We see that human life ends as soon as the human body is destroyed. But in Bhagavata and other Vedic Scriptures it is said that this is not the end of everything. This is only one temporary phase of expression of the eternal soul in association with a particular body. Scriptures say that after death of the present body the Jiva or bonded soul associated with the body migrates to another body. This body may be of any type out of innumerable types of plant ,animal or other bodies of category lower than human body. Or the soul may reappear in a new human body .Or it may reappear in the body of a demigod of heaven of category higher than human body . It is said that the next body for the soul depends upon the outcomes of some selected activities performed by a human being in the current human life and past lives prior to that. After expiry of the life of that body the soul again migrates to another newer body selected as above. In this way the soul has to migrate from one body to another in an unending cycle of birth and death and enjoy the happiness and sorrow related with those bodies. Now, Guru Harideva says that a human being can try to liberate the Jiva or soul associated with his body from further migration and thus he can stop the endless cycle of birth and death. This facility is available for a human being because of his possession of a human body. No other body of any category higher or lower than human body can avail this facility . Based on teachings of Bhagavadgita, Bhagavata and other Vedic Scriptures Guru Harideva suggests that if a human being performs all of his day to day activities considering them as activities of God and surrenders the outcomes of those activities to God then the soul associated with his body need not migrate further to another body as a result of activities performed by him in the current human life . Moreover , if he surrenders himself to Lord Krishna – the God Almighty, as an ardent devotee then the accumulated residual outcomes of his activities performed in the past lives are destroyed . Thus the necessity of migration of his soul to another body after death of the present body ends. Analyzing the things as above Guru Harideva Guru Harideva says that a human being should seriously try to liberate the soul associated with his body in the above way and in the current life itself . (to be continued )
আমি দেখা পাওঁ যে মানৱ শৰীৰ ধ্বংস হোৱাৰ লগে লগে মনুষ্য় জন্মৰ অন্ত পৰে । কিন্তু ভাগৱত আৰু অন্যান্য বৈদিক শাস্ত্ৰত কোৱা হৈছে যে ইয়াতে সকলো শেষ নহয় । মানৱ শৰীৰত জন্ম কৰি মানুহ হিচাপে সংসাৰত বিচৰণ কৰাটো চিৰন্তন অবিনাশী আত্মাৰ এক পৰ্যায়ৰ অস্থায়ী প্ৰকাশ মাত্ৰ । শাস্ত্ৰত কোৱা হৈছে যে এটা মানৱ শৰীৰৰ মৃত্যু হোৱাৰ পিছত জীৱ বা শৰীৰত আৱদ্ধ আত্মা অন্য এটা নতুন শৰীৰলৈ গতি কৰে । সেই নতুন শৰীৰ গছ-গছনি ,জীৱ-জন্তু বা মানৱ শৰীৰতকৈ নিন্ম পৰ্যায়ৰ অন্যান্য শৰীৰ হ’ব পাৰে । অথবা অন্য এটা মানৱ শৰীৰ হ’ব পাৰে । অথৱা স্বৰ্গলোকৰ বাসিন্দা তথা মানৱ শৰীৰতকৈ উচ্চ পৰ্যায়ৰ কোনো দেৱতাৰ শৰীৰো হ’ব পাৰে । কোৱা হৈছে যে জীৱই বৰ্ত্তমান মানৱ শৰীৰ আৰু অতীত জন্মসমূহত বিভিন্ন শৰীৰৰ মাধ্যমত কৰা কৰ্মৰ কিছু অংশৰ ফলাফলৰ ওপৰত ভিত্তি কৰি পুনৰ জন্ম গ্ৰহণ কৰিব লগীয়া নতুন শৰীৰ নিৰ্বাচিত হয় । এই শৰীৰৰ ম্যাদ শেষ হোৱাৰ পিছত জীৱ বা শৰীৰস্থ আত্মা পুনৰ ওপৰোক্ত প্ৰকাৰে নিৰ্বাচিত হোৱা অন্য এটা নতুন শৰীৰলৈ গতি কৰে । এনেদৰে শৰীৰস্থ আত্মা এটা শৰীৰৰ পৰা অন্য এটা শৰীৰলৈ গতি কৰে আৰু আদি-অন্তহীন জন্ম-মৃত্যুৰ শৃংখলত ঘুৰি বিভিন্ন প্ৰকাৰৰ শৰীৰৰ ধৰ্ম অনুসৰি সুখ -দুখ ভোগ কৰি থাকে। এই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই কৈছে যে মানুহে নিজ মানৱ শৰীৰত আৱদ্ধ জীৱ বা আত্মাক জন্ম মৃত্যুৰ পাক চক্ৰৰ পৰা মুক্ত কৰাৰ চেষ্টা কৰিব পাৰে । মানৱ শৰীৰ ধাৰণ কৰা হেতুকে মানুহে এই সুবিধা গ্ৰহণ কৰা সম্ভৱ । মানৱ শৰীৰতকৈ উচ্চ বা নিম্ন পৰ্যায়ৰ শৰীৰ ধাৰণ কৰা অন্য কোনো জীৱৰ বাবে এই সুবিধা উপলব্ধ নহয় । গীতা , ভাগৱত আদি শাস্ত্ৰৰ জ্ঞানৰ আধাৰত হৰিদেৱ গুৰুজনাই কৈছে মানুহে যদি নিজে কৰা সৰু-বৰ সমস্ত কৰ্ম ঈশ্বৰৰ কৰ্ম বুলি কৰে আৰু সেই কৰ্মৰ ফল ঈশ্বৰত অৰ্পণ কৰে তেন্তে বৰ্ত্তমান জন্মৰ কৰ্মৰ ফল ভোগ কৰাৰ বাবে পৰবৰ্ত্তী জন্ম গ্ৰহণ কৰাৰ প্ৰয়োজন নাথাকে । আনহাতে মানুহে যদি একান্ত ভক্তি সহকাৰে পৰমেশ্বৰ কৃষ্ণৰ শৰণাপন্ন হয় তেন্তে অতীত জন্মত কৰা কৰ্মৰ বাবদ ভোগ কৰিবলৈ বাকী থকা ফল ধ্বংস হয় | তেনে অৱস্থাত পূৰ্ব জন্মৰ কৰ্মৰ ফল ভোগ কৰাৰ বাবে পুনৰ জন্ম গ্ৰহণ কৰাৰ প্ৰয়োজন নাথাকে । কথাবিলাক ওপৰোক্ত ধৰণে বিচাৰ বিশ্লেষণ কৰি হৰিদেৱ গুৰুজনাই বৰ্ত্তমান মানৱ শৰীৰত থকা কালৰ ভিতৰতে ওপৰোক্ত উপায়ে মুক্তি লাভ কৰাৰ বাবে প্ৰচেষ্টা কৰিবলৈ উপদেশ দিছে । (আগলৈ)
No comments:
Post a Comment