Friday, 26 August 2022

Religious Teachings of the “Satra” Institution of Guru Harideva-135 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৩৫)

 

Guru Harideva tells that since attainment of Self-realization is the ultimate aim of human life, the spiritual practices performed  by a human being should lead him  towards  that aim.   We the common people always keep ourselves busy in the activities of the material world. We want to extract material comforts and happiness of life in that way . When the things run in accordance with our expectation we become happy. Otherwise  we are not satisfied.  In our day to day life when we are not satisfied with the happenings of the material world we feel need of some other people to show us the way of becoming successful in our endeavor. We approach him for suggestion and  guidance. To understand the point in the primary stage  this advisor can be considered as a Guru. Now in the material world nobody can be fully satisfied and happy.  The poor people want to be rich ,but the people who are already rich also want to be richer . Similarly healthy people want to become healthier , wealthy people want to become wealthier ,  famous people want  become more famous and so on . Thus  people  always live their lives with many  unfulfilled desires inherent in them and hence they can never be satisfied and happy . Again, the category of Gurus mentioned above to whom those people come for advice and guidance also possess so many unfulfilled desires stored in them and hence those Gurus themselves  are not  fully satisfied and happy. So , such a Guru can not show his disciples the way of approach towards  attainment of full satisfaction and eternal happiness. If we analyze the things in this way then we find that without becoming  free from desires people can never be fully satisfied and happy . In this context Guru Harideva tells that unless one attains spiritual perfection he can not  become free from desires. In other words an “Atmajnani” or   self- realized person can only become free from desires. A self-realized or “Atmajnani” Guru can only show others the way of attainment of self-realization. So, Guru Harideva suggests every serious spiritual seeker  to approach a self- realized spiritual master or Guru and make spiritual practice under guidance of such a Guru. (to be continued)

