Sunday, 27 February 2022

Religious Teachings of the “Satra” Institution of Guru Harideva -95 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-৯৫)

 

Guru Harideva tells that without attainment of self- realization nobody  can  know Lord Krishna . On the other hand, Bhagavata tells that  knowledge of self  or “Atmajnana” is always remains inherent in human being . Citing proof of this the scriptures tell that nobody wants to be separated from his soul or die . Everybody wants to live forever. This is natural tendency of all living bodies including human beings. Now, the point is, if knowledge of self already exists in human being then what may be the meaning of attainment of self-realization ?  Answering this question it is told that hunger, thirst etc. are natural tendencies of the body . When the body needs food it  feels  hungry . When the body   needs water it feel thirsty. When the temperature outside is low the body feels cold and so on.  But knowledge of self or feeling of the presence of soul  in the body is not that type of gross natural tendency . This is very subtle natural tendency of human mind . Because of that the knowledge of self remains covered under gross powerful tendencies like desire , anger, greed, illusion etc. of human mind. Also, due to the powerful influences of those gross tendencies over human mind people cannot clearly  feel the presence of  soul inside him. Explaining the things with an analogy scriptures tell that the voice of a child is very familiar to his father. The father can easily identify the voice of his child by hearing it even from a distance.  But if the child remains present within a noisy crowd then it becomes difficult for the father to identify the voice of his child.  Again, due to long association the voice of a child becomes too familiar to his father. So, it may be possible for the father to hear at least some unclear sound of the voice of his child present in a crowd if he deeply concentrate his mind on that. In that way, the father may know the presence of his child  within the noisy crowd. Citing this analogy the scriptures tell that we are eternally related to the soul. In every life the soul accompanies us and thus we have longest association with our soul. For that reason we always feel some light indication of the presence of soul in us in spite of the cover created by Gross natural tendencies like desire ,anger etc. Due to  that feeling   we do not want to die, we want to live forever. In the above analogy, the father can clearly hear the voice of his child present within a crowd  if the noise created by the crowd is stopped . Similarly if the cover created by desire, anger and other gross natural tendencies are cleared  then our heart becomes pure. Then we can clearly realize the soul within us or attain self- realization automatically. Analyzing  the things in this way Guru Harideva tells that Lord Krishna is the eternal soul seated in our heart  and coming to his shelter or Sharana is the easiest way of attainment of “Atmajnana” or self-realization . (to be continued)

