In continuation of the preceding post it can be said
that common householders remain attached to their bodies , families, near
and dear relatives, human society and other
worldly things of their choices. Because of such attachment they become
bound to do various types of works and fulfil the demands of their own body,
relatives and for acquisition of things of their choices. So, attachment is a
natural tendency of common human beings. Or no effort is required on our part to
be attached with selected people and things of the material world . Now, Guru Harideva says
that attachment with Lord Krishna, the
God Almighty and rendering of devotional service to him is the most suitable
way of spiritual practice for householders . Through this way a dutybound
householder can make spiritual practice along with performance of his duties
and attain spiritual perfection. In other words it can be said that through the
path of devotion a householder can convert his natural tendency of attachment with material objects to devotional attachment with Lord Krishna. For this
purpose a householder should sincerely perform all activities for which he is
dutybound considering them as woks allotted to him by the God Almighty. He
should think that the activities for the performance which he is duty bound are
parts of the great sacrificial activities of God Almighty for purpose related to his creation. Also he should surrender the outcomes of those works to God Almighty . We
can try to understand this point as follows .When we join in some posts under Government
or any other organization then we become dutybound to serve that organization in accordance
with their requirements and instructions . We become bound to perform the activities allotted to us in accordance
with the responsibilities of the post held by us. In such cases the outcomes of
our work goes to the credit of the employer. On the other hand it becomes responsibility of the employer to
pay us proper salary and other facilities proportionate to our duties and
responsibilities. Ideally, if the service rendered by us are sincere and
selfless, then we need not expect and place any demand for that before the employer from our side . If we go through the texts contained in the
Gita and Bhagavata along with the teachings and instructions of Guru
Harideva then it can be understood that in case of all kinds of selfless material activities