হৰিদেৱ গুৰুজনাই কৈছে যে যিহেতু আত্মজ্ঞান লাভ মানৱ জীৱনৰ চৰম লক্ষ্য সেয়েহে মানুহে কৰা পাৰমাৰ্থিক সাধনাও  মানুহক সেই লক্ষ্য প্ৰাপ্তিৰ দিশত আগবঢ়াই নিব পৰা ধৰণৰ হব লাগে ।  আমি সাধাৰণ মানুহবিলাকে  সংসাৰৰ বিভিন্ন কাম কাজবিলাকত নিজকে সদাব্যস্ত কৰি ৰাখো । এই কৰ্ম বিলাকৰ জৰিয়তে বৈষয়িক সুখ আনন্দ আহৰণ কৰাৰ চেষ্টা কৰো ।  যেতিয়া কথা-কাণ্ডবিলাক  আমাৰ মনে বিচৰা মতে হৈ থাকে তেতিয়া আমি সুখ অনুভৱ কৰো । অন্যথা আমি অসন্তুষ্টি অনুভৱ কৰো । দৈনন্দিন জীৱনত  ঘটা সাংসাৰিক ঘটনাবিলাকে যেতিয়া আমাক অসন্তুষ্ট কৰি তোলে তেতিয়া আমি নিজৰ উপৰোক্ত প্ৰচেষ্টাত কিদৰে সাফল্য লাভ কৰা যায় সেই বিষয়ে উপদেশ লোৱাৰ বাবে অন্য কোনো  ব্যক্তিৰ সহায়  লোৱাৰ আৱশ্যকতা অনুভৱ কৰো ।   প্ৰয়োজনীয়  জ্ঞান আৰু  পৰামৰ্শ লোৱাৰ বাবে আমি তেনে ব্যক্তিৰ ওচৰ চাপো ।  প্ৰাথমিক পৰ্যায়ত কথাবিলাক বুজি লোৱাৰ বাবে আমি তেনে উপদেষ্টা ব্যক্তিকে গুৰু বুলি ধৰিব পাৰো । এতিয়া কথা হৈছে যে বৈষয়িক জগতত কোনো এজন ব্যক্তিও সম্পূৰ্ণৰূপে সন্তুষ্ট আৰু সুখী হোৱা সম্ভৱ নহয়  ইয়াৰ কাৰণ হৈছে দুখীয়া মানুহ ধনী হব বিচাৰে কিন্তু যিবিলাক মানুহ ধনী  তেওঁলোক আৰু অধিক ধনী হব বিচাৰে । একেদৰে স্বাস্থ্যৱান মানুহ আৰু অধিক সুস্বাস্থ্যৰ অধিকাৰী হব বিচাৰে , সম্পদশালী মানুহ আৰু অধিক সম্পদশালী হব বিচাৰে, যশস্বী মানুহ আৰু অধিক যশস্বী হবলৈ বিচাৰে  ইত্যাদি । এনেদৰে সদা-সৰ্বদা অপূৰ্ণ কামনা-বাসনা লৈ জীৱন ধাৰণ কৰা হেতুকে মানুহ কেতিয়াও সম্পূৰ্ণ সন্তুষ্ট আৰু সুখী  ব নোৱাৰে । আনকি ওপৰত যি গুৰুৰ কথা কোৱা হৈছে অন্তৰত অজস্ৰ অপূৰ্ণ কামনা-বাসনা সঞ্চিত হৈ থকা হেতুকে সেই শ্ৰেণীৰ গুৰুসকলো  কেতিয়াও সম্পূৰ্ণ সন্তুষ্ট আৰু সুখী নাথাকে । গতিকে এই শ্ৰেণীৰ গুৰুৱে তেওঁৰ শিষ্যক পূৰ্ণ সন্তুষ্টি আৰু চিৰন্তন সুখ লাভৰ পথ প্ৰদৰ্শন কৰা সম্ভৱ নহয় । কথাবিলাক ওপৰোক্ত ধৰণে বিচাৰ বিশ্লেষণ কৰি চালে দেখা যায় যে যেতিয়ালৈকে কোনো এজন ব্যক্তি কামনা-বাসনাৰ পৰা মুক্ত হব নোৱাৰে তেতিয়ালৈকে তেওঁ পূৰ্ণ সন্তোষ আৰু চিৰস্থায়ী সুখ লাভ কৰা সম্ভৱ নহয় । এই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই কৈছে যে পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰা ব্যক্তিয়েহে  কামনা-বাসনাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈ থাকিব পাৰে । অন্যভাৱে কব পাৰি যে আত্মজ্ঞান লাভ কৰাৰ পিছতহে মানুহ কামনা-বাসনাৰ পৰা সম্পূৰ্ণ মুক্ত হব পাৰে । আনহাতে যি গুৰু নিজে আত্মজ্ঞানী তেওঁহে শিষ্যক আত্মজ্ঞান লাভৰ পথ প্ৰদৰ্শন কৰিব পাৰে । হৰিদেৱ গুৰুজনাই উপদেশ দি কৈছে যে যিসকল ব্যক্তি সঁচা অৰ্থত পাৰমাৰ্থিক বিষয়ত আস্থাৱান  তেওঁলোকে আত্মজ্ঞানী গুৰুৰ শৰণাপন্ন হব লাগে আৰু তেনে গুৰুৰ উপদেশ মতে পাৰমাৰ্থিক বিষয়ৰ চিন্তা-চৰ্চা আৰু  সাধনাৰ পথত  আগবাঢ়ি যাব  লাগে। (আগলৈ)

Tuesday, 23 August 2022

Religious Teachings of the “Satra” Institution of Guru Harideva-134 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৩৪)

 

A potter makes earthen pots  first . Then the pots are allowed to dry by keeping them under  sunshine . Then the pots are burnt by keeping  in fire  to make them hard. Then  the pots are allowed to be cool . After completion of this process  as a whole  the  pots can hold water in it. Citing this analogy Guru Harideva tells that the procedure to be followed  for attainment self-realization is also of  similar type. The human mind cannot concentrate on one subject for long time . In the Bhagavadgita also it is told that controlling of one’s mind and keeping it engaged  it in one single subject  is very difficult task. Guru Harideva tells that an uncontrolled  mind is like an earthen pot before burning. There are no differences in  size and shape of a pot before burning and after burning. But if we put water in a pot before burning then the walls of the pot break down  and the water inside  comes out. Similarly, if the mind is not under control then people can not concentrate on God or the soul inside him and attain self realization . Analyzing the things as above Guru Haridev tells that if one sincerely takes shelter in God or comes to the “Sharana” of Lord Krishna then his mind automatically comes under his own control and he can easily proceed in the path of self realization. But for coming to the Sharana of Lord Krishna guidance from a spiritual master or Guru is essential.   Guru Harideva tells that since attainment of self realization is the ultimate aim of human life one should be very much careful in choosing the spiritual master or Guru . Also, people interested in attainment of self realization  should prepare himself well for becoming a sincere, hardworking and faithful  disciple   of the Guru chosen by him . To guide general people  in this respect Guru Harideva has elaborately  discussed the qualities essential for a Guru. Similarly the qualities essential  for a disciple are discussed by him . Many suggestions are  also given by him regarding the duties and responsibilities of  the spiritual masters and their disciples .  We will try to discuss those topics in the coming posts . (to be continued )