হৰিদেৱ গুৰুজনাই কৈছে যে আত্মজ্ঞান অবিহনে কৃষ্ণলাভ নহয় আনহাতে ভাগৱতত কোৱা হৈছে যে মানুহৰ অন্তৰত আত্মজ্ঞান চিৰবৰ্ত্তমানসেই কাৰণে সকলো মানুহে আত্মাক সবাতোকৈ অধিক ভাল পায়এই কথাৰ প্ৰমাণ দি শাস্ত্ৰত কোৱা হৈছে যে কোনেও আত্মাৰ পৰা কেতিয়াও বিচ্ছিন হব অৰ্থা  মৃত্যু বৰণ কৰিব নিবিচাৰে ই মানুহকে ধৰি সকলো জীৱৰ স্বাভাৱিক প্ৰবৃত্তি এতিয়া কথা হৈছে যে আত্মানুভূতি যদি ভোক পিয়াহৰ দৰে স্বাভাৱিক প্ৰবৃত্তি হয় তেন্তে  আত্মজ্ঞান লাভ কৰাৰ অৰ্থ কি ? ইয়াৰ উত্তৰত কোৱা হৈছে যে  ভোক পিয়াহ ইত্যাদি শাৰীৰিক স্থূল প্ৰবৃত্তি শৰীৰত খাদ্যৰ  অভাৱ ঘটিলে ভোক লাগে ,পানীয়ৰ অভাৱ ঘটিলে পিযাহ লাগে, বতৰ ঠাণ্ডা থকিলে জাৰ লাগে  ইত্যাদি  কিন্তু  আত্মানুভৱ তেনে স্থূল প্ৰবৃত্তি নহয় ই অতি সুক্ষ্ম মানসিক  প্ৰবৃত্তি সেই কাৰণে  স্বাভাৱিক প্ৰবৃত্তি হলেও কাম , ক্ৰোধ ,লোভ , মোহ আদি স্থূল আৰু শক্তিশালী মানসিক প্ৰবৃত্তি সমুহে আৱৰণ সৃষ্টি কৰি  আত্মানুভূতিক ঢাকি ৰাখে স্থূল মানসিক প্ৰবৃত্তি সমুহে  মন আৰু বুদ্ধিক আচ্ছন্ন  কৰি ৰখাৰ বাবে মানুহৰ মনত স্পষ্ট ভাৱে আত্মজ্ঞানৰ উদয় হব নোৱাৰে কথাখিনি উপমাৰ দ্বাৰা বুজাই দি শাস্ত্ৰত কোৱা হৈছে যে নিজৰ সন্তানৰ মাত পিতৃৰ অতিকৈ চিনাকি দূৰৰ পৰা মাত শুনিয়ে পিতৃয়ে সেই মাত চিনি পায় কিন্তু বহু মানুহৰ কোলাহলৰ মাজত নিজৰ সন্তানে  চিঞৰি  থাকিলে সেই মাত বুজি পোৱাত পিতৃৰ বাবেও অসুবিধা হয় তথাপিও   অত্যধিক মনোযোগ দি শুনি থাকিলে বহুজনৰ কোলাহলৰ মাজতো নিজৰ সন্তানৰ চিনাকি মাতৰ আভাস পিতৃ-মাতৃয়ে  অস্পষ্ট ভাৱে  হলেও শুনিব পাৰে আৰু বহু মানুহৰ সমাগমৰ ভিতৰত নিজৰ সন্তানো আছে বুলি বুজিব পাৰে এই উপমা দি শাস্ত্ৰত কোৱা হৈছে যে আত্মাৰ সৈতে আমাৰ সম্বন্ধ চিৰন্তন সকলো  জন্মতে আত্মা আমাৰ চিৰসঙ্গীসেই কাৰণে কাম-ক্ৰোধাদি মনৰ স্থূল প্ৰবৃত্তিসমুহে আবৰি ৰখা অৱস্থাত অতি অস্পষ্টভাৱে হলেও নিজৰ ভিতৰত আত্মাৰ উপস্থিতি আমি অনুভৱ  কৰিব পাৰো এই অনুভৱৰ ফলতে চিৰকাল বাছি থকাৰ প্ৰবৃত্তি আমাৰ ভিতৰত সদাজাগ্ৰত হৈ থাকে মানুহৰ কোলাহল বন্ধ হৈ গলে বহু মানুহৰ মাজত থকা নিজৰ সন্তানৰ মাত পিতৃ-মাতৃয়ে স্পষ্টভাৱে বুজিব পাৰে একেদৰে কাম, ক্ৰোধ, লোভ ,মোহ  আদি মনৰ স্থূল প্ৰবৃত্তি সমুহ দমন কৰাৰ পিছত মানুহৰ  হৃদয় বিশুদ্ধ হয় আৰু তেনে অৱস্থাত হৃদয়ত সুপ্ত হৈ থকা আত্মজ্ঞান নিজে নিজে প্ৰকাশিত হয়এই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই কৈছে যে কৃষ্ণই হৈছে সকলোৰে হৃদয়ত সদা বিৰাজমান হৈ থকা আত্মা আৰু ভগৱান কৃষ্ণৰ শৰণ গ্ৰহণেই হৈছে আত্মজ্ঞান লাভৰ সহজতম পথ । (আগলৈ)  

Wednesday, 23 February 2022

Religious Teachings of the “Satra” Institution of Guru Harideva -94 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-৯৪)

 

Sometimes we keep camphor in a container. If the camphor is completely removed from there then also we get aroma of camphor in the container. Citing this analogy Bhagavata tells that after attainment of self-realization a self-realized person has to live in this world till the end of life in his present body. It is also said that after attainment of self-realization one become free from the possibility of rebirth. Explaining the reason of this scriptures tell that immediately after attainment of self- realization all seeds of one’s past deeds are completely destroyed. After that the only thing to be taken care of by a self-realized person is to keep himself away from performance of any kind of work with intention of fulfillment of any personal of desire. Again, it is said that desires are generated by the potency inherent in human mind as a result of past deeds performed with intention of fulfillment of desires. If all potencies of past deeds are not destroyed completely then desires may arise in the mind of self-realized person also. Under such circumstances a self-realized person may become bound to perform material activities with intention of fulfillment of desires and face spiritual fall down. In Bhagavata this point is explained with an analogy as follows. The plowman carefully uproots all unwanted weeds from agricultural field before sowing seeds there. If we see from that angle then no further weeds should come up in the plot of land after that. But practically we see that unwanted weeds grow again along with the seedlings of the crop. In a similar way materialistic desires  may arise in the mind of a self-realized person as a result of his past deeds  and he may face spiritual fall down in that way. In Bhagavata and other Vedic scripture there are life stories of such people. Analyzing the things as above Guru Harideva tells that it is not possible for common ignorant people like us to go through such complicated details depicted in the scriptures and make spiritual practice accordingly. For the benefit of common people he suggests that one who sincerely comes to the shelter or Sharana of Lord Krishna easily attains self-realization and at the same time gets protection from all possibilities of fall down in the spiritual path . (to be continued)

