exceeding one Yoyana then the disciple should respectfully bow down daily in the direction of the residential place of the Guru. Otherwise, the disciple should establish mental connection with his Guru by concentrations of his mind and perform mental worship of the spiritual master daily. ( to be continued)

বৈদিক শাস্ত্ৰত কোৱা হৈছে যে বৈষয়িক সম্পদ কিনি লব পাৰি । বৈষয়িক বিষয়-বস্তুৰ জ্ঞান শিকি আয়ত্ব কৰিব পাৰি । কিন্তু পাৰমাৰ্থিক অনুভূতি কিনাও নাযায় আৰু শিকাও নাযায় । পাৰমাৰ্থিক অনুভৱ সোচৰা ৰোগৰ বীজাণুৰ দৰে গুৰুৰ পৰা শিষ্যলৈ সঞ্চাৰিত হয়। ভাগৱতত কোৱা হৈছে  যে জ্ঞানৰ প্ৰবাহ পৰমেশ্বৰৰ পৰা আৰম্ভ হয় , গুৰু-শিষ্য পৰম্পৰাৰ মাধ্যমত প্ৰবাহিত হৈ থাকে আৰু মানুহে গুৰুৰ সান্নিধ্যলৈ আহি জ্ঞান আহৰণ কৰে। ভগৱদ্গীতাত  গুৰুৰ পৰা জ্ঞান আহৰণ কৰাৰ নিয়ম উল্লেখ কৰি ভগৱান কৃষ্ণই কৈছে যে পৰম সত্য কি তাক জানিবৰ বাবে প্ৰথমতে গুৰুৰ সান্নিধ্যলৈ আহিব লাগে , নতমস্তক হৈ গুৰুক  প্ৰশ্ন কৰিব লাগে আৰু গুৰুৰ সেৱাত ব্ৰতী হব লাগে । মুঠতে  সকলো বৈদিক শাস্ত্ৰত কোৱা হৈছে যে গুৰুৰ চৰণত শৰণ গ্ৰহণ কৰাটো  গুৰুৰ পৰা অনুগ্ৰহ আৰু তত্বজ্ঞান লাভ কৰাৰ একমাত্ৰ উপায় । গুৰুৰ আশীৰ্বাদ , সুৰক্ষা আৰু স্নেহ  লাভ কৰাৰ বাবে শিষ্যই সকলো সন্দেহ-সংশয়ৰ পৰা মুক্ত থাকি গুৰুৰ চৰণত সম্পূৰ্ণৰূপে আৰু নিঃচৰ্ত্ত ভাৱে নিজকে সমৰ্পণ কৰাৰ প্ৰয়োজন ।ওপৰোক্ত ধৰণৰ শাস্ত্ৰীয় নিৰ্দেশ সমূহৰ আধাৰত হৰিদেৱ গুৰুজনাই কৈছে যে এজন শিষ্যৰ বাবে গুৰু ভগৱানতকৈ কোনো অংশে কম নহয় ।সেইফালৰ পৰা বিচাৰ কৰিলে শিষ্যৰ বাবে গুৰুৰ বাসস্থান পুণ্যপ্ৰদ তীৰ্থস্থান সদৃশ | গুৰু সেই পবিত্ৰ তীৰ্থস্থানত অধিষ্ঠিত হৈ থকা উপাস্য বিগ্ৰহ ।সেইখন তীৰ্থ ক্ষেত্ৰত গুৰুক সাক্ষা দৰ্শন কৰিলে  শিষ্যই  পাৰমাৰ্থিক ভাৱে অতিশয় লাভৱান হব পাৰে । কথাবিলাক ওপৰোক্ত ধৰণে বিচাৰ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে গুৰুৰ সৈতে একেখন গাৱঁত বাস কৰা শিষ্যই প্ৰতিদিনে গুৰু-গৃহলৈ গৈ গুৰুক দৰ্শন কৰিব লাগে আৰু সেৱা-শুশ্ৰূষাৰ দ্বাৰা সন্তুষ্ট  কৰি  পৰামৰ্শ গ্ৰহণ কৰিব লাগে ।গুৰু এক যোজন (প্ৰায় ৭.২ কিঃমিঃ) দূৰত বাস কৰিলে শিষ্যই প্ৰতি মাহে এবাৰ গুৰুগৃহলৈ যোৱা উচিত। গুৰু তাতোকৈ বেছি দূৰত বাস কৰিলে শিষ্যই প্ৰতি দিনে  গুৰুৰ বাসস্থনৰ দিশে ভক্তিভৰে প্ৰণাম কৰিব লাগে অন্যথা শিষ্যই মনৰ ভাৱনাৰ দ্বাৰা  সঘনে   গুৰুৰ সৈতে মানসিক সংযোগ সাধন  কৰি   গুৰুৰ সান্নিধ্যলৈ আহিব লাগে আৰু প্ৰতি দিনে গুৰুৰ প্ৰতি মানসিক সেৱা-পূজা নিবেদন কৰিব লাগে ।(আগলৈ )     

