Friday, 25 August 2023

Religious Teachings of the “Satra” Institution of Guru Harideva188 হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৮৮)

 

After coming into contact of common people at his age of 16, Guru Harideva realized that without providing proper education to them it is not possible to improve the  status of women in familial and social sphere . So, he  tried to teach common people the scriptural lessons regarding ideal food habit,  necessity of personal and social cleanliness etc. for healthy life at the initial stage. Then he tried to teach them everything important for living an ideal personal, familial, social and spiritual life. With passage of time, more and more people started gathering to listen him. More and more people became interested to learn the lessons imparted by  him. Proportionately  more and more people started to follow his suggestions and live their day to day life in accordance with his teachings.  But at this stage one particular class of people in the society became dissatisfied. They did not want to let him continue this type of reformative social movement for upliftment of common ignorant people. People from ruling class along with some other influential people in the society sensed problems here. They made conspiracy and ultimately Guru Harideva became bound to flee from his birth place Narayanpur , in Lakhimpur District of Assam,  to save his life . We discussed these things elaborately in some of our earlier posts. Here we just mention some of those points in connection with our discussion on the status granted to women by Guru Harideva in his Satra institution. In this context we should keep in mind that  status equal to man was granted to common women by Guru Harideva  at a time when women were treated  as lower category creature and were forced to live distressful life in their own family as well as in the society.  Here we should also mention that the idea of giving equal status and opportunity to both man and women in each and every field of life came to the mind of Guru Harideva when he was 16 years old as described above. At that time itself he realized the fact that  keeping away of the women from participating in  social, educational , economic  and religious reform programs  is extremely  harmful for the family and the human society as a whole . So, he allowed common women of the society to participate in all programs of his satra institution as like as men  . (to be continued )

১৬ বছৰ বয়সত সাধাৰণ মানুহৰ সংস্পৰ্শলৈ অহাৰ পিছত হৰিদেৱ গুৰুজনাই বুজিব পাৰিছিল যে এই সকল লোকক উপযুক্ত শিক্ষাৰে শিক্ষিত নকৰালৈকে পাৰিবাৰিক আৰু সামাজিক ক্ষেত্ৰত মহিলাক সুৰক্ষিত আৰু  সন্মানজনক স্থানত প্ৰতিষ্ঠা কৰা সম্ভৱ নহয় । সেয়েহে প্ৰাথমিক অৱস্থাত তেওঁ সাধাৰণ জনতাক উপযুক্ত খাদ্যাখাদ্য , ব্যক্তিগত আৰু সামাজিক পৰিষ্কাৰ পৰিচ্ছন্নতা ইত্যাদি সম্পৰ্কীয় শাস্ত্ৰ সন্মত জ্ঞান প্ৰদান কৰি সুস্থ-সবল আৰু স্বাস্থ্যৱান জীৱন যাপন কৰাৰ বাবে আগ্ৰহী কৰাৰ  প্ৰচেষ্টা আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁলোকক আদৰ্শ ব্যক্তিগত ,পাৰিবাৰিক, সামাজিক আৰু আধ্যাত্মিক জীৱন যাপন কৰাৰ বাবে প্ৰয়োজনীয় সকলো দিশৰ শিক্ষাৰে শিক্ষিত কৰাৰ প্ৰচেষ্টা কৰিছিল । সময় যোৱাৰ লগে লগে তেওঁৰ কথা শুনাৰ বাবে সৰহ সংখ্যক লোক সমবেত হবলৈ ধৰিছিল । ক্ৰমান্বয়ে গুৰুজনাৰ কথা শুনিবলৈ আগ্ৰহী হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈছিল । সেই অনুপাতে গুৰুজনাই শিকাই দিয়া নীতি-নিয়ম  অনুসৰি জীৱন যাপন কৰা লোকৰ সংখ্যাও বাঢ়ি আহিছিল । কিন্তু ইয়াৰ বিপৰীতে গুৰুজনাই আৰম্ভ কৰা এনে সমাজ সংস্কাৰমূলক   কাৰ্যত সমাজৰ অন্য এক শ্ৰেণীৰ লোক অসন্তুষ্ট হৈছিল । শাসক শ্ৰেণীৰ লগতে সমাজৰ এচাম প্ৰভাৱশালী লোকে কিশোৰ হৰিদেৱৰ এনে কাৰ্যই তেওঁলোকৰ স্বাৰ্থ বিঘ্নিত  কৰিব  পাৰে বুলি আশংকিত হৈছিল । অৱশেষত এই চাম লোকৰ ষড়যন্ত্ৰৰ বলি হৈ ১৭ বছৰ বয়সত হৰিদেৱ গুৰুজনাই নিজৰ জীৱন ৰক্ষাৰ স্বাৰ্থত জন্মস্থান নাৰায়ণপুৰৰ পৰা পলাই আহিবলৈ বাধ্য হৈছিল ।আগৰ কিছুমান লিখনিত এইবিলাক কথা বিশদভাৱে কৈ অহা হৈছে । ইয়াত কেৱল গুৰুজনাই সত্ৰত মহিলাক সন্মানজনক স্থান দিয়া বিষয়টো ব্যাখ্যা কৰাৰ বাবে প্ৰয়োজনীয় প্ৰাসঙ্গিক কথা খিনিহে  উল্লেখ কৰা হৈছে । ইয়াতে মন কৰা উচিত যে যি মধ্যযুগীয় সমাজত মহিলাক নিম্ন স্তৰৰ প্ৰাণী হিচাপে গণ্য কৰি পাৰিবাৰিক আৰু সামাজিক উভয় স্তৰত দমন কৰি ৰখা হৈছিল তেনে কালত হৰিদেৱ গুৰুজনাই নিজে প্ৰতিষ্ঠা কৰা সত্ৰত পুৰুষ আৰু মহিলা উভয়কে সম মৰ্যাদা প্ৰদান কৰিছিল । ইয়াতে উল্লেখ কৰা উচিত যে ১৬ বছৰ বয়সত নাৰায়ণ পুৰত থকা কালতে পুৰুষ আৰু মহিলাক সম মৰ্যাদা দিয়াৰ কথা গুৰুজনাৰ মনলৈ আহিছিল । তেতিয়াই তেওঁ  উপলব্ধি কৰিছিল যে  ধৰ্মীয় , শিক্ষা মূলক, অৰ্থনৈতিক  আৰু সমাজ সংস্কাৰমূলক  কাৰ্যসূচীৰ পৰা মহিলা সকলক বাহিৰত ৰাখিলে পৰিয়াল আৰু সমাজৰ অপূৰণীয় ক্ষতি হয় । সেয়েহে তেওঁ স্থাপন কৰা সত্ৰানুষ্ঠানৰ ধৰ্মীয় , সামাজিক ইত্যাদি সকলো প্ৰকাৰৰ কাৰ্যসূচীত  মহিলাক পুৰুষৰ সমানে অধিকাৰ আৰু মৰ্যাদা প্ৰদান কৰি গৈছে । ( আগলৈ )

