In a magic show we witness unusual activities performed by the
magician. Those activities appear to be true in our eyes. But in actuality those unusual activities are
nothing but some kind of tricks played by the magician. People know his fact. But in spite of that, they
happily enjoy the magic show. Citing
such analogy scriptures tell that after attainment of Atmajnana or
self-realization human being can understand that there is no truth in the
things and happenings of the material world. But after realization of this fact
also people can enjoy material happiness as like as enjoyment of happiness from
a magic show. In this context Bhagavata tells that attainment of Atmajnana or
self- realization is the ultimate aim of human life. But life of people does
not end immediately after attainment of self-realization. Moreover, the people
and things of the world remain present around him as earlier. So, after
attainment of self- realization also people have to live in this material world
as earlier till the end of their present life. They are to eat food, live
family life with wife children and other relatives, deal with other people and
things of the world and perform all other material activities . They are bound
to enjoy the happiness and sorrow of this world in accordance with their past
deeds as like as common people. Considering all these things Bhagavata suggests
that after attainment of self- realization a self- realized person should peacefully
accept whatever comes to his life and patiently wait till the effect of his
past deeds is completely exhausted and the body dies a natural death. In this
context Guru Harideva tells that practically these things are not easy to do as
suggested in the scriptures. The influence of the past deeds in the present human
life is very strong. Due to influence of
the past deeds the sages of higher knowledge also commit mistakes and fall down
from higher position in the spiritual field. In Bhagavata and other Vedic
scriptures there are ample examples of such incidents pertaining to the sages
and other saintly persons. Guru Harideva tells that self- realized persons
under shelter or “Sharana” of Lord Krishna never face any spiritual fall down as
above. Through his day to day life Guru Harideva practically shows us example
in this regard. (to be continued)
যাদুখেল প্ৰদৰ্শন কৰাৰ সময়ত যাদুকৰে অনেক প্ৰকাৰৰ অসাধাৰণ কাৰ্য
কৰি দেখুৱায়।যাদুকৰে
প্ৰদৰ্শন কৰা অদ্ভূত আৰু অগতানুগতিক কাৰ্যসমুহ আমাৰ দৃষ্টিত একেবাৰে সঁচা যেন লাগে
।
কিন্তু প্ৰকৃততে এইবিলাক যাদুকৰজনে প্ৰদৰ্শন কৰা কিছুমান
কৌশলহে । মানুহে
এই কথা জানে । কিন্তু
তথাপিও যাদুখেল উপভোগ কৰি মানুহে আনন্দ লাভ কৰে । এই উপমা দি শাস্ত্ৰত কোৱা হৈছে যে আত্মজ্ঞান লাভ কৰাৰ পিছত আত্মজ্ঞানী পুৰুষে সংসাৰৰ মানুহ , অন্যান্য
বিষয়বস্তু আৰু ঘটনাৰাজি অসত্য বুলি বুজিব
পাৰে । কিন্তু
সেই সত্য বুজি পোৱাৰ পিছতো তেওঁলোকে যাদুখেল উপভোগ কৰি আনন্দ লাভ কৰাৰ দৰে
স্ত্ৰী-পুত্ৰ আদি সাংসাৰিক সা-সম্বন্ধ আৰু বৈষয়িক সা-সুবিধা উপভোগ কৰি আনন্দ লাভ
কৰিব পাৰে ।এই
প্ৰসঙ্গত ভাগৱতে কৈছে যে আত্মজ্ঞান
লাভ কৰাটো মানৱ জীৱনৰ মুখ্য উদ্দেশ্য ।কিন্তু আত্মজ্ঞান লাভ কৰাৰ লগে লগে মানুহৰ জীৱনকালৰ অন্ত
নপৰে ।তদুপৰি
কোনো এজন ব্যক্তিয়ে আত্মজ্ঞান লাভ কৰাৰ পিছতো সেইজন আত্মজ্ঞানী ব্যক্তিৰ চতুৰ্দিশৰ
মানুহ, বস্তু , পৰিবেশ-পৰিস্থিতি ইত্যাদি আগৰ দৰেই থাকে । সেই কাৰণে
আত্মজ্ঞান লাভ কৰাৰ পিছতো মানুহে বৰ্ত্তমান
শৰীৰৰ জীৱনকাল শেষ নোহোৱা পৰ্যন্ত পূৰ্বৰ দৰে সাংসাৰিক পৰিবেশ পৰিস্থিতিৰ মাজতে থাকিবলৈ বাধ্য
হয় । আত্মজ্ঞানী
ব্যক্তিয়েও খাদ্য খাব লাগে , স্ত্ৰী-পুত্ৰ আৰু অন্যান্য সা-সম্বন্ধীয় লোকৰ সৈতে একেলগে
সমাজত বাস কৰিব লাগে । তেওঁলোকেও সাধাৰণ গৃহস্থ ব্যক্তিৰ দৰে সমাজৰ অন্যান্য
ব্যক্তি , বস্তু
আৰু পৰিবেশৰ সৈতে খাপ খাই চলিবলৈ বাধ্য হয়| মুঠতে
কবলৈ হ’লে
পূৰ্বজন্মৰ কৰ্মৰ ফল স্বৰূপে সাধাৰণ ব্যক্তিয়ে যিবিলাক সাংসাৰিক সুখ বা দুখ ভোগ
কৰে আত্মজ্ঞানী পুৰুষেও জীৱিত কালছোৱাত সেই বিলাক
একে নিয়মেৰে আৰু একে ধৰণে ভোগ কৰিবলৈ বাধ্য হয় ।কথাবিলাক ওপৰোক্ত ধৰণে
বিচাৰ কৰি ভাগৱতত কোৱা হৈছে যে আত্মজ্ঞান লাভ কৰাৰ পৰবৰ্ত্তী পৰ্যায়ত আত্মজ্ঞানী
ব্যক্তিয়ে নিজৰ জীৱনলৈ অহা সমস্ত ঘাত-প্ৰতিঘাত আৰু সুখ-দুখজনক পৰিবেশ পৰিস্থিতি
সহজভাৱে গ্ৰহণ কৰিব লাগে।প্ৰকৃতিৰ
নিয়মমতে শৰীৰৰ স্বাভাৱিক মৃত্যু নোহোৱা পৰ্যন্ত শান্তভাৱে অপেক্ষা কৰিব লাগে।এই প্ৰসঙ্গত হৰিদেৱ
গুৰুজনাই উপদেশ দি কৈছে যে শাস্ত্ৰত কথাবিলাক যেনেদৰে কোৱা হৈছে তেনেদৰে অনুসৰণ
কৰি জীৱন নিৰ্বাহ কৰা সহজ কাম নহয় । মানুহৰ
জীৱনত কৰ্মফলৰ প্ৰভাৱ অতি শক্তিশালী । কৰ্মফলৰ প্ৰভাৱত অনেক আত্মজ্ঞানী ঋষিমুনিৰো স্খলন ঘটে । ভাগৱতকে
ধৰি বৈদিক শাস্ত্ৰসমুহত এনে অনেক ঋষি-মুনি আৰু জ্ঞানী ব্যক্তিৰ উদাহৰণ আছে । হৰিদেৱ
গুৰুজনাই কৈছে যে ভগৱান শ্ৰীকৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰা আত্মজ্ঞানী ব্যক্তিৰ
জীৱনত পতনৰ কোনো সম্ভাৱনা নাথাকে । গুৰুজনাই
নিজৰ ব্যক্তিগত জীৱনৰ মাধ্যমত এই আদৰ্শ দেখুৱাই গৈছে ।(আগলৈ)
No comments:
Post a Comment