Wednesday, 8 February 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-162 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৬২)

 

So long a wicked person remains in contact with noble and wise person, he becomes bound to control himself. Under such situation he cannot perform activities which express his wickedness. In our day to day life we witness such happenings. For example, a student remains calm and cool and maintains discipline in front of his teacher while in the school. But the same student behaves in his own manner outside the school and after school hours. In Bhagavata this type of dual behavior shown by one single person is explained through the characteristics of king Kamsa. It is said that after hearing the words of Goddess Mahamaya subsequent to birth of Lord Krishna, he met Devaki and Vasudeva. He exhibited familial affection for his sister Devaki and brother-in-law Vasudeva. He released them from bondage and   begged   apology for the intolerable atrocities imposed upon them from his side. From such description it becomes clear that the mind of Kamsa was purified after seeing and hearing Goddess Mahamaya , the incarnated divinity in the role of the sister of Lord Krishna and coming in contact with Devaki and Vasudeva , the mundane parents of the God Almighty . But this purity of mind of King Kamsa did not last for long time. After meeting Devaki and Vasudeva he met his ministers of demonical disposition and his mind changed from divine to demonic nature within no time . Then he decided to kill all new born babies within his kingdom. All these things have been elaborately described in Bhagavata. Based on such knowledge propagated by Bhagavata Guru Harideva suggests that a disciple should frequently visit his Guru and  interact with him  at regular intervals  . This is because a disciple after completion of his spiritual education and training at Guru’s place has to return  to his householder’s life . Under such condition he may come under influence of the material life and forget the lessons pertaining to higher aim of life taught by his Guru. To avoid such problem lifelong  regular  interaction with Guru is essential. ( to be continued )

