Guru Harideva says that there are many ways of spiritual practices
prescribed in the Vedas and Vedic Scriptures. Also there is spiritual master or Guru for
each way of spiritual practice. For attainment of spiritual perfection people
may follow any way of spiritual practice prescribed in the Vedas and Vedic
Scriptures. But prior to performance of spiritual practice one should earn the
requisite qualifications prescribed for a disciple. Then he should become disciple of a competent spiritual master or
Guru. After becoming disciple he should learn the scriptural procedure and
other rules and regulations etc pertaining to the way of spiritual practice from
the Guru. These scriptural instructions are common for all ways of spiritual
practices suggested by the Vedas and Vedic scriptures. These instructions are
to be followed by all spiritual aspirants of all prescribed ways of spiritual
practice. These things are elaborately discussed
in some of our earlier posts. Now, coming to the way of spiritual practice
suggested by Guru Harideva in particular
, we should keep in mind that the same is based on the knowledge and instructions
contained in the Bhagavata . According to Bhagavata Lord Krishna is the supreme
God. All other powerful Gods and Goddesses mentioned in the Vedas and Vedic scriptures ,all abodes included in the heavenly , mortal and nether worlds within the
creation along with all Gods , Goddesses, living- nonliving entities known or unknown to us and all entities already
manifested in the past and present and to be manifested in future in those
abodes are included in Lord Krishna . That is, there is no existence of anything in the creation and beyond the creation except
Lord Krishna. In Bhagavata this fact is established through elaborated
explanations, stories, analogies, examples etc. According to Guru Harideva
a spiritual master or Guru should be thoroughly conversant with those knowledge and
instruction contained in Bhagavata. At the same time the Guru should be devotee
of Lord Krishna and he should be able to
guide his disciple in the path of devotion to Lord Krishna . ( to be continued)
হৰিদেৱ গুৰুজনাই কৈছে যে বেদ আৰু বৈদিক শাস্ত্ৰ সমূহত
অনেক প্ৰকাৰৰ পাৰমাৰ্থিক সাধনাৰ উপদেশ আছে । লগতে কৈছে যে প্ৰত্যেক প্ৰকাৰৰ
পাৰমাৰ্থিক সাধনাৰ শিক্ষা দিয়াৰ বাবে পাৰমাৰ্থিক শিক্ষক বা গুৰুও আছে । পাৰমাৰ্থিক
পৰিপূৰ্ণতা বা সিদ্ধি লাভ কৰাৰ বাবে মানুহে বেদ আৰু বৈদিক শাস্ত্ৰই দিয়া উপদেশ আৰু
নীতি-নিয়ম মানি যিকোনো প্ৰকাৰে পাৰমাৰ্থিক
সাধনা কৰিব পাৰে । কিন্তু পাৰমাৰ্থিক চিন্তা
চৰ্চা আৰু সাধনা আৰম্ভ কৰাৰ পূৰ্বতে মানুহে নিজকে উপযুক্ত গুৰুৰ শিষ্য হোৱাৰ বাবে
যোগ্যতা অৰ্জন কৰা প্ৰয়োজন । তাৰ পিছত তেওঁ সেই গুৰুৰ শিষ্য
হ’ব লাগে
। ইয়াৰ
পিছৰ পৰ্যায়ত শিষ্যই
পাৰমাৰ্থিক শিক্ষক বা গুৰুৰ পৰা শাস্ত্ৰৰ
নিৰ্দেশ আৰু নীতি- নিয়ম অনুসৰি সাধনা
কৰাৰ শিক্ষা গ্ৰহণ কৰিব লগে । ওপৰোক্ত কথা বেদ আৰু বৈদিক শাস্ত্ৰত উল্লেখ কৰা সকলো
প্ৰকাৰৰ পাৰমাৰ্থিক সাধন পথৰ ক্ষেত্ৰতে প্ৰযোজ্য । বেদ আৰু বৈদিক শাস্ত্ৰত উল্লেখ থকা
যিকোনো প্ৰকাৰৰ সাধন পথ অনুসৰি পাৰমাৰ্থিক সাধনা কৰাৰ বাবে
আগ্ৰহী ব্যক্তিয়ে ওপৰোক্ত নীতি-নিয়ম পালন কৰা প্ৰয়োজন বুলি গুৰুজনাই কৈছে । ইয়াৰ
আগৰ কিছুমান লিখনিত এইবিলাক কথা বিতংভাৱে কৈ অহা হৈছে । এতিয়া বিশেষ ভাৱে হৰিদেৱ
গুৰুজনাৰ প্ৰসঙ্গলৈ আহিলে দেখা যায় যে গুৰুজনাই নিজৰ শিষ্যৰ বাবে উপযুক্ত বুলি বিচাৰ-বিবেচনা
কৰি স্থিৰ কৰা পাৰমাৰ্থিক সাধন পথ ভাগৱত শাস্ত্ৰৰ জ্ঞান আৰু উপদেশৰ আধাৰত নিৰ্দ্ধাৰণ কৰা হৈছে । ভাগৱতৰ মতে ভগৱান কৃষ্ণ একমাত্ৰ পৰমেশ্বৰ । বেদ আৰু বৈদিক শাস্ত্ৰত উল্লেখ
থকা অত্যন্ত শক্তিশালী দেৱী-দেৱতাসকল, দেৱ-দেৱী সকল
আৰু সৃষ্টিৰ অন্তৰ্গত সমস্ত জড়-জীৱৰ আশ্ৰয়
স্থান স্বৰ্গ-মৰ্ত্ত্য-পাতাল আদি সমস্ত লোক, সেই সমস্ত লোকত
অতীত আৰু বৰ্ত্তমানলৈ প্ৰকাশিত হোৱা আৰু ভৱিষ্যতলৈ প্ৰকাশ হ’বলগীয়া
আমাৰ দ্বাৰা জ্ঞাত অথবা অজ্ঞাত সমস্ত জীৱ
আৰু জড় পদাৰ্থ ইত্যাদি সমস্তই ভগৱান কৃষ্ণত
অন্তৰ্লীন হৈ আছে । অৰ্থাৎ সৃষ্টিৰ ভিতৰত অথবা
সৃষ্টিৰ পৰিসীমাৰ বাহিৰত ভগৱান কৃষ্ণত
বাদে দ্বিতীয় অন্য একোৰে অস্তিত্ব নাই । ভাগৱতত বিভিন্ন কাহিনী , উপমা , উদাহৰণ আদিৰ দ্বাৰা এই তত্ব বিস্তাৰিত ভাৱে আৰু
সহজ সৰলকৈ ব্যাখ্যা কৰি বুজাই দিয়া হৈছে । হৰিদেৱ গুৰুজনাৰ মতে ভাগৱত শাস্ত্ৰত
প্ৰদান কৰা এই তত্বজ্ঞান আৰু উপদেশসমূহৰ
বিষয়ে বিতং জ্ঞান পাৰমাৰ্থিক শিক্ষক বা গুৰুৰ থাকিব লাগে। লগতে গুৰু একান্ত
কৃষ্ণভক্ত হ’ব লাগে
আৰু নিজৰ শিষ্যক কৃষ্ণভক্তিৰ সাধন পথত আগুৱাই নিয়াৰ যোগ্যতা গুৰুৰ থাকিব লাগে। (আগলৈ )