Friday, 11 August 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-187 হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৮৭)

 

In 1453 CE, when Guru Harideva established his first Satra Institution in Assam, the condition of living of the women in the society of common householders was very pathetic. We tried to give some idea of the same in the preceding post.  Here we should mention that the condition of women in the family where Guru Harideva was born and brought up was totally different from that mentioned above. Dwija Ajanabha, the father of Guru Harideva  was a great Vedic scholar . He had a  residential school of Gurukul system in his residence . Students from different parts of Assam used to stay in his house and study there under strict discipline. Parijati, the mother  of Guru Harideva  was an educated women . She helped her husband Dwija Ajanabha in all respect . She  took care of all  students as like as a mother . It can be said that she took the responsibilities of those students  in addition to her own son and daughter. In that way she got scope to learn so many things by being in constant contact with teachers, students of the school and her scholar husband.  That is , she was a very respectable personality in the society as like as educated and respectable women of the ancient Vedic ages . These things were already discussed elaborately  in some of our earlier posts.  Since his childhood days up to the age of 16 Guru Harideva was born and brought up in such family atmosphere . During this period he completed studies starting from primary stage to   Vedic scriptures , Vedangas including Vedic grammar etc. and  prepared  himself for study of the Vedas. For that reason up to the age of 16 years he did not come into contact with the society outside his campus .At this stage  both of his parents expired. After that incident he became bound to come to public on demand from the followers of his father. Then the pathetic condition of living of the women in common householder’s society came to his notice. He realized that the reason of difference between the status of women in his family and the same in the families of common householders is lack of education. After this realization he tried to educate the common people including women who used to gather in his house at Narayanpur. ( to be continued)   