কুমাৰে প্ৰথমে  মাটিৰ পাত্ৰ সাজে । তাৰ পিছত পাত্ৰবোৰ ৰদত শুকুৱায় শুকোৱাৰ  পিছত জুইত পোৰে পোৰাৰ পিছত ঠাণ্ডা হবলৈ দিয়ে ।এই আটাইখিনি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত পাত্ৰত পানী ভৰালে পাত্ৰই সেই পানী ধৰি ৰাখিব পাৰে । এই উপমা দি হৰিদেৱ গুৰুজনাই কৈছে যে  মাটিৰ পাত্ৰ পানী ভৰাই ৰখাৰ বাবে উপযোগী কৰাৰ যি প্ৰক্ৰিয়া ওপৰত উল্লেখ কৰা হৈছে তাৰ সৈতে আত্মজ্ঞান লাভ কৰাৰ বাবে অৱলম্বন কৰিব লগীয়া প্ৰক্ৰিয়াৰ মিল আছে । মানুহৰ মন কোনো এটা বিষয়ত বেছি সময় লাগি থাকিব নোৱাৰে। ভগৱদ্গীতাতো কোৱা হৈছে যে মনক নিয়ন্ত্ৰণলৈ আনি কোনো এটা বিষয়ত নিযুক্ত কৰি ৰখাটো অতিশয় দুৰূহ কাম। হৰিদেৱ গুৰুজনাই কৈছে যে নিয়ন্ত্ৰণবিহীন মন কেঁচা মাটিৰ পাত্ৰৰ দৰে অৰ্থা জুইত পোৰাৰ আগৰ অৱস্থাত থকা মাটিৰ পাত্ৰৰ নিচিনা । জুইত পোৰাৰ আগৰ অৱস্থা আৰু জুইত পোৰাৰ পিছৰ অৱস্থাত পাত্ৰৰ আকাৰ-আকৃতি একে থাকে ।কিন্তু পুৰি টান কৰি লোৱাৰ আগতে যদি পাত্ৰত পানী ভৰোৱা হয় তেন্তে পাত্ৰৰ আৱেষ্টনী ভাঙি পানী বাহিৰলৈ ওলাই যায় । একেদৰে অনিয়ন্ত্ৰিত মনক  ঈশ্বৰ বা আত্মা বিষয়ক চিন্তাত নিযুক্ত কৰি ৰাখিব  নোৱাৰি, মন বাৰে বাৰে ঈশ্বৰ চিন্তাৰ পৰা আঁতৰি যায় আৰু অন্য চিন্তাত মগ্ন হয়্।  ইয়াৰ পৰা বুজিব পাৰি যে মনক নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিলে আত্মজ্ঞান লাভ কৰা সম্ভৱ নহয়।  কথাবিলাক ওপৰোক্ত ধৰণে বিচাৰ বিশ্লেষণ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে যদি কোনো ব্যক্তিয়ে ঈশ্বৰৰ আশ্ৰয় গ্ৰহণ কৰে বা ভগৱান শ্ৰীকৃষ্ণৰ চৰণত একান্তভাৱে শৰণ গ্ৰহণ কৰে তেন্তে তেনে ব্যক্তিৰ মন স্বতঃষ্ফূৰ্ত্তভাৱে নিজৰ নিয়ন্ত্ৰণলৈ আহে আৰু তেনে ব্যক্তিয়ে সহজতে আত্মজ্ঞান লাভৰ পথত আগবাঢ়ি যাব পাৰে ।কিন্তু ভগৱান কৃষ্ণৰ চৰণত একান্ত শৰণ গ্ৰহণ কৰাৰ বাবে গুৰুৰ পৰা পথনিৰ্দেশ লাভ কৰাটো অতি প্ৰয়োজনীয় কথা । এই প্ৰসঙ্গত গুৰুজনাই কৈছে যে যিহেতু আত্মজ্ঞান লাভ মানৱ জীৱনৰ চৰম লক্ষ্য বা এয়ে মানৱ জীৱনৰ পৰম প্ৰাপ্তি সেয়েহে গুৰু নিৰ্বাচনৰ ক্ষেত্ৰত মানুহে অতিশয় সাৱধানতা অৱলম্বন কৰা উচিত । তদুপৰি আত্মজ্ঞান লাভ কৰাৰ পথত আগবাঢ়ি যাব খোজা ব্যক্তিয়ে নিজে নিৰ্বাচন কৰি লোৱা  গুৰুৰ এজন বিশ্বস্ত, কষ্টসহিষ্ণু আৰু  প্ৰপন্ন শিষ্য হিচাপে নিজকে প্ৰস্তুত  কৰা উচিত ।এই বিষয়ত জনসাধাৰণক  জ্ঞান দিয়াৰ অৰ্থে গুৰুজনাই উপযুক্ত গুৰুৰ লক্ষণসমুহ বিতংভাৱে আলোচনা কৰিছে।উপযুক্ত শিষ্যৰ লক্ষণসমুহো আলোচনা কৰিছে । লগতে গুৰুজনাই গুৰু আৰু শিষ্য উভয়ৰে দায়িত্ব আৰু কৰ্ত্তব্য সম্পৰ্কতো অনেক  উপদেশ প্ৰদান কৰিছে । আগন্তুক লিখনিত  এইবিলাক কথা  আলোচনা কৰাৰ ইচ্ছা থাকিল । (আগলৈ)

