Sometimes we keep camphor in a container. If the camphor is completely removed from there then also we
get aroma of camphor in the container. Citing this analogy Bhagavata tells that
after attainment of self-realization a self-realized person has to live in this
world till the end of life in his present body. It is also said that after attainment
of self-realization one become free from the possibility of rebirth. Explaining
the reason of this scriptures tell that immediately after attainment of self- realization
all seeds of one’s past deeds are completely destroyed. After that the only
thing to be taken care of by a self-realized person is to keep himself away
from performance of any kind of work with intention of fulfillment of any
personal of desire. Again, it is said that desires are generated by the potency
inherent in human mind as a result of past deeds performed with intention of
fulfillment of desires. If all potencies of past deeds are not destroyed
completely then desires may arise in the mind of self-realized person also.
Under such circumstances a self-realized person may become bound to perform
material activities with intention of fulfillment of desires and face spiritual fall down. In Bhagavata this point is explained with
an analogy as follows. The plowman carefully uproots all unwanted weeds from agricultural
field before sowing seeds there. If we see from that angle then no further weeds
should come up in the plot of land after that. But practically we see that unwanted
weeds grow again along with the seedlings of the crop. In a similar way
materialistic desires may arise in the
mind of a self-realized person as a result of his past deeds and he may face spiritual fall down in that
way. In Bhagavata and other Vedic scripture there are life stories of such
people. Analyzing the things as above Guru Harideva tells that it is not
possible for common ignorant people like us to go through such complicated
details depicted in the scriptures and make spiritual practice accordingly. For
the benefit of common people he suggests that one who sincerely comes to the shelter
or Sharana of Lord Krishna easily attains self-realization and at the same time
gets protection from all possibilities of fall down in the spiritual path . (to be
continued)
কেতিয়াবা কোনো টেমাৰ ভিতৰত আমি কৰ্পুৰ ৰাখো । টেমাৰ পৰা আটাইখিনি কৰ্পুৰ উলিয়াই অনাৰ পিছতো খালী টেমাটোৰ ভিতৰত কৰ্পুৰৰ গোন্ধ পোৱা যায় । এই উপমা দি ভাগৱতত কোৱা হৈছে যে আত্মজ্ঞান লাভ কৰাৰ পিছতো
আত্মজ্ঞানী পুৰুষ মৃত্যুকাল পৰ্যন্ত
বৰ্ত্তমান শৰীৰ ধাৰণ কৰি এইখন জগত সংসাৰত থাকিব
লাগে আৰু জগতৰ নিয়ম অনুসৰি সুখ-দুখ ভোগ কৰিব
লাগে । শাস্ত্ৰত
কোৱা হৈছে যে বৰ্ত্তমান শৰীৰ নাশ হোৱাৰ পিছত আত্মজ্ঞানী পুৰুষৰ পুনৰ্জন্ম হোৱাৰ সম্ভাৱনা নাথাকে । ইয়াৰ কাৰণ ব্যাখ্যা
কৰি কোৱা হৈছে যে আত্মজ্ঞান লাভ কৰাৰ লগে লগে আত্মজ্ঞানী পুৰুষে অতীতত কৰা
সমস্ত কৰ্মৰ বীজ ধ্বংসপ্ৰাপ্ত হয় । ইয়াৰ পিছৰ পৰ্যায়ত আত্মজ্ঞানী পুৰুষে জীৱিত কালছোৱাৰ ভিতৰত
নতুনকৈ কোনো প্ৰকাৰৰ কামনা-বাসনাৰ
বশবৰ্তী হ’ব নালাগে । লগতে নিজৰ
ব্যক্তিগত কামনা পূৰণ কৰাৰ উদ্দেশ্যে কাম কৰি যাতে নতুনকৈ একো কৰ্মফল সঞ্চয় কৰিবলগীয়া
নহয় তাৰ বাবে সাৱধানতা অৱলম্বন কৰিব লাগে ।আনহাতে কোৱা হৈছে
পূৰ্বজন্মত অৰ্থাৎ অতীতত কামনা-বাসনা পূৰণ কৰাৰ বাবে যি কৰ্ম কৰি অহা হয়
তাৰ ফলতে বৰ্ত্তমান জন্মত মানুহৰ মনত কামনা-বাসনাৰ উদয় হয়।পূৰ্বজন্মৰ
কামনা-বাসনাৰ বীজ সম্পূৰ্ণৰূপে ধ্বংস নহলে আত্মজ্ঞানী পুৰুষৰ মনতো কামনা-বাসনাৰ
উদয় হ’ব পাৰে। তাৰ ফলত আত্মজ্ঞানী পুৰুষেও কামনা-বাসনা পূৰণৰ অৰ্থে বৈষয়িক কৰ্মত লিপ্ত হৈ পাৰমাৰ্থিক পতনৰ
সন্মুখীন হ’ব পাৰে । ভাগৱতত
এটি উপমাৰ সহায়ত কথাখিনি বুজাই দিয়া হৈছে । খেতিয়কে হাল বাই মাটি প্ৰস্তুত কৰাৰ সময়তে খেতিপথাৰৰ সমস্ত অলাগতিয়াল হাবি-বন উভালি
পৰিষ্কাৰ কৰে আৰু তাৰ পিছত বীজ ছটিয়ায়। সেইফালৰ পৰা চালে মাটিখিনিত পুনৰ হাবি-বন গজাৰ সম্ভাৱনা
থাকিব নালাগে । কিন্তু শস্যৰ গজালিৰ
সৈতে একেলগে মাটিখিনিত পুনৰ হাবি-বন গজা আমি দেখা পাওঁ । একেদৰে
অতীত কৰ্মৰ ফল স্বৰূপে আত্মজ্ঞানী পুৰুষৰ মনতো কামনা বাসনাৰ উদয় হ’ব পাৰে আৰু তাৰ ফলত তেওঁৰ পাৰমাৰ্থিক পতন হ’ব পাৰে ।
ভাগৱত আৰু অন্যান্য বৈদিক শাস্ত্ৰত তেনে অনেক ব্যক্তিৰ জীৱন কাহিনী বৰ্ণনা কৰা
হৈছে । কথাবিলাক
ওপৰোক্ত ধৰণে বিচাৰ বিশ্লেষণ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে আমাৰ দৰে সাধাৰণ অজ্ঞানী মানুহে শাস্ত্ৰৰ এনে জটিল তত্ব
বুজি লৈ সেইমতে পাৰমাৰ্থিক সাধনা কৰা সম্ভৱ নহয় । সেয়েহে সাধাৰণ সংসাৰী মানুহক
উপদেশ দি গুৰুজনাই কৈছে যে যি ব্যক্তিয়ে আন্তৰিকতা সহকাৰে ভগৱান শ্ৰীকৃষ্ণৰ চৰণত
শৰণ বা আশ্ৰয় গ্ৰহণ কৰে তেওঁ আত্মজ্ঞান লাভ কৰাৰ লগতে সকলো প্ৰকাৰৰ পাৰমাৰ্থিক পতনৰ আশংকাৰ পৰাও মুক্ত থাকিব পাৰে। (আগলৈ)
No comments:
Post a Comment