A potter makes
earthen pots first . Then the pots are allowed
to dry by keeping them under sunshine . Then the pots are burnt by keeping
in fire to make them hard. Then the pots are allowed to be cool . After completion
of this process as a whole the
pots can hold water in it. Citing this analogy Guru Harideva tells that the
procedure to be followed for attainment
self-realization is also of similar type.
The human mind cannot concentrate on one subject for long time . In the Bhagavadgita
also it is told that controlling of one’s mind and keeping it engaged it in one single subject is very difficult task. Guru Harideva tells that an
uncontrolled mind is like an earthen pot
before burning. There are no differences in
size and shape of a pot before burning and after burning. But if we put
water in a pot before burning then the walls of the pot break down and the water inside comes out. Similarly, if the mind is not under
control then people can not concentrate on God or the soul inside him and
attain self realization . Analyzing the things as above Guru Haridev tells that if
one sincerely takes shelter in God or comes to the “Sharana” of Lord Krishna
then his mind automatically comes under his own control and he can easily proceed
in the path of self realization. But for coming to the Sharana of Lord Krishna
guidance from a spiritual master or Guru is essential. Guru
Harideva tells that since attainment of self realization is the ultimate aim of
human life one should be very much careful in choosing the spiritual master or
Guru . Also, people interested in attainment of self realization should prepare himself well for becoming a
sincere, hardworking and faithful disciple
of the Guru chosen by him . To
guide general people in this respect Guru Harideva has elaborately discussed the
qualities essential for a Guru. Similarly the qualities essential for a disciple are discussed by him . Many suggestions
are also given by him regarding the
duties and responsibilities of the spiritual
masters and their disciples . We will try to
discuss those topics in the coming posts . (to be continued )
কুমাৰে প্ৰথমে
মাটিৰ পাত্ৰ সাজে । তাৰ পিছত পাত্ৰবোৰ ৰ’দত শুকুৱায় । শুকোৱাৰ পিছত জুইত পোৰে । পোৰাৰ পিছত
ঠাণ্ডা হ’বলৈ দিয়ে ।এই আটাইখিনি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত পাত্ৰত পানী ভৰালে পাত্ৰই সেই
পানী ধৰি ৰাখিব পাৰে । এই উপমা দি হৰিদেৱ গুৰুজনাই কৈছে যে মাটিৰ পাত্ৰ পানী ভৰাই ৰখাৰ বাবে
উপযোগী কৰাৰ যি প্ৰক্ৰিয়া ওপৰত উল্লেখ কৰা হৈছে তাৰ সৈতে আত্মজ্ঞান লাভ কৰাৰ বাবে
অৱলম্বন কৰিব লগীয়া প্ৰক্ৰিয়াৰ মিল আছে । মানুহৰ মন কোনো এটা বিষয়ত বেছি
সময় লাগি থাকিব নোৱাৰে। ভগৱদ্গীতাতো কোৱা হৈছে যে মনক নিয়ন্ত্ৰণলৈ আনি কোনো এটা
বিষয়ত নিযুক্ত কৰি ৰখাটো অতিশয় দুৰূহ কাম। হৰিদেৱ গুৰুজনাই কৈছে যে নিয়ন্ত্ৰণবিহীন
মন কেঁচা মাটিৰ পাত্ৰৰ দৰে অৰ্থাৎ জুইত পোৰাৰ আগৰ অৱস্থাত থকা মাটিৰ
পাত্ৰৰ নিচিনা । জুইত পোৰাৰ আগৰ অৱস্থা আৰু জুইত পোৰাৰ পিছৰ অৱস্থাত পাত্ৰৰ
আকাৰ-আকৃতি একে থাকে ।কিন্তু পুৰি টান কৰি লোৱাৰ আগতে যদি পাত্ৰত পানী ভৰোৱা হয়
তেন্তে পাত্ৰৰ আৱেষ্টনী ভাঙি পানী বাহিৰলৈ ওলাই যায় । একেদৰে অনিয়ন্ত্ৰিত মনক ঈশ্বৰ বা আত্মা বিষয়ক চিন্তাত নিযুক্ত কৰি ৰাখিব নোৱাৰি, মন বাৰে বাৰে
ঈশ্বৰ চিন্তাৰ পৰা আঁতৰি যায় আৰু অন্য চিন্তাত মগ্ন হয়্। ইয়াৰ পৰা বুজিব পাৰি যে মনক নিয়ন্ত্ৰণত ৰাখিব
নোৱাৰিলে আত্মজ্ঞান লাভ কৰা সম্ভৱ নহয়।
কথাবিলাক ওপৰোক্ত ধৰণে বিচাৰ বিশ্লেষণ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে যদি
কোনো ব্যক্তিয়ে ঈশ্বৰৰ আশ্ৰয় গ্ৰহণ কৰে বা ভগৱান শ্ৰীকৃষ্ণৰ চৰণত একান্তভাৱে শৰণ
গ্ৰহণ কৰে তেন্তে তেনে ব্যক্তিৰ মন স্বতঃষ্ফূৰ্ত্তভাৱে নিজৰ নিয়ন্ত্ৰণলৈ আহে আৰু
তেনে ব্যক্তিয়ে সহজতে আত্মজ্ঞান লাভৰ পথত আগবাঢ়ি যাব পাৰে ।কিন্তু ভগৱান কৃষ্ণৰ
চৰণত একান্ত শৰণ গ্ৰহণ কৰাৰ বাবে গুৰুৰ পৰা পথনিৰ্দেশ লাভ কৰাটো অতি প্ৰয়োজনীয় কথা
। এই প্ৰসঙ্গত গুৰুজনাই কৈছে যে যিহেতু আত্মজ্ঞান লাভ মানৱ জীৱনৰ চৰম লক্ষ্য বা
এয়ে মানৱ জীৱনৰ পৰম প্ৰাপ্তি সেয়েহে গুৰু নিৰ্বাচনৰ ক্ষেত্ৰত মানুহে অতিশয়
সাৱধানতা অৱলম্বন কৰা উচিত । তদুপৰি আত্মজ্ঞান লাভ কৰাৰ পথত আগবাঢ়ি যাব খোজা ব্যক্তিয়ে
নিজে নিৰ্বাচন কৰি লোৱা গুৰুৰ এজন বিশ্বস্ত,
কষ্টসহিষ্ণু আৰু প্ৰপন্ন
শিষ্য হিচাপে নিজকে প্ৰস্তুত কৰা উচিত ।এই
বিষয়ত জনসাধাৰণক জ্ঞান দিয়াৰ অৰ্থে
গুৰুজনাই উপযুক্ত গুৰুৰ লক্ষণসমুহ বিতংভাৱে আলোচনা কৰিছে।উপযুক্ত শিষ্যৰ
লক্ষণসমুহো আলোচনা কৰিছে । লগতে গুৰুজনাই গুৰু আৰু শিষ্য
উভয়ৰে দায়িত্ব আৰু কৰ্ত্তব্য সম্পৰ্কতো অনেক উপদেশ প্ৰদান কৰিছে । আগন্তুক
লিখনিত এইবিলাক কথা আলোচনা কৰাৰ ইচ্ছা থাকিল । (আগলৈ)
No comments:
Post a Comment