performed by dutybound householders as per will of the God Almighty and for the benefit of his creation,
the above facts are almost similar. ( To be continued)
ইয়াৰ পূৰ্বৰ লিখনিৰ আঁত ধৰি ক’ব পাৰি যে গৃহস্থ ব্যক্তি নিজৰ শৰীৰ , পৰিয়াল-পৰিজন , নিকট সম্পৰ্কীয়
আত্মীয়-স্বজন , মানৱ সমাজ আৰু নিজৰ প্ৰিয় অন্যান্য
বিষয়-বস্তুৰ প্ৰতি আসক্ত থাকে । এই আসক্তিৰ বাবে তেওঁলোকে নিজ শৰীৰ
তথা সা-সম্বন্ধীয় ব্যক্তিৰ সুখ-সুবিধা আৰু নিজৰ
প্ৰিয় বিষয়-বস্তু আহৰণৰ অৰ্থে বিভিন্ন প্ৰকাৰৰ কৰ্ম কৰিবলৈ বাধ্য হয় । গতিকে প্ৰিয়
সা-সম্পৰ্কীয় লোক আৰু বিষয়-বস্তুৰ প্ৰতি আসক্তি সাধাৰণ গৃহস্থ
ব্যক্তিৰ স্বাভাৱিক প্ৰবৃত্তি । অৰ্থাৎ প্ৰিয় ব্যক্তি আৰু বিষয়-বস্তুৰ
প্ৰতি আসক্ত হোৱাৰ বাবে নিজাকৈ একো প্ৰচেষ্টা কৰাৰ প্ৰয়োজন নাথাকে । হৰিদেৱ গুৰুজনাই
কৈছে যে ভগৱান কৃষ্ণৰ প্ৰতি আসক্তি আৰু
তেওঁৰ উদ্দেশ্যে কৰা ভক্তিপূৰ্ণ সেৱা কৰ্ম গৃহস্থ ব্যক্তিৰ বাবে উপযোগী পাৰমাৰ্থিক
সাধনাৰ সৰ্বোত্তম পথ । এই পথেৰে সাধনা কৰি কৰ্ত্তব্য কৰ্মৰ বন্ধনত আৱদ্ধ গৃহস্থ
ব্যক্তিয়ে নিজৰ কৰ্ত্তব্য কৰ্ম কৰাৰ সমান্তৰালভাৱে পাৰমাৰ্থিক সাধনা কৰি সিদ্ধি
লাভ কৰিব পাৰে । অন্য কথাত গৃহস্থ
ব্যক্তিৰ সাংসাৰিক বিষয়-বস্তুৰ প্ৰতি যি স্বাভাৱিক আসক্তি তাক ভক্তিৰ মাধ্যমত পৰমেশ্বৰৰ প্ৰতি
আসক্তিলৈ পৰিবৰ্ত্তিত কৰাৰ প্ৰচেষ্টা পাৰমাৰ্থিক সাধনাৰ সৰ্বোত্তম পথ । পৰমেশ্বৰৰ
প্ৰতি আসক্তিৰ বশবৰ্ত্তী হৈ ঈশ্বৰৰ সৃষ্টি কৰ্মৰ সহযোগী হিচাপে বা
ঈশ্বৰৰ সন্তুষ্টিৰ অৰ্থে নিস্বাৰ্থ ভাৱে
নিজৰ কৰ্ত্তব্য কৰ্ম কৰি যোৱাই সৰ্বোত্তম পাৰমাৰ্থিক সাধনা । ইয়াৰ বাবে গৃহস্থ
ব্যক্তি যিবিলাক কৰ্ত্তব্য কৰ্ম কৰিবলৈ বাধ্য হয় সেই সমস্তকে ঈশ্বৰৰ কৰ্ম
বুলি ভাৱি তাক আগ্ৰহ সহকাৰে সম্পাদন কৰিব
লাগে বুলি আৰু সেই কৰ্মৰ পৰা যি ফল লাভ হয় তাকো পৰমেশ্বৰক অৰ্পণ কৰিব লাগে বুলি গুৰুজনাই কৈছে । কথাখিনি বুজাৰ বাবে
আমি এনেদৰে চিন্তা কৰি চাব পাৰো। আমি যদি
কোনো চৰকাৰী বা বেচৰকাৰী সংস্থাৰ কৰ্মচাৰী হিচাপে কোনো পদবীত যোগদান কৰো তেন্তে
সেই সংস্থাৰ প্ৰয়োজন আৰু নীতি নিৰ্দেশনা অনুসৰি
কিছুমান কাম কৰাটো আমাৰ কৰ্ত্তব্য হৈ পৰে । পদবীৰ দায়িত্ব অনুসৰি আমি
সেই কৰ্ত্তব্য পালন কৰাৰ বাবে বাধ্য হওঁ আৰু আমি কৰা কামৰ ফল আমাক নিযুক্তি দিয়া
সংস্থাই লাভ কৰে । আনহাতে কাম কৰাৰ বাবদ আমাক উপযুক্ত মজুৰি আৰু অন্যান্য
সা-সুবিধা প্ৰদান কৰাৰ বাবে নিয়োগকৰ্ত্তা দায়বদ্ধ হয় । সেয়েহে নীতিগত ভাৱে কাম যদি
নিষ্ঠা , সততা আৰু নিস্বাৰ্থ ভাৱে কৰা হয় তেন্তে কামৰ বাবদ উপযুক্ত মজুৰি আৰু
সা-সুবিধা আশা কৰাৰ বা সেই প্ৰাপ্য আদায় দিয়াৰ বাবে নিয়োগকৰ্ত্তাৰ ওচৰত নিজস্বভাৱে
কোনো দাবী উত্থাপন কৰাৰ প্ৰয়োজন নাথাকে । গীতা , ভাগৱত আদি
শাস্ত্ৰত কোৱা কথা আৰু হৰিদেৱ গুৰুজনাৰ উপদেশ বিচাৰ কৰি চালে ঈশ্বৰৰ সৃষ্টিৰ
প্ৰয়োজন অনুসৰি ঈশ্বৰৰ ইচ্ছামতে নিস্বাৰ্থ ভাৱে কৰা সকলো প্ৰকাৰৰ সাংসাৰিক কৰ্মৰ
ক্ষেত্ৰত ওপৰোক্ত কথাখিনি প্ৰায় একে ধৰণৰ বুলি ক’ব পাৰি ।(আগলৈ)