কেতিয়াবা কোনো টেমাৰ ভিতৰত আমি কৰ্পুৰ ৰাখো টেমাৰ পৰা আটাইখিনি কৰ্পুৰ উলিয়াই অনাৰ পিছতো  খালী টেমাটোৰ ভিতৰত কৰ্পুৰৰ গোন্ধ পোৱা যায় এই উপমা দি ভাগৱতত কোৱা হৈছে যে আত্মজ্ঞান লাভ কৰাৰ পিছতো আত্মজ্ঞানী পুৰুষ মৃত্যুকাল পৰ্যন্ত  বৰ্ত্তমান  শৰীৰ  ধাৰণ কৰি এইখন জগত সংসাৰত থাকিব লাগে আৰু জগতৰ নিয়ম অনুসৰি সুখ-দুখ ভোগ কৰিব লাগে শাস্ত্ৰত কোৱা হৈছে যে বৰ্ত্তমান শৰীৰ নাশ হোৱাৰ পিছত আত্মজ্ঞানী পুৰুষৰ পুনৰ্জন্ম  হোৱাৰ সম্ভাৱনা নাথাকে ইয়াৰ কাৰণ ব্যাখ্যা কৰি কোৱা হৈছে যে আত্মজ্ঞান লাভ কৰাৰ লগে লগে আত্মজ্ঞানী পুৰুষে অতীতত কৰা সমস্ত  কৰ্মৰ বীজ ধ্বংসপ্ৰাপ্ত হয় ইয়াৰ পিছৰ পৰ্যায়ত আত্মজ্ঞানী পুৰুষে জীৱিত কালছোৱাৰ ভিতৰত নতুনকৈ  কোনো প্ৰকাৰৰ কামনা-বাসনাৰ বশবৰ্তী  ব নালাগে  লগতে  নিজৰ ব্যক্তিগত কামনা পূৰণ কৰাৰ  উদ্দেশ্যে  কাম কৰি যাতে নতুনকৈ একো কৰ্মফল  সঞ্চয় কৰিবলগীয়া নহয় তাৰ বাবে  সাৱধানতা অৱলম্বন কৰিব লাগে আনহাতে  কোৱা হৈছে  পূৰ্বজন্মত অৰ্থাৎ অতীতত কামনা-বাসনা পূৰণ কৰাৰ বাবে যি কৰ্ম কৰি অহা হয় তাৰ ফলতে  বৰ্ত্তমান জন্মত  মানুহৰ মনত কামনা-বাসনাৰ উদয় হয়পূৰ্বজন্মৰ কামনা-বাসনাৰ বীজ সম্পূৰ্ণৰূপে ধ্বংস নহলে আত্মজ্ঞানী পুৰুষৰ মনতো কামনা-বাসনাৰ উদয় হব পাৰেতাৰ ফলত আত্মজ্ঞানী পুৰুষেও কামনা-বাসনা পূৰণৰ অৰ্থে  বৈষয়িক কৰ্মত লিপ্ত হৈ পাৰমাৰ্থিক পতনৰ সন্মুখীন  ব পাৰে ভাগৱতত এটি উপমাৰ সহায়ত কথাখিনি বুজাই দিয়া হৈছে  খেতিয়কে হাল বাই মাটি প্ৰস্তুত কৰাৰ সময়তে  খেতিপথাৰৰ সমস্ত অলাগতিয়াল হাবি-বন উভালি পৰিষ্কাৰ কৰে আৰু তাৰ পিছত বীজ ছটিয়ায়সেইফালৰ পৰা চালে মাটিখিনিত পুনৰ হাবি-বন গজাৰ সম্ভাৱনা থাকিব  নালাগে কিন্তু শস্যৰ  গজালিৰ সৈতে একেলগে মাটিখিনিত পুনৰ হাবি-বন গজা আমি দেখা পাওঁ একেদৰে অতীত কৰ্মৰ ফল স্বৰূপে আত্মজ্ঞানী পুৰুষৰ মনতো কামনা বাসনাৰ উদয় হব পাৰে আৰু তাৰ ফলত তেওঁৰ পাৰমাৰ্থিক পতন হব পাৰে ভাগৱত আৰু অন্যান্য বৈদিক শাস্ত্ৰত তেনে অনেক ব্যক্তিৰ জীৱন কাহিনী বৰ্ণনা কৰা হৈছে কথাবিলাক ওপৰোক্ত ধৰণে বিচাৰ বিশ্লেষণ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে  আমাৰ দৰে সাধাৰণ অজ্ঞানী মানুহে শাস্ত্ৰৰ এনে জটিল তত্ব বুজি লৈ সেইমতে পাৰমাৰ্থিক সাধনা কৰা সম্ভৱ নহয় সেয়েহে সাধাৰণ সংসাৰী মানুহক উপদেশ দি গুৰুজনাই কৈছে যে যি ব্যক্তিয়ে আন্তৰিকতা সহকাৰে ভগৱান শ্ৰীকৃষ্ণৰ চৰণত শৰণ বা আশ্ৰয় গ্ৰহণ কৰে তেওঁ আত্মজ্ঞান লাভ কৰাৰ  লগতে সকলো প্ৰকাৰৰ পাৰমাৰ্থিক পতনৰ আশংকাৰ পৰাও মুক্ত থাকিব পাৰে(আগলৈ)  