Sunday, 14 August 2022

Religious Teachings of the “Satra” Institution of Guru Harideva-133 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৩৩)

 

In some of the preceding posts, the facts regarding Sharana or surrendering to God as suggested by Guru Harideva has been discussed . People at the lower stage of spiritual practice  consider himself as body . So, satisfaction of the demands of the body becomes the central point of  spiritual concentration of such people . For example , the body demands good food, nice dresses , comfortable houses full of amenities , good progeny to enjoy  property after his death and keep his name alive for future and so on. Guru Harideva tells that if one surrenders to Lord Krishna and pray to -him then Lord Krishna shows him the correct way of  fulfilment of  those demands . According to the Guru  this type of surrendering is primary surrender or “Prathama Sharana” .  Now, the mind is a part of the body and  desires  in mind  is the cause behind the demands made by the body as described above. Unless mind desires, the body does not put any demand . Guru Harideva suggests that if one surrenders to Lord Krishna and pray to him then the  Lord   shows him the correct way of becoming free from desire . Also , he tells that this type of surrendering is medium surrender or “Madhyam Sharana”. Thus we can understand that  desire is the cause behind each demand and the body is the enjoyer of the things demanded . That is, desires are generated in the body for the purpose of satisfaction of the body itself  . Again , once some demands are fulfilled desires for new things come up and the body becomes bound to place more demands . In this way it becomes an unending process. Analyzing the things as above Guru Harideva tells that if one becomes free from attachment towards  the body or becomes free from the desire of keeping his body alive for forever, then only  he can keep himself away  from the unending process mentioned above . Guru Harideva suggests that if common people comes to “Sharana” of Lord Krishna and  surrender his body to run in accordance with the will of the Lord then the Lord  shows him the easy and correct way of becoming free from attachment with the body and attainment of spiritual perfection . Accoring to Guru Harideva this type of surrendering or Sharana is the best type of surrender or “Uttama Sharana” .(to be continued)

