In 1453 CE, when Guru Harideva established his
first Satra Institution in Assam, the condition of living of the women in the
society of common householders was very pathetic.
We tried to give some idea of the same in the preceding post. Here we should mention that the condition of
women in the family where Guru Harideva was born and brought up was totally
different from that mentioned above. Dwija Ajanabha, the father of Guru Harideva was a great Vedic scholar . He had a residential school of Gurukul system in his
residence . Students from different parts of Assam used to stay in his house and
study there under strict discipline. Parijati, the mother of Guru Harideva was an educated women . She helped her husband
Dwija Ajanabha in all respect . She took
care of all students as like as a mother
. It can be said that she took the responsibilities of those students in addition to her own son and daughter. In
that way she got scope to learn so many things by being in constant contact
with teachers, students of the school and her scholar husband. That is , she was a very respectable personality
in the society as like as educated and respectable women of the ancient Vedic ages
. These things were already discussed elaborately in some of our earlier posts. Since his childhood days up to the age of 16
Guru Harideva was born and brought up in such family atmosphere . During this
period he completed studies starting from primary stage to Vedic
scriptures , Vedangas including Vedic grammar etc. and prepared
himself for study of the Vedas. For that reason up to the age of 16
years he did not come into contact with the society outside his campus .At this
stage both of his parents expired. After
that incident he became bound to come to public on demand from the followers of
his father. Then the pathetic condition of living of the women in common
householder’s society came to his notice. He realized that the reason of difference
between the status of women in his family and the same in the families of
common householders is lack of education. After this realization he tried to
educate the common people including women who used to gather in his house at
Narayanpur. ( to be continued)
হৰিদেৱ গুৰুজনাই ১৪৫৩ খৃঃত অসমত প্ৰথমখন সত্ৰ স্থাপন কৰাৰ সময়ত
সমাজত মহিলাৰ অৱস্থা বৰ পুতৌলগা আছিল । ইয়াৰ আগৰ লিখনিত এই সম্পৰ্কে কিছু সাধাৰণ আভাস লোৱাৰ প্ৰচেষ্টা
কৰা হৈছে । এইখিনিতে উল্লেখ কৰা উচিত যে গুৰুজনাই
যি পৰিয়ালত জন্ম গ্ৰহণ কৰি ডাঙৰ হৈছিল তাত মহিলাৰ স্থান ওপৰত উল্লেখ কৰাৰ দৰে
নাছিল । গুৰুজনাৰ পিতৃ
অজনাভ বিশিষ্ট বৈদিক পণ্ডিত আছিল ।
তেওঁৰ ঘৰতে বৈদিক
গুৰুকুল প্ৰথাৰে
পৰিচালিত এখন টোল আছিল । গুৰুজনাৰ মাতৃ পাৰিজাতিয়ে স্বামী অজনাভক সকলো দিশতে সহায় কৰিছিল
। তেওঁ নিজৰ সন্তানৰ লগতে স্বামীৰ টোলত
পঢ়াশুনা কৰিবলৈ আহি তেওঁলোকৰ ঘৰতে থকা ছাত্ৰ সকলকো মাতৃস্নেহেৰে আদৰ যত্ন কৰিছিল ।
পাৰিজাতি নিজে
বিদুষী মহিলা হোৱাৰ উপৰিও সদা-সৰ্বদা টোলৰ শিক্ষক ,ছাত্ৰ আৰু বিদগ্ধ পণ্ডিত স্বামীৰ সঙ্গ লাভ কৰাৰ ফলত সাংসাৰিক জ্ঞান অৰু শাস্ত্ৰজ্ঞান
উভয়তে বিচক্ষণতা অৰ্জন কৰিছিল।
এনেদৰে তেওঁ এগৰাকী
অতিশয় সন্মানীয় মহিলা হিচাপে সমাজত সু-প্ৰতিষ্ঠা লাভ কৰিছিল । আগৰ কেইটামান লিখনিত এইবিলাক কথা বিস্তাৰিতভাৱে কোৱা হৈছে । জন্মৰ
পৰা প্ৰায় ১৬ বছৰ বয়সলৈকে গুৰুজনাই ওপৰোক্ত পৰিবেশত লালিত পালিত হৈছিল । সেই সময়ছোৱাৰ ভিতৰত তেওঁ প্ৰাথমিক শিক্ষাৰ পৰা আৰম্ভ কৰি গীতা ,পুৰাণ আদি বৈদিক শাস্ত্ৰ , পাণিনি ব্যাকৰণকে ধৰি বেদাঙ্গ শাস্ত্ৰ আদিৰ অধ্যয়ন সমাপ্ত কৰি বেদ
অধ্যয়ন কৰাৰ বাবে নিজক প্ৰস্তুত কৰিছিল । তেতিয়ালৈকে
তেওঁ নিজৰ অধ্যয়ন আৰু পাৰিবাৰিক পৰিবেশৰ বাহিৰলৈ আহি সাধাৰণ সংসাৰী লোকৰ জীৱন ধাৰণৰ
পৰিবেশ-পৰিস্থিতি তথা তেওঁলোকৰ সমস্যাৰ বিষয়ে জনাৰ সুযোগ পোৱা নাছিল। ১৬ বছৰ বয়সত
গুৰুজনাৰ পিতৃ আৰু মাতৃ উভয়ৰে পৰলোক প্ৰাপ্তি ঘটে । ইয়াৰ পৰবৰ্ত্তী পৰ্যায়ত গুৰুজনাই পিতৃৰ অনুগামী নাৰায়ণপুৰ অঞ্চলৰ
স্থানীয় লোক সকলৰ অনুৰোধত সমাজৰ মাজলৈ আহি তেওঁলোকৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ
বাধ্য হয় । সাধাৰণ গৃহস্থ সমাজৰ সান্নিধ্যলৈ অহাৰ
পিছত তেওঁ সেই সমাজৰ মহিলাসকলৰ দুৰৱস্থাৰ বিষয়ে অৱগত হয় । সকলো দিশ চালি জাৰি চোৱাৰ পিছত গুৰুজনাই বুজিব পাৰিছিল যে তেওঁৰ নিজৰ পৰিয়ালৰ
মহিলা আৰু সাধাৰণ গৃহস্থ পৰিয়ালৰ মহিলাৰ
অৱস্থাৰ মাজত থকা পাৰ্থক্যৰ মূল কাৰণ উপযুক্ত শিক্ষাৰ অভাৱ । এই কথা উপলব্ধি কৰাৰ পিছত গুৰুজনাই সমাজৰ উচ্চ-নীচ , পুৰুষ-মহিলা সকলোৰে মাজত শিক্ষা বিস্তাৰৰ বাবে উদ্যোগ গ্ৰহণ
কৰিছিল । (আগলৈ)
No comments:
Post a Comment