হৰিদেৱ গুৰুজনাই ১৪৫৩ খৃঃত অসমত প্ৰথমখন সত্ৰ স্থাপন কৰাৰ সময়ত সমাজত মহিলাৰ অৱস্থা বৰ পুতৌলগা  আছিল । ইয়াৰ আগৰ লিখনিত এই সম্পৰ্কে কিছু সাধাৰণ আভাস লোৱাৰ প্ৰচেষ্টা কৰা হৈছে । এইখিনিতে উল্লেখ কৰা উচিত যে গুৰুজনাই যি পৰিয়ালত জন্ম গ্ৰহণ কৰি ডাঙৰ হৈছিল তাত মহিলাৰ স্থান ওপৰত উল্লেখ কৰাৰ দৰে নাছিল । গুৰুজনাৰ পিতৃ অজনাভ বিশিষ্ট বৈদিক পণ্ডিত আছিল তেওঁৰ ঘৰতে বৈদিক গুৰুকুল  প্ৰথাৰে পৰিচালিত এখন টোল আছিল । গুৰুজনাৰ মাতৃ পাৰিজাতিয়ে স্বামী অজনাভক সকলো দিশতে সহায় কৰিছিল তেওঁ নিজৰ সন্তানৰ লগতে স্বামীৰ টোলত পঢ়াশুনা কৰিবলৈ  আহি তেওঁলোকৰ ঘৰতে থকা  ছাত্ৰ সকলকো মাতৃস্নেহেৰে আদৰ যত্ন কৰিছিল  পাৰিজাতি নিজে বিদুষী মহিলা হোৱাৰ উপৰিও সদা-সৰ্বদা টোলৰ শিক্ষক ,ছাত্ৰ আৰু বিদগ্ধ পণ্ডিত স্বামীৰ  সঙ্গ লাভ কৰাৰ ফলত সাংসাৰিক জ্ঞান অৰু শাস্ত্ৰজ্ঞান উভয়তে বিচক্ষণতা অৰ্জন কৰিছিল। এনেদৰে তেওঁ এগৰাকী অতিশয় সন্মানীয় মহিলা হিচাপে সমাজত সু-প্ৰতিষ্ঠা লাভ কৰিছিল । আগৰ কেইটামান লিখনিত এইবিলাক কথা বিস্তাৰিতভাৱে কোৱা হৈছে । জন্মৰ পৰা প্ৰায় ১৬ বছৰ বয়সলৈকে গুৰুজনাই ওপৰোক্ত পৰিবেশত লালিত পালিত হৈছিল । সেই সময়ছোৱাৰ ভিতৰত তেওঁ প্ৰাথমিক শিক্ষাৰ পৰা আৰম্ভ কৰি গীতা ,পুৰাণ আদি বৈদিক শাস্ত্ৰ , পাণিনি ব্যাকৰণকে ধৰি বেদাঙ্গ শাস্ত্ৰ আদিৰ অধ্যয়ন সমাপ্ত কৰি বেদ অধ্যয়ন কৰাৰ বাবে নিজক প্ৰস্তুত কৰিছিল ।  তেতিয়ালৈকে তেওঁ নিজৰ অধ্যয়ন আৰু পাৰিবাৰিক পৰিবেশৰ বাহিৰলৈ আহি সাধাৰণ সংসাৰী লোকৰ জীৱন ধাৰণৰ পৰিবেশ-পৰিস্থিতি তথা তেওঁলোকৰ সমস্যাৰ বিষয়ে জনাৰ সুযোগ পোৱা নাছিল। ১৬ বছৰ বয়সত গুৰুজনাৰ পিতৃ আৰু মাতৃ উভয়ৰে পৰলোক প্ৰাপ্তি ঘটে । ইয়াৰ পৰবৰ্ত্তী পৰ্যায়ত গুৰুজনাই পিতৃৰ অনুগামী নাৰায়ণপুৰ অঞ্চলৰ স্থানীয় লোক সকলৰ অনুৰোধত সমাজৰ মাজলৈ আহি তেওঁলোকৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য হয় সাধাৰণ গৃহস্থ সমাজৰ সান্নিধ্যলৈ অহাৰ পিছত তেওঁ সেই সমাজৰ মহিলাসকলৰ দুৰৱস্থাৰ বিষয়ে অৱগত হয় সকলো দিশ চালি জাৰি চোৱাৰ পিছত গুৰুজনাই বুজিব পাৰিছিল যে তেওঁৰ নিজৰ পৰিয়ালৰ মহিলা আৰু সাধাৰণ গৃহস্থ  পৰিয়ালৰ মহিলাৰ অৱস্থাৰ মাজত থকা পাৰ্থক্যৰ মূল কাৰণ  উপযুক্ত শিক্ষাৰ অভাৱ । এই কথা উপলব্ধি কৰাৰ পিছত গুৰুজনাই সমাজৰ উচ্চ-নীচ , পুৰুষ-মহিলা সকলোৰে মাজত শিক্ষা বিস্তাৰৰ বাবে উদ্যোগ গ্ৰহণ কৰিছিল । (আগলৈ)