Guru Harideva established his first Satra Institution at
Bahari, in Barpeta District of Assam, in the year
1453 CE. The historical and other
literary records of the medieval (13th-
19th century) Assam show that the social position of the women population during that time was very
pathetic. It is recorded that women had to bear major responsibilities to look
after the family members . The happiness and prosperity of the household were
mostly dependent upon the hard work of the women members. For example, without food
and cloth no human being can survive. Also, we know that starting from cultivation
to making the grains ready as food, lots
of works are involved. Right from cultivation
of cotton to weaving of cloths from cotton thread huge amount of works are to
be done. During that time there was no
modern machinery as like as present days to help those works. All those activities
are to be done by manual labor and mostly women had to perform those activities
. Also, women were married at very young
age. After that they had to give birth to children in large numbers and keep
themselves engaged in bringing up their children . Moreover , in medieval ages
polygamy was practiced . Common people
also used to marry more than one wife and because of that the atmosphere of
living in most of the household were not peaceful for women. In short it can be
said that in medieval society women were treated as physically and mentally
inferior and their only duty was to obey the instructions of their husband and
other influential male members of the society. Practically they remained trapped in household and agricultural activities
for the whole life . The description given
above is very simple outline of the conditions of women at the time of
establishment satra in Assam by Guru Harideva. In actuality the situation was worse
than that . Under such
situation it
was not easy for common women of the society
to come to satra and participate in religious and social educational program
conducted through the Satra Institution. Guru Harideva was aware of this fact. In
spite of that he granted equal right of entry and participation to man and
women in all affairs of the Satra. We will try to discuss
this point further in the coming posts (
to be continued)
হৰিদেৱ গুৰুজনাই ১৪৫৩ খৃঃত বৰপেটা জিলাৰ বহৰিত প্ৰথমখন সত্ৰ
স্থাপন কৰিছিল । মধ্য যুগ ( ত্ৰয়োদশ -উনবিংশ শতিকাৰ )ৰ অসমৰ ইতিহাস আৰু অন্যান্য
প্ৰকাৰে লিপিবদ্ধ কৰা তথ্য বিচাৰ কৰি চালে
দেখা যায় যে পঞ্চদশ শতিকাত হৰিদেৱ গুৰুজনাই সত্ৰ স্থাপন কৰা কালত অসমৰ সমাজ
ব্যৱস্থাত সাধাৰণ পৰিয়ালৰ মহিলা সকলৰ
অৱস্থা পুতৌলগা আছিল । গৃহস্থ ঘৰৰ অসংখ্য প্ৰকাৰ কাজ কৰ্মৰ ভিতৰৰ বেছি ভাগ কামৰ
দায়িত্ব মহিলা সকলে পালন কৰিছিল । মহিলা সকলে কৰা কঠোৰ পৰিশ্ৰমৰ ওপৰত সৰহ সংখ্যক
পৰিয়ালৰ সদস্য সকলৰ সুখ-সমৃদ্ধি নিৰ্ভৰশীল আছিল । উদাহৰণ স্বৰূপে ক’ব পাৰি যে খাদ্য আৰু বস্ত্ৰ অবিহনে মানুহ বাছি থাকিব নোৱাৰে ।
পথাৰত খেতি কৰাৰ পৰা আৰম্ভ কৰি উৎপাদিত শস্যক খাদ্য হিচাপে ব্যৱহাৰ কৰালৈকে অনেক
কাম কৰাৰ প্ৰয়োজন হয় । একেদৰে কপাহৰ খেতি কৰি সেই কপাহৰ পৰা সূতাৰ পৰা বস্ত্ৰ বৈ উলিওৱালৈ অনেক কাম ।
তেতিয়াৰ দিনত এই
বিলাক কামৰ বাবে আজিকালিৰ দৰে উন্নত যন্ত্ৰ-পাতি নাছিল ।
সকলো কাম মানুহে
নিজে শ্ৰম কৰি সম্পাদন কৰিছিল আৰু ইয়াৰে সৰহভাগ কাম মহিলা সকলে কৰিছিল । তাৰোপৰি কম বয়সতে মহিলা সকলক বিয়াৰ বাবে বাধ্য কৰা হৈছিল আৰু
ইয়াৰ পিছত বহুকেইটা সন্তান জন্ম দিয়া আৰু সেই সন্তানৰ পালন পোষণৰ দায়িত্বও মহিলা
সকলেই ল’ব লগীয়া হৈছিল । ইয়াৰোপৰি মধ্যকালীন সমাজত বহু বিবাহ প্ৰথা
প্ৰচলিত আছিল । সাধাৰণ শ্ৰেণীৰ
গৃহস্থ লোকৰো একাধিক পত্নী আছিল । ইয়াৰ ফলত মহিলা সকলে
সদায় এক অশান্তিময় পৰিবেশ পৰিস্থিতিৰ মাজত থাকিবলৈ বাধ্য হৈছিল ।
মুঠতে ক’ব পাৰি যে মধ্যযুগৰ
অসমীয়া সমাজত মহিলাসকলক পুৰুষতকৈ কম বুদ্ধিবৃত্তি সম্পন্ন আৰু নিম্ন খাপৰ প্ৰাণী বুলি গণ্য কৰা হৈছিল ।
স্বামীৰ আদেশ মতে কাম কৰা আৰু সমাজৰ গণ্য-মান্য পুৰুষ সকলে বান্ধি দিয়া নীতি নিয়ম
অনুসৰি চলাটো মহিলাসকলৰ একমাত্ৰ কৰ্ত্তব্য বুলি ধৰা হৈছিল । সমগ্ৰ জীৱন মহিলা সকলক গৃহকৰ্ম আৰু কৃষি কৰ্মৰ আৱেষ্টনীত আৱদ্ধ
কৰি ৰখা হৈছিল । ওপৰত মধ্যযুগৰ মহিলাৰ অৱস্থা সম্পৰ্কে সাধাৰণ আভাসহে দিয়াৰ চেষ্টা
কৰা হৈছে। প্ৰকৃত পৰিস্থিতি ইয়াতকৈও বেয়া আছিল বুলি ধৰিব পাৰি । ওপৰৰ কথাখিনিৰ পৰা
বুজিব পাৰি যে হৰিদেৱ গুৰুজনাই অসমত সত্ৰ স্থাপন
কৰাৰ সময়ত মহিলা সকলে সত্ৰলৈ গৈ পাৰমাৰ্থিক
আৰু সাংসাৰিক বিষয়ৰ শুদ্ধ শিক্ষা ল’ব
পৰা ধৰণৰ পৰিবেশ পৰিস্থিতি নাছিল । এই কথা জানিও গুৰুজনাই সেই কালতে নিজৰ
সত্ৰানুষ্ঠানত মহিলাৰ প্ৰৱেশ আৰু শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত পুৰুষৰ সমান অধিকাৰ
প্ৰদান কৰিছিল । এই বিষয়ে পৰবৰ্ত্তী লিখনিত বিস্তাৰিতভাৱে
কোৱাৰ ইচ্ছা থাকিল । ( আগলৈ )