Wednesday, 12 July 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-184 হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৮৪)

 

In the last few posts, we have discussed about actions and surrendering of the outcomes of actions to God. In this context Guru Harideva clearly states that unless one performs activities considering them as activities of God and surrender the outcomes of  those activities to God he cannot come out from the cycles of birth and death. However, the activities meant here includes each and every personal, social, religious and other activity performed by a human being through his body, mind, speech and as part of the natural habits of his body. To understand the point we can think as follows. Trees germinate from seed and gradually grow. After certain amount of growth, they bear flowers and fruits. Those flowers, fruits etc are seasonal, that is , they appear on the tree  in certain period of the year and then vanish. After certain period of living like that the trees die.  Now, from germination to till death the trees have to do activities in accordance with the law of nature or will of God. As results of those activities the trees remain alive and their growth continue. In addition, flowers, fruits  etc.  grown over the trees are also outcomes of the activities performed by them.  Here we see that the trees are parts of the creation of God. They perform activities strictly obeying the law of nature or will of God  to serve the purpose of the creation of God . Nothing produced as outcomes of their own activities is utilized by the trees. The outcomes of their activities become useful to serve the purpose of human beings, animals and other entities in the creation God. In other words it can be said that the activities performed by trees are parts of the great sacrificial creative activities of God and the outcomes of those activities are automatically surrendered to God or for the benefit of the creation of God. The above observations are true in case of the activities performed by all other entities available in the creation of God. The Sun, the moon, air, ether, planetary system, river ,ocean ,mountain  ,plant ,animal and all other entities available in the creation perform their activities  in accordance with the law of nature or will of God and the outcomes of their works are automatically surrendered to God. But the above observations are not true in case of the activities performed by  human beings and surrendering of the outcomes their works to God. Here the necessity of the Vedas ,Vedic Scriptures and Guru arises to guide human beings  in this regard. (to be continued)

ইয়াৰ আগৰ কেইটামান লিখনিত কৰ্ম  আৰু কৰ্মৰ ফল ঈশ্বৰত সমৰ্পণ বিষয়ত কিছু সাধাৰণ আভাস লোৱাৰ চেষ্টা কৰা হৈছে । এই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই স্পষ্টভাৱে কৈছে যে যদি আমি কৰা সমস্ত কৰ্ম ঈশ্বৰৰ কৰ্ম বুলি বিশ্বাস কৰা নহয় আৰু কৰ্মৰ ফল ঈশ্বৰত সমৰ্পণ কৰা নহয় তেন্তে কৰ্মবন্ধন বা জন্ম-মৃত্যুৰ পাক চক্ৰৰ পৰ মুক্তি লাভ কৰা সম্ভৱ নহয় । অৱশ্যে ইয়াত কৰ্ম বুলি কওঁতে খোৱা -বোৱা, মল-মূত্ৰ ত্যাগ আদিকে ধৰি একান্ত  ব্যক্তিগত কৰ্ম ,সামাজিক কৰ্ম ,নাম -প্ৰসঙ্গ , পূজা-পাঠ আদি ধৰ্মীয় কৰ্ম আৰু অন্যান্য  যিমান প্ৰকাৰৰ কৰ্ম থকা সম্ভৱ অৰ্থা শৰীৰ ,মন , বাক্য আৰু শৰীৰৰ স্বভাৱৰ বশবৰ্ত্তী হৈ যিমানবিলাক কৰ্ম কৰা হয়  সেই সকলোকে বুজোৱা হৈছে । কথাখিনি বুজাৰ বাবে আমি এনেদৰে চিন্তা কৰি চাব পাৰো । গছ গুটিৰ পৰা গজে আৰু লাহে লাহে ডাঙৰ হয়। নিৰ্দিষ্ট পৰিমাণে বৃদ্ধিপ্ৰাপ্ত হোৱাৰ পিছত গছত ফুল-ফল লাগে ।ফুল- ফল বছৰৰ এটা নিৰ্দিষ্ট সময়ত দেখা দিয়ে  আৰু কিছুদিন  পিছত অন্তৰ্দ্ধান হয় ।এনেদৰে কিছুদিন থকাৰ পিছত গছজোপা মৰে । এতিয়া কথা হৈছে গুটি  গজাৰ পৰা মৃত্যু পৰ্যন্ত গছে প্ৰকৃতিৰ নিয়ম বা ঈশ্বৰৰ ইচ্ছা অনুযায়ী বহুত কাম কৰিব লগীয়া হয় । এনে কৰ্মৰ ফলতে গছ জীয়াই থাকে আৰু ক্ৰমান্বয়ে বৃদ্ধিপ্ৰাপ্ত হয় । ইয়াৰোপৰি গছে কৰা অবিৰাম কৰ্মৰ ফলত গছত ফুল-ফল  আদিৰ আবিৰ্ভাৱ হয়  ইয়াত আমি দেখা পাওঁ যে গছ ঈশ্বৰৰ সৃষ্টিৰ অংশ । গছে প্ৰকৃতিৰ নিয়ম বা ঈশ্বৰৰ ইচ্ছা সম্পূৰ্ণৰূপে মানি ঈশ্বৰৰ সৃষ্টিৰ প্ৰয়োজন অনুসৰি কাম কৰে । নিজে কৰা কৰ্মৰ ফলত উৎপন্ন হোৱা ফুল-ফল আদি গছে নিজৰ বাবে ব্যৱহাৰ নকৰে। সেইবোৰ মানুহ আৰু অন্যান্য জীৱই ভোগ কৰে । অন্য কথাত কবলৈ হলে গছে কৰা কৰ্মসমূহ ঈশ্বৰৰ সৃষ্টি কৰ্ম ৰূপ সুবৃহৎ কৰ্মযজ্ঞৰ অংশ আৰু সেই কৰ্মৰ ফল ঈশ্বৰৰ সৃষ্টিৰ প্ৰয়োজন অনুযায়ী ব্যৱহাৰ কৰাৰ বাবে স্বয়ংক্ৰিয়ভাৱে ঈশ্বৰত উৎসৰ্গিত হয় । ওপৰোক্ত কথা সৃষ্টিৰ অন্তৰ্গত জীৱ জড় প্ৰভৃতি সকলোৱে কৰা কৰ্মৰ ক্ষেত্ৰতে প্ৰযোজ্য ।সৃষ্টিৰ অন্তৰ্গত  চন্দ্ৰ ,সূৰ্য ,গ্ৰহ-নক্ষত্ৰ , আকাশ ,বায়ু , নদী .সমুদ্ৰ , পৰ্বত , জীৱ-জন্তু  ,পশু-পক্ষী  ইত্যাদি সকলোৱে ওপৰোক্ত ধৰণে নিজৰ নিজৰ ভাগৰ কাম কৰে আৰু সেই কৰ্মৰ ফল স্বয়ংক্ৰিয় ভাৱে ঈশ্বৰৰ সেৱা বা ঈশ্বৰৰ সৃষ্টিৰ প্ৰয়োজন সাধনৰ অৰ্থে ঈশ্বৰৰ চৰণত অৰ্পিত হয়। কিন্তু মানুহে কৰা কৰ্ম আৰু সেই কৰ্মৰ ফল ভোগ কৰাৰ বেলিকা ওপৰোক্ত কথাৰ ব্যতিক্ৰম হয় । এইখিনিতে মানুহক ওপৰোক্ত বিষয়ৰ শুদ্ধ জ্ঞান প্ৰদান কৰাৰ বাবে বেদ , বৈদিক শাস্ত্ৰ আৰু গুৰুৰ প্ৰয়োজন আহি পৰে । ( আগলৈ)

No comments:

Post a Comment