Saturday, 19 February 2022

Religious Teachings of the “Satra” Institution of Guru Harideva -93 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-৯৩)

 

In a magic show we witness unusual activities performed by the magician. Those activities appear to be true in our eyes. But in actuality those unusual activities are nothing but some kind of tricks played by the magician.  People know his fact. But in spite of that, they happily enjoy the magic show.  Citing such analogy scriptures tell that after attainment of Atmajnana or self-realization human being can understand that there is no truth in the things and happenings of the material world. But after realization of this fact also people can enjoy material happiness as like as enjoyment of happiness from a magic show. In this context Bhagavata tells that attainment of Atmajnana or self- realization is the ultimate aim of human life. But life of people does not end immediately after attainment of self-realization. Moreover, the people and things of the world remain present around him as earlier. So, after attainment of self- realization also people have to live in this material world as earlier till the end of their present life. They are to eat food, live family life with wife children and other relatives, deal with other people and things of the world and perform all other material activities . They are bound to enjoy the happiness and sorrow of this world in accordance with their past deeds as like as common people. Considering all these things Bhagavata suggests that after attainment of self- realization a self- realized person should peacefully accept whatever comes to his life and patiently wait till the effect of his past deeds is completely exhausted and the body dies a natural death. In this context Guru Harideva tells that practically these things are not easy to do as suggested in the scriptures. The influence of the past deeds in the present human life is very strong.  Due to influence of the past deeds the sages of higher knowledge also commit mistakes and fall down from higher position in the spiritual field. In Bhagavata and other Vedic scriptures there are ample examples of such incidents pertaining to the sages and other saintly persons. Guru Harideva tells that self- realized persons under shelter or “Sharana” of Lord Krishna never face any spiritual fall down as above. Through his day to day life Guru Harideva practically shows us example in this regard. (to be continued)