ইয়াৰ আগৰ কিছুমান লিখনিত হৰিদেৱ গুৰুজনাই শৰণ সম্পৰ্কে দিয়া উপদেশ সমুহৰ বিষয়ে আলোচনা কৰা হৈছে । পাৰমাৰ্থিক জ্ঞানৰ নিম্ন স্তৰত থকা মানুহে  নিজকে শৰীৰ বুলি ভাৱে ।  সেই কাৰণে শৰীৰৰ দাবী সমুহ পূৰণ কৰাটোও তেওঁলোকৰ বাবে পাৰমাৰ্থিক চিন্তা চৰ্চাৰ বিষয় বস্তু হৈ পৰে ।  উদাহৰণ স্বৰূপে শৰীৰে ভাল খাদ্য বিচাৰে , সুখ আৰামত থাকিব পৰা সকলো সা-সুবিধাৰে পৰিপূৰ্ণ হৈ থকা বাসস্থান বিচাৰে , মৃত্যুৰ পিছত সা-সম্পত্তি ভোগ কৰাৰ বাবে আৰু  নামৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ বাবে উপযুক্ত সতি-সন্তান বিচাৰে ইত্যাদি । হৰিদেৱ গুৰুজনাই কৈছে যে যদি কোনো ব্যক্তিয়ে ভগৱান শ্ৰীকৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰি প্ৰাৰ্থনা জনায় তেন্তে ভগৱানে তেওঁক এইবিলাক পোৱাৰ শুদ্ধ পথ বা উপায় দিয়ে । লগতে গুৰুজনাই  এনে প্ৰকাৰ শৰণ প্ৰাথমিক পৰ্যায়ৰ শৰণ বা প্ৰথম শৰণ বুলি কৈছে। এতিয়া কথা হৈছে মন শৰীৰৰে অংশ আৰু মনত উৎপত্তি হোৱা আশা-আকাংক্ষাৰ কাৰণে  শৰীৰে ওপৰত কৈ অহাৰ দৰে   বিষয়-বস্তু দাবী কৰে । মনক আশা আকাংক্ষাৰ পৰা মুক্ত ৰাখিব পাৰিলে শৰীৰে একো দাবী নকৰে । গুৰুজনাই কৈছে যে ভগৱান শ্ৰীকৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰি প্ৰাৰ্থনা নিবেদন কৰিলে ভগৱানে মনক বাসনামুক্ত কৰি ৰখাৰ  দিশত  শুদ্ধ পথ প্ৰদৰ্শন কৰে । এই প্ৰকাৰৰ শৰণক দ্বিতীয় শৰণ বা মধ্যম শৰণ বুলি গুৰুজনাই কৈছে । এনেদৰে বিচাৰ কৰি চালে দেখা যায় যে আকাংক্ষা প্ৰত্যেকটো  দাবীৰ কাৰণ আৰু শৰীৰ সেই দাবীৰ পৰা লাভ কৰা বিষয়-বস্তুৰ ভোক্তা বা ভোগ কৰোতা যন্ত্ৰ ।  শৰীৰৰ নিজৰ সন্তুষ্টিৰ অৰ্থে শৰীৰৰ পৰাই আশা আকাংক্ষাৰ উৎপত্তি হয় ।আনহাতে এটা আকাংক্ষা পূৰণ হোৱাৰ লগে লগে মনত অন্য এটা আশাৰ জন্ম হয় আৰু শৰীৰে এই নতুন আকাংক্ষা পূৰণৰ অৰ্থে নতুন দাবী উত্থাপন কৰিবলৈ বাধ্য হয় । এই প্ৰক্ৰিয়া অন্তহীন ভাৱে চলি থাকে । কথাবিলাক ওপৰোক্ত ধৰণে বিচাৰ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে যদি কোনো ব্যক্তিয়ে শৰীৰৰ আসক্তিৰ পৰা মুক্ত হব পাৰে অথবা শৰীৰক চিৰকাল জীয়াই ৰখাৰ আকাংক্ষাৰ পৰা  মুক্ত হব পাৰে তেতিয়াহে তেওঁ ওপৰোক্ত অন্তহীন প্ৰক্ৰিয়াৰ অধীন নোহোৱাকৈ থাকিব পাৰে ।  এই সম্পৰ্কত উপদেশ দি হৰিদেৱ গুৰুজনাই কৈছে যে ভগৱান কৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰি আমাৰ নিজৰ শৰীৰটো তেওঁ যিদৰে চলাবলৈ বা ব্যৱহাৰ কৰিবলৈ ইচ্ছা কৰে সেইদৰে চলাই নিবলৈ প্ৰাৰ্থনা জনালে ভগৱানে শৰীৰৰ প্ৰতি থকা আসক্তি ত্যাগ কৰাৰ উপায় তথা পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰাৰ বাবে  সহজ আৰু শুদ্ধ পথ প্ৰদৰ্শন কৰে । গুৰুজনাই এই প্ৰকাৰৰ শৰণক  উত্তম শৰণ বুলি কৈছে । ( আগলৈ)