সৎ আৰু মহৎ লোকৰ সান্নিধ্যত থকা কালত দুষ্ট বুদ্ধিৰ লোকে  সাময়িকভাৱে হলেও নিজৰ দুষ্ট  প্ৰবৃত্তি নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হয় । তেনে অৱস্থাত দুষ্ট লোকে নিজৰ দুষ্ট প্ৰবৃত্তি প্ৰকাশ কৰি অসৎ কৰ্ম কৰিব নোৱাৰে ।আমাৰ দৈনন্দিন জীৱনত আমি এনে কথাৰ সত্যতাৰ প্ৰমাণ পাওঁ। উদাহৰণ স্বৰূপে এজন দুষ্ট ছাত্ৰ বিদ্যালয়ত থকা কালত শিক্ষক সকলৰ সন্মুখত বিনয়ী , শান্ত আৰু নিৰ্জু হৈ থাকে । কিন্তু বিদ্যালয়ৰ কাম সমাপ্ত হোৱাৰ পিছত বা বিদ্যালয়ৰ বাহিৰত সেই একেজন   ছাত্ৰই  নিজৰ প্ৰবৃত্তি অনুসৰি  আচৰণ কৰে। একে জন মানুহে কৰা এনে ধৰণৰ পৰস্পৰ বিৰোধী দ্বৈত আচৰণৰ কথা ভাগৱতত মহাৰাজ কংসৰ চৰিত্ৰৰ মাধ্যমত জনসাধাৰণক্ বুজোৱাৰ চেষ্টা কৰা হৈছে । ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ পিছৰ পৰ্যায়ত মহামায়া দেৱী দূৰ্গাৰ বচন শুনাৰ পিছত মহাৰাজ কংসই দৈৱকী আৰু বসুদেৱক দেখা কৰিছিল । তেওঁ  কাৰাগাৰৰ ভিতৰলৈ গৈ ভগ্নী  দৈৱকীৰ প্ৰতি ভগ্নী সুলভ প্ৰেম প্ৰদৰ্শন কৰিছিল আৰু ভগ্নীপতি বসুদেৱক বিনয় পূৰ্বক আদৰ সম্ভাষণ জনাইছিল । তেওঁলোকক বন্ধনৰ পৰা মুক্ত কৰি দিছিল আৰু তেওঁলোকৰ ওপৰত কৰা অমানুষিক অত্যাচাৰৰ বাবে অনুতপ্ত হৈ  ক্ষমা প্ৰাৰ্থনা  কৰিছিল । ইয়াৰ পৰা স্পষ্টভাৱে বুজিব পাৰি  যে  ভগৱান কৃষ্ণৰ ভগ্নী হিচাপে অৱতাৰ গ্ৰহণ কৰা দেৱী যোগমায়া আৰু স্বয়ং পৰমেশ্বৰৰ জাগতিক পিতৃ-মাতৃ বসুদেৱ-দৈৱকীৰ সান্নিধ্যলৈ অহাৰ লগে কংসৰ দৰে নিষ্ঠুৰ আসুৰিক প্ৰবৃত্তিৰ লোকৰো মন পৱিত্ৰ হৈছিল । কিন্তু কংসৰ মনৰ এই পবিত্ৰ স্থিতি  বৰ বেছি সময়লৈ চলি থকা নাছিল । বসুদেৱ দৈৱকীক সাক্ষাৎ কৰাৰ পিছতে তেওঁ ৰাজসভালৈ গৈছিল আৰু তাতে আসুৰিক প্ৰবৃত্তিৰ মন্ত্ৰী আৰু ৰাজবিষয়া সকলৰ সৈতে আলোচনাত মিলিত হৈছিল ।  তাৰ পিছতে সাময়িকভাৱে দৈৱিক ভাৱাপন্ন হৈ উঠা কংসৰ মন পুনৰাই আসুৰিক ভাৱাপন্ন হৈ উঠিছিল আৰু তেওঁ নিজ ৰাজ্যৰ সকলো নৱজাতক শিশুক মাৰি পলোৱাৰ সিদ্ধান্ত লৈছিল । ভাগৱতত এইবোৰ কথা বহলাই কোৱা হৈছে আৰু  এই জ্ঞানৰ আধাৰত উপদেশ দি হৰিদেৱ গুৰুজনাই কৈছে যে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে শিষ্যই গুৰুৰ ওচৰলৈ যাব লাগে আৰু গুৰুক সন্মান প্ৰদৰ্শন কৰি উপদেশ গ্ৰহণ কৰিব লাগে  ইয়াৰ কাৰণ হৈছে গুৰুৰ পৰা শৰণ আৰু পাৰমাৰ্থিক সাধনাৰ শিক্ষা গ্ৰহণ কৰাৰ অন্তত শিষ্য সাংসাৰিক জীৱনলৈ ঘুৰি যায়। সাংসাৰিক জীৱনত বিৰুদ্ধ ভাৱাপন্ন লোকৰ সান্নিধ্যলৈ আহি নিজৰ জীৱনৰ উচ্চ আদৰ্শ আৰু পাৰমাৰ্থিক লক্ষ্যৰ পৰা বিচ্যুত হৈ পৰাৰ সম্ভাৱনা থাকে তেনে সম্ভৱনাৰ পৰা মুক্ত থকাৰ বাবে শিষ্যই আজীৱন গুৰুৰ সৈতে সঘন যোগাযোগ ৰাখি চলা উচিত (আগলৈ )