যাদুখেল প্ৰদৰ্শন কৰাৰ সময়ত যাদুকৰে অনেক প্ৰকাৰৰ অসাধাৰণ কাৰ্য কৰি দেখুৱায়যাদুকৰে প্ৰদৰ্শন কৰা অদ্ভূত আৰু অগতানুগতিক কাৰ্যসমুহ আমাৰ দৃষ্টিত একেবাৰে সঁচা যেন লাগে কিন্তু প্ৰকৃততে এইবিলাক যাদুকৰজনে প্ৰদৰ্শন কৰা কিছুমান কৌশলহে মানুহে এই কথা জানে  কিন্তু তথাপিও যাদুখেল উপভোগ কৰি মানুহে আনন্দ লাভ কৰে এই উপমা দি শাস্ত্ৰত কোৱা হৈছে যে আত্মজ্ঞান লাভ কৰাৰ পিছত  আত্মজ্ঞানী পুৰুষে সংসাৰৰ মানুহ , অন্যান্য বিষয়বস্তু আৰু ঘটনাৰাজি অসত্য  বুলি বুজিব পাৰে কিন্তু সেই সত্য বুজি পোৱাৰ পিছতো তেওঁলোকে যাদুখেল উপভোগ কৰি আনন্দ লাভ কৰাৰ দৰে স্ত্ৰী-পুত্ৰ আদি সাংসাৰিক সা-সম্বন্ধ আৰু বৈষয়িক সা-সুবিধা উপভোগ কৰি আনন্দ লাভ কৰিব পাৰে এই প্ৰসঙ্গত ভাগৱতে কৈছে যে  আত্মজ্ঞান লাভ কৰাটো মানৱ জীৱনৰ মুখ্য উদ্দেশ্য কিন্তু আত্মজ্ঞান লাভ কৰাৰ লগে লগে মানুহৰ জীৱনকালৰ অন্ত নপৰে তদুপৰি কোনো এজন ব্যক্তিয়ে আত্মজ্ঞান লাভ কৰাৰ পিছতো সেইজন আত্মজ্ঞানী ব্যক্তিৰ চতুৰ্দিশৰ  মানুহ, বস্তু , পৰিবেশ-পৰিস্থিতি ইত্যাদি আগৰ দৰেই থাকে সেই কাৰণে আত্মজ্ঞান লাভ কৰাৰ পিছতো মানুহে  বৰ্ত্তমান শৰীৰৰ  জীৱনকাল শেষ নোহোৱা পৰ্যন্ত  পূৰ্বৰ দৰে সাংসাৰিক পৰিবেশ পৰিস্থিতিৰ মাজতে থাকিবলৈ বাধ্য হয় আত্মজ্ঞানী ব্যক্তিয়েও খাদ্য খাব লাগে , স্ত্ৰী-পুত্ৰ আৰু অন্যান্য সা-সম্বন্ধীয় লোকৰ  সৈতে  একেলগে সমাজত বাস কৰিব লাগে তেওঁলোকেও সাধাৰণ গৃহস্থ ব্যক্তিৰ দৰে সমাজৰ অন্যান্য ব্যক্তি , বস্তু আৰু পৰিবেশৰ সৈতে খাপ খাই চলিবলৈ বাধ্য হয়| মুঠতে কবলৈ হলে পূৰ্বজন্মৰ কৰ্মৰ ফল স্বৰূপে সাধাৰণ ব্যক্তিয়ে যিবিলাক সাংসাৰিক সুখ বা দুখ ভোগ কৰে আত্মজ্ঞানী পুৰুষেও জীৱিত কালছোৱাত  সেই বিলাক একে নিয়মেৰে আৰু একে ধৰণে ভোগ কৰিবলৈ বাধ্য হয় কথাবিলাক ওপৰোক্ত ধৰণে বিচাৰ কৰি ভাগৱতত কোৱা হৈছে যে আত্মজ্ঞান লাভ কৰাৰ পৰবৰ্ত্তী পৰ্যায়ত আত্মজ্ঞানী ব্যক্তিয়ে নিজৰ জীৱনলৈ অহা সমস্ত ঘাত-প্ৰতিঘাত আৰু সুখ-দুখজনক পৰিবেশ পৰিস্থিতি সহজভাৱে গ্ৰহণ কৰিব লাগেপ্ৰকৃতিৰ নিয়মমতে শৰীৰৰ স্বাভাৱিক মৃত্যু নোহোৱা পৰ্যন্ত শান্তভাৱে অপেক্ষা কৰিব লাগেএই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই উপদেশ দি কৈছে যে শাস্ত্ৰত কথাবিলাক যেনেদৰে কোৱা হৈছে তেনেদৰে অনুসৰণ কৰি  জীৱন নিৰ্বাহ কৰা সহজ কাম নহয় মানুহৰ জীৱনত কৰ্মফলৰ প্ৰভাৱ অতি শক্তিশালী কৰ্মফলৰ প্ৰভাৱত অনেক আত্মজ্ঞানী ঋষিমুনিৰো স্খলন ঘটে ভাগৱতকে ধৰি বৈদিক শাস্ত্ৰসমুহত এনে অনেক ঋষি-মুনি আৰু জ্ঞানী ব্যক্তিৰ উদাহৰণ আছে হৰিদেৱ গুৰুজনাই কৈছে যে ভগৱান শ্ৰীকৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰা আত্মজ্ঞানী ব্যক্তি জীৱনত পতনৰ কোনো সম্ভাৱনা নাথাকে গুৰুজনাই নিজৰ ব্যক্তিগত জীৱনৰ মাধ্যমত এই আদৰ্শ দেখুৱাই গৈছে ।(আগলৈ)